‘কিছু সময়ৰ পিছতেই…দিয়া হ’ব যোগ্য প্ৰত্যুত্তৰ’; পহলগাম কাণ্ডক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰথম প্ৰতিক্ৰিয়া

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশবাসী ক্ষোভিত হৈ পৰিছে। সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অহৰহ দাবী উত্থাপন কৰিছে।

এতিয়া এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰথমটো বক্তব্য দিছে।ৰাজনাথ সিঙে এই সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি কৈছে।

দিল্লীত এক কাৰ্যসূচীত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়- ‘আমি বহু নিৰীহৰ প্ৰাণ হেৰুৱাইছো।মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতা নীতি আছে’।

‘মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছো যে চৰকাৰে প্ৰয়োজনীয় প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিব।এই সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীৰ লগতে ইয়াৰ আঁৰত লুকাই থকা লোকসকলো চিনাক্ত কৰা হ’ব’।

‘মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰো যে এটা যোগ্য আৰু স্পষ্ট উত্তৰ দিয়া হ’ব।’ ৰাজনাথ সিঙে আৰু কয় যে ইয়াৰ ফলাফল অতি সোনকালে দেখা যাব’।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা স্পষ্টকৈ কৈছে পহলগামত সন্ত্ৰাসবাদীৰ এই কাপুৰুষালি আক্ৰমণ কৰি এটা বিশেষ ধৰ্মক লক্ষ্য কৰি লৈছে।ৰাজনাথ সিঙে কয়- ‘এই আক্ৰমণত আমাৰ দেশে বহু নিৰীহ নাগৰিক হেৰুৱাইছে’।

‘এই অমানৱীয় কাণ্ডই, আমাক সকলোৱে গভীৰ শোক আৰু যন্ত্ৰণাত ডুবাই থৈ গৈছো। প্ৰথমেই মই, সেই সকলো পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ, যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে। এই দুখৰ সময়ত মই ঈশ্বৰৰ ওচৰত বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো।”

ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬২২ কোটি বৃদ্ধি… ২০২৯ৰ ভিতৰত ৫০ হাজাৰ কোটি টকাৰ লক্ষ্যঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,৬২২ কোটি টকা (প্ৰায় ২.৭৬ বিলিয়ন মাৰ্কিন ডলাৰ)ৰ অভিলেখ সৃষ্টি কৰিছে আৰু পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১২.০৪ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে ।

২০২৯ৰ ভিতৰত ডাঙৰ লক্ষ্যত উপনীত হ’বলৈ সাজু ভাৰত-

ৰাজনাথ সিঙে কয় যে ভাৰতে ২০২৯ চনৰ ভিতৰত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ৫০ হাজাৰ কোটি টকাৰ লক্ষ্যত উপনীত হ’বলৈ সাজু হৈছে । তেওঁ লগতে এই গুৰুত্বপূৰ্ণ সাফল্যৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে অভিনন্দন জনায় । এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ চনত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ৪২.৮৫ শতাংশ ৰপ্তানি বৃদ্ধি কৰিছে, যিয়ে বিশ্ব বজাৰত ভাৰতীয় সামগ্ৰীৰ ক্ৰমাৎ গ্ৰহণযোগ্যতা আৰু বিশ্বৰ যোগান শৃংখলত দেশৰ প্ৰতিৰক্ষা উদ্যোগৰ অংশগ্ৰহণৰ প্ৰতিফলন ঘটায় ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰিসংখ্যা-

এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪-২৫ চনত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ডি পি এছ ইউ য়ে ক্ৰমে ১৫,২৩৩ কোটি আৰু ৮,৩৮৯ কোটি টকাৰ অৱদান আগবঢ়াইছে । ২০২৩-২৪ চনত এই সংখ্যা ক্ৰমে ১৫,২০৯ কোটি আৰু ৫,৮৭৪ কোটি টকা ।

মন্ত্ৰালয়ে লগতে কয় যে ভাৰত এতিয়া বহুলাংশে আমদানি নিৰ্ভৰশীল সামৰিক শক্তিৰ পৰা আত্মনিৰ্ভৰশীলতা আৰু থলুৱা উৎপাদনলৈ গতি কৰিছে । প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ বাবে ৮০খন দেশলৈ গোলাবাৰুদ, অস্ত্ৰ-শস্ত্ৰ, উপ-ব্যৱস্থা আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰা হৈছে । ইয়াৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ২০২৪-২৫ চনত ১৭৬২টা ৰপ্তানিৰ অনুমোদন জাৰি কৰা হৈছে, যিটো যোৱা বছৰৰ তুলনাত ১৭.৪ শতাংশ বৃদ্ধি ।

