দেশৰ শিক্ষাৰ এক নতুন নিদৰ্শন… প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল মিজোৰাম

ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত মিজোৰামে এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে । সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা মিজোৰাম দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে । মঙলবাৰে মিজোৰাম বিশ্ববিদ্যালয়ত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী লালডুহোমাই এই কথা ঘোষণা কৰে । এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীও উপস্থিত আছিল । বিগত ১৪ বছৰত মিজৰোমৰ সাক্ষৰতাৰ হাৰ ৯১.৩৩ শতাংশৰ পৰা ৯৮.২ শতাংশলৈ বৃদ্ধি পাইছে ।

কি কলে মুখ্যমন্ত্ৰী লালডুহোমাই ?

মুখ্যমন্ত্ৰী লালডুহোমাই কয় যে এই সাফল্যক উদযাপন কৰাৰ সমান্তৰালকৈ আমি অবিৰত শিক্ষা, ডিজিটেল প্ৰৱেশ আৰু বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে সাক্ষৰতা বজাই ৰখাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰিছো । এতিয়া আমি ডিজিটেল সাক্ষৰতা, বিত্তীয় সাক্ষৰতা আৰু উদ্যোগীকৰণৰ দক্ষতাৰ দিশত আগবাঢ়িব লাগিব । যাতে মিজো সমাজৰ সকলো মানুহ সক্ষম হ’ব পাৰে ।

এই সাফল্যৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে মুখ্যমন্ত্ৰী লালডুহোমা আৰু ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে ‘নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী’ৰ অধীনত মিজোৰামক দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছো ।

২০১১ চনত মিজোৰামৰ সাক্ষৰতাৰ হাৰ ৯১.৩৩%, যি দেশৰ ভিতৰতে তৃতীয় স্থানত আছিল । ULLAAS (Understanding Lifelong Learning for All in Society) আৰু নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ জৰিয়তে সাক্ষৰ নোহোৱা লোকসকলক চিনাক্ত কৰা হৈছিল । মুঠ ৩০২৬ জন নিৰক্ষৰ চিনাক্ত কৰা হৈছিল, ইয়াৰে ১,৬৯২ জন সম্ভাৱ্য শিক্ষাৰ্থী বুলি জানিব পৰা যায় ।

এই অভিযানত ছাত্ৰ-ছাত্ৰী, শিক্ষক, সম্পদ ব্যক্তি আৰু ক্লাষ্টাৰ সমন্বয়ককে ধৰি ২৯২ গৰাকী স্বেচ্ছাসেৱী শিক্ষকে অংশগ্ৰহণ কৰে । সম্প্ৰদায়ৰ সমৰ্থন, মানুহৰ নিষ্ঠা আৰু শক্তিশালী ইচ্ছাশক্তিৰ জৰিয়তে মিজোৰামে এই কৃতিত্ব অৰ্জন কৰিছে ।

পঢ়া-শুনাত মনোযোগ দিব পৰা নাই নেকি ? জানক ইয়াৰ কাৰণ আৰু মনোযোগ বৃদ্ধি কৰাৰ উপায় !

বৰ্তমান পঢ়াৰ সময়ত মনোযোগ হেৰাই যোৱাটো এটা সাধাৰণ সমস্যা । ছ’চিয়েল মিডিয়া, ভিডিঅ’ গেম আৰু ইণ্টাৰনেট ব্ৰাউজিং আদি কিছুমান কাৰকে অধ্যয়নৰ পৰা মনোযোগ আঁতৰাই পেলায় । ইয়াৰ উপৰিও শাৰীৰিক অস্বস্তি আৰু বাহ্যিক শব্দয়ো মনোযোগ হ্ৰাস কৰিব পাৰে । কিন্তু এই ক্ষেত্ৰত আতংকিত হোৱাৰ প্ৰয়োজন নাই ! আপুনি কিছুমান সহজ উপায়েৰে আপোনাৰ মনোযোগ ঘূৰাই আনিব পাৰে । ইয়াৰ কিছুমান মূল কাৰণ আৰু ইয়াৰ সমাধান আগবঢ়োৱা হ’ল :

ছ’চিয়েল মিডিয়া আৰু মেছেজিং :

অহৰহ নটিফিকেশ্যন আৰু ছ’চিয়েল মিডিয়া চেক কৰাৰ ইচ্ছাই অধ্যয়নৰ পৰা মনোযোগ বিচলিত কৰিব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ :

-ছ’চিয়েল মিডিয়া ব্লক কৰক ।

-আপোনাৰ ফোনটো আন কোঠাত ৰাখক বা চাইলেণ্ট মোডত ৰাখক ।

ভিডিঅ’ গেম আৰু ষ্ট্ৰীমিং :

