ট্ৰাম্প-পুটিনৰ আলোচনাঃ সীমিত শান্তি চুক্তিত সন্মতি, ৩০ দিনৰ বাবে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ স্থগিত !

ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত দিঘলীয়া আলোচনা হয় । এই আলোচনাৰ অন্তত ৰাছিয়াই ঘোষণা কৰিছে যে আগন্তুক ৩০ দিনলৈ ইউক্ৰেইনৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নকৰে । আলোচনাৰ সময়ত পুটিনে কয় যে ৰাছিয়াৰ নিজৰ নিৰাপত্তা স্বাৰ্থ আৰু যুদ্ধৰ মূল কাৰণৰ প্ৰতি লক্ষ্য ৰাখি সংঘাতৰ সমাধান ব্যাপক, বহনক্ষম আৰু দীৰ্ঘম্যাদী হ’ব লাগিব ।

উল্লেখ্য যে হোৱাইট হাউছে মঙলবাৰে দুয়োগৰাকী নেতাৰ মাজত ফোনযোগে দুঘণ্টাৰো অধিক সময় চলা বাৰ্তালাপত হোৱা চুক্তিক শান্তিৰ দিশত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰি ইয়াৰ ফলত ক’লা সাগৰত সামুদ্ৰিক যুদ্ধবিৰতিৰ সৃষ্টি হ’ব আৰু যুদ্ধ সম্পূৰ্ণৰূপে আৰু স্থায়ীভাৱে শেষ হ’ব বুলি আশা প্ৰকাশ কৰে । হোৱাইট হাউছে লগতে কয় যে এক ব্যাপক শান্তি পৰিকল্পনাৰ দিশত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে আলোচনা শীঘ্ৰেই আৰম্ভ হ’ব । কিন্তু ইউক্ৰেইন এই পৰ্যায়ক্ৰমে যুদ্ধবিৰতি পৰিকল্পনাত সন্মতি প্ৰকাশ কৰিছে নে নাই সেয়া স্পষ্ট হোৱা নাই ।

ক্ৰেমলিনৰ বিবৃতি প্ৰকাশ-

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয় ক্ৰেমলিনে কয় যে আলোচনাৰ সময়ত পুটিনে যুদ্ধবিৰতি নিৰীক্ষণ আৰু ইউক্ৰেইনক অধিক সৈন্য সংগঠিত আৰু পুনৰ অস্ত্ৰ-শস্ত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰাত বাধা দিয়াৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে । ক্ৰেমলিনৰ তথ্য অনুসৰি পুটিনে ইউক্ৰেইনলৈ বিদেশী সামৰিক আৰু চোৰাংচোৱা সাহায্য বন্ধ কৰিবলৈও ট্ৰাম্পক আহ্বান জনায় ।

বিদ্যুৎ কেন্দ্ৰৰ নিৰাপত্তাৰ পৰা আমেৰিকাৰ লাভ-

ইয়াৰ পূৰ্বে আমেৰিকাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ৩০ দিনৰ বাবে সম্পূৰ্ণ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল । ইউক্ৰেইনে এই সন্দৰ্ভত মাত্ৰ যোৱা সপ্তাহতহে সন্মতি প্ৰকাশ কৰিছিল । কিন্তু পুটিনৰ সৈতে আলোচনাৰ অন্তত ক্ৰেমলিন আৰু হোৱাইট হাউছে কেৱল বিদ্যুৎ কেন্দ্ৰ আৰু আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ কথাহে কৈছে ।

আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনা-

ক্ৰেমলিনে কয় যে দুয়োগৰাকী নেতাই কয়দী বিনিময় আৰু সামুদ্ৰিক নিৰাপত্তাৰ কথা পাতS । ট্ৰাম্পৰ প্ৰস্তাৱৰ প্ৰতি পুটিনে ইতিবাচক সঁহাৰি জনায় । দুয়োগৰাকী নেতাই আমেৰিকা-ৰাছিয়াৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি বিশ্বৰ নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা, আনকি হকী মেচৰ দৰে সাংস্কৃতিক বিনিময়ৰ ওপৰতো আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয় ।

