শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰক উচ্চ ন্যায়ালয়ৰ মোক্ষম আঘাত
অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে আজিও বোম্বাই উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নাপালে, কিয়নো আদালতে তেওঁক কলম্বোলৈ যাবলৈ অনুমতি প্ৰদান নকৰিলে।
শিল্পা শ্বেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ইকনমিক অফেন্স উইঙে লুকাউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰিছে ।যাৰ বাবে তেওঁ তদন্তকাৰী সংস্থা বা আদালতৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব।
অভিনেত্ৰী গৰাকীৰ অধিবক্তাই আদালতত কয় যে অভিনেত্ৰীগৰাকীয়ে ২৫ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ ইউটিউবত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ বাবে কলম্বোলৈ যাব লাগিব।
কিন্তু আদালতে অধিবক্তাজনক ভ্ৰমণৰ নিমন্ত্ৰণী পত্ৰৰ বিষয়ে সোধাত অধিবক্তাজনে কয় যে তেওঁৰ হাতত এতিয়াও কোনো নিমন্ত্ৰণ পত্ৰ নাই আৰু কেৱল ফোনযোগে কথা পাতিছে,কাৰণ ভ্ৰমণৰ অনুমতি পোৱাৰ পিছতহে নিমন্ত্ৰণ লাভ কৰিব।
এই সন্দৰ্ভত আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে জালিয়াতিৰ গোচৰত জড়িত ৬০ কোটি টকাৰ ধন প্ৰথমে জমা কৰিব লাগে,তাৰ পিছতহে তেওঁৰ বিদেশ ভ্ৰমণৰ কথা বিবেচনা কৰা হ’ব। ১৪ অক্টোবৰত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।
উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই শিল্পা আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৬০.৪ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল।
দুয়োৰে বিৰুদ্ধে এই লুকাউট জাননী এতিয়া বন্ধ হৈ থকা কোম্পানী বেষ্ট ডিল টিভি প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত জাৰি কৰা হৈছিল।
লগতে পঢ়ক: পিছুৱাই দিয়া হ’ল ‘যৌৱনে আমনি কৰে ২’ৰ মুক্তিৰ দিন; জনালে প্ৰযোজকে









