ৰূপহীহাটত চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা, উচ্ছেদৰ বাবে সাজু প্ৰশাসন

চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা

ৰূপহীহাটত অবৈধ চৰকাৰী মাটি বেদখলকাৰীৰ বাজি উঠিল বিপদঘন্টা । ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনৰ এটা বৃহৎ দল । মাত্ৰ ৭২ ঘণ্টাৰ পিছতেই চলিব প্ৰশাসনৰ বুলড’জাৰ। ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিৰ ৭৫টা পৰিয়ালৰ ঘৰত চলিব এই উচ্ছেদ অভিযান । ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ আৰক্ষীৰ দলে আজি পৰিদৰ্শন কৰে বেদখলীকৃত এলেকা। চৰকাৰী ভূমি খালী কৰিবলৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছিল নিৰ্দেশনা ।

ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ জাননী লাভ কৰাৰ পিছত বেদখলকাৰীয়ে নিজে নিজে খালী কৰিছে ভূমি। উচ্ছেদৰ পূৰ্বেই বেদখলীকৃত ভূমি এৰিছে বেদখলকাৰীয়ে । নিজে নিজেই আঁতৰি গৈছে বেদখল কৰা ভূমিৰ পৰা, খালী কৰিছে চৰকাৰী ভূমি, টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে ।

চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গ্ৰেজিং ৰিজাৰ্ভৰ ৩৮ বিঘা ভূমিৰ প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহ চক্ৰই । ১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে বেদখলীকৃত ভূমি খালী কৰিবলৈ । বেদখলকাৰীয়ে চৰকাৰী নিৰ্দেশনা পালন কৰি নিজে নিজে খালী কৰিছে চৰকাৰী ভূমি ।

লগতে পঢ়ক : গুৱাহাটীত বিনা পইচাই যাব পাৰিব পাৰ্কলৈঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা

সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত? মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰকাশ কৰিলে নাম

বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনৰ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তাৰ মাজতে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে। মন্ত্ৰী পীযূষ হাজৰিকাই ইতিমধ্যে  প্ৰকাশ কৰিলে নাম। সেই আক্ৰমণকাৰীকেইটা হৈছে হাৰুম জামটোলা, হৰেশ বছীৰ কাছেম, ছিদুল আয়ুব লুটকিয়ৰ খালেদ মজিবুৰ, জাহাংগীৰ।

সমগ্ৰ বিষয়টোৰ বাবে আজি উত্তপ্ত হৈ পৰে সদন। সদনত দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল বিষয়টো। জানিব পৰা মতে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিলক প্ৰহাৰ ; মুখত ক’লা কাপোৰ বান্ধি বেটেৰে আক্ৰমণ দুৰ্বৃত্তৰ

নগাঁৱৰ ৰূপহীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক প্ৰহাৰ কৰে দুৰ্বৃত্তই।

জানিবলৈ পৰা মতে এখন স্কুটিত পুত্ৰৰ সৈতে সাংসদ গৰাকী ৰূপহীৰ গুণাবাৰীৰ এখন সভালৈ গৈ আছিল। সেই সময়তে মুখত ক’লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই বেটেৰে প্ৰহাৰ কৰে দুয়োকে।

ঘটনাৰ ফলত স্কুটিৰ পৰা পৰি যায় সাংসদ গৰাকী। জানিব পৰা মতে ৰূপহীহাটৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাও ৰকিবুল হুছেইনৰ লগত উপস্থিত আছিল। সাংসদ গৰাকীৰ লগতে তেওঁৰ দেহৰক্ষীকো আক্ৰমণ কৰে দুৰ্বৃত্তই।

শোকাৱহ; জীয়ৰীৰ ঘৰত ফুৰিবলৈ যাওঁতেই মৃত্যু পিতৃৰ

ৰূপহীহাটৰ চাইদৰীয়াত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিজ জীয়ৰিৰ ঘৰত ফুৰিবলৈ আহোতেই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্য আলী আকবৰ নামৰ লোকজন।

জানিব পৰা মতে AS02AK5671  নম্বৰৰ তীব্ৰবেগী বেলুনো বাহনে মহতিয়াই নিয়ে লোকজনক। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে। মৃত আলী আকবৰ মৌলানাৰ ঘৰ কৰৈগুৰিত বুলি জানিব পৰা গৈছে।