ভিডিঅ’ গেম বা ষ্ট্ৰীমিং প্লেটফৰ্মত ঘণ্টাৰ পিছত ঘণ্টা সময় কটালে অধ্যয়নৰ সময় হ্ৰাস পাব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ :

-অধ্যয়নৰ সময়ৰ বাহিৰে মনোৰঞ্জনৰ বাবেও এটা নিৰ্দিষ্ট সময় পৃথক কৰি ৰাখক ।

-আপুনি যেতিয়া অধযয়নত মনোনিৱেশ কৰিব লাগে তেতিয়া গেমিং বা ষ্ট্ৰীমিং চাইটসমূহত প্ৰৱেশ ৰোধ কৰিবলৈ ৱেবছাইট ব্লকাৰসমূহ ব্যৱহাৰ কৰক ।

ইণ্টাৰনেটত অপ্ৰয়োজনীয় চাৰ্ফিং :

অপ্ৰয়োজনীয়ভাৱে ইণ্টাৰনেট চাৰ্ফ কৰিলেও ঘণ্টাৰ পিছত ঘণ্টা সময় অপচয় হ’ব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ :

-অপ্ৰয়োজনীয় ৱেবছাইটসমূহৰ ব্যৱহাৰ সীমিত কৰক ।

-অধ্যয়নৰ স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক আৰু অগ্ৰগতি অনুসৰণ কৰক ।

ডে-ড্ৰিমীং আৰু অত্যধিক চিন্তা :

-হঠাৎ চিন্তাত হেৰাই গ’লে আপোনাৰ অধ্যয়নৰ দক্ষতা হ্ৰাস পাব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ :

-মাইণ্ডফুলনেছ বা মেডিটেচনৰ অভ্যাস কৰি মনোযোগ উন্নত কৰক ।

-চুটি, নিৰ্ধাৰিত বিৰতি লোৱাটোৱে আপোনাৰ মনটোক সতেজ কৰি তুলিব পাৰে আৰু বিচৰণকাৰী চিন্তাবোৰ ৰোধ কৰিব পাৰে ।

শাৰীৰিক অস্বস্তি :

ভোক, পিয়াহ বা অধ্যয়নৰ অস্বস্তিকৰ পৰিৱেশে বিচলিত কৰিব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ :

-ওচৰতে পানী আৰু স্বাস্থ্যকৰ জলপান ৰাখক ।

-আপোনাৰ অধ্যয়ন স্থানত সঠিক পোহৰ, আৰামদায়ক বহাৰ ব্যৱস্থা আৰু নূন্যতম বিক্ষিপ্ততা থকাটো নিশ্চিত কৰক ।

শব্দ আৰু বাহ্যিক কোলাহল :

কোলাহলপূৰ্ণ পৰিৱেশত মনোনিৱেশ কৰাটো কঠিন হ’ব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ :

-শব্দ কম কৰা হেডফোন ব্যৱহাৰ কৰক বা নিস্তব্ধ ঠাই বিচাৰি উলিয়াওক ।

-আপোনাৰ অধ্যয়ন কাৰ্যসূচীৰ বিষয়ে আপোনাৰ চৌপাশৰ মানুহক কওক যাতে বাধা কম হয় ।

মেট্ৰিকত ফেইল কৰিলে পুত্ৰই… কেক কাটি, মিঠাই বিতৰণ কৰি পিতৃ-মাতৃয়ে কৰিলে উদযাপন

বৰ্তমানৰ পৃথিৱীত, য’ত সন্তানক তেওঁলোকৰ ফলাফল, বিফল হোৱা বা উত্তীৰ্ণ হোৱাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয় । টপাৰ তথা উন্নত ফলাফল প্ৰদৰ্শন কৰাসকলে সকলো ফালৰ পৰা প্ৰশংসা লাভ কৰাৰ বিপৰীতে ফেইল বা বিফল হোৱা সকলে কেৱল ঠাট্টা-মস্কৰাহে লাভ কৰে । এনে সময়ত কোনে তেওঁলোকক বুজাব যে স্কুলৰ ৰিজাল্ট কেৱল জীৱনৰ এটা অংশ, সমগ্ৰ জীৱন নহয় । ইয়াৰ পিছতো আৰু পথ আছে ।

