২০২৪ত এই কেইখন ডাঙৰ ছবিয়ে চিনেমাগৃহত সৃষ্টি কৰিলে ধুমুহাৰ, জয় কৰিলে দৰ্শকৰ হৃদয়ো…

বহুতো উত্থান-পতন তথা পোৱা-নোপোৱাৰ হিচাপৰ মাজেৰে ২০২৪ বৰ্ষটোৱে আমাৰ মাজৰ পৰা বিদায় ল’বলৈ ওলাইছে । এই বৰ্ষটোত বলীউডৰ পৰা দক্ষিণৰ চিনেমালৈকে এনে বহু ছবিয়ে মুক্তি পালে যিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিলে । এখন এখনকৈ এই ছবিবোৰে বহুটো পুৰণি অভিলেখ ভাঙিলে । এনে পৰিস্থিতিত এই

বহুতো উত্থান-পতন তথা পোৱা-নোপোৱাৰ হিচাপৰ মাজেৰে ২০২৪ বৰ্ষটোৱে আমাৰ মাজৰ পৰা বিদায় ল’বলৈ ওলাইছে । এই বৰ্ষটোত বলীউডৰ পৰা দক্ষিণৰ চিনেমালৈকে এনে বহু ছবিয়ে মুক্তি পালে যিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিলে । এখন এখনকৈ এই ছবিবোৰে বহুটো পুৰণি অভিলেখ ভাঙিলে । এনে পৰিস্থিতিত এই প্ৰতিবেদনত আপোনাক জনাবলৈ লৈছোঁ ২০২৪ চনত বলীউড চিনেমাৰ শীৰ্ষ ৰেটিং পোৱা ছবিৰ তালিকা । জনপ্ৰিয়তাৰ পৰা আৰম্ভ কৰি উপাৰ্জনলৈকে এই ছবিকেইখনে ২০২৪ বৰ্ষত বক্স অফিচত খলকনি তুলিলে ।

পুষ্পা ২: দ্য ৰুল-

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ ‘পুষ্পা ২: দ্য ৰুল’ এই বছৰৰ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতম আছিল । এই ছবিখন শেহতীয়াকৈ ৫ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাইছে । আল্লু অৰ্জুনৰ এই ছবিখনে মুক্তিৰ পিছৰে পৰা ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে । এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত এতিয়ালৈকে বিশ্বজুৰি ১০০০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিছে ।

সিংঘম এগেইন-

ৰোহিত শ্বেট্টীৰ ছবি ‘সিংঘম এগেইন’ও চলিত বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি আছিল । ‘ৰামায়ণ’ৰ আধাৰত নিৰ্মিত এই ছবিখন ১ নৱেম্বৰত দীপাৱলীৰ উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰে । ‘সিংঘম এগেইন’ত অজয় ​​দেৱগন, অৰ্জুন কাপুৰ, অক্ষয় কুমাৰ, কৰীনা কাপুৰ, দীপিকা পাডুকন, ৰণবীৰ সিং, ছলমান খান (কেমিঅ’)ৰ দৰে ডাঙৰ তাৰকাই অভিনয় কৰিছে । প্ৰতিবেদন অনুসৰি এই ছবিখনৰ বিশ্বজুৰি মুঠ উপাৰ্জন ৪০০ কোটিৰো অধিক হৈছে ।

স্ত্ৰী ২-

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ হৰৰ কমেডী ছবি ‘স্ত্ৰী’ৰ প্ৰথম পাৰ্টে মুক্তি লাভ কৰিছিল ২০১৮ চনত । তেতিয়াৰ পৰা অনুৰাগীসকলে এই ছবিখনৰ দ্বিতীয় পাৰ্টৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । এনে পৰিস্থিতিত অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই স্বাধীনতা দিৱস উপলক্ষে অৰ্থাৎ ১৫ আগষ্টত ছবিখন ছবিগৃহত মুক্তি দিয়া হয় । ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰাৰ লগতে উপাৰ্জনৰ দিশতো অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

ভূল ভুলেইয়া ৩-

কাৰ্তিক আৰয়ানৰ ভৌতিক কমেডী এই ছবিখনো চলিত বছৰৰ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতম আছিল । ২০২৪ চনৰ ১ নৱেম্বৰত দীপাৱলী উপলক্ষে নিৰ্মাতাসকলে এই ছবিখন মুক্তি দিছিল । এই ছবিখনে প্ৰায় ৪০৮ কোটি টকাৰ বিশ্বব্যাপী সংগ্ৰহ সংগ্ৰহ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

কল্কী ২৮৯৮ এডি- প্ৰভাস আৰু দীপিকা পাডুকন অভিনীত এই কল্পবিজ্ঞান চলচ্চিত্ৰ ‘কল্কী ২৮৯৮ এডি’ যোৱা ২৭ জুনত ছবিগৃহত মুক্তি লাভ কৰে । এই ছবিখনত অমিতাভ বচ্চন আৰু কমল হাছানৰ চৰিত্ৰই শিৰোনাম দখল কৰিছিল । ছবিখনৰ একচন আৰু কাহিনীৰ বাবেই দৰ্শকে ইয়াৰ দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা কৰি আছে । উপাৰ্জনৰ ক্ষেত্ৰতো এই চিনেমাখনে অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

শেহতীয়া প্ৰৱন্ধসমূহ