পিছুৱাই দিয়া হ’ল ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তিৰ দিন; জনালে প্ৰযোজকে

পিছুৱাই দিয়া হ’ল ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তিৰ দিন

অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল ‘যৌৱনে আমনি কৰে ২ ‘ৰ মুক্তিৰ দিন । সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰিলে শেহতীয়াকৈ মুক্তিৰ ক্ষণ গণি থকা অসমীয়া চলচ্চিত্ৰখন প্ৰযোজক গোষ্ঠীয়ে । ১০ অক্টোবৰত মুক্তি পাবলগীয়া এই ছবিখনৰ মুক্তি সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিছে লক্ষ্মী নাৰায়ণ ফিল্মছে ।

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ ঘটনাৰ বাবেই ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লক্ষ্মী নাৰায়ণ ফিল্মছে । সামাজিক মাধ্যমৰ এক পোষ্ট প্ৰযোজক গোষ্ঠীয়ে লিখিছে-“ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত আমি গভীৰভাৱে শোকাহত । তেওঁৰ সংগীত আৰু অৱদান সদায় আমাৰ হৃদয়ত অম্লান হৈ থাকিব । তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আৰু বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি ১০ অক্টোবৰ, ২০২৫ত মুক্তি পাব লগা আমাৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তি সাময়িকভাৱে স্থগিত ৰখা হৈছে ।“

চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ পৰৱৰ্তী সময়ত জনোৱা হ’ব বুলি উল্লেখ কৰিছে প্ৰযোজক গোষ্ঠীটোৱে । লগতে পোষ্টত তেওঁলোকে লিখিছে-“প্ৰিয় শিল্পী জুবিন গাৰ্গৰআত্মাৰ সদগতিৰ বাবে নেদেখাজনৰ ওচৰত সেৱা জনাইছোঁ । সংগীত জগতলৈ তেওঁৰ অৱদান অপৰিসীম, তেওঁৰ সুৰৰ ধ্বনি সদায় আমাৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব ।“

লগতে পঢ়ক : আজি সম্পন্ন হ’ল ৰৈ ৰৈ বিনালেৰ অন্তিম পৰ্যায়ৰ শ্বুটিং

বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই…

বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান । বুধবাৰে শ্বিলঙৰ বেথানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ । দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুষ্ঠ হৈ আছিল অভিনেত্ৰীগৰাকী ।

পাৰঘাট ছবিৰ জৰিয়তে বোলছবি জগতত প্ৰৱেশ কৰা জ্ঞানদা কাকতিৰ জন্ম হৈছিল ১৯৩২ চনত, শ্বিলঙত । সৰুৰে পৰা এক সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা জ্ঞানদা কাকতিয়ে শৈশৱতে লাভ কৰিছিল বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্য । পাৰঘাটৰ পিছত নায়িকা হিচাবে জ্ঞানদা কাকতিয়ে অভিনয় ৰঙা পুলিচ, পুবেৰুণ, সৰাপাত, পিয়লি ফুকন, নৰকাসুৰ, আমাৰ ঘৰ, চাকনৈয়া আদি ছবিত অভিনয় কৰিছিল ।

পূবেৰুণ ছবিখনৰ জৰিয়তে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে । ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবি হিচাবে প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হৈছিল এই ছবিখন । উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অভিনেত্ৰী আছিল জ্ঞানদা কাকতি ।

২০০২ চনত এইগৰাকী অভিনেত্ৰীক অসম চৰকাৰে বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰিছিল । ১৯৮৭ চনত প্ৰথম ৰাগিনী ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল তেওঁ । উল্লেখ্য যে জ্ঞানদা কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পীও আছিল ।