‘ভাৰত দীৰ্ঘদিন ধৰি শান্তি আৰু নিৰাপত্তাক সমৰ্থন কৰি আহিছে’, প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মিলনত মন্তব্য ৰাজনাথ সিঙৰ

বেংগালুৰুত এৰো ইণ্ডিয়া ২০২৫ৰ অধীনত প্ৰতিৰক্ষা মন্ত্ৰী সন্মিলনত ভাষণ প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । এই সময়ত তেওঁ কয় যে ভাৰতে দীৰ্ঘদিন ধৰি শান্তি, নিৰাপত্তা আৰু উন্নয়নক সমৰ্থন কৰি আহিছে, যিটো সহযোগিতামূলক । সংঘাতৰ সংখ্যা বৃদ্ধিয়ে আমাৰ পৃথিৱীখনক অধিক অভাৱনীয় কৰি তুলিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় । এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়- ইয়াৰ উপৰিও চাইবাৰস্পেচ আৰু বাহ্যিক মহাকাশৰ মাত্ৰাই সাৰ্বভৌমত্বৰ প্ৰতিষ্ঠিত সংজ্ঞাক প্ৰত্যাহ্বান জনাইছে ।

‘ফ্ৰন্ট লাইনৰ সংজ্ঞা আজি দ্ৰুতগতিত সলনি হৈছে’

এৰো ইণ্ডিয়া ২০২৫ৰ অধীনত আয়োজিত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলনত ভাষণ দি তেওঁ কয় যে ভাৰতে বিশ্বাস কৰে যে দুৰ্বল অৱস্থাৰ পৰা আন্তঃৰাষ্ট্ৰীয় শৃংখলা আৰু শান্তি নিশ্চিত কৰিব নোৱাৰি । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গৱেষণা, বিকাশ আৰু উদ্ভাৱনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান আমাৰ সামৰ্থ্যৰ সাক্ষ্য । ভাৰতৰ প্ৰতিৰক্ষা কূটনীতিয়ে স্থায়ী দ্বিপাক্ষিক, বহুপক্ষীয় সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে ।

বাংগালুৰু ভাৰতৰ চিলিকন ভেলী- ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলনৰ আৰম্ভণিতে তেওঁ কয় – আপোনালোকৰ উপস্থিতিয়ে আমাৰ স্বাৰ্থৰ সামঞ্জস্যৰ লগতে আমাৰ শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ককো প্ৰতিফলিত কৰে । দূৰত্ব থাকিব পাৰে, কিন্তু বন্ধুৰ ঘৰলৈ যোৱা বাট কেতিয়াও দীঘল নহয় । ইয়াৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে আজি আমি যিখন বেংগালুৰু চহৰত সাক্ষাৎ কৰি আছো, সেয়া হৈছে উদ্ভাৱন আৰু প্ৰযুক্তিগত উৎকৰ্ষতাৰ কেন্দ্ৰ, ভাৰতৰ চিলিকন ভেলী । তেওঁ কয়- মোৰ দৃঢ় বিশ্বাস যে উদীয়মান বিশ্ব সুৰক্ষা পৰিস্থিতিৰ বাবে উদ্ভাৱনীমূলক পন্থা আৰু শক্তিশালী অংশীদাৰিত্বৰ প্ৰয়োজন । বিশ্ব মঞ্চত ভাৰতৰ অংশগ্ৰহণে সকলোৰে বাবে নিৰাপত্তা আৰু বৃদ্ধিৰ প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰে ।

‘গৱেষণাৰ কুম্ভ’…বেংগালুৰুত আৰম্ভ হ’ল এৰো ইণ্ডিয়া ২০২৫

সোমবাৰে কৰ্ণাটকৰ বেংগালুৰুস্থিত য়েলাহাংকা বায়ুসেনা ষ্টেচনত পঞ্চদশ সংস্কৰণৰ এৰো ইণ্ডিয়া উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । এই অনুষ্ঠানত তেওঁ কয় যে গুৰুত্বপূৰ্ণ আৰু আগশাৰীৰ প্ৰযুক্তিৰ সংগম ‘এৰো ইণ্ডিয়া-২০২৫’এ আজিৰ অনিশ্চয়তাৰ সৈতে মোকাবিলা কৰিবলৈ পাৰস্পৰিক সন্মান, পাৰস্পৰিক স্বাৰ্থ আৰু পাৰস্পৰিক লাভৰ ভিত্তিত সম বিচাৰধাৰাৰ দেশসমূহৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ এক মঞ্চ প্ৰদান কৰিব ।