যুদ্ধত সফলতা ৰাছিয়াৰ সেনাবাহিনীৰ, দখল কৰিলে সুদঝা চহৰ ; ইউক্ৰেনক মোক্ষম আঘাত

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। যুদ্ধত ৰাছিয়াৰ সেনাই ডাঙৰ সফলতা অৰ্জন কৰিছে। সেনাসকলে জনাইছে যে তেওঁলোকে কিয়েভৰ দ্বাৰা নিয়ন্ত্ৰিত কুৰ্স্ক অঞ্চলৰ সৰ্ববৃহৎ চহৰ সুদঝা দখল কৰিছে।

সুদঝাৰ নিয়ন্ত্ৰণৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈন্যবাহিনীৰ মাজত এক ভয়ংকৰ যুদ্ধ চলি আছিল। ইয়াৰ পূৰ্বে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেওবাৰে প্ৰতিবেদন দিছিল যে তেওঁলোকৰ সৈন্যই সুদঝাৰ উত্তৰ আৰু উত্তৰ-পশ্চিমৰ চাৰিখন গাওঁ দখল কৰিছে। ২০২৪ চনৰ আগষ্টত হঠাতে সীমান্তপাৰ হোৱা আক্ৰমণৰ পিছত ইউক্ৰেইনৰ সেনাই সুদঝাৰ নিয়ন্ত্ৰণ লৈছিল।

উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ যুদ্ধ ব্লগাৰসকলে এক গুৰুত্বপূৰ্ণ দাবী কৰিছিল।

ব্লগাৰসকলে দাবী কৰিছিল যে ৰাছিয়াৰ বিশেষ বাহিনীৰ সৈন্যসকলে কুৰ্স্ক অঞ্চলত ইউক্ৰেইনৰ সৈন্যৰ ওপৰত আকস্মিক আক্ৰমণ কৰিবলৈ গেছ পাইপলাইনৰ ভিতৰত কেইবা কিলোমিটাৰ খোজ কাঢ়ি আহি পিছৰ পৰা আক্ৰমণ কৰিছিল। আক্ৰমণকাৰীসকলৰ ভিতৰত ৰাছিয়াৰ সহযোগী উত্তৰ কোৰিয়াৰ কিছুমান সৈনিক আছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এক শক্তিশালী সতৰ্কবাণী জাৰি কৰিছে। তেওঁ কৈছিল যে এতিয়া ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি অস্বীকাৰ কৰাটো “ৰাছিয়াৰ বাবে ধ্বংসাত্মক” হ’ব।

ট্ৰাম্পে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাকাৰীয়ে  চৌদি আৰৱৰ জেদ্দাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলৰ সৈতে আলোচনাত কিয়েভে ৰাছিয়াৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত হোৱাৰ এদিন পিছত ট্ৰাম্পৰ এই মন্তব্য আহিছিল।

ইউক্ৰেইনৰ এই বাৰ্তা আৰু প্ৰস্তাৱটো ট্ৰাম্পৰ হৈ পুটিনলৈও প্ৰেৰণ কৰা হৈছে, কিন্তু ক্ৰেমলিনে এতিয়ালৈকে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰা নাই।

“যুদ্ধবিৰতিৰ বাবে সন্মত হ’ব পুটিন”;ৰাছিয়া-ইউক্ৰেনৰ যুদ্ধক লৈ ট্ৰাম্পৰ ডাঙৰ ভৱিষ্যতবাণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বিষয়ে এটা ডাঙৰ কথা কৈছে।

