এছ–৪০০ক লৈ ব্রিটিছ সংস্থাৰ সতর্কবাণী, ভাৰতৰ ‘সুদর্শন চক্র’ত চীনৰ শেনচকু
এছ–৪০০ক লৈ সতর্কবাণী দিছে ৰয়েল ইউনাইটেড ছার্ভিচ ইনষ্টিটিউট অৱ ডিফেন্স ৰিচার্ছে । এই প্ৰণালী ভাৰতৰ বাবে বুমেৰাং হ’ব পাৰে বুলি উল্লেখ কৰিছে সংস্থাটোৱে ৷
অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক বিধ্বস্ত কৰি সমগ্র বিশ্বৰ সুনাম অর্জন কৰিছিল ভাৰতৰ সুদর্শন চক্র বা এছ–৪০০য়ে ৷ কিন্তু এই প্রতিৰক্ষা ব্যৱস্থাক লৈ এইবাৰ সতর্কবাণী দিছে ৰয়েল ইউনাইটেড ছার্ভিচ ইনষ্টিটিউট অৱ ডিফেন্স ৰিচার্ছ চমুকৈ ৰুছীয়ে ৷
ব্রিটিছ সংস্থাটোৱে সতর্কবাণীটোত কয় যে গৌৰৱময় এছ–৪০০ ভাৰতৰ বাবে বুমেৰাং হ’ব পাৰে ৷ কাৰণ, ইয়াত আছে চীনৰ প্রভাৱ ৷ ৰাছিয়াৰ শেহতীয়া চীন নির্ভৰতাৰ ফলত এই চিষ্টেমৰ গোপন তথ্য আৰু দুর্বলতা চীনৰ হাতলৈ গুচি যাব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে ৷
উল্লেখ্য যে সুদীর্ঘ কাল ধৰি প্রতিৰক্ষাৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াই হাতত হাত মিলাই আগবাঢ়ি আছে ৷ বর্তমান ৬০ শতাংশ প্রতিৰক্ষা সামগ্রী ৰাছিয়াৰ পৰা কিনে ভাৰতে ৷ প্রতিৰক্ষাৰ ক্ষেত্রত গুৰুত্বপূর্ণ এছ–৪০০-ও ৰাছিয়াৰ পৰা অনা হৈছে ৷ এইক্ষেত্রত ৰুছীয়ে দাবী কৰে যে সম্প্রতি ইউক্রেইন যুদ্ধৰ ফলত পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাত পুটিনৰ দেশখন এতিয়া চীনৰ ওপৰত নির্ভৰশীল হৈ পৰিছে ৷ ৰিপ’টৰ্ত কোৱা হৈছে যে ভাৰতৰ লগতে চীনকো এছ–৪০০ বিক্রী কৰিছে ৰাছিয়াই ৷ স্বাভাৱিকতে চীনৰ সেনা বাহিনী এই প্রযুক্তিৰ ক্ষমতা আৰু দুর্বলতা ভালদৰে অৱগত হৈছে ৷