বিশ্বৰ আগত প্ৰযুক্তিগত উন্নতি প্ৰদৰ্শন-

‘এৰো ইণ্ডিয়া-২০২৫’এ দেশৰ ঔদ্যোগিক সামৰ্থ্য আৰু প্ৰযুক্তিগত অগ্ৰগতি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে । ইয়াৰ উপৰিও বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে সহযোগিতামূলক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব । তেওঁ কয় যে যেতিয়া ৰাষ্ট্ৰসমূহ একেলগে শক্তিশালী হ’ব আৰু উন্নত বিশ্ব ব্যৱস্থাৰ দিশত কাম কৰিব তেতিয়াহে স্থায়ী শান্তি লাভ কৰিব পৰা যাব ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পাঁচদিনীয়া এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ চৰকাৰী প্ৰতিনিধি, উদ্যোগ মুৰব্বী, বায়ুসেনাৰ বিষয়া, বিজ্ঞানী, প্ৰতিৰক্ষা বিশেষজ্ঞ, ষ্টাৰ্ট-আপ, শিক্ষাবিদ আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিব আৰু এই সংগমেৰে ভাৰতৰ অংশীদাৰসকলক সকলোৰে সুবিধাৰ বাবে অধিক ঘনিষ্ঠ কৰি তুলিব ।

তেওঁ কয় যে আমি প্ৰায়ে ক্ৰেতা আৰু বিক্ৰেতা হিচাপে যোগাযোগ ৰাখোঁ, য’ত আমাৰ সম্পৰ্ক লেনদেন পৰ্যায়ত থাকে । কিন্তু আন এটা স্তৰত আমি আমাৰ অংশীদাৰিত্বক ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্কৰ বাহিৰলৈ ঔদ্যোগিক সহযোগিতাৰ স্তৰলৈ লৈ যাওঁ । সম বিচাৰধাৰাৰ দেশৰ সৈতে সহ-উৎপাদন আৰু সহ-বিকাশৰ বহু সফল উদাহৰণ আমাৰ হাতত আছে ।

ভাৰতবৰ্ষই এক পৰিৱৰ্তনশীল পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে-

তেওঁ কয় যে ভাৰতে এক পৰিৱৰ্তনশীল পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে, দ্ৰুতগতিত উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা উন্নত ৰাষ্ট্ৰলৈ আগবাঢ়িছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ এক সুদৃঢ়, স্থায়ী আৰু সুচিন্তিত কাঠামোৰ ফলত দেশত এক সজীৱ আৰু সমৃদ্ধিশালী প্ৰতিৰক্ষা উদ্যোগৰ পৰিৱেশ ব্যৱস্থাৰ সৃষ্টি হৈছে । পূৰ্বে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক উপাদান হিচাপে দেখা নোপোৱা প্ৰতিৰক্ষা উদ্যোগ খণ্ড আজি সামগ্ৰিক অৰ্থনীতিৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত হৈছে।  এই খণ্ডটো এতিয়া মটৰৰ দৰে হৈ পৰিছে, ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ ইঞ্জিনক শক্তি প্ৰদান কৰিছে ।

দেশতেই বহু সামগ্ৰী নিৰ্মাণ কৰা হৈছে-

যোৱা এৰো ইণ্ডিয়াৰ সাফল্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে অস্ত্ৰ মিছাইল, নতুন প্ৰজন্মৰ আকাশ মিছাইল, অটনমাছ পানীৰ তলৰ বাহন, মানৱবিহীন জাহাজ, পিনাকা গাইডেড ৰকেট আদি বহু উচ্চ প্ৰযুক্তিৰ সামগ্ৰী থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে । তেওঁ আগন্তুক সময়ত প্ৰতিৰক্ষা উৎপাদনৰ পৰিসংখ্যা ১.২৭ লাখ কোটি টকা আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিসংখ্যা ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰাৰ লগতে প্ৰতিৰক্ষা খণ্ড যাতে অভূতপূৰ্ব গতিৰে বৃদ্ধি পায় তাৰ বাবে চৰকাৰৰ অদম্য সংকল্প পুনৰবাৰ উল্লেখ কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে চালে ‘স্কাই ফৰ্চ’…অক্ষয় কুমাৰৰ সৈতে শ্বেয়াৰ কৰিলে ফটো