সমাজত প্ৰায়ে দেখা যায় যে এগৰাকী ছাত্ৰ বা ছাত্ৰী বিফল হ’লে কেৱল সমাজখনেই নহয়, আনকি পিতৃ-মাতৃয়েও তেওঁক ঠাট্টা-মস্কৰা কৰে । কিন্তু যিখন পৃথিৱীত বিফল হ’লে শিক্ষাৰ্থীক ঠাট্টা-মস্কৰা, গালি-শপনি, হেঁচা দিয়াটো সাধাৰণ কথা হৈ পৰিছে, তেনে সময়তে  কৰ্ণাটকৰ এটি পৰিয়ালে কল্পনাৰ বাহিৰলৈ গৈ পুত্ৰৰ বিফলতাৰ দিনটোক উৎসৱৰ দৰে উদযাপন কৰে । এতিয়া এই উদযাপনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

৬টা বিষয়তে ফেইল-

কৰ্ণাটকৰ বাগলকোটৰ বাসৱেশ্বৰ ইংলিছ মিডিয়াম বিদ্যালয়ত অধ্যয়ন কৰি আছিল অভিষেক চোলাচাগুড্ডাই । এই বছৰ তেওঁৰ দশম শ্ৰেণী তথা মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হয় । কিন্তু SSLC বৰ্ড পৰীক্ষাত ৬টা বিষয়তে ফেইল কৰি মুঠ ৩২% নম্বৰ (২০০/৬২৫) লাভ কৰে তেওঁ । কিন্তু পুত্ৰৰ এনে ফলাফল দেখাৰ পিছত পিতৃ-মাতৃয়ে পুত্ৰক গালি-শপনি বা ঠাট্টা-সস্কৰা কৰা নাছিল । তেওঁলোকে পুত্ৰৰ বাবে এটা বিশেষ কেক লৈ এক ছাৰপ্ৰাইজ পাৰ্টিৰ আয়োজন কৰে, য’ত লিখা আছিল : ৩২% ।

ভাইৰেল ভিডিঅ’টোত অভিষেকক সমগ্ৰ পৰিয়ালৰ সৈতে- কেক কাটি, মিঠাই বিতৰণ কৰা, আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল হাঁহি থকা দেখা গৈছে ।

তেওঁৰ পিতৃ ইয়াল্লাপ্পা চোলাচাগুড্ডা এজন পেছাদাৰী ফটোগ্ৰাফাৰ । তেওঁ কয় যে অভিষেকে যদিও ৩২% নম্বৰ লাভ কৰিছে, তথাপিও তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল । এই উদযাপনৰ জৰিয়তে আমি তেওঁক উপলব্ধি কৰালোঁ যে তেওঁ অকলশৰীয়া নহয় ।

ইয়ালাপ্পাই কয়, এই উদযাপন ব্যৰ্থতা লুকুৱাবলৈ নহয় বৰঞ্চ প্ৰচেষ্টাক স্বীকাৰ কৰিবলৈহে কৰা হৈছিল । তেওঁৰ মতে, এই সৰু উদযাপনে পুত্ৰৰ আত্মবিশ্বাস ঘূৰাই আনিলে আৰু এতিয়া তেওঁ পৰৱৰ্তী প্ৰচেষ্টাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে । অভিষেকেও কয় যে মোৰ পৰিয়ালে মোক হাৰি যাবলৈ নিদিলে । এতিয়া অহাবাৰ পাছ কৰিম ।

এই পৰিয়ালটোক ছ’চিয়েল মিডিয়াত অলেখে প্ৰশংসা কৰিছে । কোনোৱে ইয়াক ‘প্ৰকৃত অভিভাৱকত্বৰ লক্ষ্য’ বুলি কোৱাৰ বিপৰীতে কোনোৱে লিখিছে যে এয়া অভিভাৱকত্ব ।

এই বেয়া অভ্যাসবোৰৰ পৰা নিজকে আঁতৰাই ৰাখক… অন্যথা বাধা হৈ পৰিব পাৰে আপোনাৰ কেৰিয়াৰত

বহু সময়ত এনেকুৱা হয় যে যেতিয়া আমি কোনো কোম্পানীত কাম কৰো বা চাকৰিৰ বাবে প্ৰস্তুতি চলাওঁ, তেতিয়া কোনো কাৰণত কামত উন্নতিৰ পৰিৱৰ্তে আমি বিফলতাৰ সন্মুখীন হওঁ । ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল কিছুমান অভ্যাস, যদি এই অভ্যাসবোৰৰ পৰা তঁৰত থাকিব পাৰি তেন্তে আপুনি নিশ্চিতভাৱে আপোনাৰ কেৰিয়াৰত ভাল অগ্ৰগতি লাভ কৰিব পাৰিব ।

-আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ফ’কাচ অথবা মনোযোগ । মনোযগ অবিহনে আপুনি অধ্যয়ন কৰিব নোৱাৰে বা কেৰিয়াৰত আগবাঢ়িব নোৱাৰে । এনে পৰিস্থিতিত আপুনি এটা কথা মনত ৰাখিব লাগিব যে পঢ়া-শুনা বা কাম কৰি থাকোঁতে আপুনি সম্পূৰ্ণ নিজৰ কামত মনোনিৱেশ কৰি থাকিব লাগে আৰু মনোযোগ বিচলিত কৰা বস্তুবোৰৰ পৰা আঁতৰি থাকিব লাগে ।

-একে সময়তে ফোনৰ আসক্তি এনেকুৱা এটা বস্তু যিয়ে আপোনাক আটাইতকৈ বেছি বিচলিত কৰিব পাৰে আৰু ইয়াৰ বাবেই আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে । এনে পৰিস্থিতিত পঢ়া-শুনা বা কামৰ সময়ত মোবাইল ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰিব লাগে । ইয়াৰ ফলত আপোনাৰ সময়ো ৰাহি হ’ব ।

-ইয়াৰ বাহিৰেও যদি আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সঠিক দিশত কাম কৰা নাই তেন্তে ই আপোনাৰ কেৰিয়াৰ ধ্বংস কৰিব পাৰে । আগলৈ আপুনি কি কৰিব বিচাৰে সেই কথা জানিব লাগে । লগতে সেই বিষয়ৰ লগত জড়িত পাঠ্যক্ৰমহে অধ্যয়ন কৰিব লাগে । কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলে কেৱল ইজনে সিজনক চাই যিকোনো ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অধ্যয়ন আৰম্ভ কৰে । এনে পৰিস্থিতিত আপুনি নিজৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব ।

-আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিশেষ কথাটো হ’ল কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা লাভ আহৰণ কৰিব পাৰি । পঢ়া-শুনা হওক, চাকৰি হওক বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি হওক । সকলো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । ইয়াৰ অবিহনে আপুনি সফলতা লাভ কৰিব নোৱাৰে ।

-লগতে আপোনাৰ সময়খিনি কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰে সেই কথাও মনত ৰাখিব লাগিব । প্ৰায়ে দেখা যায় যে বন্ধুত্বৰ নামত মানুহে ইফালে সিফালে বেছিভাগ সময় নষ্ট কৰে । এনে পৰিস্থিতিত আপুনি নিজৰ কামত কিমান সময় খৰচ কৰি আছে আৰু কিমান সময় নষ্ট কৰি আছে চাব লাগিব ।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল… শীৰ্ষত কোন ?

ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হৈছে ।  জানক এই পৰীক্ষাৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য-

-বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী পৰীক্ষাৰ্থী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৭৬০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ২,৩০৫ গৰাকী পৰীক্ষাৰ্থী

-কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪৯,৫৭৭

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮০,৬৫০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৫৩,৫১৮ গৰাকী পৰীক্ষাৰ্থী

-বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৯,২৮৬ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৩,১৯৬ গৰাকী শিক্ষাৰ্থী

-কলা শাখাৰ শীৰ্ষত বাক্সা জিলা

-বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২১ শতাংশ

-বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা

-পশ্চিম কাৰ্বি আংলং জিলাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ

-বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমাৰা

-দক্ষিণ শালমাৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ

-যোৱা বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষাৰ ফলাফলৰ হাৰ হ্ৰাস

-প্ৰথমবাৰৰ বাবে চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট এখন পেজত পাব

-উপলব্ধ এপৰ জৰিয়তে লাভ কৰিব ফলাফল

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত এল এণ্ড টি এডুটেকেৰ প্ৰতিনিধি দল…

উদ্যোগ-সংহত শিক্ষা আৰু প্ৰযুক্তিগত উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি চলি থকা কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে এল এণ্ড টি এডুটেকৰ বিশিষ্ট প্ৰতিনিধি দলক আতিথ্য প্ৰদান কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ।

এল এণ্ড টি এডুটেকৰ প্ৰতিনিধি দলটোত আছিল শ্ৰীমতী এম.এফ. ফেবিন, মুৰব্বী – এল এণ্ড টি এডুকটেক; মায়ংক ৰঞ্জন, মুৰব্বী – সংহত কাৰ্যসূচী, এডুটেক; অপূৰ্বা সিনহা, মেনেজাৰ – এল এণ্ড টি এডুকেক; আৰু ডি এম এন দলৰ সদস্য নিতুল আৰু অলকেশ বৰুৱা ।

