আন এক দুঃখবৰ… KGF খ্যাত হৰিশ ৰায়ৰ মৃত্যু
KGF খ্যাত হৰিশ ৰায়ৰ মৃত্যু
কানাড়া চলচ্চিত্ৰ জগতৰ সুপৰিচিত অভিনেতা হৰিশ ৰায়ৰ বৃহস্পতিবাৰে ৫৫ বছৰ বয়সত মৃত্যু হয়।দীৰ্ঘদিন ধৰি হৰিশ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।তেওঁৰ মৃত্যুত সমগ্ৰ কানাড়া ছবি জগতত এক শোকৰ ছাঁ পৰিছে।
কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱ কুমাৰে খোদ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই খবৰ দিছে।লগতে তেওঁ শোক প্ৰকাশো কৰিছে।
শিব কুমাৰে এক্স ত এটা পোষ্টৰ জৰিয়তে শেক প্ৰকাশ কৰিছে।উপ মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, শিৱই হঠাতে আমাৰ মাজৰ পৰা গুচি যোৱাটো আমাৰ ইণ্ডাষ্ট্ৰিটোৰ বাবে এক অপূৰণীয় ক্ষতি ।
অভিনেতা গৰাকীৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, “কানাড়া চলচ্চিত্ৰ জগতৰ বিখ্যাত খলনায়ক হৰিশ ৰায়ৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক”।
“হৰিশ ৰায় কৰ্কট ৰোগত আক্ৰান্ত আছিল, আৰু তেওঁৰ মৃত্যুৱে সমগ্ৰ চলচ্চিত্ৰ জগতখনক শোকত ডুবাই পেলাইছে”।
“ওম, হালয়ম, কেজিএফ, কেজিএফ ২ আদি ছবিত তেওঁৰ উজ্জ্বল অভিনয়েৰে সকলোৰে হৃদয় জয় কৰিছিল।হৰিশ ৰায়ৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু ভগৱানে তেওঁৰ পৰিয়াল আৰু আপোনজনক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।”
লগতে পঢ়ক: হাতত ৰাইফল, চকুত আবেগ, মুখত ক্ৰোধ; ‘বৰ্ডাৰ ২’ৰ বৰুণ ধাৱনৰ প্ৰথম লুক