বৃহস্পতিবাৰে তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত এটি শিশুসহ৬ জন লোক নিহত হয়।
জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয়। ঘটনাটোৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ চিকিৎসালয়ৰ পৰা প্ৰায় ৩০ জন ৰোগীক উলিয়াই আনি জীৱন ৰক্ষা কৰে।
কিন্তু পিছত হে চিকিৎসালয়খনৰ লিফ্টত ৭ জন লোক আৱদ্ধ হৈ থকা বুলি জানিব পাৰে। ততাতৈয়াকৈ লোকসকলৰ উদ্ধাৰ কৰি ওচৰৰ আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। অগ্নিকাণ্ডটোৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
Post Views: 203