জল্পনা কল্পনাৰ অন্ত পেলাই আহিল ফাড়নৱিছৰ মন্ত্ৰীসভাৰ তালিকা ;  কাৰ কাৰ ফুলিল কপাল

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ মন্ত্ৰীসভা আজি সম্প্ৰসাৰিত হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বে, মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লগা বিধায়কসকলক ফোনৰ প্ৰক্ৰিয়া চলি আছে। এতিয়ালৈকে, নীতেশ ৰাণে, পংকজা মুণ্ডে আৰু গিৰীশ মহাজনৰ দৰে বিধায়কসকলে বিজেপিৰ পৰা ফোন কল পাইছে।শিৱসেনা আৰু এনচিপিৰ বিধায়কসকলক মন্ত্ৰী হোৱাৰ বাবেও আহ্বান জনোৱা হৈছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ মন্ত্ৰীসভা আজি সম্প্ৰসাৰিত হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বে, মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব লগা বিধায়কসকলক ফোনৰ প্ৰক্ৰিয়া চলি আছে।

এতিয়ালৈকে, নীতেশ ৰাণে, পংকজা মুণ্ডে আৰু গিৰীশ মহাজনৰ দৰে বিধায়কসকলে বিজেপিৰ পৰা ফোন কল পাইছে।শিৱসেনা আৰু এনচিপিৰ বিধায়কসকলক মন্ত্ৰী হোৱাৰ বাবেও আহ্বান জনোৱা হৈছে।

ফোনটো পোৱা বিধায়কসকলে এতিয়া নিশ্চিত কৰিছে যে তেওঁলোক ফাড়নৱিছ মন্ত্ৰীসভাৰ অংশ হ’ব। ফাড়নৱিছৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান আজি আবেলি ৪ বজাত অনুষ্ঠিত হ’ব।

নাগপুৰত মঞ্চ নিৰ্ধাৰণ কৰা হৈছে আৰু অন্যান্য প্ৰস্তুতি চলি আছে।বিজেপি, শিৱসেনা আৰু এনচিপি কোটাৰ প্ৰায় ৩৫ জন বিধায়ক মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে।

বিজেপি কোটাৰ পৰা ২০ জন বিধায়ক থাকিব, য’ত দলটোৱে কিছু আসন খালী ৰাখিব পাৰে। একে সময়তে, শিৱসেনাৰ ১৩ জন বিধায়ক আৰু এনচিপি কোটাৰ ১০ জন বিধায়কে মন্ত্ৰী হোৱাৰ সুযোগ পাব।ইয়াৰ উপৰিও, মহাৰাষ্ট্ৰত বিচিচিআইৰ কোষাধ্যক্ষ আশীষ শ্বেলাৰকো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব।

বিজেপিৰ নিতেশ ৰাণে, পংকজা মুণ্ডে,গিৰীশ মহাজন,শিবেন্দ্ৰ ৰাজে , দেৱেন্দ্ৰ ভূয়াৰ, মেঘনা বোৰ্ডিকাৰ, জয়কুমাৰ ৰাৱাল, মঙ্গল প্ৰভাত লোধা এই কেইজন বিধায়কলৈ আহিছে ফোন ।

মহাৰাষ্ট্ৰত নিৰ্বাচনৰ পিছত, মুখ্যমন্ত্ৰী বাছনিৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ দলবোৰৰ মাজত যথেষ্ট খেলিমেলি হৈছিল।  এইটো কোৱা হৈছিল যে একনাথ শিন্দে মুখ্যমন্ত্ৰীৰ পদ বিচাৰে আৰু সেইকাৰণে তেওঁক সৈমান কৰাৰ চেষ্টা কৰা হৈছিল।

আনহাতে জানিব পৰা মতে ১৩ জন বিধায়ক শিৱসেনা কোটাৰ পৰা ফাড়নৱিছৰ মন্ত্ৰীসভাত মন্ত্ৰী হ’বলৈ গৈ আছে। অৱশ্যে, গৃহ মন্ত্ৰালয়ক লৈ কোনো কথা এতিয়াও স্পষ্ট হোৱা নাই, যিটো শিৱসেনাই চকু ৰাখিছে।

ইপালে এনচিপি কোটাৰ পৰা প্ৰায় ১০ জন বিধায়ক মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে ছয়জন বিধায়কলৈ ফোন গৈছে। এতিয়া এইটো স্পষ্ট হৈছে যে এই ছয়জন বিধায়কে আজি সন্ধিয়া মন্ত্ৰী হিচাপে শপত ল’ব।

শেহতীয়া প্ৰৱন্ধসমূহ