শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়েকে ১৫ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিব । এয়া তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণ হ’ব । এই কথা মঙলবাৰে ঘোষণা কৰা হয় । এই ভ্ৰমণৰ বিষয়ে তথ্য দি কেবিনেট মুখপাত্ৰ নলিন্দ জয়থিছাই কয় যে, ‘তেওঁৰ ভ্ৰমণৰ সময়ত দিছনায়েকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব ।’
এই ভ্ৰমণত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথ আৰু উপ বিত্তমন্ত্ৰী অনিল জয়ন্ত ফাৰ্নাণ্ডোও ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে থাকিব । ১৫-১৭ ডিচেম্বৰৰ এই ভ্ৰমণ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত দিছনায়েকৰ প্ৰথম বিদেশ ভ্ৰমণ । খবৰ অনুসৰি দিছানায়েকৰ বিজয়ৰ পষেক নৌহওঁতেই কলম্বো ভ্ৰমণ কৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ দিছিল । যোৱা ২৩ ছেপ্টেম্বৰত দিছানায়েক নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৱাৰ চৰকাৰ (এন পি পি) চৰকাৰলৈ অহাৰ পিছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিদেশী নেতা আছিল জয়শংকৰ ।
ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়েকৰ নেশ্যনেল পিপলছ পাৱাৰ (এন পি পি) দলে সংসদৰ ২২৫খন আসনৰ ভিতৰত ১৫৯খন আসন লাভ কৰে । ২০২০ চনৰ নিৰ্বাচনত এন পি পিয়ে মাত্ৰ ৩ খন আসনহে লাভ কৰিছিল । এইবাৰ এন পি পিয়ে লাভ কৰিছে ৬২ শতাংশ ভোট ।