আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ । নিশাৰ ভাগত এই আক্ৰমণ সংঘটিত হয় ।
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ চিনচিনাটিৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ । নিশাৰ ভাগত (স্থানীয় সময় অনুসৰি) এই আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণত বাসগৃহটোৰ কেইবাখনো খিৰিকীৰ ক্ষতিসাধন হয় । ঘটনা সন্দৰ্ভত চিক্ৰেট চাৰ্ভিছ আৰু স্থানীয় আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
সোমবাৰে পুৱাই ইষ্ট ৱালনাট হিলছৰ ঘৰত উপস্থিত হয় চিক্ৰেট চাৰ্ভিচৰ এজেণ্ট । ইতিমধ্যে ঘটনা সন্দৰ্ভত এজন সন্দেহজনক অভিযুক্তক জিম্মাত লোৱা হৈছে । অৱশ্যে তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা হৈছে নে নাই সেয়া নিশ্চিত কৰা নাই কৰ্তৃপক্ষই । আৰক্ষীয়ে স্থানীয় টেলিভিছন ষ্টেচন ডব্লিউ চি পি অ’ক জনোৱা মতে, সন্দেহজনক লোকজন জিম্মাত আছে যদিও ইয়াৰ কোনো সবিশেষ শ্বেয়াৰ কৰা নাই ।
ঘটনাৰ সময়ত ভেন্স ঘৰত আছিল নে নাই সেয়া নিশ্চিত হোৱা নাই । স্থানীয় সংবাদ মাধ্যমৰ মতে, শুকুৰবাৰে তেওঁক ফ্ল’ৰিডাত দেখা গৈছিল, তেওঁ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ৱেষ্ট পাম বিচৰ ৰাষ্ট্ৰপতিৰ গ’ল্ফ ক্লাবত সময় কটায় । ভেন্স আৰু ট্ৰাম্পে ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পদচ্যুত কৰাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে । কিন্তু নিৰাপত্তাজনিত কাৰণত ভেন্সে ট্ৰাম্প আৰু প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সামৰিক অভিযানৰ লাইভ সম্প্ৰচাৰ চাবলৈ মাৰ-এ-লাগোলৈ যোৱা নাছিল ।
লগতে পঢ়ক : ‘নিজৰ জীৱন ৰক্ষা কৰক…’; কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ