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি ‘স্কাই ফৰ্চ’ (Sky Force)ৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে । এই স্ক্ৰীনিঙৰ কিছু ছবি তেওঁ নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চালে ‘স্কাই ফৰ্চ’।

মঙলবাৰে অক্ষয় কুমাৰ আৰু বীৰ পাহাড়িয়াৰ ছবি স্কাই ফৰ্চৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । তেওঁৰ লগতে চি ডি এছ জেনেৰেল অনিল চৌহানকে ধৰি অন্যান্য বিষয়াসকলো ছবিখনৰ এই প্ৰদৰ্শনত উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে ছবিখনৰ তাৰকা অভিনেতাৰ ছবিও তেওঁৰ অফিচিয়েল এক্স একাউণ্টত শ্বেয়াৰ কৰে ।

২৪ জানুৱাৰীত মুক্তি পাব ছবিখনে-

ছবিখনৰ পৰিচালক অভিষেক অনিল কাপুৰ আৰু সন্দীপ কেৱলানী । ১৯৬৫ চনৰ ভাৰত-পাকিস্তান বিমান যুদ্ধৰ সময়ত পাকিস্তানৰ চাৰগোধা এয়াৰবেছত ভাৰতে কৰা প্রত্যাক্রমণৰ কাহিনীৰে নিৰ্মিত হৈছে স্কাই ফৰ্চ । অহা ২৪ জানুৱাৰীত ছবিগৃহত মুক্তি পাব স্কাই ফৰ্চ ছবিখনে । ছবিখনত নিমৰাট কৌৰ আৰু চাৰা আলী খানকো দেখা যাব ।

‘POK অবিহনে জম্মু-কাশ্মীৰ অসম্পূৰ্ণ’…ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে, পাকিস্তানক পৰিণতিৰ সন্মুখীন হ’বলৈ দিলে সকীয়নি

মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক এক শক্তিশালী বাৰ্তা প্ৰদান কৰি কয় যে পাকিস্তান অধীকৃত কাশ্মীৰ অবিহনে জম্মু-কাশ্মীৰ অসম্পূৰ্ণ । তেওঁ ইছলামবাদক সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলাবলৈ সকীয়াই দি কয় যে যদি পাকিস্তানে তেনে নকৰে তেন্তে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হ’ব লাগিব । এই বিবৃতিত তেওঁ জম্মু-কাশ্মীৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ কথা উল্লেখ কৰি পি অ’ কেক ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ বুলি অভিহিত কৰে ।

আখনূৰ খণ্ডত আয়োজিত নৱম সশস্ত্ৰ বাহিনীৰ প্ৰবীণ দিৱসৰ কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । তেওঁ কয় যে জম্মু-কাশ্মীৰৰ পৰিস্থিতি এতিয়া সলনি হৈছে আৰু পাকিস্তানে এই সত্যক মানি লোৱা উচিত । পি অ’ কেক ভাৰতৰ কপালৰ মুকুটমণি বুলি অভিহিত কৰি তেওঁ কয় যে পাকিস্তানৰ বাবে পি অ’ কে কেৱল বিদেশী ভূখণ্ড নহয় বৰঞ্চ ভাৰতৰ এক অবিচ্ছেদ্য অংগ ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ নীতি-

ৰাজনাথ সিঙে পাকিস্তানে পি অ’ কেত সন্ত্ৰাসবাদী শিবিৰ চলাই তাৰ পৰাই ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ পাকিস্তানক এই সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিবলৈ সকীয়াই দিয়ে । দীৰ্ঘদিন ধৰি চলি থকা সন্ত্ৰাসবাদক সমৰ্থন কৰি পাকিস্তানে ভাৰতক অস্থিৰ কৰিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ কয় ।

ৰাজনাথ সিঙে পাকিস্তানৰ ভাৰত বিৰোধী এজেণ্ডাক আগুৱাই নিয়াৰ পোষকতা কৰা পি অ’ কেৰ তথাকথিত প্ৰধানমন্ত্ৰী আনোৱাৰ উল হকে কৰা মন্তব্যক গৰিহণা দিয়ে । তেওঁ কয় যে পি অ’ কেৰ জনসাধাৰণ সন্মানজনক জীৱনৰ পৰা বঞ্চিত হৈ আছে আৰু পাকিস্তানে ধৰ্মৰ নামত তেওঁলোকক শোষণ কৰিছে ।

১৯৬৫ চনৰ যুদ্ধত সৈনিকৰ বীৰত্বক প্ৰশংসা ৰাজনাথ সিঙৰ-

এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰাক্তন সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চৰকাৰে দুৰ্গম অঞ্চলত ‘মোবাইল মেডিকেল ইউনিট’ মুকলি কৰিব যাতে তেওঁলোকে ঘৰতে চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰাক্তন সেনাবাহিনীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে আন বহুতো সাহায্য ব্যৱস্থাৰ বিষয়েও তথ্য প্ৰদান কৰে ।

১৯৬৫ চনৰ যুদ্ধত ভাৰতীয় সেনাৰ অৱদানৰ কথা মনত পেলাই ৰাজনাথ সিঙে ভাৰতীয় সৈনিকৰ বীৰত্ব আৰু ত্যাগক প্ৰশংসা কৰে । তেওঁ কয় যে ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণ বিফল কৰি লাহোৰ পোৱাত সফল হৈছিল । লগতে কয় যে ১৯৪৮, ১৯৬৫, ১৯৭১ বা ১৯৯৯ চনৰ যুদ্ধই হওক পাকিস্তানৰ বিৰুদ্ধে ভাৰতে প্ৰতিখন যুদ্ধই জয়ী হৈছে ।

ৰাছিয়াত ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ ৰাজনাথ সিঙৰ, এছ-৪০০ৰ পৰা চীন-পাকিস্তানলৈ… কি কি বিষয়ত হ’ল আলোচনা ?

মঙলবাৰে ক্ৰেমলিনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । প্ৰায় এঘণ্টা ধৰি দুয়োগৰাকী নেতাৰ মাজত কথা-বতৰা চলে । ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে পুটিনৰ সৈতে ৰাজনাথৰ এই সাক্ষাৎ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ২০২২ চনত সংঘাত আৰম্ভ হোৱাৰ পিছত পুটিনে মাত্ৰ কেইজনমান নেতাকহে সাক্ষাৎ কৰে । অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক বা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ হওক বা আজি ৰাজনাথ সিং হওক, পুটিনে সদায় ভাৰতীয় নেতাক অগ্ৰাধিকাৰ দি আহিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ৰাষ্ট্ৰপতি পুটিনক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে । ৰাজনাথ সিঙে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন বিষয়ত আলোচনা কৰে । ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী সামৰিক আৰু সামৰিক সহযোগিতা আয়োগৰ একবিংশতম অধিৱেশন উপলক্ষে এই বৈঠক অনুষ্ঠিত হয় । দুয়োজন নেতাই কয় যে দুয়োখন দেশৰ অংশীদাৰিত্বত অপৰিসীম সম্ভাৱনা আছে আৰু যৌথ প্ৰচেষ্টাই উল্লেখযোগ্য ফলাফলৰ বাট মুকলি কৰিব ।

পুটিন আৰু ৰাজনাথ সিঙৰ বৈঠকত আৰু কি কি বিষয়ৰ ওপৰত আলোচনা কৰা হ’ল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ হোৱা নাই । অনুমান কৰা হৈছে যে দুয়োগৰাকী নেতাই এছ-৪০০ প্ৰতিৰক্ষা ব্যৱস্থাৰ ডেলিভাৰী, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ছিৰিয়া আৰু মধ্য এছিয়াৰ পৰিস্থিতিকে ধৰি প্ৰতিৰক্ষাৰ সৈতে জড়িত বহু বিষয়ত আলোচনা কৰে ।

ইফালে সোমবাৰে উপকূলীয় চহৰ কেলিনিংগ্ৰাডত ৰাছিয়া নিৰ্মিত মাল্টি ৰোল ষ্টীলথ গাইডেড মিছাইল ফ্ৰিগেট আই এন এছ তুছিল মুকলি কৰা হয় । বিশ্বৰ অন্যতম প্ৰযুক্তিগতভাৱে উন্নত ফ্ৰিগেট হিচাপে বিবেচিত এই যুদ্ধ জাহাজখনে ভাৰত মহাসাগৰত ভাৰতীয় নৌসেনাৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । এই অনুষ্ঠানত সিঙৰ সৈতে নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীও উপস্থিত আছিল ।

ভাৰত আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত আলোচনা, দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ত চৰ্চা

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে । মন্ত্ৰালয়ে কয় যে ৰাছিয়া আৰু ভাৰতৰ মাজত পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি শক্তিশালী আৰু দীৰ্ঘদিনীয়া বন্ধুত্ব আছে । দুয়োখন দেশৰ নেতাৰ মাজত নিৰ্ভৰযোগ্য দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আলোচনা হয় ।

