যেতিয়া একেখন দেশতে আধা জনসংখ্যাই পুৱাৰ আহাৰ গ্ৰহণ কৰি আছে আৰু আধা জনসাধাৰণে ৰাতিৰ আহাৰ খাই আছে তেতিয়া কি হ’ব ? অৰ্থাৎ একেখন দেশতে ক’ৰবাত দিন আৰু ক’ৰবাত ৰাতি এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব, কিন্তু ৰাছিয়া এনে এখন দেশ য’ত দিন আৰু ৰাতি দুয়োটা একে সময়তে থাকে । কেৱল এয়াই নহয়, ৰাছিয়াৰ এখন চহৰ আছে য’ত সূৰ্য্য কেতিয়াও অস্ত নাযায়, যাৰ বাবে দিন আৰু ৰাতি সমান হৈ পৰে ।
১১ টাইম জ’ন-
পৃথিৱীখন যেতিয়া নিজৰ কক্ষপথত ঘূৰি থাকে তেতিয়া কিছু অংশত দিন আৰু কোনো কোনো অংশত ৰাতি হয় । এই কাৰণেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময় মণ্ডল আছে । কিন্তু কিছুমান দেশ এই বিষয়ত বহুত বেলেগ । ইয়াৰ ভিতৰত ৰাছিয়াও অন্তৰ্ভুক্ত । ৰাছিয়াত ১১টা সময় মণ্ডল আছে । ইয়াৰ বাবেই ৰাছিয়াৰ বিভিন্ন ঠাইত ঘড়ীবোৰে বিভিন্ন সময় দেখুৱাই । উদাহৰণস্বৰূপে ৰাছিয়াৰ পূব দিশত যেতিয়া দুপৰীয়া ১ বাজে, তেতিয়া পশ্চিম দিশত যোৱা নিশা ১২ বাজে । অৰ্থাৎ ১২ ঘণ্টাৰ পাৰ্থক্য । ইয়াৰ বাবেই দেশখনৰ এটা প্ৰান্তত মানুহে ব্ৰেকফাষ্ট আৰু আনটো প্ৰান্তত ৰাতিৰ আহাৰ গ্ৰহণ কৰে ।