বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকাৰ দেহাৱসান…
ৰাজ্যবাসীলৈ উৰুকাৰ দিনাই আহিল এটা বেয়া খবৰ। সংগীতৰ পথাৰ উকা কৰি গুচি গ’ল কণ্ঠশিল্পী সমৰ হাজৰিকা।
ভোগালী বিহুৰ উৰুকাৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যবাসীলৈ আহিছে এটা দুঃখবৰ। সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। সংগীতৰ পথাৰ উকা কৰি শিল্পী সমৰ হাজৰিকাই ইহ সংসাৰৰ পৰা বিদায় লয়।
সংগীতসূৰ্য ভূপেন হাজৰিকাৰ ভাতৃ আছিল তেওঁ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পী গৰাকী।নিজৰাপাৰা স্থিত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ সমৰ হাজৰিকাৰ।
১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম “উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী” মুক্তি পাইছিল।তেওঁ উপপথ, বোৱাৰী আৰু প্ৰভাতী পখিৰ গানত কণ্ঠদান কৰিছিল।
লগতে পঢ়ক: পত্নী আৰু কণমানি কন্যা সন্তানক এৰি প্ৰশান্ত তামাঙে ল’লে চিৰ বিদায়; ছলমান খানৰ সৈতে অন্তিমখন ছবি