‘স্ত্ৰী ২’ৰ পৰা ‘কল্কী ২৯৮৯ এ.ডি’লৈকে, এই বছৰ গুগলত সৰ্বাধিক চাৰ্চ কৰা চিনেমা, ছিৰিজত ‘হীৰামণ্ডী’ৰ সফলতা…

২০২৪ চনৰ শেষ হোৱাৰ পূৰ্বে গুগলত সৰ্বাধিক সন্ধান কৰা ছবি আৰু ৱেব ছিৰিজৰ তালিকা প্ৰকাশ পাইছে । য’ত ‘স্ত্ৰী ২’ আন সকলো ছবিক পৰাস্ত কৰি প্ৰথম স্থান লাভ কৰিছে । ৱেব ছিৰিজৰ তালিকাত জয়ী হৈছে ‘হীৰামণ্ডী’ । এই তালিকাত কোনবোৰ ছবি অন্তৰ্ভুক্ত হৈছে চাওক… স্ত্ৰী

২০২৪ চনৰ শেষ হোৱাৰ পূৰ্বে গুগলত সৰ্বাধিক সন্ধান কৰা ছবি আৰু ৱেব ছিৰিজৰ তালিকা প্ৰকাশ পাইছে । য’ত ‘স্ত্ৰী ২’ আন সকলো ছবিক পৰাস্ত কৰি প্ৰথম স্থান লাভ কৰিছে । ৱেব ছিৰিজৰ তালিকাত জয়ী হৈছে ‘হীৰামণ্ডী’ । এই তালিকাত কোনবোৰ ছবি অন্তৰ্ভুক্ত হৈছে চাওক…

স্ত্ৰী ২-

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ ভৌতিক-কমেডী ছবি ‘স্ত্ৰী ২’ ১৪ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰে । ছবিখনত শ্ৰদ্ধা-ৰাজকুমাৰৰ উপৰিও অপাৰশক্তি খুৰানা, অভিষেক বেনাৰ্জী আৰু পংকজ ত্ৰিপাঠীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । বক্স অফিচত ছবিখন ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয় ।

কল্কী ২৯৮৯ এ.ডি –

প্ৰভাস, দীপিকা পাডুকন আৰু অমিতাভ বচ্চন অভিনীত ছবি ‘কল্কী ২৯৮৯ এ.ডি’ এই তালিকাত দ্বিতীয় স্থানত আছে । যিয়ে বক্স অফিচত ভাল সংগ্ৰহ কৰে । বিগ বিৰ চৰিত্ৰটোও দৰ্শকে আদৰি লৈছিল ।

12th Fail-

বলীউডৰ প্ৰতিভাৱান অভিনেতা বিক্ৰান্ত মেছীয়ে এই ছবিখনত শক্তিশালী অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল । মধ্যপ্ৰদেশৰ বাসিন্দা আই পি এছ মনোজ শৰ্মাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । ছবিখনে বক্স অফিচত বিপুল লাভ অৰ্জন কৰিছিল । গুগল চাৰ্চৰ তালিকাত ই তৃতীয় স্থানত আছে ।

হীৰামণ্ডী-

ৱেব ছিৰিজৰ ক্ষেত্ৰত গুগলৰ সন্ধান তালিকাত প্ৰথম নামটো হ’ল ‘হীৰামণ্ডী’। য’ত মনীষা কৈৰালা, অদিতি ৰাও হায়দাৰী আৰু সোনাক্ষী সিনহাৰ দৰে বহু জনপ্ৰিয় অভিনেত্ৰীক দেখা গৈছিল । এই ছিৰিজৰ জৰিয়তে ফাৰ্দিন খানেও এক ডাঙৰ কামবেক কৰিছিল ।

গুগলত সৰ্বাধিক সন্ধান কৰা চলচ্চিত্ৰৰ তালিকা-

-স্ত্ৰী ২

-কল্কী ২৯৮৯ এ.ডি

-লাপাতা লেডিজ –

-হনু-মেন

-মহাৰাজা

-মঞ্জুমেল বয়ছ

-দ্য গ্ৰেটেষ্ট অল টাইম

-ছালাৰ

-আৱেশম

এইবোৰ হৈছে গুগলত সৰ্বাধিক সন্ধান কৰা ৱেব ছিৰিজ-

-হীৰমণ্ডী

-মিৰ্জাপুৰ ছিজন ৩

-লাষ্ট অব আচ

-বিগ বছ ১৭

-পঞ্চায়ত

-কুইন অব টিয়েৰছ

-মেৰী মাই হাজবেণ্ড

-কোটা ফেক্টৰী

-বিগ বছ ১৮

-৩ বডী প্ৰবলেম

শেহতীয়া প্ৰৱন্ধসমূহ