পিছুৱাই দিয়া হ’ল ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তিৰ দিন
অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল ‘যৌৱনে আমনি কৰে ২ ‘ৰ মুক্তিৰ দিন । সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰিলে শেহতীয়াকৈ মুক্তিৰ ক্ষণ গণি থকা অসমীয়া চলচ্চিত্ৰখন প্ৰযোজক গোষ্ঠীয়ে । ১০ অক্টোবৰত মুক্তি পাবলগীয়া এই ছবিখনৰ মুক্তি সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিছে লক্ষ্মী নাৰায়ণ ফিল্মছে ।
অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ ঘটনাৰ বাবেই ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লক্ষ্মী নাৰায়ণ ফিল্মছে । সামাজিক মাধ্যমৰ এক পোষ্ট প্ৰযোজক গোষ্ঠীয়ে লিখিছে-“ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত আমি গভীৰভাৱে শোকাহত । তেওঁৰ সংগীত আৰু অৱদান সদায় আমাৰ হৃদয়ত অম্লান হৈ থাকিব । তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আৰু বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি ১০ অক্টোবৰ, ২০২৫ত মুক্তি পাব লগা আমাৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তি সাময়িকভাৱে স্থগিত ৰখা হৈছে ।“
চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ পৰৱৰ্তী সময়ত জনোৱা হ’ব বুলি উল্লেখ কৰিছে প্ৰযোজক গোষ্ঠীটোৱে । লগতে পোষ্টত তেওঁলোকে লিখিছে-“প্ৰিয় শিল্পী জুবিন গাৰ্গৰআত্মাৰ সদগতিৰ বাবে নেদেখাজনৰ ওচৰত সেৱা জনাইছোঁ । সংগীত জগতলৈ তেওঁৰ অৱদান অপৰিসীম, তেওঁৰ সুৰৰ ধ্বনি সদায় আমাৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব ।“
লগতে পঢ়ক : আজি সম্পন্ন হ’ল ৰৈ ৰৈ বিনালেৰ অন্তিম পৰ্যায়ৰ শ্বুটিং









