আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন। জন্মদিনৰ দিনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ২৬ ৰ নিৰ্বাচনৰ বাবে ল’লে বিশেষ পণ।
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। ৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী গৰাকী। নিশা পৰিয়াল আৰু অনুৰাগীৰ সৈতে একেলগে কাটিলে কেক।
জন্মদিনৰ শুভেচ্ছা দিবলৈ নিশাই মুখ্যমন্ত্ৰীৰ আৱাসৰ সন্মুখত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰে। হাতত কেক, গামোচা বিশেষ উপহাৰ লৈ জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিভিন্ন ঠাইৰ পৰা আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভাকাংক্ষী।
১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত যোৰহাটত জন্মগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জন্মদিনৰ দিনাই নতুন পণ ললে মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২৬ চনত পুনৰ বিজেপি চৰকাৰ গঠন কৰাই জন্মদিনৰ পণ।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,’যোৱাবাৰতকৈ এইবাৰ আৰু ভালকৈ জিকিম। ভোট ৰাইজে দিব ইয়াত অহংকাৰৰ স্থান নাই। নিৰ্বাচনক লৈ মোৰ প্ৰৱল আত্মবিশ্বাস আছে’।
আনহাতে ভৱিষ্যতে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী হ’লে সমগ্ৰ দেশৰ কাম কৰিব লাগিব।কিন্তু বৰ্তমান অসমত কাম কৰাৰ বাবে আটাইতকৈ প্ৰয়োজন হৈ আছে।
ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে। কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবলৈ আৰু ৫ টা বছৰৰ বাবে ৰাজ্যৰ ৰাজনীতিত মোৰ প্ৰয়োজন আছে।









