বিপদে লগ এৰা নাই বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীক; মুম্বাইৰ বাসগৃহত আয়কৰ অভিযান
বিপদে লগ এৰা নাই বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীক; মুম্বাইৰ বাসগৃহত আয়কৰ অভিযান
বৃহস্পতিবাৰে আয়কৰ বিভাগৰ দলে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ মুম্বাইৰ বাসগৃহত অভিযান চলায়।এই অভিযান তেওঁৰ বাষ্টিয়ান ৰেষ্টুৰেণ্টৰ সৈতে জড়িত আৰ্থিক লেনদেন আৰু কৰ অনিয়মৰ অভিযোগত তদন্ত চলি আছে।
সূত্ৰৰ মতে, পুৱাৰে পৰা আয়কৰ বিভাগৰ বিভিন্ন দলে অভিনেত্ৰী গৰাকীৰ ঘৰ আৰু তেওঁৰ সৈতে জড়িত স্থানত নথি-পত্ৰ পৰীক্ষা কৰি আছে।
এই ক্ষেত্ৰত মুম্বাইৰ উপৰিও বেংগালুৰুতো অভিযান চলোৱা হৈছে,ৰেষ্টুৰেণ্টখন আৰু ইয়াৰ লগত জড়িত কোম্পানীসমূহৰ বিত্তীয় অভিলেখৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে।
আয়কৰ বিভাগৰ সন্দেহ হৈছে যে হোটেল ব্যৱসায়ত বিনিয়োগ,আয় আৰু কৰ পৰিশোধৰ ক্ষেত্ৰত খেলিমেলি হ’ব পাৰে।
সূত্ৰ অনুসৰি,মুম্বাই, পুনে, বেংগালুৰু আৰু গোৱাত বাষ্টিয়ান নামেৰে ক্লাব আৰু ৰেষ্টুৰেণ্ট চলোৱা বাষ্টিয়ান হস্পিটেলিটি কোম্পানী,এই সন্দৰ্ভত তদন্ত চলি আছে।
এই পৰ্যন্ত মুম্বাই, পুনে আৰু বেংগালুৰুত অনুসন্ধান নিশ্চিত হৈছে।ইয়াৰ উপৰিও প্ৰমোটাৰৰ আৱাসিক চৌহদতো অভিযান চলাই আছে।
আয়কৰ বিভাগে বিত্তীয় লেনদেন, বিনিয়োগ আৰু কৰ সম্পৰ্কীয় নথি-পত্ৰৰ তদন্ত কৰি আছে।এই সন্দৰ্ভত বৰ্তমান সময়ত শিল্পা শ্বেট্টী বা ৰাজ কুন্দ্ৰৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
লগতে পঢ়ক: মাতৃ হ’বলৈ ওলাইছে নেকি সোভিতা ধূলিপালা? শহুৰ নাগাৰ্জুনে দিলে প্ৰতিক্ৰিয়া