ৰাছিয়াৰ বৈজ্ঞানিকৰ বৃহৎ সফলতা!উদ্ভাৱন কৰিলে কৰ্কট ৰোগৰ ভেকচিন

কৰ্কট ৰোগ বুলি ক’লেই সকলো লোকেই ভয় কৰে।বৰ্তমান সময়টো এই ৰোগটো প্ৰায় দুৰাৰোগ্য আৰু মানুহৰ মাজত প্ৰচণ্ড চিন্তাৰ কাৰণ হৈ পৰে। কিন্তু ৰাছিয়াই কৰ্কট ৰোগক লৈ এটা বৃহৎ দাবী কৰিছে।

দৰাচলতে ৰাছিয়াৰ বৈজ্ঞানিক সকলে দাবী কৰিছে যে তেওঁলোকে কৰ্কট ৰোগৰ ভেকছিন উদ্ভাৱন কৰিছে। ই সকলো ধৰণৰ কৰ্কট ৰোগক প্ৰতিহত কৰিব।

ৰাছিয়াৰ ঘোষণা অনুসৰি, প্ৰাক-নিদানিক পৰীক্ষণত প্ৰমাণিত হৈছে যে এই ভেকছিনটো কৰ্কট ৰোগৰ টিউমাৰ দমন কৰাত সফল।

এই ভেকছিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী ইমান শক্তিশালী কৰিব যে যিকোনো কোষ কৰ্কট কোষলৈ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰাৰ লগে লগেই, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সেইবোৰ নাইকিয়া কৰিব।

কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এটা ভাষণত কয় যে “আমি কৰ্কট ৰোগৰ ভেকছিন আৰু নতুন প্ৰজন্মৰ ইমিউনোমডুলেটৰী ঔষধৰ বিকাশৰ কাষ চাপিছো”।

এতিয়া প্ৰশ্ন উত্থাপিত হয় যে আমেৰিকান আৰু ইউৰোপীয় দেশসমূহত কৰ্কট ৰোগৰ ভেকছিন সৃষ্টি কৰাৰ দৌৰত আছে। আৰু প্ৰতিদিনে ইয়াত কিছু বিকাশ হৈ আছে।

মডাৰ্ণা আৰু মাৰ্কৰ দ্বাৰা কৰ্কট ৰোগৰ ভেকছিনৰ তৃতীয় পৰীক্ষণো সম্পূৰ্ণ হৈছে। ২০২৫ চনৰ আৰম্ভণিতে সাধাৰণ লোকৰ বাবে এই প্ৰতিষেধক মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই।

ৰাছিয়ান চৰকাৰৰ দাবী ৰাছিয়াই আৱিষ্কাৰ কৰিলে mRNA ভেকচিন। কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰিব এই ভেকচিনে।

জানিব পৰা মতে  ৰাছিয়াৰ নাগৰিকক বিনামূলীয়াভাৱে প্ৰদান কৰা হ’ব এই ভেকচিন।এই ভেকচিনৰ বাবে কোটি কোটি লোকৰ জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা আছে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এক তীব্ৰতৰ হৈছে যুদ্ধ, জেলেনস্কিয়ে এনে কাম কৰিলে যাৰ কল্পনাও কৰা নাছিল পুটিনে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই এতিয়া এক ভয়াৱহ ৰূপ লৈছে। দুয়োখন দেশে ইখনে সিখনক তীব্ৰ আক্ৰমণ কৰি আছে।

ইফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কল্পনা নকৰা টা কামটো কৰিছে।

ইউক্ৰেনে ৰাছিয়াৰ চেচনিয়া অঞ্চলৰ নেচনেল গাৰ্ড চৌহদত ড্ৰোন আক্ৰমণ চলাইছে। ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ বিমান আক্ৰমণৰ পিছত কিয়েভে প্ৰতিশোধ লৈছে।

সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে। আৰু সেই ভিডিঅ’টোত দেখা গৈছে যে বিস্ফোৰণৰ পূৰ্বে চেচনীয়াৰ ৰাজধানী গ্ৰজনিৰ আকাশৰ ওপৰেৰে এটা ড্ৰোন উৰি আছিল।

আক্ৰমণটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। আক্ৰমণৰ এই এলেকাটো ইউক্ৰেইনৰ সীমান্তৰ পৰা প্ৰায় ৮০০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত।

চেচনীয়াৰ নেতা ৰমজান কাদিৰভে নিশ্চিত কৰিছে যে ড্ৰোনে আখমাত গ্ৰজনি আৰক্ষী বেটেলিয়নৰ এটা স্থানত আক্ৰমণ কৰিছিল। তেওঁ কৈছিল যে বায়ু প্ৰতিৰক্ষাৰ দ্বাৰা আন দুটা ড্ৰোন ধ্বংস কৰা হৈছিল।

কেৱল এয়াই নহয়, ইউক্ৰেনে পূৰ্বে দক্ষিণ ৰাছিয়াত ড্ৰোন আক্ৰমণ চলাইছিল। ইউক্ৰেইনৰ পৰা ড্ৰোন আক্ৰমণত এটি ন বছৰীয়া শিশু নিহত হয় আৰু এটা মুখ্য ইন্ধন ডিপোত জুই লগোৱা হয়।

ইউক্ৰেইনৰ জেনেৰেল ষ্টাফে কৈছিল যে ইউক্ৰেইনৰ ড্ৰোনে দক্ষিণ ৰাছিয়াৰ অৰিঅ’ল অঞ্চলৰ এটা মুখ্য ইন্ধন ভাণ্ডাৰক লক্ষ্য কৰি লৈছিল।

ৰাছিয়াই ইয়াৰ চুবুৰীয়াদেশলৈ ৯৩ খন ক্ৰুজ আৰু বেলিষ্টিক মিছাইল আৰু প্ৰায় ২০০ ড্ৰোন নিক্ষেপ কৰাৰ পিছত ইউক্ৰেইনৰ আক্ৰমণ সংঘটিত হৈছিল। জেলেনস্কিয়ে কৈছে যে ৰাছিয়াই লাখ লাখ লোকক সন্ত্ৰাসিত কৰি আছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনত গুৰুত্বপূৰ্ণ ইন্ধন আৰু শক্তি সুবিধাৰ ওপৰত দীৰ্ঘ দূৰত্বৰ নিখুঁত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ আৰম্ভ কৰিছে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এক ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছিল, বিপদত ইউক্ৰেনৰ এইখন চহৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে যুদ্ধ। ইফালে, ইউক্ৰেইনৰ শীৰ্ষ সামৰিক কমাণ্ডাৰে কৈছে যে ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণৰ পিছত পূৱ ইউক্ৰেইনৰ মুখ্য চহৰ পোক্ৰোভস্কৰ চাৰিওফালে যুঁজ তীব্ৰতৰ হৈছে।

ৰাছিয়াৰ সেনা এতিয়া চহৰখনৰ পৰা মাত্ৰ কেই কিলোমিটাৰ দূৰত আছে। বৃহস্পতিবাৰে এক যুদ্ধক্ষেত্ৰৰ প্ৰতিবেদনত জেনেৰেল ষ্টাফে কয় যে ইউক্ৰেইনৰ সৈন্যই যোৱা ২৪ ঘণ্টাত পোক্ৰোভস্কৰ চাৰিওফালে নিৰাপত্তা বাহিনীক আক্ৰমণ কৰাৰ বাবে ৰাছিয়াৰ প্ৰায় ৪০ টা প্ৰচেষ্টা বিফল কৰিছে।

ইউক্ৰেইনৰ সেনাৰ মুৰব্বী জেনেৰেল অলেক্সেণ্ডাৰ চিৰস্কিয়ে বুধবাৰে শেষৰ ফালে এটা ফেচবুক পোষ্টত কয়, “দখলকাৰী ৰাছিয়ানসকলে তেওঁলোকৰ সকলো উপলব্ধ বাহিনী বৃদ্ধি কৰিছে আৰু আমাৰ সৈন্যৰ নিৰাপত্তাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে।”

তেওঁ কৈছিল যে তেওঁলোকৰ সৈন্যৰ সংখ্যা কম। ৰাছিয়াৰ বাহিনীয়ে গ্লাইড বোমাৰে ইউক্ৰেইনৰ নিৰাপত্তা ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে।

২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ পূৰ্বে পোক্ৰোভস্কৰ জনসংখ্যা আছিল প্ৰায় ৬০,০০০। ইয়াক ইউক্ৰেইনৰ মুখ্য প্ৰতিৰক্ষামূলক দুৰ্গ হিচাপে দেখা যায়। ইয়াত ৰাছিয়াৰ দখলে ইউক্ৰেইনৰ প্ৰতিৰক্ষামূলক সামৰ্থ্য দুৰ্বল কৰিব।

কিয়েভ চৰকাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হ’ল যে ৰাছিয়াক নিয়ন্ত্ৰণ কৰিবলৈ বিলিয়ন ডলাৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক সাহায্য ৰাষ্ট্ৰপতি নিৰ্বাচিত ডনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সমাপ্ত হ’ব পাৰে।

এনে এখন দেশ য’ত দিন আৰু ৰাতি একে সময়তে থাকে, কোনোবা ঠাইত মানুহে পুৱাৰ আহাৰ আৰু আন ঠাইত ৰাতিৰ আহাৰ গ্ৰহণ কৰে…

যেতিয়া একেখন দেশতে আধা জনসংখ্যাই পুৱাৰ আহাৰ গ্ৰহণ কৰি আছে আৰু আধা জনসাধাৰণে ৰাতিৰ আহাৰ খাই আছে তেতিয়া কি হ’ব ?  অৰ্থাৎ একেখন দেশতে ক’ৰবাত দিন আৰু ক’ৰবাত ৰাতি  এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব, কিন্তু ৰাছিয়া এনে এখন দেশ য’ত দিন আৰু ৰাতি দুয়োটা একে সময়তে থাকে । কেৱল এয়াই নহয়, ৰাছিয়াৰ এখন চহৰ আছে য’ত সূৰ্য্য কেতিয়াও অস্ত নাযায়, যাৰ বাবে দিন আৰু ৰাতি সমান হৈ পৰে ।

১১ টাইম জ’ন-

পৃথিৱীখন যেতিয়া নিজৰ কক্ষপথত ঘূৰি থাকে তেতিয়া কিছু অংশত দিন আৰু কোনো কোনো অংশত ৰাতি হয় । এই কাৰণেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময় মণ্ডল আছে । কিন্তু কিছুমান দেশ এই বিষয়ত বহুত বেলেগ । ইয়াৰ ভিতৰত ৰাছিয়াও অন্তৰ্ভুক্ত । ৰাছিয়াত ১১টা সময় মণ্ডল আছে । ইয়াৰ বাবেই ৰাছিয়াৰ বিভিন্ন ঠাইত ঘড়ীবোৰে বিভিন্ন সময় দেখুৱাই । উদাহৰণস্বৰূপে ৰাছিয়াৰ পূব দিশত যেতিয়া দুপৰীয়া ১ বাজে, তেতিয়া পশ্চিম দিশত যোৱা নিশা ১২ বাজে । অৰ্থাৎ ১২ ঘণ্টাৰ পাৰ্থক্য । ইয়াৰ বাবেই দেশখনৰ এটা প্ৰান্তত মানুহে ব্ৰেকফাষ্ট আৰু আনটো প্ৰান্তত ৰাতিৰ আহাৰ গ্ৰহণ কৰে ।

ছিৰিয়া হৈ পৰিল নতুন যুদ্ধক্ষেত্ৰ, ৫ দিনত ৫০০ লোকৰ মৃত্যু !


১ ডিচেম্বৰত ৰাছিয়াই বিদ্ৰোহীৰ অধীনস্থ আলেপ্পো, হামা, ছিৰিয়াৰ ইদলিবত বিমান আক্ৰমণ চলায়। ইংলেণ্ডত অৱস্থিত ছিৰিয়ান অবজাৰ্ভেটৰী ফৰ হিউমেন ৰাইটছ(SOHR)য়ে দাবী কৰিছে যে বিগত পাঁচ দিনত প্ৰায় ৫০০লোকৰ মৃত্যু হৈছে। আলেপ্পোৰ এখন চিকিৎসালয়ত আক্ৰমণৰ ফলত ১২জন লোকৰ মৃত্যু হয়। ইদলিবত নিহত হৈছে ৮জন লোক। আনহাতে আহত ৫০জনতকৈ অধিক। ৰাছিয়াৰ যুদ্ধ বিমানৰ আক্ৰমণত ইডলিব আৰু হামাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

ৰাছিয়াৰ বিমানৰ আক্ৰমণৰ ফলত ইডলিব আৰু হামাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট বিধ্বংসী ক্ষতি হয়।হায়াত তাহৰিৰ আল শ্বাম(এইচ টি এছ)বিদ্ৰোহীয়ে এই স্থানসমূহ দখল কৰিছে। তেওঁলোকক আঁতৰাবলৈ ৰাছিয়াই ছিৰিয়া চৰকাৰৰ সহযোগত বিমান আক্ৰমণ চলাই আছে।  যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আলেপ্পোৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে ছিৰিয়া চৰকাৰে।