অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যিক কৃষি বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই কৃষি খণ্ডৰ অন্তৰ্নিহিত বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ কৃষি খণ্ডৰ আধুনিকীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে
“কৃষি খণ্ডৰ উপাৰ্জন উল্লেখনীয়ভাৱে বৃদ্ধি নকৰাকৈ অসমে কেতিয়াও ক্ষিপ্ৰ প্ৰগতি আৰু সামগ্ৰিক উন্নয়ন লাভ কৰিব নোৱাৰে ।”- ২৫ জুনত খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ কৃষি মন্ত্ৰী পীযুষ হাজৰীকাই এইদৰে মন্তব্য কৰে ।
অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যিক কৃষি বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই ‘কৃষি খণ্ডৰ অন্তৰ্নিহিত বৈঠক’ত মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি খণ্ডৰ আধুনিকীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে ।
৭০% লোক জড়িত, তথাপিও আমদানিৰ ওপৰত নিৰ্ভৰশীল অসম
ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই এক উদ্বেগজনক পৰিসংখ্যা দাঙি ধৰে । তেওঁ কয় যে অসমৰ ৭০ শতাংশতকৈও অধিক লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি কাৰ্যৰ সৈতে জড়িত । কিন্তু ইমান বৃহৎ সংখ্যক লোক কৃষিত নিয়োজিত থকাৰ পিছতো অসমে আজিও খাদ্য শস্য আৰু অন্যান্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাবে বুজন পৰিমাণে বহিঃৰাজ্যৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে । এই নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ চৰকাৰী বিভাগ, বিজ্ঞানী আৰু গৱেষকসকলক একগোট হৈ কাম কৰিবলৈ তেওঁ আহ্বান জনায় ।
জলসিঞ্চনৰ অভাৱ: পঞ্জাৱ-মধ্যপ্ৰদেশৰ তুলনাত পিছপৰা অসম
ৰাজ্যৰ কৃষিভূমিৰ জলসিঞ্চনৰ দুৰ্বল অৱস্থাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান অসমৰ মাত্ৰ ২৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ সুবিধা উপলব্ধ আছে । ইয়াৰ বিপৰীতে পঞ্জাৱত প্ৰায় ১০০% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছে । মধ্যপ্ৰদেশত ৭৫% কৃষিভূমি জলসিঞ্চনৰ আওতাত আছে ।
মন্ত্ৰীগৰাকীৰ মতে, এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ হ’লে ব্যাপক অংশগ্ৰহণ, কৌশলগত পৰিকল্পনা আৰু বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰ ঘটোৱাটো অত্যন্ত জৰুৰী ।
তেওঁ কয়- “উৎপাদন বৃদ্ধি কৰা আৰু কৃষকসকলৰ বাবে উন্নত লাভালাভ নিশ্চিত কৰাটো বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু চৰকাৰী বিভাগসমূহকে ধৰি সকলো অংশীদাৰৰ বাবে প্ৰথম অগ্ৰাধিকাৰ হ’ব লাগিব । শক্তিশালী গৱেষণাৰ সমৰ্থন অবিহনে বহনক্ষম কৃষিৰ বিকাশ অসম্ভৱ ।”
লগতে পঢ়ক : ‘ৰাহুল গান্ধীয়ে হাতত লৈ থকা সংবিধানখনত ইন্দিৰা গান্ধীৰ কাৰ্যকলাপৰ কথা আছে’; মুখ্যমন্ত্ৰী









