কাৰুৰ পদপিষ্টৰ ঘটনা সন্দৰ্ভত অভিনেতা বিজয়ৰ প্ৰথমটো প্ৰতিক্ৰিয়া

কাৰুৰ পদপিষ্টৰ ঘটনা সন্দৰ্ভত অভিনেতা বিজয়ৰ প্ৰথমটো প্ৰতিক্ৰিয়া

কাৰুৰ ঘটনা সন্দৰ্ভত অভিনেতা বিজয়ৰ প্ৰথমটো প্ৰতিক্ৰিয়া শনিবাৰে তামিলনাডুৰ কাৰুৰত টিভিকেৰ এক ৰেলীত ভয়াৱহ ঘটনা সংঘটিত হয় । এই ঘটনাত পদপিষ্ট হৈ ৩৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে । আনহাতে ঘটনাত আহত ৫০ জনতকৈ অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । অভিনেতাৰ

কাৰুৰ ঘটনা সন্দৰ্ভত অভিনেতা বিজয়ৰ প্ৰথমটো প্ৰতিক্ৰিয়া

শনিবাৰে তামিলনাডুৰ কাৰুৰত টিভিকেৰ এক ৰেলীত ভয়াৱহ ঘটনা সংঘটিত হয় । এই ঘটনাত পদপিষ্ট হৈ ৩৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে । আনহাতে ঘটনাত আহত ৫০ জনতকৈ অধিক লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ে এই শোকাৱহ ঘটনা সন্দৰ্ভত প্রথমটো প্রতিক্রিয়া প্রকাশ কৰিছে ৷

কাৰুৰৰ এই শোকাৱহ ঘটনা সন্দৰ্ভত ৰাজনীতিবিদ তথা অভিনেতা বিজয়ে প্ৰথম বিবৃতি প্ৰকাশ কৰিছে । তেওঁ কয় যে তেওঁ হৃদয় ভাগিছে আৰু অসহ্য যন্ত্ৰণাত ভুগিছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত বিজয়ে লিখিছে, “মোৰ হৃদয় ভাঙি গৈছে । মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰা অসহ্য, অবৰ্ণনীয় যন্ত্ৰণা আৰু দুখত আছো । কাৰুৰত প্ৰাণ হেৰুওৱা মোৰ মৰমৰ ভাতৃ-ভগ্নী সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো ।”

লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহতসকলৰ আশু আৰোগ্যৰ বাবেও বিজয়ে প্ৰাৰ্থনা কৰে । তেওঁ আহতসকল শীঘ্ৰেই আৰোগ্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।

ইফালে তামিলনাডু চৰকাৰে ঘোষণা কৰিছে যে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সাহায্য পুঁজিৰ পৰা ১০ লাখ টকাকৈ লাভ কৰিব । ইয়াৰ উপৰিও চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলে ১ লাখ টকাকৈ লাভ কৰিব ।

লগতে পঢ়ক : ৰাজনৈতিক সমাৱেশত ভয়ংকৰ ঘটনা; পদপিষ্ট হৈ ৩১ জনৰ মৃত্যু