প্ৰতিনিধি দলটোক আদৰণি জনাই উপাচাৰ্য, পঞ্জীয়ক, অভিযান্ত্ৰিক ডীন, অভিযান্ত্ৰিক বিভাগৰ অতিৰিক্ত ডীন, আৰু অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ অন্যান্য জ্যেষ্ঠ নেতৃত্বই । তেওঁলোকৰ উপস্থিতিয়ে শিক্ষা-উদ্যোগৰ শক্তিশালী সংযোগ গঢ়ি তোলা আৰু উদ্ভাৱন আৰু উৎকৃষ্টতাৰ সংস্কৃতিক প্ৰসাৰিত কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিক আলোকপাত কৰে ।

বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক সজীৱ ছাত্ৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ কাৰ্যসূচীৰ জৰিয়তে এই ভ্ৰমণ আৰম্ভ হয়, য’ত এম.এফ. ফেবিনে ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক সম্বোধন কৰি অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ বিকশিত পৰিৱেশৰ বিষয়ে ভাষণ প্ৰদান কৰে । ইয়াতে শীৰ্ষ প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎকৃষ্টতাৰ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । এল এণ্ড টি এডুটেকৰ দলটোৱে শ্ৰেণীকোঠাসমূহো পৰিদৰ্শন কৰে, ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি শৈক্ষিক নিয়োজিততা আৰু শিক্ষণ ফলাফলৰ বিষয়ে বাৰ্তালাপ কৰে ।

এল এণ্ড টি এডুটেক দল আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয় নেতৃত্বৰ মাজত হোৱা মূল বৈঠকসমূহে চলি থকা অংশীদাৰিত্বৰ অধীনত মেকাট্ৰনিক্স আৰু অৰ্ধপৰিবাহী প্ৰযুক্তিৰ নতুন বিশেষজ্ঞতাৰ প্ৰৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আলোচনাত সহযোগিতামূলক পদক্ষেপ, উদ্যোগৰ সংহতি বৃদ্ধি আৰু ভৱিষ্যতে এল এণ্ড টিৰ অত্যাধুনিক সুবিধাসমূহলৈ ছাত্ৰ-ছাত্ৰীৰ ভ্ৰমণৰ সন্ধান কৰা হয় ।

সাক্ষাৎকাৰৰ ভয় শেষ! চাকৰি পাবলৈ জানি লওক এই ৮ টা বিশেষ টিপছ

সাক্ষাৎকাৰ বা ইন্টাৰভিউ কেৱল আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ এক পদক্ষেপ নহয় বৰঞ্চ ই আপোনাৰ শক্তি প্ৰদৰ্শন আৰু সঠিক চাকৰি পোৱাৰ এক সুযোগ । সঠিক পদ্ধতিৰে এইবোৰক কেৰিয়াৰৰ ডাঙৰ জয়লৈ ৰূপান্তৰিত কৰিব পাৰি । এই টিপছবোৰে আপোনাক সেই বিশেষ সুযোগ দিব ।

নিয়মানুৱৰ্তী হওক-

সময়মতে সাক্ষাৎকাৰত উপস্থিত হোৱাটো গুৰুত্বপূৰ্ণ । এইটোৱেই প্ৰথম কথা যিয়ে আপোনাৰ ভাল প্ৰভাৱ পেলাই । নিয়মানুৱৰ্তিতাই আপোনাৰ মূল্যবোধ আৰু অনুশাসনো দেখুৱাই । নিয়মানুৱৰ্তিতা পালন কৰা ব্যক্তিয়ে সদায় আনৰ পৰা সন্মান আৰু প্ৰশংসা লাভ কৰে ।

শৰীৰৰ ভাষাৰ গুৰুত্ব-

আপোনাৰ সাজ-পোছাক আৰু কথা-বাৰ্তাই সাক্ষাৎকাৰত আপোনাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই কয় । চকুৰ চাৱনি, হাতৰ ইংগিত আৰু মুখৰ ভাব ভংগিমাই আপোনাৰ আত্মবিশ্বাস আৰু সততা প্ৰকাশ কৰে । ইতিবাচক শৰীৰৰ ভাষাই আপোনাৰ পেছাদাৰিত্ব আৰু আত্মবিশ্বাস দেখুৱায় ।

গৱেষণা কৰক-

এজন ভাল সাক্ষাৎকাৰ লোৱা ব্যক্তিয়ে কোম্পানীটোৰ বিষয়ে সম্পূৰ্ণ তথ্য লৈ ভালদৰে প্ৰস্তুত হৈ আহে । চাকৰিটোৰ প্ৰতি আপোনাক আকৰ্ষণ কৰা কোম্পানীটোৰ ইতিবাচক দিশবোৰক উজ্জ্বল কৰি আপোনাৰ প্ৰকৃত প্ৰশংসা প্ৰকাশ কৰক । প্ৰশ্ন কৰিলে আপোনাৰ কৌতুহল আৰু কোম্পানীত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ পায় ।

সাক্ষাৎকাৰৰ বাবে অনুশীলন কৰক-

আপোনাৰ স্পষ্টতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সাক্ষাৎকাৰৰ আটাইতকৈ সাধাৰণ প্ৰশ্নৰ উত্তৰ দিয়াৰ অভ্যাস কৰক । ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাবোৰ স্পষ্ট আৰু সংক্ষিপ্তভাৱে প্ৰকাশ কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ উত্তৰবোৰ অধিক ফলপ্ৰসূ হয় । প্ৰস্তুতিয়ে নিশ্চিত কৰে যে আপুনি মৌলিক আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ বাবে প্ৰস্তুত ।

আপোনাৰ ৰিজিউম জানি লওক-

যিকোনো সাক্ষাৎকাৰৰ এটা গুৰুত্বপূৰ্ণ অংশ হ’ল আপোনাৰ পূৰ্বৰ কৰ্ম অভিজ্ঞতাৰ বিষয়ে কৰা প্ৰশ্ন । আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আৰু দায়িত্বসমূহ উজ্জ্বল কৰি তোলা এটা সাৰাংশ প্ৰস্তুত কৰক । সম্ভৱ হ’লে ইয়াক কোম্পানীটোৰ বৰ্তমানৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ সৈতে সংযোগ কৰক ।

শান্ত হৈ থাকক আৰু ভাবক-

ডাঙৰ দিনটোৰ বাবে শান্ত আৰু ইতিবাচক থাকক, আত্মবিশ্বাস সাক্ষাৎকাৰত গেম চেঞ্জাৰ হয় । শান্ত আৰু সংযত আচৰণে আপোনাক অধিক স্পষ্টভাৱে চিন্তা কৰাত আৰু অধিক ফলপ্ৰসূভাৱে যোগাযোগ কৰাত সহায় কৰে । ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাই নহয়, সাক্ষাৎকাৰ লোৱাজনৰ ওপৰতো স্থায়ী আৰু ইতিবাচক ছাপ পৰে ।

সঠিক কাপোৰ পিন্ধক-

সঠিক সাজ-পোছাক হৈছে পেছাদাৰিত্ব আৰু কোম্পানী সংস্কৃতিৰ সৈতে মিলি যোৱাৰ মাজত নিখুঁত ভাৰসাম্য । কোম্পানীৰ ড্ৰেছ কোডৰ ওপৰত গৱেষণা কৰক । এনেকুৱা কাপোৰ পিন্ধক য’ত আপুনি আত্মবিশ্বাসী আৰু আৰাম অনুভৱ কৰে ।

ইতিবাচক টোকাত শেষ কৰক-

সাক্ষাৎকাৰৰ শেষত সংশ্লিষ্ট ব্যক্তিজনৰ ওপৰত এক গুৰুত্বপূৰ্ণ ছাপ পৰে । কোম্পানীত যোগদানৰ আগ্ৰহ প্ৰকাশ কৰাৰ এইটোৱেই শেষ সুযোগ । সাক্ষাৎকাৰৰ সময়ত আলোচনা কৰা গুৰুত্বপূৰ্ণ কথা এটা প্ৰতিফলিত কৰা এটা চিন্তাশীল মন্তব্যৰে শেষ কৰক ।

প্ৰকৃতিপ্ৰেমীসকলৰ বাবে চমৎকাৰ কেৰিয়াৰ বিকল্প; জানক কি হয় ইক’ টুৰিজিম আৰু ইয়াৰ সম্ভাৱনা

বৰ্তমানৰ সময়ত যেতিয়া মানুহে প্ৰকৃতিৰ ওচৰ চাপিব বিচাৰে, পৰিৱেশ ৰক্ষা কৰিব বিচাৰে আৰু লগতে কেৰিয়াৰৰ সুযোগো অন্বেষণ কৰিব বিচাৰে, তেতিয়া ইক’ টুৰিজিম এক উৎকৃষ্ট বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে । ইয়াক ইক’ টুৰিজিম বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে প্ৰকৃতি আৰু স্থানীয় সংস্কৃতিক সন্মান জনাই কৰা যাত্ৰা । ইয়াৰ ভিতৰত পৰিবেশৰ ক্ষতি নকৰাকৈ অনুভৱ কৰা আৰু স্থানীয় লোকৰ জীৱিকাত সহায় কৰাটোও অন্তৰ্ভুক্ত আছে । ইক’ টুৰিজিমত কেৰিয়াৰ গঢ়িবলৈ আৰু আগবাঢ়ি যোৱাৰ কি কি সম্ভাৱনা আছে জানক ।

ইক’ টুৰিজিম কিয় বিশেষ ?

পৰিৱেশ পৰ্যটনৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ সংৰক্ষণ, বন্যপ্ৰাণীৰ সুৰক্ষা আৰু স্থানীয় জনগোষ্ঠীৰ মংগল । ই সাধাৰণ পৰ্যটনতকৈ পৃথক কাৰণ ই পৰিৱেশৰ প্ৰতি দায়বদ্ধ আচৰণৰ প্ৰসাৰ ঘটায় । ই কেৱল প্ৰাকৃতিক সৌন্দৰ্য্য দেখুৱাই নহয় প্ৰকৃতিৰ গুৰুত্বও মানুহক বুজিবলৈ বাধ্য কৰায় ।

কি অৰ্হতা লাগে ?

তথ্য অনুসৰি এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ হ’লে পৰিৱেশ বিজ্ঞান, বন্যপ্ৰাণী বিজ্ঞান, বন, পৰিৱেশ বিজ্ঞান বা আনুষংগিক কোনো ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব । ইয়াৰ লগতে কম্পিউটাৰ কেনেকৈ চলাব লাগে জানিব লাগে, য’ত এম এছ ৱৰ্ড, এম এছ এক্সেল আৰু এম এছ পাৱাৰপইণ্টৰ মূল কথাৰ জ্ঞান, হিন্দী আৰু ইংৰাজী ভাষাত দক্ষতা থাকিব লাগে ।

কেৰিয়াৰৰ সুযোগ-

ইক’ টুৰিজিমৰ কেৰিয়াৰৰ সম্ভাৱনা অহৰহ বৃদ্ধি পাইছে । ইয়াত ইক’ ট্যুৰ গাইড, বন্যপ্ৰাণী বিশেষজ্ঞ, প্ৰকৃতি ফটোগ্ৰাফাৰ, ইকো ৰিজৰ্ট মেনেজাৰ বা ট্ৰেভেল কনচালটেণ্টৰ দৰে বৃত্তিত কাম কৰিব পাৰে । ইয়াৰ বাবে পৰিৱেশ বিজ্ঞান, পৰ্যটন ব্যৱস্থাপনা, বন্যপ্ৰাণী অধ্যয়ন আদি ক্ষেত্ৰত অধ্যয়ন কৰিব পাৰি ।

বৃদ্ধিৰ সম্ভাৱনা-

প্ৰকৃতি, জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰে চহকী ভাৰতৰ দৰে এখন দেশত পৰিৱেশ পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে । চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডই এই খণ্ডক প্ৰচাৰ কৰি আছে । এই ক্ষেত্ৰত পৰিৱেশ সুৰক্ষা আৰু কৰ্মসংস্থাপন একেলগে চলি থাকে ।

পৰিৱেশ পৰ্যটনৰ নীতি-

পৰিৱেশ পৰ্যটনক সফল আৰু বহনক্ষম কৰি তুলিবলৈ কিছুমান নীতি মানি চলাটো গুৰুত্বপূৰ্ণ :

-শাৰীৰিক, সামাজিক, আচৰণগত আৰু মানসিক প্ৰভাৱ নূন্যতম হ’ব লাগে

-পৰিৱেশ আৰু সাংস্কৃতিক সজাগতা বৃদ্ধি কৰা

-দৰ্শনাৰ্থী আৰু আতিথ্যদাতা উভয়ৰে বাবে ইতিবাচক অভিজ্ঞতা

-স্থানীয় জনগোষ্ঠীক অৰ্থনৈতিক সুবিধা প্ৰদান কৰা

-ভ্ৰমণৰ প্ৰভাৱ কম কৰা

-দৰ্শনাৰ্থীসকলক এক তীব্ৰ আৰু ইতিবাচক অভিজ্ঞতা প্ৰদান কৰা যিয়ে আয়োজক দেশসমূহৰ ৰাজনৈতিক, পৰিৱেশ আৰু সামাজিক পৰিৱেশৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি কৰাত সহায় কৰে

-স্থানীয় সংস্কৃতি আৰু পৰম্পৰাক সন্মান কৰা

পুনৰ পুৰণি ফৰ্মেটত অনুষ্ঠিত হ’ব NEET পৰীক্ষা… অসমৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে এই গুৰুত্বপূৰ্ণ পৰামৰ্শ