ট্ৰাম্পে কৈছিল যে তেওঁ আশা কৰিছিল যে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে ৩০ দিনৰ যুদ্ধবিৰতিৰ বাবে সন্মত হ’ব। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়েও ইয়াক এক ইতিবাচক পদক্ষেপ হিচাপে বৰ্ণনা কৰিছে।

জেলেনস্কিয়ে কৈছিল যে মস্কোৱে এইটো  কেনেদৰে মানি ল’ৱ সেইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইনৰ জ্যেষ্ঠ বিষয়াসকলে মঙলবাৰে চৌদি আৰৱৰ জেদ্দাত আলোচনা কৰে। আলোচনাৰ সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তিনি বছৰৰো অধিক সময় ধৰি চলি থকা যুদ্ধৰ সমাপ্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

য’ত ৩০দিনৰ যুদ্ধবিৰতি গ্ৰহণ কৰাৰ সংকেত দিয়া হৈছিল। জেদ্দাত ঘোষণাৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে  কয়, “কিছু সময় আগতে ইউক্ৰেনে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।

এতিয়া আমি ৰাছিয়াৰ কাষ চাপিবলৈ গৈ আছো আৰু আশা কৰোঁ যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ইয়াত সন্মত হ’ব।”

ট্ৰাম্পে এটা ভিডিঅ’ত কয় যে, “যদি আমি ৰাছিয়াক সৈমান কৰিব পাৰোঁ, তেন্তে সেয়া আশ্চৰ্যজনক হ’ব।”যদি আমি তেনে কৰিবলৈ অক্ষম হওঁ, আমি এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিম কিয়নো যুদ্ধত মানুহ নিহত হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল যে “আমেৰিকাৰ পক্ষই তেওঁৰ দেশৰ যুক্তি বুজি পায় আৰু তেওঁলোকৰ প্ৰস্তাৱবোৰ বিবেচনা কৰে।

তেওঁ লগতে কয় যে তেওঁ “দুয়োখন দেশৰ দলৰ মাজত সৃষ্টিশীল আলোচনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওচৰত কৃতজ্ঞ।”

পুটিনৰ সৈতে ট্ৰাম্পে বৃদ্ধি কৰিছে বন্ধুত্ব; ৰাছিয়া আৰু আমেৰিকাৰ মাজত চুক্তি স্বাক্ষৰ

ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ ঘনিষ্ঠতা নিৰন্তৰ ভাৱে বাঢ়ি আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত, ইয়াক ৰাছিয়া-আমেৰিকা যুক্তৰাষ্ট্ৰত এক নতুন আৰম্ভণি আৰু এক নতুন বিশ্ব ব্যৱস্থা হিচাপে দেখা গৈছে।

ইফালে, চীনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত গভীৰ হৈ থকা সম্পৰ্কক উদ্বেগৰ সৈতে চাই আছে।ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই বৃহস্পতিবাৰে ইয়াত আলোচনা কৰি ইজনে সিজনৰ কূটনীতি বিদসকলক বহিষ্কাৰ কৰাৰ বহু বছৰৰ পিছত তেওঁলোকৰ নিজ নিজ দূতাবাসৰ কাৰ্যকলাপ স্বাভাৱিক কৰাৰ বিষয়ে আলোচনা কৰে। ইয়াক ৰাছিয়া-আমেৰিকা যুক্তৰাষ্ট্ৰৰ উন্নতিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা গৈছে।

ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰি চীনক দুৰ্বল কৰিব বিচাৰে। এইটো আমেৰিকাৰ নতুন আৰু পৰিস্থিতিগত ৰণনীতিৰ অংশ।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে কৈছিল যে ইস্তাম্বুলত সন্মিলনে এই বাৰ্তা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনা তথা চৌদি আৰৱৰ শীৰ্ষ ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনীতিবিদ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ মাজত আলোচনাৰ পিছত হৈছিল।

যোৱা সপ্তাহত ৰিয়াধত হোৱা আমেৰিকা-ৰাছিয়া আলোচনাই ট্ৰাম্পৰ অধীনত ৱাশ্বিংটনৰ বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ ৰাছিয়াক বিচ্ছিন্ন কৰাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত কৰা প্ৰচেষ্টাৰ পৰা স্পষ্ট প্ৰস্থানৰ সংকেত দিছিল।

ৰিয়াদে মস্কো আৰু ৱাশ্বিংটনৰ যুদ্ধৰ সমাপ্তি আৰু তেওঁলোকৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ দিশত কাম আৰম্ভ কৰিবলৈ সন্মত হৈছিল। ইয়াত দূতাবাসত কৰ্মচাৰীসকলক পুনৰ স্থাপন কৰা অন্তৰ্ভুক্ত আছে ।

শেহতীয়া বছৰবোৰত, বৃহৎ সংখ্যক কূটনীতিবিদৰ পাৰস্পৰিক বৰ্জন, কাৰ্যালয় বন্ধ কৰা আৰু অন্যান্য নিষেধাজ্ঞাৰ ফলত দূতাবাস সমূহৰ কাৰ্যকলাপ গুৰুতৰভাৱে প্ৰভাৱিত হৈছে।

আঙ্কাৰাত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ এজন বিষয়াই নিশ্চিত কৰিছে যে ইস্তাম্বুলত বৃহস্পতিবাৰে হোৱা আলোচনাত প্ৰাসঙ্গিক কূটনৈতিক মিছনসমূহৰ কাৰ্যকলাপ প্ৰভাৱিত কৰা বিষয়বোৰ আলোচনা কৰা হ’ব।

ৰাছিয়াৰ সংসদৰ উচ্চ সদনৰ অধ্যক্ষা ভেলেণ্টিনা মাতভিয়েঙ্কোৱে বৃহস্পতিবাৰে তুৰস্ক ভ্ৰমণৰ সময়ত কৈছিল যে আমেৰিকা-ৰাছিয়া আলোচনাই “আমাৰ কূটনৈতিক মিছনসমূহৰ সম্পূৰ্ণ কাৰ্যকলাপ পুনৰুদ্ধাৰ কৰাত সহায় কৰিব।”

যোৱা সপ্তাহৰ আলোচনাত ইউক্ৰেইনৰ কোনো বিষয়া উপস্থিত নাছিল। ক্ৰেমলিনে গুৰুত্ব আৰোপ কৰে যে বৈঠকখন হৈছে আমেৰিকাৰ সৈতে সম্পৰ্ক আৰু আলোচনা পুনৰুদ্ধাৰ কৰা, যি অৱশেষত শান্তি আলোচনাৰ পথ প্ৰশস্ত কৰিব।

‘নিৰ্বাচন বিহীন স্বৈৰাচাৰী’…ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক একনায়কত্ববাদী আখ্যা ট্ৰাম্পৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ অন্ত পেলাবলৈ আলোচনা অব্যাহত আছে । কিন্তু প্ৰকৃত বাকযুদ্ধ চলি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত । ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ সুৰত সুৰ মিলোৱা পৰিলক্ষিত হৈছে । ট্ৰাম্পে দাবী কৰিছে যে জেলেনস্কি এজন ব্যৰ্থ, অ-জনপ্ৰিয় আৰু অবৈধভাৱে ক্ষমতাত আছে । ট্ৰাম্পে জেলেনস্কিক মধ্যমীয়া সফল কমেডিয়ান বুলি অভিহিত কৰে । ইয়াৰ উপৰিও ২০২২ চনত ৰাছিয়াৰ আক্ৰমণৰ বাবে ট্ৰাম্পে জেলেনস্কিক দোষাৰোপ কৰিছে ।


বুধবাৰে ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে জেলেনস্কিক “নিৰ্বাচন অবিহনে একনায়কত্ববাদী” বুলি অভিহিত কৰে । ট্ৰাম্পৰ এই বক্তব্য লগে লগে ৰাছিয়াৰ সংবাদ মাধ্যমে গ্ৰহণ কৰে । মঙলবাৰে ছৌদি আৰৱত ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আমেৰিকা আৰু ৰাছিয়াই আলোচনা কৰাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে । জেলেনস্কিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কৈছিল যে ইউক্ৰেইনৰ অবিহনে কোনো সিদ্ধান্ত ল’ব নোৱাৰি ।


আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ পিছত জেলেনস্কিয়ে প্ৰত্যুত্তৰ দি কয় যে ট্ৰাম্পক ভুল তথ্যই আগুৰি আছে । জেলেনস্কিয়ে কয় যে যদি কোনোবাই মোক আঁতৰাব বিচাৰে, তেন্তে তেওঁলোকে এতিয়াই কৰিব নোৱাৰিব ।’ জেলেনস্কিয়ে কয় যে ট্ৰাম্প ৰাছিয়াৰ পৰা অহা অপপ্ৰচাৰেৰে আগুৰি আছে আৰু ইয়াৰ প্ৰমাণ আমাৰ হাতত আছে ।

যুদ্ধৰ প্ৰথম অৱস্থাত জেলেনস্কিৰ জনপ্ৰিয়তা তুংগত আছিল যদিও সময়ৰ লগে লগে ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ইউক্ৰেইনৰ সামৰিক আইন অনুসৰি ভোটদান হ’ব নোৱাৰে । আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ন্যায্য নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰায় অসম্ভৱ, যিহেতু দেশখনৰ কমেও পঞ্চমাংশ ৰাছিয়াই দখল কৰিছে, লাখ লাখ ইউক্ৰেইনী দেশৰ বাহিৰত আছে আৰু হাজাৰ হাজাৰ লোকে যুঁজি আছে ।

বৃদ্ধি পাইছে যুদ্ধৰ সমাপ্তিৰ আশা; আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিবলৈ সাজু “পুটিন”

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তিৰ আশা এতিয়া আৰু বৃদ্ধি পাইছে। এটা দিন পূৰ্বে ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ বিষয়াসকলৰ মাজত প্ৰথমখন বৈঠক চৌদি আৰৱত অনুষ্ঠিত হৈছিল।

ইয়াৰ পিছত, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এটা গুৰুত্বপূৰ্ণ বিবৃতি ওলাইছে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিবলৈ আৰু এই বিষয়টো আলোচনা কৰিবলৈ তৎপৰতা প্ৰকাশ কৰিছে।

পুটিনে বুধবাৰে কৈছিল যে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিব বিচাৰে, কাৰণ এই বৈঠকখন “অৰ্থপূৰ্ণ” কৰাৰ বাবে প্ৰস্তুতি চলাব লাগে।

পুটিনৰ এই মন্তব্য এনে এটা সময়ত আহিছে যেতিয়া ৰাছিয়াৰ বিষয়া আৰু চৌদি আৰৱৰ মাজত আলোচনাৰ পিছত ট্ৰাম্পৰ দূত কিয়েভত নিয়োজিত হৈ আছে।

আমেৰিকান বিষয়াসকলেও এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে এই বিষয়টো আলোচনা কৰিব বিচাৰে।অৱশ্যে, জেলেনস্কি ট্ৰাম্পৰ মন্তব্যত সুখী নহয়। জেলেনস্কিয়ে কৈছে যে ট্ৰাম্পে ৰাছিয়াৰ ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আছে

টেলিভিছনত দিয়া ভাষণত পুটিনে কয় যে, “মই এখন বৈঠক অনুষ্ঠিত কৰিব বিচাৰো, কিন্তু ইয়াক এনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে ইয়াৰ ফলাফল পোৱা যায়।”

তেওঁ কৈছিল যে তেওঁ ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰি “সুখী” হ’ব।পুটিনে মঙলবাৰে চৌদি আৰৱৰ ৰিয়াদত ৰাছিয়া আৰু আমেৰিকাৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত হোৱা আলোচনাৰ প্ৰশংসা কৰে আৰু কয় যে দুয়োপক্ষই অৱনতি হোৱা কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ কৰিবলৈ সন্মত হৈছে।

পুটিনে এইটোও কৈছিল যে ট্ৰাম্পে স্বীকাৰ কৰিছে যে ইউক্ৰেইনৰ চুক্তিত তেওঁ আশা কৰাতকৈ বেছি সময় লাগিব পাৰে।

“তেওঁ ৰাছিয়াৰ ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰিছে”; প্ৰথমবাৰৰ বাবে ট্ৰাম্পৰ বিষয়ে মুখ খুলিলে জেলেনস্কিয়ে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে প্ৰথমবাৰৰ বাবে ট্ৰাম্পৰ কথা উল্লেখ কৰি ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বিবৃতি দিছে।

জেলেনস্কিয়ে বুধবাৰে কৈছিল যে ৰাছিয়াই ট্ৰাম্পক ভুল তথ্য প্ৰদান কৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ দ্বাৰা প্ৰদান কৰা ‘মিছা তথ্য’ৰ ওপৰত নিৰ্ভৰ কৰি আছে।

ইউক্ৰেইনৰ নেতাজনৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলি ট্ৰাম্পৰ মন্তব্যৰ পিছত জেলেনস্কিৰ মন্তব্য আহিছিল। ট্ৰাম্পে কৈছিল যে জেলেনস্কিৰ অনুমোদনৰ ৰেটিং ৪ শতাংশ।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত এখন সংবাদমেলৰ সময়ত এক প্ৰশ্নৰ উত্তৰত জেলেনস্কিয়ে কয়, “আমি এই ভুল তথ্য দেখিছো। আমি বুজি পাওঁ যে এইটো ৰাছিয়াৰ দ্বাৰা বিয়পি পৰিছিল’’।

আমেৰিকান ৰাষ্ট্ৰপতিৰ মন্তব্যত যথেষ্ট অসন্তুষ্ট জেলেনস্কি। তেওঁ কৈছিল যে ট্ৰাম্পে “এই ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আছে।”ট্ৰাম্পে এইটোও পৰামৰ্শ দিছিল যে ইউক্ৰেইনৰ সংবিধান অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

যিবোৰ যুদ্ধ আৰু সামৰিক আইন জাৰি কৰাৰ বাবে পিছুৱাই দিয়া হৈছিল। জেলেনস্কিৰ এই মন্তব্য এনে এটা সময়ত আহিছিল যেতিয়া তেওঁ ইউক্ৰেইন আৰু ৰাছিয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ দূত কিথ কেলগৰ সৈতে কিয়েভত সাক্ষাৎ কৰিবলৈ সাজু হৈছে।

ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনালে পুটিনে…আমেৰিকাৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডনাল্ড ট্ৰাম্পক অভিনন্দন জনায়, যিয়ে তেওঁৰ প্ৰশাসনৰ অধীনত আমেৰিকাৰ সৈতে উন্নত সম্পৰ্কৰ আশা ব্যক্ত কৰে । নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ সৈতে এটা ভিডিঅ’ কলৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয়, আমি ট্ৰাম্প আৰু তেওঁৰ দলৰ সদস্যসকলৰ এনে মন্তব্য শুনি আছো যে তেওঁলোকে ৰাছিয়াৰ সৈতে পোনপটীয়া সম্পৰ্ক পুনৰস্থাপন কৰিব বিচাৰে, যিটো আমাৰ দোষ অবিহনে পূৰ্বৰ চৰকাৰে বন্ধ কৰি দিছিল ।

পুটিনে কয়, আমি তেওঁলোকৰ বক্তব্য শুনি আছো যে তৃতীয় বিশ্বযুদ্ধ প্ৰতিহত কৰিবলৈ তেওঁ সকলো কৰিব লাগে । আমি নিশ্চিতভাৱে এনে ধৰণৰ দৃষ্টিভংগীক আদৰণি জনাইছো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে ইউক্ৰেইনৰ সৈতে সম্ভাৱ্য শান্তি চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ মস্কো সাজু । কিন্তু এয়া কেৱল সাময়িক যুদ্ধবিৰতি হ’ব নালাগে, বৰঞ্চ স্থায়ী শান্তি আৰু ৰাছিয়াৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ট্ৰাম্পে কেইবাবাৰো কৈছিল যে শপত গ্ৰহণ কৰাৰ চৌবিশ ঘণ্টাৰ ভিতৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাব পাৰে ।

বিপদত বাংলাদেশ, এইবাৰ ৰাছিয়াৰ তৰফৰ পৰা বাংলাদেশক সকীয়নি !

বাংলাদেশে প্ৰতিদিনে বিভিন্ন দেশৰ লগত নিজৰ শত্ৰুতা গঢ়ি তুলিছে। ভাৰতক ভাবুকি দিয়াৰ পিছত এইভাৰ ৰাছিয়াক বিবাদৰ মাজলৈ টানি বিপদত পৰিছে বাংলাদেশ।
ৰাছিয়াই বাংলাদেশৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণ কৰি আছে। ভাৰতো এই একাংশ কোম্পানীৰ লগত জড়িত হৈ আছে। এই প্ৰকল্পৰ নাম ৰূপপুৰ শক্তি পাৰমাণৱিক কেন্দ্ৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাছিয়া আৰু ভাৰতৰ সহযোগত বাংলাদেশত এই প্ৰকল্প আৰম্ভ কৰিছিল। ৰূপপুৰ প্ৰকল্পৰ কাম ব্যাপক গতিত চলি আছিল যদিও শ্বেখ হাছিনাক উৎখাত কৰাৰ পিছত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিল।
শেহতীয়াকৈ বাংলাদেশৰ দুৰ্নীতি বিৰোধী আয়োগে অভিযোগ কৰিছে যে ,শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰই বহু উৎকোচ লৈছে আৰু এই উৎকোচৰ মূল্য ৫ বিলিয়ন ডলাৰ হ’ব পাৰে। এনে পৰিস্থিতিত এই প্ৰকল্পৰ কাম কৰিব নালাগে। শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিব লাগে। এনে পৰিস্থিতিত ৰূপপুৰ বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰি থকা ৰাছিয়াৰ চৰকাৰী কোম্পানী ৰোজাটমে মহম্মদ ইউনুছ চৰকাৰক লৈ ক্ষোভিত হৈ পৰিছে। বাংলাদেশৰ অভিযোগ অস্বীকাৰ কৰি বাংলাদেশৰ দুৰ্নীতি নিবাৰক আয়োগৰ মন্তব্য ৰূপপুৰ শক্তি পাৰমাণৱিক প্ৰকল্পক কলংকিত কৰাৰ প্ৰয়াস বুলি মন্তব্য প্ৰকাশ ৰাছিয়াৰ।
২.৬৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰূপপুৰ প্ৰকল্পটো স্বচ্ছ আৰু আদালতত গোচৰৰ পক্ষ ল’বলৈ সাজু। ৰাছিয়ান কোম্পানীটোৱে মুকলি আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ নীতিৰ প্ৰতি দায়বদ্ধ, ইয়াৰ সকলো প্ৰকল্পতে স্বচ্ছ ক্ৰয় ব্যৱস্থা বজাই ৰাখিছে। বাহ্যিক অডিটে নিয়মিতভাৱে প্ৰকল্পটোৰ ব্যৱসায়িক প্ৰক্ৰিয়াসমূহৰ মুকলিতা নিশ্চিত কৰে।