‘মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান’;ড’নাল্ড ট্ৰাম্পলৈ প্ৰথম ফিফা শান্তি বঁটা

‘মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান’;ড’নাল্ড ট্ৰাম্পলৈ প্ৰথম ফিফা শান্তি বঁটা

ফিফাই ড’নাল্ড ট্ৰাম্পক প্ৰদান কৰিলে প্ৰথম ফিফা শান্তি বঁটা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তি বঁটাৰে সন্মানিত কৰা হয়। অৱশ্যে এয়া শান্তিৰ নোবেল বঁটা নাছিল,যাৰ দাবী ট্ৰাম্পে নিজেই কেইবাবাৰো কৰিছিল। শুকুৰবাৰে ফিফাই ট্ৰাম্পক প্ৰথমটো ‘ফিফা শান্তি বঁটা (FIFA Peace Prize)- Football Unites the World’ বঁটা প্ৰদান

ফিফাই ড’নাল্ড ট্ৰাম্পক প্ৰদান কৰিলে প্ৰথম ফিফা শান্তি বঁটা।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তি বঁটাৰে সন্মানিত কৰা হয়। অৱশ্যে এয়া শান্তিৰ নোবেল বঁটা নাছিল,যাৰ দাবী ট্ৰাম্পে নিজেই কেইবাবাৰো কৰিছিল।

শুকুৰবাৰে ফিফাই ট্ৰাম্পক প্ৰথমটো  ‘ফিফা শান্তি বঁটা (FIFA Peace Prize)- Football Unites the World’ বঁটা প্ৰদান কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছিল।

ফিফাৰ ২০২৬ ৰ বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ৱাশ্বিংটনত অনুষ্ঠিত এক বৃহৎ সমাৰোহত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ট্ৰাম্পক গোল্ডেন ট্ৰফী,পদক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ইনফান্টিনোৱে ট্ৰাম্পক এই বঁটা প্ৰদান কৰি কয় যে,’এইটো আপোনাৰ শান্তিৰ বঁটা মহোদয়।আপুনি বিশ্বত শান্তি আৰু ঐক্যৰ বাবে যি কাম কৰিছে,তাৰ বাবে এই সন্মান’।

এই বঁটা গ্ৰহণ কৰি ট্ৰাম্পে কয় যে,’এইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান।’ লগতে তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামক ধন্যবাদ জনায়।

গাজা যুদ্ধবিৰতিত ট্ৰাম্পৰ ভূমিকাক প্ৰশংসা কৰি ইনফান্টিনোৱে কয় যে,ট্ৰাম্প নোবেলৰ যোগ্য।এই বঁটা প্ৰথমবাৰৰ বাবে ফিফাই আৰম্ভ কৰিছে আৰু ফিফাৰ দ্বাৰা আৰম্ভ কৰা বিশ্ব শান্তি বঁটাৰ বিজয়ী হয় ট্ৰাম্প।

লগতে পঢ়ক: তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে

শেহতীয়া প্ৰৱন্ধসমূহ