জুলাই মাহত মস্কোত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক আৰু অক্টোবৰ মাহত কাজানত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত হোৱা বৈঠকৰ ফলত বিশেষ কৌশলগত অংশীদাৰিত্ব গভীৰ হৈ পৰিছে, য’ত প্ৰতিৰক্ষাকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে । বিবৃতিটোত বেলুছ’ভৰ উদ্ধৃতি দি কোৱা হৈছে যে, “আমি যিবোৰ চুক্তি হৈছে সেই সকলোবোৰ উচ্চতম পৰ্যায়ত কাৰ্যকৰী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”

বিবৃতি অনুসৰি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে ৰাছিয়া আৰু ভাৰতৰ মাজত সামৰিক সহযোগিতা বহুপক্ষীয় ৰূপত বিশেষকৈ চাংহাই সহযোগিতা সংস্থা (এছ চি অ’) আৰু এ ডি এম এম প্লাছৰ অধীনত চলি আছে । তেওঁলোকৰ আলোচনাই দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আস্থা প্ৰকাশ কৰে বেলুছভে ।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আৰু কয়, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই সময়ছোৱাত কয় যে ভাৰতৰ ওপৰত বহু ধৰণৰ ৰাজহুৱা আৰু ব্যক্তিগত হেঁচা আছে । কিন্তু ভাৰতে সিদ্ধান্ত লৈছে যে ৰাছিয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক অটুট ৰখাই নহয়, এই সম্পৰ্কসমূহো গভীৰ আৰু সম্প্ৰসাৰিত কৰিব । আমি সদায় আমাৰ ৰাছিয়ান সতীৰ্থসকলৰ লগত থাকিম । তেওঁ লগতে কয় যে জি-২০, ব্ৰিকছ আৰু এছ চি অ’ৰ দৰে বহুপক্ষীয় মঞ্চত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি পাইছে । ৰাজনাথ সিঙে কয়, আমাৰ সম্পৰ্ক পূৰ্ণ গতিৰে আগবাঢ়িছে ।

কাইলৈ ৩ দিনীয়া ৰাছিয়া ভ্ৰমণলৈ ৰাওনা হ’ব ৰাজনাথ সিঙ, অংশগ্ৰহণ কৰিব ২১ সংখ্যক আন্তঃচৰকাৰী আয়োগৰ বৈঠকত

তিনিদিনীয়া ৰাছিয়া ভ্ৰমণলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । এই সময়ছোৱাত তেওঁ ৰাছিয়াৰ মস্কোত ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী সামৰিক কাৰিকৰী সহযোগিতা আয়োগৰ (আই আৰ আই জি চি-এম এণ্ড এম টি চি) ২১ সংখ্যক বৈঠকৰ সহ-অধ্যক্ষতা কৰিব । তেওঁৰ এই ভ্ৰমণ ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত হ’ব ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে এই ভ্ৰমণৰ সময়ত ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলুছভে ১০ ডিচেম্বৰত মস্কোত এখন বৈঠকৰ সহ-অধ্যক্ষতা কৰিব । দুয়োজন নেতাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশৰ বহুমাত্ৰিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব । ইয়াৰ ভিতৰত সৈন্য-সামৰিক আৰু উদ্যোগিক সহযোগিতা অন্তৰ্ভুক্ত আছে ।

লগতে সমসাময়িক আঞ্চলিক আৰু বিশ্বব্যাপী পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব দুয়োজন নেতাই । এই ভ্ৰমণৰ অংশ হিচাপে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ২০২৪ চনৰ ০৯ ডিচেম্বৰত ভাৰতীয় নৌসেনাৰ শেহতীয়া বহু ভূমিকাযুক্ত গাইডেড মিছাইস ফ্ৰিগেট ‘আই এন এছ তুছিল’কো কমিচন কৰিব ।

বিবৃতিটোত কোৱা হৈছে যে নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে ৰাজনাথ সিঙৰ সৈতে কমিচনিং অনুষ্ঠানত উপস্থিত থাকিব । ইয়াৰ উপৰিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিহত ছোভিয়েট জোৱানসকলক মস্কোৰ ‘অজ্ঞাত সৈনিকৰ সমাধিক্ষেত্ৰ’ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও বাৰ্তালাপ কৰিব । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অহা বছৰ বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ কথা আছে আৰু এই তাৰিখ কূটনৈতিক মাধ্যমৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে ।