মোদী-পুটিনৰ মিত্ৰতা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাহাকাৰ… একপক্ষীয় বাণিজ্যিক সম্পৰ্কৰ অভিযোগ

মোদী-পুটিনৰ মিত্ৰতা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাহাকাৰ

বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক একপক্ষীয় বাণিজ্যিক সম্পৰ্কৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে ভাৰতে দীৰ্ঘদিন ধৰি আমেৰিকাক নিজৰ অন্যতম বৃহৎ গ্ৰাহক হিচাপে গণ্য কৰি আহিছে যদিও বিনিময়ত আমেৰিকাই তাত ব্যৱসায় কৰাৰ সুযোগ অতি কম । ট্ৰাম্পে কয় যে এই সম্পৰ্ক দশক দশক ধৰি ভাৰসাম্যহীন হৈ আছে আৰু এতিয়া ভাৰতে শুল্ক হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে যদিও বহু দেৰি হৈছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ভাৰতে আমেৰিকাক বিপুল পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰে, আনহাতে আমেৰিকাৰ কোম্পানীসমূহে ভাৰতত অতি কম সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হয় । ইয়াৰ বাবে তেওঁ ভাৰতৰ উচ্চ শুল্ক হাৰক জগৰীয়া কৰে । ট্ৰাম্পৰ মতে, বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক আৰোপ কৰা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম আৰু ইয়াৰ বাবেই আমেৰিকাৰ সামগ্ৰীয়ে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব নোৱাৰে । তেওঁ ইয়াক ‘সম্পূৰ্ণ একপক্ষীয় দুৰ্যোগ’ অৰ্থাৎ সম্পূৰ্ণ একপক্ষীয় আৰু ক্ষতিকাৰক পৰিস্থিতি বুলি অভিহিত কৰে ।

তেল আৰু প্ৰতিৰক্ষা চুক্তিক লক্ষ্য-

ট্ৰাম্পে লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু সামৰিক প্ৰয়োজনীয়তাৰ অধিকাংশই পূৰণ কৰে আৰু আমেৰিকাৰ পৰা অতি কম ক্ৰয় কৰে । তেওঁ কয় যে এই পৰিস্থিতিয়ে বাণিজ্যিক ভাৰসাম্যহীনতাও গভীৰ কৰি তোলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে ভাৰতে নিজৰ বাণিজ্যিক মনোভাৱ সলনি কৰাৰ প্ৰয়োজন আছিল যদিও সেয়া বহু পলমকৈ কৰিলে । তেওঁৰ মতে আমেৰিকাই দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ আহিছে ।

এতিয়া অফাৰ, কিন্তু দেৰিকৈ-

ট্ৰাম্পে কয় যে এতিয়া ভাৰতে নিজৰ শুল্ক শূন্যলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে । কিন্তু তেওঁ লগতে কয় যে এই পদক্ষেপ বহু আগতেই লোৱা উচিত আছিল । ৰাষ্ট্ৰপতিগৰাকীৰ মতে, এতিয়া এয়া এক ‘পলমকৈ’ লোৱা পদক্ষেপ । আমেৰিকাৰ জনসাধাৰণক সম্বোধন কৰি তেওঁ কয় যে এইবোৰ কিছুমান সহজ তথ্য যিবোৰ মানুহে বিবেচনা কৰা উচিত ।

ভাৰত-আমেৰিকাৰ সম্পৰ্কত প্ৰভাৱ-

ট্ৰাম্পৰ এই বক্তব্যই ইংগিত দিছে যে আগন্তুক সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক সম্পৰ্ক কঠিন হ’ব পাৰে । ভাৰতক দীৰ্ঘদিন ধৰি আমেৰিকাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গণ্য কৰা হৈছিল যদিও বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অহৰহ বাণিজ্যিক ঘাটিৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে । বিশেষজ্ঞসকলৰ মতে শুল্ক সন্দৰ্ভত যদি কোনো সমাধান পোৱা নাযায়, তেন্তে এই বিবাদে দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে ।

লগতে পঢ়ক : পুটিনৰ সৈতে হাঁহি হাঁহি আগবাঢ়িল প্ৰধানমন্ত্ৰী মোদী… থৰ হৈ চাই থাকিল শ্বাহবাজ শ্বৰীফে

পুটিনক সাক্ষাতৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী-জেলেনস্কিৰ টেলিফোনিক বাৰ্তালাপ … সংঘাত নিৰাময় আৰু শান্তি পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ জেলেনস্কিৰ

চীন ভ্ৰমণৰ মাজতে শনিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ সৈতে জড়িত শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক বিতংভাৱে অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে জেলেনস্কিক ধন্যবাদ জনোৱাৰ লগতে সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু আগতীয়াকৈ শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ দৃঢ় আৰু সামঞ্জস্যপূৰ্ণ স্থিতি পুনৰ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত ভাৰতে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।

কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয়, ‘আজি ফোন কলৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ । চলি থকা সংঘাত, ইয়াৰ মানৱীয় দিশ, শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ ওপৰত আমি মত বিনিময় কৰিলোঁ । এই দিশত কৰা সকলো প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে ।’

কি ক’লে জেলেনস্কিয়ে ?

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে কয়, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰিলোঁ । ইউৰোপীয় নেতাসকলক লৈ ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ বিষয়ে মই তেওঁক অৱগত কৰিলোঁ । ইউক্ৰেইনে ৰাছিয়াৰ মুৰব্বীৰ সৈতে বৈঠকৰ বাবে সাজু হোৱাৰ কথা পুনৰ প্ৰকাশ কৰে । প্ৰায় দুসপ্তাহ পাৰ হৈ গ’ল আৰু এই সময়ছোৱাত যেতিয়া ৰাছিয়াই কূটনীতিৰ বাবে প্ৰস্তুতি চলাব লাগিছিল, মস্কোৱে কোনো ইতিবাচক সংকেত দিয়া নাই । দেখখনে কেৱল অসামৰিক লক্ষ্যত নিন্দনীয় আক্ৰমণ চলাইছে আৰু আমাৰ কেইবা ডজন লোকক হত্যা কৰিছে ।’

জেলেনস্কিয়ে আৰু কয় ‘নিহতসকলৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি শোক প্ৰকাশ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো । চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে আমি আমাৰ স্থিতিৰ সমন্বয় সাধন কৰিছিলো । শীৰ্ষ সন্মিলনৰ আঁৰত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত ভাৰতে প্ৰয়োজনীয় প্ৰচেষ্টা আৰু ৰাছিয়া আৰু অন্যান্য নেতালৈ উপযুক্ত সংকেত প্ৰেৰণ কৰিবলৈ সাজু । অদূৰ ভৱিষ্যতে প্ৰধানমন্ত্ৰীক লগ পালে মই সুখী হম ।’

এছ চি অ’ শীৰ্ষ সন্মিলনত মোদী আৰু পুটিনৰ বৈঠক-

সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু জেলেনস্কিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ অতি গুৰুত্বপূৰ্ণ । কাৰণ SCO শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সাক্ষাৎ হ’ব ।

এই সন্মিলনৰ সময়ত পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ সুকীয়া দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনা আছে । এই বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত, দ্বিপাক্ষিক বাণিজ্য, শুল্ক আৰু শক্তি খণ্ডৰ দৰে বিষয়ত আলোচনাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ড্ৰেগনৰ দেশত ৰঙা দলিচাৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক… এছ চি অ’ বৈঠকত কৰিব অংশগ্ৰহণ

সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ

সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্যিক ভাবুকি আৰু বিশ্বজুৰি যুদ্ধৰ ওকমুকনিৰ মাজতে আলাস্কাত ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠক অনুষ্ঠিত হয় । দুয়োগৰাকী নেতাই আন্তৰিকতাৰে হাত মিলাই ঘণ্টাৰ পিছত ঘণ্টা আলোচনাত বহিছিল । আশা কৰা হৈছিল হাই প্ৰফাইল এই বৈঠকে আনিব বহু সমস্যাৰ সমাধান সূত্ৰ । দুয়োখন মহাশক্তিধৰ দেশে আলোচনাত মিলিত হোৱাৰ পিছত দীৰ্ঘদিনে চলি থকা ৰাছিয়া-ইউক্ৰইন যুদ্ধৰ অন্ত পৰিব বুলিও আশা কৰা হৈছিল । কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি কোনো সমাধান সূ্ত্ৰ নোলাল এই বৈঠকত ।

উল্লেখ্য যে, আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰায় ৩ ঘণ্টা ধৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । এই সময়ছোৱাত ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয় । অৱশ্যে যুদ্ধবিৰতি সন্দৰ্ভত কোনো একমত হোৱা নাই । যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্প আৰু পুটিনৰ পৰৱৰ্তী বৈঠক মস্কোত অনুষ্ঠিত হ’ব । অৱশ্যে সময় এতিয়াও নিৰ্ণয় হোৱা নাই । এই বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ইউক্ৰেইনৰ অবিহনে ইউক্ৰেইনৰ বিষয়ে কোনো সিদ্ধান্ত ল’ব নোৱাৰি । অৱশ্যে ট্ৰাম্পে কয় যে জেলেনস্কি আগলৈ আলোচনাত জড়িত হ’ব পাৰে ।

বৈঠকৰ পিছত সংবাদমেলৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমাৰ বৈঠক অতি ইতিবাচক আছিল বুলি মই ভাবো । আলোচনাত বহু কথাত আমি একমত হৈছিলো যদিও কোনো চুক্তিত উপনীত হোৱা নাই । যিকোনো চুক্তি চূড়ান্ত হ’লেহে হ’ব ।

ট্ৰাম্প আৰু পুটিনৰ বৈঠকৰ বাবে আলাস্কাৰ এলমেনডৰ্ফ এয়াৰ বেছত বিশেষ ব্যৱস্থা কৰা হৈছিল । বিমানবন্দৰৰ ৰাণৱেত ৰেড কাৰ্পেটত আদৰণি জনোৱা হৈছিল পুটিনক ।

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পুটিনৰ ৩ ঘণ্টীয়া বৈঠকত কোনবোৰ বিষয়ত আলোচনা হৈছিল সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ পোৱা নাই । কাৰণ দুয়োজন নেতাই আলোচনাৰ অন্তত মাত্ৰ ১২ মিনিটৰ বাবে সংবাদমেল পাতিছিল, সেই সময়ত সংবাদ মাধ্যমৰ পৰা কোনো প্ৰশ্ন গ্ৰহণ কৰা নাছিল । ট্ৰাম্পে মাত্ৰ কয় যে বৈঠক ইতিবাচক আছিল । অৱশ্যে এতিয়ালৈকে কোনো চুক্তি চূড়ান্ত হোৱা নাই । ইয়াৰ বাহিৰেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে যুদ্ধৰ অন্ত পেলাবলৈ প্ৰকৃত কাৰণটো নিৰ্মূল কৰাটো অধিক গুৰুত্বপূৰ্ণ । ইয়াৰ লগতে তেওঁ কয় যে যেতিয়া যুদ্ধ আৰম্ভ হৈছিল, যদি ট্ৰাম্প ৰাষ্ট্ৰপতি হ’লহেঁতেন তেন্তে হয়তো এই যুদ্ধ আৰম্ভ নহ’লহেঁতেন ।

পৰৱৰ্তী বৈঠক মস্কোত-

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পুটিনৰ এই বৈঠকৰ পূৰ্বে বিশ্বাস কৰা হৈছিল যে প্ৰথমখন বৈঠকতে দুয়োগৰাকী নেতাই যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তিত উপনীত হোৱা হয়তো সম্ভৱ নহয় । এই বাবেই ট্ৰাম্পে পূৰ্বেও কৈছিল যে অতি শীঘ্ৰে পুটিন আৰু জেলেনস্কিৰ সৈতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব । প্ৰথমখন বৈঠকৰ অন্তত পুটিনে ট্ৰাম্পক পৰৱৰ্তী বৈঠকৰ বাবে মস্কোলৈ আহিবলৈ পৰামৰ্শ দিছে । অৱশ্যে ট্ৰাম্পে এই কথাত সন্মতি দিয়া নাই আৰু নাকচো কৰা নাই । এনে পৰিস্থিতিত পৰৱৰ্তী বৈঠকখন মস্কোতেই অনুষ্ঠিত হ’ব পাৰে বুলি বিশ্বাস কৰা হৈছে ।

লগতে পঢ়ক : জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

 ট্ৰাম্পৰ শুল্ক নীতিৰ মাজতে ডাঙৰ খবৰ; শীঘ্ৰেই ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন

শীঘ্ৰেই ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন

আমেৰিকাৰ শুল্ক যুদ্ধৰ মাজতে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে।শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিবলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।বৃহস্পতিবাৰে মস্কোত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ খবৰ এনে এটা সময়ত আহিছে যেতিয়া ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাত ক্ষুব্ধ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০% শুল্ক বৃদ্ধি কৰিছে।

শেহতিয়াকৈ আমেৰিকাৰ দূত ষ্টিভ উইংকফেও ৰাছিয়া ভ্ৰমণ কৰিছিল, য’ত তেওঁ পুটিনক লগ পাইছিল যদিও দুয়োখন দেশৰ মাজত কোনো গুৰুত্বপূৰ্ণ চুক্তি হ’ব পৰা নাছিল।

কিন্তু এই বৈঠকৰ পাছতো ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক বৃদ্ধি কৰে। ইফালে, মস্কোত উপস্থিত হোৱা এন এছ এ ড’ভালৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ নিশ্চিত কৰা কথাই স্পষ্ট কৰেযে ভাৰতে আমেৰিকাৰ শুল্ক ভাবুকিৰ প্ৰতি ভয় খোৱা নাই।

তেওঁ পূৰ্বেও কৈছিল যে ৰাছিয়া তেওঁৰ বিশ্বাসযোগ্য অংশীদাৰ আৰু তেওঁ ইয়াৰ সৈতে ইমান সহজে বাণিজ্য আৰু কৌশলগত সম্পৰ্ক ভংগ নকৰে।

লগতে পঢ়ক: আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত!পুনৰ ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

কি হয় পাৰমাণৱিক চাবমেৰিন ? কোন কোন দেশৰ আছে এই শক্তিশালী  অস্ত্ৰ ?

কি হয় পাৰমাণৱিক চাবমেৰিন ?

ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা তেওঁ নিজৰ ইচ্ছা মতে সমগ্ৰ বিশ্বকে নিয়ন্ত্ৰিত কৰিব বিচাৰিছে । তেওঁ আমেৰিকাৰ ভাল ভাল বন্ধু ৰাষ্ট্ৰক শত্ৰুলৈ ৰূপান্তৰিত কৰিছে । শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আনকি ভাৰতৰ অৰ্থনীতিক মৃত অৰ্থনীতি বুলিও অভিহিত কৰিছে । সতৰ্কবাণী দিয়াৰ পিছতো ভাৰতৰ সৈতে ৰাছিয়াৰ বন্ধুত্বত কোনো প্ৰভাৱ নপৰে বুলি দেখি আমেৰিকাই এতিয়া ৰাছিয়াৰ ওচৰত দুখন পাৰমাণৱিক চাবমেৰিন নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ বাবে আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ সমগ্ৰ বিষয়টো উত্তেজনালৈ পৰিণত হৈছে ।

ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভৰ উচটনিমূলক মন্তব্যৰ পিছতে ড’নাল্ড ট্ৰাম্পে দুখন পাৰমাণৱিক চাবমেৰিন নিয়োগ কৰাৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ পাইছে । ইয়াৰ পূৰ্বে ট্ৰাম্পে ৰাছিয়াক ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰাৰ বাবে এক সময়সীমা দিছিল । ৰাছিয়াই যদি যুদ্ধবিৰতি ঘোষণা নকৰে তেন্তে কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ কয় । ইয়াৰ পিছতহে দিমিত্ৰী মেডভেডেভে ৰাছিয়াই ‘ডেড হেণ্ড’ৰ দৰে বিপজ্জনক কৌশল গ্ৰহণ কৰাৰ সতৰ্কবাণী দিছিল । আচলতে ডেড হেণ্ড হৈছে শীতল যুদ্ধৰ যুগৰ এক পাৰমাণৱিক ব্যৱস্থা, যিয়ে ৰাছিয়াৰ নেতৃত্ব সম্পূৰ্ণৰূপে নিৰ্মূল হ’লেও নিজাববীয়াকৈ পাৰমাণৱিক আক্ৰমণ কৰিবলৈ সক্ষম ।

পাৰমাণৱিক চাবমেৰিন কি ?

উল্লেখ্য যে পাৰমাণৱিক শক্তিসম্পন্ন চাবমেৰিন আচলতে পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত ছাবমেৰিন নহয় । আচলতে ই এখন স্বাভাৱিক চাবমেৰিন । পাৰমাণৱিক চাবমেৰিন আৰু সাধাৰণ চাবমেৰিনৰ মাজত একমাত্ৰ পাৰ্থক্যটো হ’ল যে সাধাৰণ চাবমেৰিন সাধাৰণতে ডিজেলৰ দ্বাৰা চালিত হয় আৰু পাৰমাণৱিক চাবমেৰিন পাৰমাণৱিক শক্তিৰ দ্বাৰা চালিত হয় । অৰ্থাৎ যেনেকৈ পাৰমাণৱিক ৰিয়েক্টৰ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়, ঠিক সেইদৰে পাৰমাণৱিক চাবমেৰিনত পাৰমাণৱিক ৰিয়েক্টৰ স্থাপন কৰি ইয়াক শক্তি প্ৰদান কৰা হয় ।

পাৰমাণৱিক ইন্ধন পাৰমাণৱিক চাবমেৰিনত ব্যৱহাৰ কৰা হয় । এনে চাবমেৰিনে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰাকৈয়ো সক্ষম হ’ব পাৰে, ঠিক যেনেকৈ ডিজেল চালিত চাবমেৰিনকো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰাকৈও সক্ষম কৰি তুলিব পাৰি ।

কোনখন দেশত কিমানখন পাৰমাণৱিক চাবমেৰিন আছে ?

বৰ্তমান বিশ্বৰ বহু দেশত পাৰমাণৱিক চাবমেৰিন আছে । বি বি চিৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাত সৰ্বাধিক পাৰমাণৱিক ছাবমেৰিন আছে, ৬৮খন ।ইয়াৰ পিছত আহিছে ৰাছিয়া, য’ত মুঠ ২৯খন পাৰমাণৱিক চাবমেৰিন আছে । চীনৰ ১২খন, ব্ৰিটেইনৰ ১১খন, ফ্ৰান্সৰ ৮খন আৰু ভাৰতৰ এখন পাৰমাণৱিক শক্তিসম্পন্ন চাবমেৰিন আছে ।

আমেৰিকাৰ পাৰমাণৱিক শক্তিসম্পন্ন চাবমেৰিনৰ শক্তি-

বিশ্বৰ ভিতৰতে সৰ্বাধিক পাৰমাণৱিক ছাবমেৰিন থকা দেশ আমেৰিকাত অহাইঅ’ শ্ৰেণীৰ বেলিষ্টিক মিছাইল চাবমেৰিন আছে । ইয়াত ১৪খন অহাইঅ’ শ্ৰেণীৰ এছ এছ বি এন চাবমেৰিন আছে । ইহঁতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল ইহঁতে দীৰ্ঘদিন ধৰি পানীৰ ওপৰলৈ নহাকৈ সাগৰৰ গভীৰতাত কাম কৰিবলৈ সক্ষম । এই চাবমেৰিনসমূহত ২৪টা ট্ৰাইডেণ্ট II D5 মিছাইল সজ্জিত কৰা হৈছে । ইয়াৰ উপৰিও আমেৰিকাত আছে ২৪খন ভাৰ্জিনিয়া শ্ৰেণীৰ এছ এছ এন চাবমেৰিন । সেইবোৰতো অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে ।

এই চাবমেৰিনত বিশেষ অভিযানৰ বাবে বিশেষ চেম্বাৰ নিৰ্মাণ কৰা হৈছে । লগতে আমেৰিকাত তিনিখন ছিউলফ ক্লাছৰ চাবমেৰিন আছে যিবোৰে অধিক অস্ত্ৰ কঢ়িয়াই নিব পাৰে । কেৱল এয়াই নহয়, এতিয়াও আমেৰিকাত ২৪খন এঞ্জেলছ ক্লাছৰ চাবমেৰিন সেৱাত আছে । বিশেষকৈ ১৯৭৬ চনত ছোভিয়েট ইউনিয়নৰ পৰা অহা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ এইবোৰ নিৰ্মাণ কৰা হৈছিল ।

আমেৰিকাৰ অহাইঅ’ শ্ৰেণীৰ চাবমেৰিনে গতানুগতিক অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ সক্ষম, ইয়াৰ জৰিয়তে আমেৰিকাৰ নৌসেনাই পাৰমাণৱিক আক্ৰমণ চলাব পাৰে । কোৱা হয় যে এই ছাবমেৰিনসমূহ এতিয়ালৈকে নিৰ্মিত অন্যতম বৃহৎ ছাবমেৰিন । এই চাবমেৰিনে সাগৰৰ ভিতৰত ৭৪০০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিও পাৰমাণৱিক অস্ত্ৰ যোগান ধৰিব পাৰে । গতানুগতিক এছ এছ বি এন সংস্কৰণৰ দৰে নহয়, এই চাবমেৰিনসমূহৰ এছ এছ জি এন সংস্কৰণত ১৫৪টা টমাহক ক্ৰুজ মিছাইল কঢ়িয়াব পাৰে । ইয়াৰ ফলত আমেৰিকাৰ নৌসেনাৰ গতানুগতিক আক্ৰমণ আৰু অধিক ভয়াৱহ হৈ পৰে ।

ৰাছিয়াৰ পাৰমাণৱিক চাবমেৰিনৰ শক্তি-

ৰাছিয়াত আছে বৰেই আৰু ডেল্টা শ্ৰেণীৰ বেলিষ্টিক মিছাইল চাবমেৰিন । ডেল্টা শ্ৰেণীৰ চাবমেৰিনৰ সংখ্যা এতিয়া মাত্ৰ ছখন, যাৰ ঠাইত বৰেই শ্ৰেণীৰ এছ এছ বি এন ছাবমেৰিনে স্থাপন কৰা হৈছে । বৰ্তমান ৰাছিয়াত এনে ৮ খন ছাবমেৰিন আছে আৰু ইয়াত ১৬ টা বুলাভা মিছাইলৰ লগতে ৬ টা টৰ্পিডো লঞ্চাৰ কঢ়িয়াব পাৰে । ৰাছিয়াৰ ডেল্টা-IV ছাবমেৰিনে ১৬টা চিনেভা এছ এল বি এম নিয়োগ কৰে । এইবোৰৰ বাহিৰেও ৰাছিয়াত দ্ৰুত আক্ৰমণ চলাব পৰা য়াচেন আৰু আকুলা চাবমেৰিন আছে ।

ৰাছিয়াত আছে চাৰিখন য়াচেন শ্ৰেণীৰ দ্ৰুত আক্ৰমণাত্মক চাবমেৰিন । কালিব্ৰ আৰু অনিক্স মিছাইলেৰে সজ্জিত । শ্বাৰ্ক নামেৰেও পৰিচিত আকুলা শ্ৰেণীৰ চাবমেৰিনে কালিব্ৰ, অনিক্স আৰু গ্ৰেনিট ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ সক্ষম । ৰাছিয়াৰ সৈতে এনে ছাবমেৰিনৰ মুঠ সংখ্যা পাঁচখন ।

লগতে পঢ়ক : সঁচা হ’ব নেকি এলিয়েন সম্পৰ্কে ষ্টিফেন হকিঙে কৰা ভৱিষ্যদ্বাণী? বিজ্ঞানীসকলে দিলে সকীয়ানী

৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ, চীন সীমান্তৰ সমীপত হৈছিল যোগাযোগ বিচ্ছিন্ন

৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ

৫০ জন যাত্ৰী কঢ়িয়াই নিয়া ৰাছিয়াৰ এখন বিমান নিৰুদ্দেশ হোৱা বুলি খবৰ প্ৰকাশ পাইছে । পূব আমুৰ অঞ্চলত ৰাছিয়াৰ বিমান পৰিবহণ নিয়ন্ত্ৰণে বিমানখনৰ সৈতে যোগাযোগ হেৰুৱাই । এই অঞ্চল ৰাছিয়া আৰু চীন সীমান্তত অৱস্থিত । নিৰুদ্দেশ হোৱা বিমানখন চাইবেৰিয়াস্থিত আংগাৰা এয়াৰলাইন্সৰ ।

গন্তব্যস্থানৰ কেইকিলোমিটাৰমান পূৰ্বে যোগাযোগ বিচ্ছিন্ন-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি আংগাৰা এয়াৰলাইন্সৰ বিমানখন আমুৰ অঞ্চলৰ টিণ্ডালৈ গৈ আছিল । বিমানখনত ৫টা শিশুসহ ৪৩জন যাত্ৰী আৰু ছজন ক্ৰু মেম্বাৰ আছিল । স্থানীয় গৱৰ্ণৰ ভাচিলি অৰলভে টেলিগ্ৰামত শ্বেয়াৰ কৰা এটা পোষ্টত কয় যে বিমানখনৰ সন্ধান চলি আছে । যি সময়ত বিমানখনে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ হেৰুৱাইছিল, সেই সময়ত বিমানখন গন্তব্যস্থানৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত আছিল ।

লগতে পঢ়ক : ‘আমি ভাবুকি সহ্য নকৰো…’; ট্ৰাম্পৰ সতৰ্কবাণীক লৈ মাছুদ পেজেস্কিয়ানৰ ডাঙৰ মন্তব্য

সাৱধান! গুগলত এই শব্দ সন্ধান কৰিলে ভৰিব লাগিব ৫৬০০ টকা জৰিমনা

গুগলত এই শব্দ সন্ধান কৰিলে …

শেহতীয়াকৈ ৰাছিয়াই এক কঠোৰ নতুন আইন গৃহীত কৰিছে, যাৰ অধীনত গুগলত কিছুমান শব্দ বা বিষয় সন্ধান কৰিলেও জৰিমনা বিহা হ’ব।

ৰাছিয়াৰ সাংসদসকলে এনে নিয়মত অনুমোদন জনাইছে, য’ত গুগলত তথাকথিত “সন্ত্ৰীসবাদী”ৰ লগত জড়িত যিকোনো তথ্য বিচাৰিলে মানুহে প্ৰায় ৬৫ ডলাৰ জৰিমনা ভৰিব লাগিব, লাগিলে সেইটো শ্বেয়াৰ বা পোষ্ট নকৰক।

ৰাছিয়াত “উগ্ৰপন্থী”ৰ অৰ্থ কি?

ইয়াৰ ভিতৰত বহুতো বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, এলজিবিটি আন্দোলন লগতে আল কায়দা, আৰু নাজী ধাৰণাক প্ৰচাৰ কৰা যিকোনো বস্তুক “উগ্ৰপন্থী” বুলি কোৱা হয়।

চৰকাৰৰ হাতত ৫৫০০ৰো অধিক নিষিদ্ধ বিষয় আৰু গোটৰ তালিকা আছে, আৰু নতুন বিষয় দ্ৰুতগতিত সংযোজন কৰা হৈছে।

