শিল্পা শ্বেট্টীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি; চিকিৎসালয়ত ভৰ্তি

শিল্পা শ্বেট্টীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি অভিনেত্ৰী শিল্পা শ্বেট্টীৰ মাতৃ সুনন্দ শেট্টীৰ স্বাস্থ্যৰ অৱনতি ঘটাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।মাকৰ অৱস্থাৰ বিষয়ে জানিবলৈ শিল্পাও চিকিৎসালয়ত উপস্থিত হৈছে। ইয়াৰ ভিডিঅ’ পোহৰলৈ আহিছে য’ত শিল্পই দৌৰি দৌৰি চিকিৎসালয়ত প্ৰৱেশ কৰে।হস্পিতাললৈ যোৱাৰ সময়ত শিল্পাক বৰ বিচলিত যেন লাগিল।

শিল্পা শ্বেট্টীৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি

অভিনেত্ৰী শিল্পা শ্বেট্টীৰ মাতৃ সুনন্দ শেট্টীৰ স্বাস্থ্যৰ অৱনতি ঘটাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।মাকৰ অৱস্থাৰ বিষয়ে জানিবলৈ শিল্পাও চিকিৎসালয়ত উপস্থিত হৈছে।

ইয়াৰ ভিডিঅ’ পোহৰলৈ আহিছে য’ত শিল্পই দৌৰি দৌৰি চিকিৎসালয়ত প্ৰৱেশ কৰে।হস্পিতাললৈ যোৱাৰ সময়ত শিল্পাক বৰ বিচলিত যেন লাগিল।

সেই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।অৱশ্যে শিল্পা বা তেওঁৰ পৰিয়ালৰ সদস্যই বৰ্তমান সময়ত সুনন্দা শেট্টীৰ স্বাস্থ্য সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

যোৱা ২০ জুনত শিল্পাই তেওঁৰ মাতৃৰ জন্মদিনটোত শুভেচ্ছা জনাই কিছু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল।তেওঁ মাকৰ বাবে আৱেগিক টোকা এটাও লিখিছিল।এতিয়া শিল্পাৰ মাতৃ চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু ৰাইজে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।

লগতে পঢ়ক: ‘মই এজন ভাল মানুহ হৈছো’; ববি দেউলে সম্পূৰ্ণৰূপে ত্যাগ কৰিলে সুৰা

শেহতীয়া প্ৰৱন্ধসমূহ