সংখ্যালঘুৰ ওপৰত জ্ঞান দিয়া পাকিস্তানক কঠোৰ প্ৰত্যুত্তৰ ভাৰতৰ…

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত সংখ্যালঘু লোকৰ ওপৰত পাকিস্তানৰ নিজ দেশৰ অত্যাচাৰৰ অভিলেখৰ দিশটোলৈ আঙুলিয়াই দিয়ে ।

ভাৰতত সংখ্যালঘুৰ আক্ৰমণৰ অভিযোগ সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে দিয়া বক্তব্যক সোমবাৰে ভিত্তিহীন বুলি নাকচ কৰে ভাৰতে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত সংখ্যালঘু লোকৰ ওপৰত পাকিস্তানৰ নিজ দেশৰ অত্যাচাৰৰ অভিলেখৰ দিশটোলৈ আঙুলিয়াই দিয়ে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পাকিস্তানক নিজৰ দেশৰ অৱস্থা চাবলৈ পৰামৰ্শ দিয়ে ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ তাহিৰ আন্দ্ৰাবীয়ে দিয়া বক্তব্যসমূহ নতুন দিল্লীয়ে লক্ষ্য কৰি ভিত্তিহীন বুলি অভিহিত কৰিছে । জয়ছোৱালে কয় যে এই বিষয়ত যিখন দেশৰ অগাধ অভিলেখে সেইখন দেশৰ এই মন্তব্য আমি নাকচ কৰিছো ।

তেওঁ কয় যে পাকিস্তানত সংখ্যালঘুসকলৰ লগত কৰা ব্যৱহাৰ সকলোৱে জানে । তেওঁ কয়, “পাকিস্তানত বিভিন্ন ধৰ্মৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা ভয়ংকৰ আৰু পদ্ধতিগত নিৰ্যাতন এটা সকলোৱে জনা কথা । কোনো পৰিমাণৰ আঙুলি টোৱাই এই কথাটো মচি পেলাব নোৱাৰে ।”

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত দাবী কৰা হৈছে যে ভাৰতত বৰদিনৰ পূৰ্বে হিংসাত্মক ঘটনা সংঘটিত হৈছিল, যাৰ ফলত ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত ভয় আৰু নিৰাপত্তাহীনতাৰ ভাৱ বাঢ়িছে । পাকিস্তানে অভিযোগ কৰে যে, “ভাৰতত সংখ্যালঘুসকলৰ ওপৰত হোৱা নিৰ্যাতন গভীৰ চিন্তাৰ বিষয় । কেৱল খ্ৰীষ্টান উৎসৱক লক্ষ্য কৰি লোৱাই নহয়, মুছলমানৰ বিৰুদ্ধেও হিংসা সংঘটিত কৰা হৈছিল ।”

এইখন এনে এখন পাকিস্তান য’ত সংখ্যালঘুৰো কোনো অধিকাৰ নাই । বেলুচিস্তানৰ যুৱক-যুৱতী আৰু মহিলাসকলৰ লগত যি ঘটি আছে সেয়া বিশ্বৰ মঞ্চত স্পষ্টভাৱে দেখা গৈছে । ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰতি বছৰে পাকিস্তানত প্ৰায় ১০০০ গৰাকী হিন্দু আৰু খ্ৰীষ্টান ছোৱালীক অপহৰণ কৰি ধৰ্মান্তৰিত কৰি জোৰকৈ বিয়া কৰাই দিয়া হয় ।

মানৱ অধিকাৰৰ তথ্যপত্ৰ অনুসৰি ২০২২ চনত ১২৪ গৰাকী হিন্দু ছোৱালীক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰি মুছলমান পুৰুষৰ লগত বিয়া কৰোৱা হৈছিল । ২০১৯ চনৰ পৰা ২০২৫ চনলৈ হিন্দুৰ বিৰুদ্ধে ৩৩৪ টা গুৰুতৰ হিংসা আৰু হত্যাৰ গোচৰ ৰুজু হৈছিল ।

লগতে পঢ়ক : আমেৰিকা এতিয়া প্ৰকৃত ৰাষ্ট্ৰসংঘঃ ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰত-পাককে ধৰি ৮ খন যুদ্ধৰ সমাধানৰ দাবী

সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে ঢাকাত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ

বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰন্তৰভাৱে চলি থকা অত্যাচাৰ, নিৰ্যাতনৰ বিৰুদ্ধে ৰাজপথত নামিল হিন্দু সংগঠন । দেশখনত সংখ্যালঘুৰ সুৰক্ষা নিশ্টিত কৰাৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে ।

বাংলাদেশৰ ৰাজধানী ঢাকাত সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰ আৰু দীপু দাসৰ গণ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু সংগঠনে । প্ৰতিবাদকাৰীসকলে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংখ্যালঘুৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

ইফালে, ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে মূল অভিযুক্ত ফৈছাল কৰিম মাছুদৰ বিৰুদ্ধে লুকাউট নোটিচ জাৰি কৰিছে । লগতে ঢাকাৰ আদালতে মাছুদৰ ওপৰত যাতায়ত নিষেধাজ্ঞা আৰোপ কৰিছে । তদন্তকাৰী সংস্থাৰ মতে, তেওঁ বাংলাদেশত আত্মগোপন কৰি আছে আৰু অহৰহ স্থান সলনি কৰি আছে ।

দেওবাৰে যমুনাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছৰ অধ্যক্ষতাত এখন আইন-শৃংখলা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত গৃহ উপদেষ্টা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু শীৰ্ষ নিৰাপত্তাৰক্ষী বিষয়াসকল উপস্থিত থাকে । হাদী হত্যাকাণ্ড আৰু সংবাদ মাধ্যম আৰু সাংস্কৃতিক সংগঠনৰ ওপৰত আক্ৰমণৰ তদন্তৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয় ।

আৰক্ষীয়ে জনোৱা মতে, ভিডিঅ’ ফুটেজৰ ভিত্তিত ৩১ জন লোকক চিনাক্ত কৰা হৈছে আৰু এতিয়ালৈকে ৬ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ উপৰিও চট্টগ্ৰামৰ ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ সমীপত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা লোকসকলকো চিনাক্ত কৰা হৈছে ।

আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচন, বৰদিন আৰু নৱবৰ্ষৰ উদযাপনৰ পূৰ্বে যিকোনো পৰ্য়ায়ত আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু সকলো অভিযুক্তক ক্ষীপ্ৰ গতিৰে গ্ৰেপ্তাৰ নিশ্চিত কৰিবলৈ মুখ্য উপদেষ্টাগৰাকীয়ে স্পষ্ট নিৰ্দেশনা দিছে ।

লগতে পঢ়ক : বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত আক্রমণক লৈ উদ্বেগ প্রকাশ ভাৰতৰ

বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত আক্রমণক লৈ উদ্বেগ প্রকাশ ভাৰতৰ

ভাৰতে বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে ।

ভাৰতত বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত সংঘটিত হোৱা কথিত প্ৰতিবাদ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে । বাংলাদেশৰ একাংশ সংবাদ মাধ্যমে বিভ্ৰান্তিকৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰালয়ে উল্লেখ কৰে যে ২০ ডিচেম্বৰত নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত কোনো নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হোৱা নাই ।

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে ২০২৫ চনৰ ২০ ডিচেম্বৰত বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত প্ৰায় ২০–২৫ জনীয়া যুৱক-যুৱতীৰ এটা সৰু দলে বাংলাদেশৰ মৈমনসিঙত হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ নিৰ্মম হত্যাকাণ্ডৰ বিৰুদ্ধে শ্লোগান দি বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষাৰ দাবী জনাইছিল ।

বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্টীকৰণ-

ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে কোনো ধৰণৰ বেৰিকেড ভংগ কৰাৰ চেষ্টা কৰা হোৱা নাছিল, কোনো নিৰাপত্তাজনিত পৰিস্থিতিও উদ্ভৱ হোৱা নাছিল । ঘটনাস্থলীত নিয়োজিত আৰক্ষীয়ে কিছু মিনিটৰ ভিতৰতে শান্তিপূৰ্ণভাৱে দলটোক তাৰ পলা আতৰাই পঠাই । এই ঘটনাবোৰৰ দৃশ্যমান প্ৰমাণ ৰাজহুৱাভাৱে উপলব্ধ । তেওঁ লগতে উল্লেখ কৰে যে একাংশ বাংলাদেশী সংবাদ মাধ্যমে এই ঘটনাক অতিৰঞ্জিত আৰু ভুলকৈ উপস্থাপন কৰিছে ।

বিদেশী মিছনৰ নিৰাপত্তা ভাৰতৰ দায়িত্ব-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰ কয় যে ভাৰতে ভিয়েনা সন্ধিৰ অধীনত নিজৰ ভূখণ্ডত অৱস্থিত সকলো বিদেশী মিছন আৰু কূটনৈতিক প্ৰতিষ্ঠানৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।

বাংলাদেশৰ পৰিস্থিতিৰ তীক্ষ্ণ নিৰীক্ষণ-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ভাৰতে বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । বাংলাদেশী কৰ্তৃপক্ষৰ সৈতে সংস্পৰ্শত থকা ভাৰতীয় বিষয়াসকলে সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । দিপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ বাবে দায়ীসকলক অতি শীঘ্ৰে ন্যায়ৰ কাঠগঢ়ালৈয়ো আনিবলৈ আহ্বান জনায় বৈদেশিক মন্ত্ৰালয়ে ।

লগতে পঢ়ক : বেৰিকেড ভাঙি সংসদ ভৱনত প্ৰৱেশ প্ৰতিবাদকাৰী; ইউনুছ চৰকাৰক দিলে ২৪ ঘণ্টাৰ সময়সীমা