এই আইনৰ পূৰ্বে, ৰাছিয়াত লোকসকলক কেৱল তেতিয়াহে শাস্তি দিব পাৰে যেতিয়া তেওঁলোকে সেইবোৰ পোষ্ট বা শ্বেয়াৰ কৰে। কিন্তু এতিয়া ভিপিএন ব্যৱহাৰ কৰি ব্যক্তিগতভাৱে সন্ধান কৰিলেও জৰিমনা ভৰিব পাৰি।

আৰু ইয়াতেই ক্ষান্ত নাথাকে। ভিপিএনৰ দৰে সঁজুলিৰ প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যদি কোনোবাই ভিপিএন ব্যৱহাৰৰ প্ৰচাৰ কৰে, তেন্তে ব্যক্তিৰ বাবে ২৫০০ ডলাৰ পৰ্যন্ত আৰু কোম্পানীসমূহৰ বাবে প্ৰায় ১৩,০০০ ডলাৰ জৰিমনা বিহা হ’ব পাৰে।

লগতে পঢ়ক: Youtube ৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰে পৰা আৰু ব্যৱহাৰ কৰিব নোৱাৰিব এইটো ফিচাৰ

গুলীয়াই আত্মহত্যা প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ;  মাত্ৰ কেইঘণ্টামান পূৰ্বে পদৰ পৰা কৰা হৈছিল বৰ্খাস্ত

গুলীয়াই আত্মহত্যা প্ৰাক্তন পৰিবহণ মন্ত্ৰীৰ

ৰাছিয়াৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী ৰোমান ষ্টাৰভয়েটে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পদৰ পৰা অপসাৰণ কৰাৰ কেইঘণ্টামানৰ পাছত সোমবাৰে নিজকে গুলীয়াই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে । ৰাছিয়াৰ সংবাদ সংস্থাৰ মতে, মস্কোৰ উপকণ্ঠ অঞ্চলত তেওঁ নিজকে গুলীয়াই হত্যা কৰে । তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, তেওঁৰ গাড়ীত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে ।

চৰকাৰী ৱেবছাইটত প্ৰকাশ পোৱা পুটিনৰ নিৰ্দেশত ষ্টাৰভয়টক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কোনো কাৰণ উল্লেখ কৰা হোৱা নাই । ২০২৪ চনৰ মে’ মাহত ষ্টাৰভয়টক পৰিবহণ মন্ত্ৰী নিযুক্তি দিয়া হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ইউক্ৰেইনৰ সীমান্তৱৰ্তী কুৰ্স্ক অঞ্চলৰ গৱৰ্ণৰ আছিল আৰু প্ৰায় পাঁচ বছৰ ধৰি এই পদত অধিষ্ঠিত আছিল । ক্ৰেমলিনে জনোৱা মতে, নভগ’ৰড অঞ্চলৰ প্ৰাক্তন গৱৰ্ণৰ আন্দ্ৰেই নিকিটিনক ভাৰপ্ৰাপ্ত পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

ষ্টাৰভয়টক হঠাতে বৰ্খাস্ত কৰা আৰু নিকিটিনক তাৎক্ষণিক নিযুক্তিৰ বিষয়ে প্ৰশ্ন কৰাত ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে কয় যে, “ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মতে, আন্দ্ৰেই নিকিটিনৰ হাতত এই সময়ত প্ৰয়োজনীয় অভিজ্ঞতা আৰু অৰ্হতা আছে । কাৰণ প্ৰশ্ন কৰা মন্ত্ৰালয়টো (পৰিবহণ মন্ত্ৰালয়) অতি গুৰুত্বপূৰ্ণ, আৰু ৰাষ্ট্ৰপতিয়ে বিচাৰে যে এই বিভাগে নিজৰ দায়িত্ব ভালদৰে পালন কৰক ।”

জানিব পৰা মতে, নিকিটিনৰ নিযুক্তি দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰা হৈছিল আৰু যোৱা মাহত ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চৰ পূৰ্বে চূড়ান্ত কৰা হৈছিল । ৰাছিয়াৰ বিমান পৰিবহণ আৰু জাহাজ পৰিবহণ খণ্ডত ডাঙৰ সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে ষ্টাৰভয়টক এই চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

তেওঁক আঁতৰোৱাৰ ঠিক আগতে ৫ আৰু ৬ জুলাইত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ ফলত ৰাছিয়াৰ কেইবাটাও ডাঙৰ বিমানবন্দৰত প্ৰায় ৩০০খন বিমান বাতিল কৰিবলগীয়া হয় । ইয়াৰ উপৰিও লেনিনগ্ৰাড অঞ্চলৰ উষ্ট-লুগা বন্দৰত এখন টেংকাৰ বিস্ফোৰণ ঘটি ৬ জুলাইত এমোনিয়া লিক হৈ জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় । ষ্টাৰভয়টৰ অৱস্থা বহু বেছি দিন ধৰি অস্থিৰ আছিল আৰু পৰিবহণৰ বিফলতাৰ সৈতে কম আৰু কুৰ্স্কৰ দুৰ্নীতিৰ সৈতে বেছি সম্পৰ্ক আছে বুলি সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তাৰ খুঁত; ৰাষ্ট্ৰপতিৰ গলফ খেলপথাৰৰ ওপৰত অসামৰিক বিমানক বাধা

ৰাছিয়াই উৎক্ষেপণ কৰিলে বিশাল ছয়ুজ ২.১এ ৰকেট; ৫০ ঘণ্টাত কৰিব ISS ৰ যাত্ৰা

ৰাছিয়াৰ বিশাল ছয়ুজ ২.১এ ৰকেট উৎক্ষেপণ

ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াই নিজৰ ছয়ুজ ২.১এ ৰকেট সফলতাৰে উৎক্ষেপণকৰিছে।আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ক পুনৰ যোগান ধৰাৰ অভিযানত এই ৰকেটটো সফলতাৰে উৎক্ষেপণ কৰা হয়।

যিয়ে নিজৰ লগত ২.৬ টন সামগ্ৰী কঢ়িয়াই লৈ গৈছে। ইয়াৰ ভিতৰত খাদ্য, ইন্ধন, বৈজ্ঞানিক সঁজুলি আৰু অত্যাৱশ্যকীয় বস্তুসমূহ অন্তৰ্ভুক্ত।

মানৱবিহীন ৰকেট

এই মানৱবিহীন অভিযান বাইকনুৰ কচমোড্ৰমৰ পৰা পৰীক্ষণ কৰা হৈছিল।যি প্ৰায় ৫০ ঘণ্টাৰ ভিতৰত ISSত উপস্থিত হ’ব।

এই ৰকেটটোৱে এটা মানক কক্ষপথ সমন্বয় পথ অনুসৰণ কৰি আছে।ষ্টেচনত উপস্থিত হোৱাৰ পিছত স্বয়ংক্ৰিয় ডকিং ব্যৱস্থাই সক্ৰিয় কৰি তাত থকা ক্ৰুসকলক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব।

মহাকাশত ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব বজাই ৰাখিছে

যদিও পৃথিৱীৰ মহাকাশৰ ৰাজনীতি উত্তেজনাপূৰ্ণ হৈয়েই আছে।কিন্তু এই অভিযান মহাকাশ সহযোগিতা বজাই ৰখা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বক সমৰ্থন কৰাৰ বাবে ৰাছিয়াৰ প্ৰতিশ্ৰুতিৰ অংশ।

এই সামগ্ৰীসমূহৰ ভিতৰত আছিল চিকিৎসা আৰু জৈৱিক গৱেষণাৰ সৈতে জড়িত পৰীক্ষা, জীৱন-সহায়ক ব্যৱস্থাৰ সলনি অংশ, আৰু ক্ৰুৰ বাবে ব্যক্তিগত পেক।

ছয়ুজ ২.১এ ৰকেট কি?

ছয়ুজ ২.১এ ৰকেটটো ৰস্কোচমছৰ নিৰ্ভৰযোগ্য “ৱৰ্কহৰ্চ” হৈ আহিছে, যিটো স্থিৰতা আৰু নিৰাপত্তাৰ বাবে জনাজাত।এই ৰকেটৰ উৎক্ষেপণে আকৌ এবাৰ ৰাছিয়াৰ ভূমিকাক আলোকপাত কৰিছে, যিটো মস্কোৱে আই এছ এছক লজিষ্টিক সহায় আগবঢ়োৱা মূল দেশ হিচাপে খেলিছে, বিশেষকৈ যেতিয়া স্পেচএক্স, নৰ্থৰপ গ্ৰুমেন আদি ব্যক্তিগত কোম্পানীয়ে এই ক্ষেত্ৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়।

শনিবাৰে ডকিং হোৱাৰ সম্ভাৱনা

শনিবাৰে পুৱা এই ৰকেটৰ ডকিং হ’ব বুলি বিজ্ঞানীসকলে আশা কৰিছে।ইয়াৰ পিছত সামগ্ৰীৰ আনলোডিং কাম আৰম্ভ হ’ব।

কোৱা হৈছে যে এই আগমনৰ বাবে পৃথিৱীৰ পৰা প্ৰেৰণ কৰা কিছুমান বিশেষ আচৰিত বস্তু আৰু বৈজ্ঞানিক সঁজুলিক লৈ আই এছ এছৰ ক্ৰুসকলে “উৎসাহিত” হৈ আছে।

লগতে পঢ়ক: বিট্ৰেইনলৈ উভতাই নিব F35B যুদ্ধ বিমানখন ; বিশেষজ্ঞই দাঙিলে হাত