ইংলেণ্ড আৰু নিউজীলেণ্ডক তিনিটা পেনাল্টি পইণ্ট দি শাস্তি প্ৰদান কৰি শাস্তি প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে । ক্ৰাইষ্টচাৰ্চত খেলা প্ৰথমখন টেষ্টত লেহেমীয়া অভাৰ ৰেটৰ বাবে দুয়োটা দলকে পেনাল্টি পইণ্ট দিয়া হৈছে । ইতিমধ্যে ইংলেণ্ড বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা আঁতৰি গৈছে, আনহাতে এই পেনাল্টিয়ে কিৱি দলৰ আশাত এক বৃহৎ আঘাত হানিছে । ৩ পইণ্ট কৰ্তনৰ বাবে এতিয়া নিউজীলেণ্ড ডব্লিউ টি চি পইণ্ট তালিকাত চতুৰ্থৰ পৰা পঞ্চম স্থানলৈ অৱনমিত হৈছে আৰু শ্ৰীলংকাই উপহাৰ হিচাপে লাভ কৰিছে ৪ নম্বৰ ।
নিউজীলেণ্ডৰ পইণ্টৰ শতাংশ এতিয়া ৪৭.৯২ লৈ হ্ৰাস পাইছে আৰু পৰৱৰ্তী সকলো মেচতে জয়লাভ কৰি ইয়াৰ শতাংশ সৰ্বোচ্চ ৫৫.৩৬ লৈ বৃদ্ধি পাব পাৰে । সম্প্ৰতি অষ্ট্ৰেলিয়া, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু ভাৰত কিৱি দলৰ আগত টেবুলত আছে । টিম ইণ্ডিয়া প্ৰথম (৬১.১১), দক্ষিণ আফ্ৰিকা দ্বিতীয় (৫৯.২৬), অষ্ট্ৰেলিয়া তৃতীয় (৫৭.২৬) আৰু শ্ৰীলংকা (৫০) চতুৰ্থ স্থানত আছে । এতিয়া নিউজীলেণ্ডৰ ফাইনেলৰ সমীকৰণ এই যে, ইংলেণ্ডৰ বিৰুদ্ধে বাকী থকা দুয়োখন মেচতে জয়ী হ’লেও ফাইনেলত প্ৰৱেশ কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব দলটোৱে ।
আই চি চিয়ে জৰিমনা সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কয়, “অহা বছৰ লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত এক টুইষ্ট আহিছে । ক্ৰিষ্টচাৰ্চত খেলা ইংলেণ্ড আৰু নিউজীলেণ্ডৰ খেলখনত লেহেমীয়া অভাৰৰ হাৰৰ বাবে দুয়োটা দলক মেচ মাচুলৰ ১৫ শতাংশ জৰিমনা বিহা হৈছে, লগতে দুয়োটা দলৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তিনি পইণ্ট হ্ৰাস কৰা হৈছে । ইয়াৰ ফলত ফাইনেলৰ দৌৰ আৰু অধিক ৰোমাঞ্চকৰ হৈ পৰিছে ।”
ভাৰত লাভৱান হ’ব-
এতিয়ালৈকে ৫টা দলে পোনপটীয়াকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত নামিছে । যিহেতু এতিয়া নিউজীলেণ্ডৰ বাবে ফাইনেলত প্ৰৱেশ কৰাটো অতি কঠিন যেন লাগিছে, সেয়েহে শীৰ্ষত থকা ভাৰতৰ প্ৰতি ভাবুকি প্ৰায় হ্ৰাস পাইছে । শ্ৰীলংকাৰ আগন্তুক সূচী যেন অতি কঠিন, সেয়েহে আনুষ্ঠানিকভাৱে চালে ভাৰত, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা, এই তিনিখন দেশ এতিয়া ফাইনেলৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছে ।