জুইৰ সৈতে খেলিছে পুটিনে… ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প

ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প

ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প । চলি থকা সামৰিক কাৰ্যকলাপৰ মাজতে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ধমক দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ইউক্ৰেইনৰ সৈতে শান্তি চুক্তি চূড়ান্ত কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰা বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক তীব্ৰ সমালোচনা কৰিছে ।

ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ-

ট্ৰুথছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয়, ‘ভ্লাদিমিৰ পুটিনে উপলব্ধি কৰা নাই যে মই নাথাকিলে ইতিমধ্যে ৰাছিয়াত অতি বেয়া ঘটনা ঘটিলহেঁতেন । তেওঁলোকে জুইৰ লগত খেলি আছে ।’ শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলোৱাৰ পিছতে ট্ৰাম্পে এই মন্তব্য কৰিছে । ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই গ্ৰহণ কৰা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ পদক্ষেপ ।

এই পোষ্টটোৰ মাত্ৰ এদিন পূৰ্বে ট্ৰাম্পে পুটিনৰ প্ৰতি নিজৰ হতাশা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, ‘তেওঁলোকে কোনো কাৰণ নোহোৱাকৈয়ে বহু লোকক হত্যা কৰি আছে আৰু মই কেৱল সৈনিকৰ কথা কোৱা নাই । অকাৰণতে ইউক্ৰেইনৰ চহৰসমূহত মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰা হৈছে । মই সদায় কৈ আহিছো যে তেওঁ কেৱল ইউক্ৰেইনৰ এটা টুকুৰা নহয়, সমগ্ৰ ইউক্ৰেইন বিচাৰে আৰু সেয়া হয়তো সঠিক বুলি প্ৰমাণিত হ’ব, কিন্তু যদি তেওঁ তেনে কৰে তেন্তে ইয়াৰ ফলত ৰাছিয়াৰ পতন ঘটিব ।’

মাত্ৰ কেইদিনমানৰ আগতে ট্ৰাম্পে কৈছিল যে শেহতীয়াকৈ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত ৰাছিয়াই অতিৰিক্ত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে । সংবাদ সংস্থা এ এফ পিৰ মতে, মৰিছটাউন বিমানবন্দৰত ট্ৰাম্পে কয়, ‘পুটিনৰ কামত মই সুখী নহয় । তেওঁ বহুত মানুহক হত্যা কৰি আছে, আৰু পুটিনৰ কি হৈছে নাজানো ।’

লগতে পঢ়ক : ‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ… ড্ৰোন আৰু ক্ৰুজ মিছাইলেৰে চলালে তাণ্ডৱ

ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ । দেওবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনত বৰ্তমানলৈকে কৰা সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ চলাই । ইউক্ৰেইনৰ মতে, ৰাছিয়াৰ পৰা কিয়েভ আৰু অন্যান্য অঞ্চলত প্ৰায় ৩৫৫টা ড্ৰোন আৰু ৯টা ক্ৰুজ মিছাইল নিক্ষেপ কৰা হয় । ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণৰ বিষয়ে তথ্য দি ইউক্ৰেইনৰ বায়ুসেনাৰ যোগাযোগ বিভাগে কয় যে ৰাছিয়াৰ আক্ৰমণত ৩৫৫খন ড্ৰোন জড়িত আছিল । এই আক্ৰমণত একাংশ সাধাৰণ নাগৰিক আহত হোৱা বুলি বিষয়াসকলে জনায় । অৱশ্যে তাৎক্ষণিকভাৱে কোনো মৃত্যুৰ খবৰ পোৱা নগ’ল ।

শনিবাৰৰ আক্ৰমণত ১২ জন নিহত-

ইয়াৰ পূৰ্বে শনিবাৰে নিশা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু অন্যান্য অঞ্চলত ৰাছিয়াৰ ড্ৰোন আৰু মিছাইলৰ সংযুক্ত আক্ৰমণত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয় । ইউক্ৰেইনৰ বিষয়াসকলে ইয়াক যুদ্ধৰ সময়ত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ বিমান আক্ৰমণ বুলি অভিহিত কৰিছে । বৰ্তমান এই আক্ৰমণ সন্দৰ্ভত ৰাছিয়া কৰ্তৃপক্ষৰ পৰা কোনো তাৎক্ষণিক মন্তব্য দিয়া হোৱা নাই ।

ইউক্ৰেইনে চলাইছিল ড্ৰোন আক্ৰমণ-

ইয়াৰ পূৰ্বে ৰাছিয়াৰ সামৰিক অধিনায়কগৰাকীয়ে দাবী কৰিছিল যে ২০ মে’ত ৰাছিয়াৰ কুৰ্স্ক অঞ্চল ভ্ৰমণৰ সময়ত ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰত ড্ৰোন আক্ৰমণ চলাইছিল । সেই সময়ত ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰ আক্ৰমণৰ কেন্দ্ৰবিন্দু আছিল । ৰাছিয়ান সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ অধিনায়ক ইউৰি ডাচকিনে এই দাবী কৰিছে । ৰাছিয়াৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাচকিনে কয় যে ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰক সুৰক্ষা প্ৰদানৰ বাবে আমি অহৰহ বিমান সুৰক্ষাৰ যুদ্ধ চলাই আহিছিলো । ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰখন ।

লগতে পঢ়ক : ‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ

পৃথিৱীত পৰিলহি ৫৩ বছৰে মহাকাশত আবদ্ধ হৈ থকা এখন মহাকাশযান…

৫৩ বছৰ ধৰি পৃথিৱীৰ কক্ষপথত আবদ্ধ হৈ থকা ছোভিয়েট ইউনিয়নৰ কচমছ ৪৮২ নামৰ মহাকাশযানখন অৱশেষত সম্পূৰ্ণৰূপে পৃথিৱীত পৰিলহি । ৰাছিয়াৰ মহাকাশ সংস্থা আৰু ইউৰোপীয় সংঘৰ মহাকাশ নিৰীক্ষণ আৰু অনুসৰণে এই কথা নিশ্চিত কৰিছে । ভাৰত মহাসাগৰৰ ওপৰত এই মহাকাশযান পৰিল বুলি ৰাছিয়াই কৈছে যদিও ঠিক ক’ত পৰিল সেয়া এতিয়াও নিশ্চিত নহয় একাংশ বিশেষজ্ঞ ।

আধা টন ওজনৰ মহাকাশযানখনৰ কিমান অংশ জুইৰ লেলিহান শিখাৰ পৰা ৰক্ষা পৰিল সেয়াও জানিব পৰা নগ’ল । ইয়াৰ কিছু অংশ তললৈ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে ইতিমধ্যে কৈছিল, কাৰণ ইয়াক সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ শুক্ৰৰ ওপৰত অৱতৰণ কৰিবলৈ ডিজাইন কৰা হৈছিল । বিজ্ঞানীসকলে লগতে কয় যে মহাকাশযানৰ ধ্বংসাৱশেষৰ সৈতে যিকোনো সংঘৰ্ষৰ সম্ভাৱনা অতি কম ।

১৯৭২ চনতে শুক্ৰ অভিযানত প্ৰেৰণ কৰা হৈছিল এই মহাকাশযান-

১৯৭২ চনত ছোভিয়েট ইউনিয়নে শুক্ৰ গ্ৰহ অন্বেষণৰ বাবে এই মহাকাশযান পঠিয়াইছিল যদিও ৰকেটৰ বিজুতিৰ বাবে ই পৃথিৱীৰ কক্ষপথ এৰি যোৱাত ব্যৰ্থ হয় । শনিবাৰে বিশেষজ্ঞসকলে নিশ্চিত কৰে যে মহাকাশযানখন কোনো নিয়ন্ত্ৰণ নোহোৱাকৈ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছে । অৰ্থাৎ ইয়াক নিৰাপদে নমাই অনা হোৱা নাছিল আৰু কেতিয়া ক’ত পৰিব সেয়া কোনেও সঠিকভাৱে জনা নাছিল ।

মহাকাশযানখন এতিয়া পৃথিৱীৰ কক্ষপথত নাই : EUSST

ইউৰোপীয় সংঘৰ মহাকাশ পৰ্যবেক্ষণ আৰু ট্ৰেকিং চিষ্টেম (EUSST)ৰ মতে, মহাকাশযানখন এতিয়া পৃথিৱীৰ কক্ষপথত নাই । ইয়াৰ দ্বাৰা এই মহাকাশযানখন অনিয়ন্ত্ৰিতভাৱে বায়ুমণ্ডললৈ ঘূৰি অহাটো নিশ্চিত হয় । একে সময়তে ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশ ধ্বংসাৱশেষ কাৰ্যালয়েও মহাকাশযানখন ঘূৰি অহাৰ কথা নিশ্চিত কৰিছে । সংস্থাটোৱে ইংগিত দিছিল যে মহাকাশযানখন জাৰ্মান ৰাডাৰ ষ্টেচনৰ পৰা অন্তৰ্ধান হোৱাৰ পিছত পুনৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে ।

অধিকাংশ মহাকাশযান ইতিমধ্যেই পৃথিৱীত পৰিছে-

ইতিমধ্যে মহাকাশযানৰ অধিকাংশই পৃথিৱীত পৰিছে । এতিয়া যিটো অংশ পৰিছে সেয়া আছিল ইয়াৰ লেণ্ডাৰ, যিটো এক মিটাৰ (প্ৰায় ৩ ফুট) বহল আৰু টাইটানিয়াম ধাতুৰে নিৰ্মিত আছিল । ইয়াৰ ওজন আছিল প্ৰায় ৪৯৫ কিলোগ্ৰাম । মহাকাশযানখনৰ দুৰ্ঘটনাৰ সঠিক সময় আৰু স্থান কোনোৱে জানিব পৰা নাই, কিয়নো ই নিয়ন্ত্ৰণহীনভাৱে পৰি গৈছিল আৰু সূৰ্য্যৰ গতিবিধিৰ বাবে ইয়াক অনুসৰণ কৰাটো কঠিন হৈ পৰিছিল । ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি যদি কোনো ধ্বংসাৱশেষ বাকী থাকে তেন্তে ইয়াক ৰাছিয়াৰ সম্পত্তি বুলি গণ্য কৰা হ’ব ।

ভাৰতৰ পক্ষত ৰাছিয়া… পাকিস্তানক সকীয়নি দি মোদীৰ সৈতে বাৰ্তালাপ ৰাষ্ট্ৰপতি পুটিনৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি সমৰ্থন প্ৰকাশ কৰিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে । তেওঁ নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে ।”

ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “পুটিনে জোৰ দি কয় যে এই জঘন্য আক্ৰমণৰ দোষী আৰু ইয়াৰ সমৰ্থকক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগে । দুয়োজন নেতাই বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।”

তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অভিনন্দন জনোৱাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছে ।

‘ইষ্টাৰত যুদ্ধবিৰতি ঘোষণাৰ পিছতো ৰাছিয়াৰ আক্ৰমণ অব্যাহত’… ৰাষ্ট্ৰপতি জেলেনস্কিৰ অভিযোগ

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শনিবাৰে অভিযোগ উত্থাপন কৰি কয় যে ইষ্টাৰৰ দিনত যুদ্ধবিৰতিৰ আহ্বান জনোৱা পিছতো ৰাছিয়াৰ আক্ৰমণ কমি যোৱা নাই । ইফালে ৰাছিয়াই নিজেই যুদ্ধবিৰতিৰ আহ্বান জনাইছে । জেলেনস্কিয়ে কয় যে কেইবাটাও সীমান্ত অঞ্চলত ৰাছিয়াৰ আক্ৰমণাত্মক অভিযান অব্যাহত আছে । তেওঁ কয় যে ৰাছিয়াৰ কথাক ‘বিশ্বাস’ কৰিব নোৱাৰি ।

এক্সৰ এটা পোষ্টত জেলেনস্কিয়ে কয় যে, ‘ৰাছিয়াৰ আগ্ৰাসন অভিযান কেইবাটাও সীমান্ত অঞ্চলত অব্যাহত আছে । ৰাছিয়াৰ আৰ্টিলাৰীৰ গোলাবৰ্ষণ হ্ৰাস পোৱা নাই । গতিকে ৰাছিয়াৰ পৰা অহা কথাবোৰৰ ওপৰত কোনো আস্থা নাই । মস্কোৱে কেনেকৈ হেতালি খেলে আমি ভালদৰে জানো । আমি যিকোনো কামৰ বাবে সাজু ।‘

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আশ্বাস দিয়ে যে প্ৰতিৰক্ষা বাহিনীয়ে যুক্তিসংগতভাৱে কাম কৰিব । ৰাছিয়াৰ প্ৰতিটো আক্ৰমণৰ উপযুক্ত সঁহাৰি দিয়া হ’ব বুলিও তেওঁ কয় । জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই ৩০ দিনৰ সম্পূৰ্ণ আৰু নিঃচৰ্ত যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছে । তেওঁ কয় যে ইষ্টাৰৰ ৩০ ঘণ্টীয়া যুদ্ধবিৰতি ‘প্ৰকৃত আস্থা’ গঢ়ি তুলিবলৈ অপৰ্যাপ্ত ।

ইষ্টাৰৰ দিনা পুটিনে ঘোষণা কৰিলে ৩০ ঘণ্টীয়া যুদ্ধবিৰতি-

ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইষ্টাৰ উপলক্ষে ৩০ ঘণ্টাৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল । পুটিনৰ এই ঘোষণাৰ ভিডিঅ’টো ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত প্ৰকাশ কৰে, য’ত ৰাষ্ট্ৰপতি পুটিনে কয় যে, ‘আজি সন্ধিয়া ০৬:০০ বজাৰ পৰা সোমবাৰে পুৱা ০০:০০ বজালৈকে ৰাছিয়াই ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা কৰে । মানৱীয় কাৰণত এই ঘোষণা কৰা হৈছে । এই সময়ছোৱাৰ বাবে সকলো সামৰিক অভিযান বন্ধ কৰাৰ নিৰ্দেশ দিছো ।’

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ইষ্টাৰ ব্ৰেক… যুদ্ধবিৰতি ঘোষণা ভ্লাদিমিৰ পুটিনৰ

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতি ঘোষণা কৰিছে । শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা দেওবাৰৰ মাজভাগলৈ ইষ্টাৰৰ যুদ্ধবিৰতি থাকিব বুলি পুটিনে ঘোষণা কৰিছে । ইষ্টাৰ উৎসৱৰ সময়ত মানৱীয় সাহায্য আৰু শান্তিৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

কি ক’লে ভ্লাদিমিৰ পুটিনে ?

ভ্লাদিমিৰ পুটিনে কয় যে ইউক্ৰেইনেও ৰাছিয়াই ঘোষণা কৰা যুদ্ধবিৰতিৰ নিয়ম মানি চলি শান্তিৰ পথ গ্ৰহণ কৰিব বুলি আশা কৰিছে । ইষ্টাৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয় কাৰণত এই সিদ্ধান্ত লোৱা হৈছে ।

অৱশ্যে যুদ্ধবিৰতিৰ সময়ত যদি ইউক্ৰেইনে নিয়ম মানি নচলে বা উলংঘা কৰে তেন্তে সাজু থাকিবলৈ পুটিনে সেনা প্ৰধান ভেলেৰী গেৰাচিমোভক নিৰ্দেশ দিছে ।

ইউক্ৰেইনৰ চুমি চহৰত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ ধ্বংস যজ্ঞ; ২০ জনতকৈও অধিক লোকৰ মৃত্যু

ইউক্ৰেইনৰ চুমি চহৰত ৰাছিয়াই এক বৃহৎ আক্ৰমণ সংঘটিত কৰিছে। ৰাছিয়াৰ এই ক্ষেপণাস্ত্ৰ আক্ৰমণত ২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। আনহাতে ১২ তকৈও অধিক লোক আহত হৈছে।

আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।অৱশ্যে আহতসকলৰ সংখ্যাৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই।এই আক্ৰমণৰ পিছতে স্থানীয় লোকৰ মাজত আতংক বিয়পি পৰিছে।

ইউক্ৰেইন চহৰখনৰ ভাৰপ্ৰাপ্ত মেয়ৰে দেওবাৰে ৰাছিয়াৰ এই মাৰাত্মক আক্ৰমণৰ খবৰ দিয়ে।জানিব পৰা মতে দেওবাৰে যেতিয়া স্থানীয় বাসিন্দাসকলে ‘পাম দেওবাৰ’ উদযাপন কৰিবলৈ গোট খাইছিল, তেতিয়াই ৰাছিয়াই মাৰাত্মক বেলিষ্টিক মিছাইলেৰে এই আক্ৰমণ কৰে।এনে পৰিস্থিতিত তাত উপস্থিত থকা লোকসকল তাত আবদ্ধ হৈ পৰে আৰু আক্ৰমণত নিহত হয়।

প্ৰায় ৩ বছৰ ধৰি চলি থকা যুদ্ধত ইউক্ৰেইন এক ভয়ংকৰ ট্ৰেজেডীৰ সন্মুখীন হৈছে।ইয়াৰ সকলোবোৰ ডাঙৰ চহৰ ধ্বংসাৱশেষ হৈ পৰিছে। এই যুদ্ধত হাজাৰ হাজাৰ সৈনিক আৰু মানুহ নিহত হৈছে।

ৰাছিয়াৰ বিৰুদ্ধে কি কৰিবলৈ ওলাইছে নাটোৱে? মুখ্য কাৰ্যালয়ত ৩০খন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকৰ আহ্বান

ইউক্ৰেইনৰ বিৰুদ্ধে ৩ বছৰীয়া যুদ্ধত অবিৰতভাৱে আধিপত্য বিস্তাৰ কৰি থকা ৰাছিয়াৰ বিৰুদ্ধে এতিয়া নাটোৱে এক বৃহৎ কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তুত কৰিছে।ৰাছিয়াৰ বিৰুদ্ধে এক বৃহৎ কৌশল প্ৰস্তুত কৰাৰ ইংগিত দিছে নাটোৱে।

ইয়াৰ পিছতে নাটোৰ মুখ্য কাৰ্যালয়ত ৩০খন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৃহৎ বৈঠক আহ্বান কৰিছে।ইয়াৰ নেতৃত্বত আছে ব্ৰিটেইন আৰু ফ্ৰান্স, যিয়ে বৃহস্পতিবাৰে প্ৰায় ৩০খন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক আহ্বান কৰিছে।

নাটোৱে কয় যে এই বৈঠকৰ উদ্দেশ্য হৈছে ৰাছিয়াৰ সৈতে ভৱিষ্যতে হোৱা যিকোনো শান্তি চুক্তিৰ ওপৰত নজৰ ৰখা, ইউক্ৰেইনত সৈন্য নিয়োগ কৰাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা হ’ব।

উত্তৰ আটলাণ্টিক সন্ধি সংস্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত তথাকথিত মিত্ৰতাৰ সৈতে জড়িত দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক হ’ব।

যোৱা সপ্তাহত ব্ৰিটিছ আৰু ফ্ৰান্সৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলে কিয়েভ ভ্ৰমণ কৰাৰ পিছতে এই বৈঠক অনুষ্ঠিত হৈছে। পূৰ্বৰ নেতাসকলৰ মাজত হোৱা বৈঠকখনত চুক্তিক সুনিৰ্দিষ্ট ৰূপ দিয়াৰ কাম কৰা হ’ব বুলি আশা কৰা হৈছে।

এই বৈঠকত আমেৰিকাই অংশগ্ৰহণ নকৰে।শুকুৰবাৰে ইউক্ৰেইনৰ প্ৰতি সামৰিক সমৰ্থন লাভ কৰিবলৈ প্ৰায় ৫০খন দেশৰ প্ৰতিনিধিয়ে নাটোৰ মুখ্য কাৰ্যালয়ত একত্ৰিত হ’ব।

এই বৈঠকৰ অধ্যক্ষতা হ’ব ব্ৰিটেইন আৰু জাৰ্মানীয়ে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে উপস্থিত থকাৰ সম্ভাৱনা নাই।

ইউক্ৰেইনৰ চৰকাৰী বিষয়া আৰু সামৰিক বিশ্লেষকসকলে কৈছে যে কিয়েভৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ লগতে যুদ্ধবিৰতি আলোচনাত ক্ৰেমলিনৰ স্থিতি শক্তিশালী কৰিবলৈ ৰাছিয়াৰ বাহিনীয়ে অনাগত সপ্তাহত ইউক্ৰেইনত নতুন সামৰিক আক্ৰমণ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।

পুনৰ আহিছে ক’ভিডৰ দৰে বিপদজনক ভাইৰাছ! কাহৰ লগতে মুখৰ পৰা ওলাই তেজ,  স্বাস্থ্য সংস্থাৰ তথ্যই কৰিছে স্তম্ভিত

ক’ভিড ১৯ৰ পিছত যিকোনো ভাইৰাছৰ নাম শুনি মানুহে ভয় খাবলৈ আৰম্ভ কৰে।এই ৰোগৰ পৰা পৃথিৱীখন এতিয়াও সুস্থ হ’ব পৰা নাই আৰু প্ৰায় দুদিনৰ মূৰে মূৰে আমি কিছুমান নতুন ৰোগৰ কথা শুনিবলৈ পাওঁ।

এতিয়া ৰাছিয়াৰ নামো এই ধাৰাবাহিকত অন্তৰ্ভুক্ত কৰা হৈছে।ছ’চিয়েল মিডিয়াত আৰু বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰাছিয়াত ক’ভিডৰ দৰে এক বিপজ্জনক ৰহস্যময়ী ৰোগ বিয়পি পৰিছে।ইয়াৰ প্ৰভাৱলৈ অহা প্ৰতিজন ব্যক্তিৰ কাহত তেজ যায়।  

অৱশ্যে ৰাছিয়াৰ জনস্বাস্থ্য সংস্থাই এই ৰহস্যজনক ভাইৰাছৰ খবৰ নাকচ কৰিছে। লগতে তাত নতুন ভাইৰাছৰ সংক্ৰমণৰ যিকোনো কথাক কেৱল উৰাবাতৰি বুলি অভিহিত কৰিছে।

ৰাছিয়াৰ বিজ্ঞান একাডেমীৰ গেনাডি অনিচেংকোৱে কয় যে ৰাছিয়াৰ বিজ্ঞানীসকলে এই ভাইৰাছৰ বিষয়ে এতিয়াও গম পোৱা নাই।

দৰাচলতে এই উৰাবাতৰি আৰম্ভ হৈছিল যেতিয়া ইণ্টাৰনেটত দাবী কৰা হৈছিল যে এগৰাকী ৰাছিয়ান মহিলা কেইবা সপ্তাহ ধৰি জ্বৰ আৰু কাহত ভুগি আছিল।

এই সময়ছোৱাত কাহ মাৰি থাকোঁতে তেওঁৰ মুখৰ পৰা তেজ ওলাই আহিছিল।এনে পৰিস্থিতিত যেতিয়া মহিলাগৰাকীৰ কভিড আৰু ফ্লুৰ টেষ্ট কৰা হৈছিল তেতিয়া ৰিজাল্ট নিগেটিভ আহিছিল।

দুৰ্বলতাৰ পৰা আৰম্ভ হোৱা এই সমস্যাই মহিলাগৰাকীক বিচনাৰ পৰা উঠিব নোৱাৰা কৰিছিল। কোনো এন্টিবায়টিক ঔষধেও মহিলাগৰাকীৰ ওপৰত  প্ৰভাৱ পেলাব পৰা নাছিল।

তাৰ পিছত চিকিৎসকে ইয়াক নতুন ভাইৰাছ বুলি ঘোষণা কৰিছিল।কোৱা হয় যে ৰাছিয়াত এনে বহু ঘটনা সংঘটিত হৈছে, তাৰ পিছত এই সমগ্ৰ বিষয়টো ভাইৰেল হৈ পৰে।