NEET UG ২০২৫ পৰীক্ষাত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে । আণ্ডাৰ গ্ৰেজুৱেট মেডিকেল এন্ট্ৰেন্স অৰ্থাৎ নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট (NEET UG) পুৰণি আৰ্হিত অনুষ্ঠিত কৰাৰ বাবে পুনৰ প্ৰস্তুতি চলাইছে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই । ১৮০ মিনিটৰ ভিতৰত ১৮০টা বাধ্যতামূলক প্ৰশ্নৰ উত্তৰ দিব লাগিব প্ৰাৰ্থীয়ে । লগতে, কভিড-১৯ৰ সময়ত প্ৰৱৰ্তন কৰা চেকশ্যনসমূহৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প বন্ধ কৰা হৈছে ।

NEET UG Exam Date ২০২৫: ৪ মে’ত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET UG পৰীক্ষা অহা ৪ মে’, ২০২৫ তাৰিখে ১৩টা আঞ্চলিক ভাষাত দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব । পৰীক্ষাৰ বহু আগতেই অফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ্থীসকলৰ বাবে এডমিট কাৰ্ড উপলব্ধ হ’ব । ইয়াৰ লগতে পৰীক্ষাৰ সৈতে জড়িত প্ৰয়োজনীয় নিৰ্দেশনাও জাৰি কৰা হ’ব । ইয়াৰ পূর্বে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই NEET UG পৰীক্ষাত নিকা আৰু স্বচ্ছ পৰীক্ষা প্রক্রিয়া সুনিশ্চিত কৰিবলৈ নিৰাপত্তাৰ প্রট’কল বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে ৷

NEET UG পৰীক্ষা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক-

বিগত ১৪ এপ্ৰিলত এন টি এৰ সঞ্চালক প্ৰধান আৰু অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকৰ উদ্ধৃতি দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰে যে ৰাজ্যৰ একাংশ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত অস্বাভাৱিকভাৱে উচ্চ নম্বৰ পোৱাৰ পিছত অসম আৰক্ষীয়ে উদ্বেগ প্ৰকাশ কৰিছে । ইয়াৰ ফলত আভ্যন্তৰীণ তদন্তৰ সূচনা হয়, যাৰ ফলত কঠোৰ তদন্তৰ আহ্বান জনোৱা হয় ।

NEET পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰীয়ে-

পৰীক্ষাৰ সময়ত বায়’মেট্ৰিক ভেৰিফিকেচন আৰু চৰকাৰী কণ্ট্ৰ’ল চেণ্টাৰৰ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত আগবঢ়াইছে । নকল আৰু অন্যান্য অসৎ অভ্যাস ৰোধ কৰিবলৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে আধাৰ ভিত্তিক বায়’মেট্ৰিক পৰীক্ষণ কাৰ্যকৰী কৰিব লাগে বুলিও তেওঁ কয় । তেওঁ লগতে অসমৰ NEET UG কেন্দ্ৰসমূহ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়সমূহত সীমাবদ্ধ কৰি ৰখাৰ প্ৰস্তাৱ আগবঢ়ায় যাতে অসৎ কাৰ্য্যৰ সম্ভাৱনা কম হয় ।

NEET UG ২০২৫ ৰ বাবে সুৰক্ষাৰ পৰামৰ্শ-

ভাৰতৰ অন্যতম প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ অসম চৰকাৰে কেইবাটাও নিৰাপত্তা ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰিছে-

-সকলো পৰীক্ষা কেন্দ্ৰত চি চি টি ভিৰ নিৰীক্ষণ বাধ্যতামূলক

-প্ৰাৰ্থীক ফ্ৰিস্কিঙৰ বাবে নিৰ্ধাৰিত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP)

-জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলে পৰীক্ষা স্থানৰ ভৌতিক পৰিদৰ্শন

-পৰীক্ষাৰ পূৰ্বে সকলো কেন্দ্ৰ ভালদৰে চাফা কৰা হ’ব

-পৰীক্ষাৰ পৰিচালনাৰ নিৰীক্ষণৰ বাবে জ্যেষ্ঠ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা

-মুখ্য সচিব, ডি জি পি আৰু এন টি এ ডি জিৰ মাজত অহৰহ সমন্বয়

পৰীক্ষা সম্পৰ্কীয় অসৎ উপায়ৰ প্ৰতি শূন্য সহনশীল নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যিকোনো ব্যক্তিয়ে এই প্ৰক্ৰিয়াত হেৰফেৰ কৰিবলৈ চেষ্টা কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।