তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তনক লৈ আপডেট প্ৰকাশ কৰিছে বিচিচিআইয়ে । শ্ৰেয়াছ আয়াৰ সন্দৰ্ভতো ক’লে এই কথা…
নিউজীলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ বাকী দুখন মেচৰ বাবে বিচিচিআইয়ে আপডেট কৰা দল ঘোষণা কৰিছে । বাকী দুখন খেলৰ পৰা তিলক বাৰ্মাক বাদ দিয়া হৈছে যদিও ব’ৰ্ডে আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে তিলকে পুনৰ শাৰীৰিক প্ৰশিক্ষণ আৰম্ভ কৰিছে । তেওঁৰ ঠাইত দলৰ অংশ হ’ব শ্ৰেয়াছ আয়াৰ ।
বিচিচিআইয়ে বিবৃতিত কয় যে, “তিলক বাৰ্মাই পুনৰ শাৰীৰিক প্ৰশিক্ষণ আৰম্ভ কৰিছে । বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত তেওঁৰ ফিটনেছৰ ক্ষেত্ৰত নিৰন্তৰ উন্নতি সাধন কৰিছে । অৱশ্যে তেওঁক সম্পূৰ্ণ মেচ ফিট হ’বলৈ অধিক সময় লাগিব । নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলাৰ শেষৰ দুখন মেচৰ বাবে তেওঁ উপলব্ধ নহ’ব ।”
দললৈ কেতিয়া ঘূৰিব তিলক বাৰ্মা ?
বিচিচিআইৰ বিবৃতিত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে তিলক বাৰ্মা দ্ৰুতগতিত সুস্থ হৈ উঠিছে আৰু টি-২০ বিশ্বকাপৰ পূৰ্বে দলত যোগদান কৰিব, অৰ্থাৎ তেওঁক প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়া নহয় । বিচিচিআইয়ে কয় যে, “সম্পূৰ্ণ মেচ ফিট হোৱাৰ পিছত ৩ ফেব্ৰুৱাৰীত মুম্বাইত দলত যোগদান কৰিব তিলকে ।” অহা ৪ ফেব্ৰুৱাৰীত ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰতৰ ৱাৰ্ম আপ মেচ ।
বিচিচিআইয়ে কয় যে বাকী দুখন টি-২০ত তিলকৰ ঠাই ল’ব শ্ৰেয়াছ আয়াৰে । অৱশ্যে আয়াৰে যোৱা তিনিখন টি-২০ত খেলা নাছিল । ভাৰতীয় দলটোৱে প্ৰথম তিনিখন মেচত জয়লাভ কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ।
তৃতীয় আৰু চতুৰ্থ টি-২০ৰ বাবে ভাৰতীয় দল :
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (সহ-অধিনায়ক), ৰিংকু সিং, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰানা, অৰ্শদ্বীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ঈশান কিষণ (উইকেটকীপাৰ), ৰবি বিষ্ণোই ।
লগতে পঢ়ক : গণৰাজ্য দিৱস উদযাপনত নিমগ্ন ক্ৰীড়া জগত… গম্ভীৰৰ পৰা আৰম্ভ কৰি ৰোহিত আৰু জয় শ্বাহলৈকে জনালে শুভেচ্ছা









