বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ নকৰে শান্তিৰ নোবেল বিজয়ী মাৰিয়া মাচাডোৱে…

শান্তিৰ নোবেল বঁটা বিজয়ী মাৰিয়া মাচাডোক লৈ আহিছে এটা ডাঙৰ খবৰ।শান্তিৰ নোবেল বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ নকৰে মাৰিয়াই।

২০২৫ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰা ভেনিজুৱেলাৰ মাৰিয়া মাচাডো উপস্থিত নাথাকে বঁটা প্ৰদান অনুষ্ঠানত।নৰৱেৰ নোবেল ইনষ্টিটিউটৰ সঞ্চালকে কয় যে, ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বুধবাৰে অছল’ত অনুষ্ঠিত হ’বলগীয়া নোবেল বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ নকৰে।এই বঁটা আজি অস্লোত দিয়া হ’ব।

উল্লেখ্য যে যোৱা ১১ মাহ ধৰি মাৰিয়া মাচাডোক ৰাজহুৱা স্থানত দেখা পোৱা নাই।নোবেল ইনষ্টিটিউটৰ পৰিচালক ক্ৰীষ্টিয়ান বাৰ্গ হাৰ্পভিকেনে ৰাজহুৱা সম্প্ৰচাৰক NRK এ জনাইছে যে,অনুষ্ঠানৰ দিনটোত নৰৱেৰ ৰাজধানীত উপস্থিত নাথাকে ভেনিজুৱেলাৰ বিৰোধী নেতাগৰাকী।

এনে পৰিস্থিতিত এতিয়া মাৰিয়াৰ স্থানত তেওঁৰ কন্যাই এই বঁটা গ্ৰহণ কৰিব। মাচাডোৰ মুখপাত্ৰ ক্লাউডিয়া মেচেৰ’ই কয় যে, ‘আমি নিশ্চিত কৰিছো যে তেওঁ নোবেল অনুষ্ঠানত উপস্থিত নাথাকিব,কিন্তু আমি আশা কৰোঁ তেওঁ দিনটোৰ বাকী অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিব।” অৱশ্যে তেওঁ মাচাডোৰ বৰ্তমানৰ কোনো তথ্য প্ৰদান কৰা নাই।

লগতে পঢ়ক: ‘মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান’;ড’নাল্ড ট্ৰাম্পলৈ প্ৰথম ফিফা শান্তি বঁটা

শান্তিৰ ন’বেল বঁটা বিজয়ীসকলে কি কি লাভ কৰে? কোনে কৰে বাছনি?

শান্তিৰ ন’বেল বঁটা বিজয়ীসকলে কি কি লাভ কৰে?

ভেনিজুৱেলাৰ নেত্ৰী মাৰিয়া কোৰিনা মাচাডোক ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছে।তেওঁক এই বঁটা দিয়া হৈছে কাৰণ, তেওঁ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰখনত ধাৰাবাহিকভাৱে অৱদান আগবঢ়াই আহিছে।

শুকুৰবাৰে বিয়লি নৰৱেৰ ন’বেল কমিটীয়ে ঘোষণা কৰে যে মাৰিয়া কোৰিনা মাচাডোক এইবাৰৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হ’ব।

এইটো হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু সন্মানীয় বঁটা। এইবাৰ সমিতিখনে মুঠ ৩৩৮টা মনোনয়ন লাভ কৰে।ইয়াৰ ভিতৰত আছিল ২৪৪ জন ব্যক্তি আৰু ৯৪ টা সংগঠন।

নৰৱেৰ ন’বেল ইনষ্টিটিউটত এই বঁটা ঘোষণা কৰি ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাত এই বঁটা ৰাজহুৱা কৰা হয়।

ন’বেল বঁটা বিজয়ীসকলক ডিপ্লমা আৰু স্বৰ্ণ পদক প্ৰদান কৰা হয়।ইয়াৰ লগতে বিজয়ীসকলক এক ধনৰাশিও দিয়া হয়।

এই বছৰ এই ধনৰাশি ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (১০.৩৬ কোটি টকা) হিচাপে ৰখা হৈছে।অৱশ্যে এই বঁটাৰ লগত কোনো অতিৰিক্ত চৰকাৰী সা-সুবিধা বা নিৰাপত্তা নাহে।

এই ন’বেল বঁটা ১৯০১ চনত আৰম্ভ হৈছিল।ইয়াক প্ৰতিষ্ঠা কৰিছিল আলফ্ৰেড নোবেলে, যি ছুইডেনৰ এজন বিখ্যাত বিজ্ঞানী,ৰসায়নবিদ আৰু ডাইনামাইটৰ উদ্ভাৱক আছিল। ১৯০১ চনত প্ৰথমবাৰৰ বাবে পাঁচটা ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হৈছিল।

প্ৰতি বছৰে ছুইডেনৰ ষ্টকহ’মত ন’বেল বঁটা প্ৰদানৰ বাবে এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হয়।কিন্তু, নৰৱেৰ অছলোত শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হয়।এই অনুষ্ঠানসমূহত ৰাজপৰিয়ালৰ সদস্য, বিশিষ্ট নেতা, বিজ্ঞানী আৰু বহু পৰিচিত ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা; লাছলো ক্ৰাছনাহৰ্কাইলৈ এই সন্মান