১৩৫ সংখ্যক আম্বেদকাৰ জয়ন্তী উপলক্ষে সংসদ ভৱনৰ প্ৰেৰণা স্থলত ভাৰত ৰত্ন ড° বি আৰ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি অৰ্পণ
দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ১৩৫ সংখ্যক আম্বেদকাৰ জয়ন্তী উপলক্ষে সংসদ ভৱনৰ প্ৰেৰণা স্থলত ভাৰত ৰত্ন ড° বি আৰ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।
লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ লগতে অন্যান্য নেতাসকলেও আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
এক্স যোগে এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰ গঠনৰ দিশত আম্বেদকাৰৰ প্ৰচেষ্টা “গভীৰ অনুপ্ৰেৰণাদায়ক”। প্ৰধানমন্ত্ৰীয়ে লিখিছে, “ড° বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি । ৰাষ্ট্ৰ গঠনৰ দিশত তেওঁৰ প্ৰচেষ্টা গভীৰ অনুপ্ৰেৰণাদায়ক । তেওঁৰ জীৱন আৰু কৰ্মই এখন ন্যায়সংগত আৰু প্ৰগতিশীল সমাজ গঢ়ি তুলিবলৈ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।”
তদুপৰি, আম্বেদকাৰ জয়ন্তীৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱেও দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় সংবিধানৰ স্থপতিগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় । ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি তথা মহান সমাজ সংস্কাৰক বাবাচাহেব ড° ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে মই তেওঁলৈ মোৰ শ্ৰদ্ধা নিবেদিছো ।”
আম্বেদকাৰক এগৰাকী আইনবিদ, অৰ্থনীতিবিদ, গভীৰ চিন্তাবিদ, আইন বিশেষজ্ঞ আৰু সমতাবাদী সামাজিক ব্যৱস্থাৰ এগৰাকী সবল পৃষ্ঠপোষক হিচাপে বৰ্ণনা কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰ গঠন আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত তেওঁৰ আজীৱন অৱদানৰ কথা আলোকপাত কৰে ।
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “তেওঁ সমাজৰ বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থানৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু তেওঁলোকৰ স্বাৰ্থত ঐতিহাসিক অৱদান আগবঢ়াইছিল । তেওঁ কেৱল অসমতা দূৰ কৰাৰ পথ দেখুৱাই দিয়াই নহয়, ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু সাংবিধানিক অধিকাৰ শক্তিশালী কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল । আম্বেদকাৰে নাৰী শিক্ষা আৰু তেওঁলোকৰ অধিকাৰক অগ্ৰাধিকাৰ দিছিল । তেওঁৰ বহুমুখী অৱদানে অনাগত প্ৰজন্মক দেশৰ সেৱা আৰু উন্নয়নত সক্ৰিয় ভূমিকা পালন কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব ।”
তেওঁ কয়-“এই উপলক্ষে আহক আমি আমাৰ জীৱনত বাবাচাহেব আম্বেদকাৰৰ আদৰ্শসমূহ গ্ৰহণ কৰিবলৈ আৰু এখন ন্যায়সংগত, অন্তৰ্ভুক্তিমূলক আৰু প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়ি তোলাৰ দিশত অৰিহণা যোগাবলৈ সংকল্প লওঁ ।”
লগতে পঢ়ক : বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী; শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে









