পৃথিৱীৰ দিশে ধাবমান মহাশক্তিশালী সৌৰ ধুমুহা : ভাৰতৰ আকাশতো দেখা যাব পাৰে অপূৰ্ব মেৰুপ্ৰভা!

পৃথিৱীৰ দিশে তীব্ৰ গতিত আগবাঢ়ি আহিছে এটা মহাশক্তিশালী সৌৰ ধুমুহা

মহাকাশত সৃষ্টি হৈছে এক ডাঙৰ আলোড়ন । পৃথিৱীৰ দিশে তীব্ৰ গতিত আগবাঢ়ি আহিছে এটা মহাশক্তিশালী সৌৰ ধুমুহা (Geomagnetic Storm) । আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ (NASA)ই প্ৰকাশ কৰা অনুসৰি, এই সৌৰ সক্ৰিয়তাৰ বাবে উত্তৰ ভাৰতৰ কিছুমান অঞ্চলকে ধৰি ইউৰোপৰ আকাশত এক অপূৰ্ব মহাজাগতিক দৃশ্য প্ৰত্যক্ষ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

সূৰ্যৰ সক্ৰিয় অঞ্চল ৪৪৬১-ৰ পৰা এক বৃহৎ পৰিমাণৰ প্লাজমা আৰু শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ উদগীৰণ ঘটিছে, যাক বিজ্ঞানীসকলে কৰোনেল মাছ ইজেকশ্বন বুলি অভিহিত কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ‘স্পেচ ৱেদাৰ প্ৰেডিকশ্বন চেন্টাৰে’ ৮ আৰু ৯ জুনৰ বাবে বিশ্বজুৰি ভূ-চুম্বকীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে । বিশেষজ্ঞসকলৰ মতে, চলিত সপ্তাহত সংঘটিত অন্যান্য সৌৰ ঘটনাবোৰৰ তুলনাত এই ধুমুহাৰ প্ৰভাৱ বহুত বেছি হ’ব পাৰে ।

কি এই কৰোনেল মাছ ইজেকশ্বন আৰু অৰোৰা ?

সূৰ্যৰ বুকুত হোৱা বিস্ফোৰণৰ ফলত যেতিয়া বিপুল পৰিমাণৰ আধানযুক্ত সৌৰ কণিকা আৰু প্লাজমা পৃথিৱীৰ ফালে আহে, তেতিয়া সিহঁতে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ সৈতে ক্ৰিয়া কৰে । এই আধানযুক্ত কণিকাবোৰে পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ অংশত থকা গেছসমূহৰ সৈতে খুন্দা খোৱাৰ ফলত নৈশ আকাশত সেউজীয়া, বেঙুনীয়া আৰু ৰঙা পোহৰৰ এক আচৰিত তৰংগায়িত আৰ্হিৰ সৃষ্টি হয় । ইয়াকে বৈজ্ঞানিক ভাষাত অৰোৰা (Aurora) বা মেৰুপ্ৰভা বুলি কোৱা হয় ।

ভাৰতত দেখা যাবনে এই দৃশ্য ?

বৰ্তমান ভাৰতৰ মাহাকাশক লৈ উৎকণ্ঠিত লোকসকল আৰু ফটোগ্ৰাফাৰসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । বিশেষজ্ঞসকলৰ মতে, যদি বতৰ অনুকূল থাকে অৰ্থাৎ আকাশ পৰিষ্কাৰ হয় আৰু পোহৰৰ প্ৰদূষণ কম থাকে, তেন্তে উত্তৰ ভাৰতৰ উচ্চ হিমালয়ৰ অঞ্চলসমূহৰ পৰা এই দৃশ্য দেখা পোৱাৰ সম্ভাৱনা আছে । অৱশ্যে, এই দৃশ্য আইচলেণ্ড বা অন্যান্য মেৰু অঞ্চলৰ দৰে ইমান উজ্জ্বল নহ’বও পাৰে, কেৱল এটা মৃদু আভা প্ৰত্যক্ষ কৰা যাব পাৰে ।

ভাৰতৰ কোনবোৰ স্থানত দেখাৰ সুযোগ আটাইতকৈ বেছি ?

লাডাখ : হানলে ডাৰ্ক স্কাই ৰিজাৰ্ভ, পানগং হ্ৰদ আৰু নুব্ৰা উপত্যকা ।

অৰুণাচল প্ৰদেশ : টাৱাং ।

কাৰ্গিল : দ্ৰাছ ।

কিবা ক্ষতি হোৱাৰ সম্ভাৱনা আছেনে ?

এই ভূ-চুম্বকীয় ধুমুহাই কেৱল আকাশ সুন্দৰ কৰাই নহয়, ইয়াৰ ফলত উপগ্ৰহ সংযোগ, ৰেডিঅ’ যোগাযোগ, জিপিএছ নেভিগেশ্যন ব্যৱস্থা আৰু পাৱাৰ গ্ৰীড বা শক্তি আন্তঃগাঁথনিত সামান্য ব্যাঘাত জন্মিব পাৰে । অৱশ্যে, বতৰ পূৰ্বানুমানকাৰী সংস্থাসমূহে আশ্বস্ত কৰিছে যে এই প্ৰভাৱ অতি সীমিত আৰু নিয়ন্ত্ৰণযোগ্য হ’ব ।

বৰ্তমান যুক্তৰাজ্য, কানাডা আৰু আমেৰিকাৰ ফটোগ্ৰাফাৰসকলৰ দৰেই ভাৰতীয় মহাকাশ সংস্থাসমূহেও এই সমগ্ৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : মানৱ জাতিলৈ বিপদ মাতিছে মহাকাশৰ আৱৰ্জনাইঃ স্তব্ধ হৈ পৰিব পাৰে জীৱন!

আজি পৃথিৱীত খুন্দা মাৰিব পাৰে সৌৰ ধুমুহাই! হ’ব নেকি জুইৰ বৰষুণ?

পৃথিৱীত খুন্দা মাৰিব পাৰে সৌৰ ধুমুহাই

প্ৰায়ে দেখা যায় যে আমাৰ সৌৰজগতত পৃথিৱীৰ পৰা হাজাৰ লাখ কিলোমিটাৰ দূৰত্বত ঘটি থকা পৰিঘটনাবোৰে পৃথিৱীতো প্ৰত্যক্ষ প্ৰভাৱ পেলায়।

তেনে এটা সৌৰ ধুমুহা পৃথিৱীৰ ফালে আগবাঢ়িছে যাৰ গতি আৰু দিশ দুয়োটাৰ বিষয়ে এতিয়াও বিজ্ঞানীসকল অজ্ঞাত, যাৰ বাবে তেওঁলোকৰ উত্তেজনা বৃদ্ধি পাইছে।

মহাকাশ বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ ফালে গতি কৰা এই সৌৰ ধুমুহাই আমাৰ ওপৰতো বৃহৎ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ইণ্টাৰনেট নেটৱৰ্ক, মোবাইল যোগাযোগ আৰু পাৱাৰ গ্ৰীডত পৰিব বুলি মহাকাশ বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে।

এই সতৰ্কবাণী আমেৰিকাৰ মহাকাশ বতৰ প্ৰেডিকশ্বনৰ দ্বাৰা জাৰি কৰিছে। এনে হ’লে ব্লেকআউটৰ পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে, যাৰ ফলত পৃথিৱীৰ বহু ঠাইত কেইবাদিনো অন্ধকাৰৰ সৃষ্টি হ’ব পাৰে আৰু যোগাযোগো হেৰুৱাব পাৰে।

বাঢ়িছে বিপদ

বিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ পৰা এক শক্তিশালী ক’ৰ’নেল মাছ ইজেকচন ওলাইছে যিটো এতিয়া পৃথিৱীৰ ফালে আগবাঢ়িছে।

চিএমই হৈছে সূৰ্য্যৰ বাহিৰৰ বায়ুমণ্ডলৰ পৰা প্লাজমা আৰু চুম্বকীয় ক্ষেত্ৰৰ প্ৰবল তৰংগ যিয়ে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰক প্ৰভাৱিত কৰিব পাৰে।

ইয়াৰ উপৰিও সংস্থাটোৱে কয় যে চিএমই বা ক’ৰ’নেল মাছ ইজেকচনে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা আছে যদিও ইয়াৰ গতিৰ বিষয়ে এতিয়াও ছাচপেন্স আছে।

ক’ত পৰিব প্ৰভাৱ

এই সৌৰ ধুমুহা পৃথিৱীৰ পৰা ১০ লাখ মাইল দূৰত অৱস্থিত সৌৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মাজেৰে পাৰ হ’ব, তাৰ পিছতহে ইয়াৰ প্ৰকৃত শক্তি আৰু দিশৰ মূল্যায়ন কৰিব পৰা যাব।

কিন্তু ইয়াৰ ফলত কোনখন দেশ অধিক প্ৰভাৱিত হ’ব সেই সম্পৰ্কে তথ্য এতিয়াও দিয়া হোৱা নাই। কিন্তু পৃথিৱীত উপস্থিত সঁজুলি আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত ইয়াৰ প্ৰভাৱ কম কৰিব পৰা যায়।

লগতে পঢ়ক: হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে BCCI এ ললে ব্যৱস্থা ; পাঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰলৈও নিৰ্দেশ