এছ–৪০০ক লৈ ব্রিটিছ সংস্থাৰ সতর্কবাণী, ভাৰতৰ ‘সুদর্শন চক্র’ত চীনৰ শেনচকু

এছ–৪০০ক লৈ ব্রিটিছ সংস্থাৰ সতর্কবাণী, ভাৰতৰ ‘সুদর্শন চক্র’ত চীনৰ শেনচকু

এছ–৪০০ক লৈ সতর্কবাণী দিছে ৰয়েল ইউনাইটেড ছার্ভিচ ইনষ্টিটিউট অৱ ডিফেন্স ৰিচার্ছে । এই প্ৰণালী ভাৰতৰ বাবে বুমেৰাং হ’ব পাৰে বুলি উল্লেখ কৰিছে সংস্থাটোৱে ৷ অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক বিধ্বস্ত কৰি সমগ্র বিশ্বৰ সুনাম অর্জন কৰিছিল ভাৰতৰ সুদর্শন চক্র বা এছ–৪০০য়ে ৷ কিন্তু এই প্রতিৰক্ষা ব্যৱস্থাক

এছ–৪০০ক লৈ সতর্কবাণী দিছে ৰয়েল ইউনাইটেড ছার্ভিচ ইনষ্টিটিউট অৱ ডিফেন্স ৰিচার্ছে । এই প্ৰণালী ভাৰতৰ বাবে বুমেৰাং হ’ব পাৰে বুলি উল্লেখ কৰিছে সংস্থাটোৱে ৷

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক বিধ্বস্ত কৰি সমগ্র বিশ্বৰ সুনাম অর্জন কৰিছিল ভাৰতৰ সুদর্শন চক্র বা এছ–৪০০য়ে ৷ কিন্তু এই প্রতিৰক্ষা ব্যৱস্থাক লৈ এইবাৰ সতর্কবাণী দিছে ৰয়েল ইউনাইটেড ছার্ভিচ ইনষ্টিটিউট অৱ ডিফেন্স ৰিচার্ছ চমুকৈ ৰুছীয়ে ৷

ব্রিটিছ সংস্থাটোৱে সতর্কবাণীটোত কয় যে গৌৰৱময় এছ–৪০০ ভাৰতৰ বাবে বুমেৰাং হ’ব পাৰে ৷ কাৰণ, ইয়াত আছে চীনৰ প্রভাৱ ৷ ৰাছিয়াৰ শেহতীয়া চীন নির্ভৰতাৰ ফলত এই চিষ্টেমৰ গোপন তথ্য আৰু দুর্বলতা চীনৰ হাতলৈ গুচি যাব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে ৷

উল্লেখ্য যে সুদীর্ঘ কাল ধৰি প্রতিৰক্ষাৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াই হাতত হাত মিলাই আগবাঢ়ি আছে ৷ বর্তমান ৬০ শতাংশ প্রতিৰক্ষা সামগ্রী ৰাছিয়াৰ পৰা কিনে ভাৰতে ৷ প্রতিৰক্ষাৰ ক্ষেত্রত গুৰুত্বপূর্ণ এছ–৪০০-ও ৰাছিয়াৰ পৰা অনা হৈছে ৷ এইক্ষেত্রত ৰুছীয়ে দাবী কৰে যে সম্প্রতি ইউক্রেইন যুদ্ধৰ ফলত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাত পুটিনৰ দেশখন এতিয়া চীনৰ ওপৰত নির্ভৰশীল হৈ পৰিছে ৷ ৰিপ’টৰ্ত কোৱা হৈছে যে ভাৰতৰ লগতে চীনকো এছ–৪০০ বিক্রী কৰিছে ৰাছিয়াই ৷ স্বাভাৱিকতে চীনৰ সেনা বাহিনী এই প্রযুক্তিৰ ক্ষমতা আৰু দুর্বলতা ভালদৰে অৱগত হৈছে ৷

লগতে পঢ়ক : সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰণাম… বিজয় দিৱসত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীৰ লগতে কৃতজ্ঞ ৰাষ্ট্ৰই জনালে শ্ৰদ্ধাঞ্জলি

শেহতীয়া প্ৰৱন্ধসমূহ