‘ক্ষমা বিচাৰক, অন্যথা…’; হিজাব বিতৰ্কক লৈ নীতিশ কুমাৰক ভাবুকি পাকিস্তানী ডন শ্বাহজাদ ভট্টীৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে জড়িত হিজাব বিতৰ্ক এতিয়া তুংগত আছে। বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীক এতিয়া পাকিস্তানী ডন শ্বাহজাদ ভট্টীয়ে দিছে ভাবুকি।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে জড়িত হিজাব বিতৰ্কক লৈ আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে।

পাকিস্তানৰ কুখ্যাত ডন শ্বাহজাদ ভট্টীয়ে মুছলমান মহিলা গৰাকীৰ সৈতে এক অনুষ্ঠানৰ সময়ত তেওঁৰ হিজাব ষ্পৰ্শ কৰা ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ প্ৰকাশ কৰি বিবৃতি দিছে।

এই ভিডিঅ’টোত ভট্টীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পৰা ক্ষমা বিচৰাৰ দাবীত সতৰ্ক সুৰত কৈছে,ইয়াৰ পিছত বিষয়টো অধিক সংবেদনশীল হৈ পৰিছে।

শ্বাহজাদ ভট্টীয়ে মুকলি কৰা এই ভিডিঅ’টো ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত তেওঁ কৈছে যে বিহাৰত উচ্চ পদবীত থকা এজন ব্যক্তিয়ে এগৰাকী মুছলমান মহিলাৰ লগত কৰা ব্যৱহাৰ সকলোৱে দেখিছে।

ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন হৈছে বুলি অভিযোগ কৰে।ভট্টীয়ে তেওঁৰ ভিডিঅ’ মেছেজত কয় যে সংশ্লিষ্ট ব্যক্তিজনৰ এতিয়াও মহিলাগৰাকীৰ ওচৰত ক্ষমা খুজিবলৈ সময় আছে।

অন্যথা দায়িত্বশীল প্ৰতিষ্ঠানসমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ লগতে কয়, “আপোনাক সকীয়াই দিয়া হোৱা নাছিল বুলি পিছত নক’ব।” অৱশ্যে এই সমগ্র বিষয়ত কোনো আনুষ্ঠানিক প্রতিক্রিয়া ওলোৱা নাই৷

লগতে পঢ়ক: কাউন্টডাউন আৰম্ভঃ অসম বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী নিযুক্তি বিজেপিৰ