“UCC-এ মানুহৰ ব্যক্তিগত জীৱনৰ ‘চোৰাংচোৱাগিৰি’ৰ অনুমতি দিবঃঅখিল গগৈ

‘লিভ ইন ৰিলেশ্বনশ্বীপৰ বিৰুদ্ধে আইন অনাটো সম্পৰ্কৰ গোপনীয়তা ফাদিল কৰাৰ দৰে’।UCCৰ বিৰোধীতা কৰি সদনত অখিল গগৈয়ে মন্তব্য কৰিছে।

বিধায়ক অখিল গগৈয়ে অসম বিধানসভাত প্ৰস্তাৱিত UCC বিধেয়কক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে ইয়াৰ ফলত নাগৰিকৰ ব্যক্তিগত জীৱনত চৰকাৰী হস্তক্ষেপ আৰু চোৰাংচোৱাগিৰি বৃদ্ধি পাব।

গগৈয়ে কয়, “অসমৰ মানুহৰ ব্যক্তিগত জীৱন সম্পৰ্কে UCC-এ কি কৈছে আৰু চৰকাৰে কি কৈছে, তালৈ লক্ষ্য কৰক। চৰকাৰে মানুহৰ জীৱনৰ অন্তৰংগ আৰু ব্যক্তিগত দিশসমূহ নিৰীক্ষণ কৰিবলৈ এটা আমোলাতন্ত্ৰ সৃষ্টি কৰিছে।”

তেওঁ অভিযোগ কৰে যে প্ৰস্তাৱিত এই ব্যৱস্থাৰ ফলত প্ৰশাসনে “প্ৰতিটো মুহূৰ্ততে আপোনাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিব। আপুনি কেনেকৈ বাস কৰে, কেনেকৈ নিজৰ জীৱন চলায় আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অহৰহ নজৰ কৰি থাকিব। ইয়াক কেনেকৈ অনুমতি দিব পাৰি বুলিও তেওঁ প্ৰশ্ন কৰে।

বিধায়কগৰাকীয়ে যুক্তি দৰ্শায় যে আগবঢ়ায় যে এনে বিধানে সাংবিধানিক নীতি উলংঘা কৰে আৰু গোপনীয়তাৰ অধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কৰা পৰ্যবেক্ষণৰ বিপৰীতে গৈছে।

গগৈয়ে কয়, “ভাৰতীয় সংবিধানে কি কয় আৰু উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কি কৈ আহিছে? উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কৈছে যে বিধানসভা আৰু সংসদে এইদৰে ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিব নোৱাৰে।”

বিজেপি নেতৃত্বাধীন অসম চৰকাৰক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে প্ৰশাসনে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি মানুহৰ ব্যক্তিগত জীৱনৰ ওপৰত নিয়ন্ত্ৰণ জাপি দিবলৈ চেষ্টা কৰিছে।কিন্তু এতিয়া, ৰাজ্য চৰকাৰে এক হিটলাৰী মানসিকতাৰে মানুহৰ ব্যক্তিগত জীৱনৰ ওপৰত চকু ৰাখিব বিচাৰিছে ।

তেওঁ লগতে কয়, “এয়া আমাৰ ব্যক্তিগত জীৱন আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ ওপৰত এক আক্ৰমণ, আৰু ইয়াক বাতিল কৰিবই লাগিব।” প্ৰস্তাৱিত আইনখনক ব্যক্তিগত স্বাধীনতাৰ ওপৰত এক “আক্ৰমণ” বুলি অভিহিত কৰি গগৈয়ে এনেধৰণৰ ব্যৱস্থাসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক: ‘UCCৰ পৰা মুছলমান সমাজক বাদ দিয়ক’; বিধায়ক মজিবুৰ ৰহমান

লিভ ইন ৰিলেশ্যনশ্বীপক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

যুৱক-যুৱতী সকলৰ সন্মান, অধিকাৰ নিশ্চিত কৰাক লৈ অসমত লিভ ইন ৰিলেশ্যনশ্বীপৰ বাবে আইনগত ব্যৱস্থা কৰা হৈছে।

অসম বিধানসভাত আজি উত্থাপন হ’ল UCC বিধেয়ক। এই বিধেয়কখনত লিভ ইন ৰিলেশ্যনশ্বীপক লৈ ৰাজ্য চৰকাৰে নতুন নিয়ম জাৰি কৰিছে।এতিয়াৰে পৰা লিভ ইন ৰিলেশ্যনশ্বীপত থাকিলে যুৱক-যুৱতী সকলে জনাব লাগিব উপ-পঞ্জীয়কক। উপ-পঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত। ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়মেই প্ৰযোজ্য হ’ব।উপ-পঞ্জীয়কক নজনোৱাকৈ যুৱক-যুৱতী সকলে একেলগে এমাহ ধৰি লিভ ইনত থাকিলে দোষী সাব্যস্ত হ’ব।ইমানেই নহয় তিনিমাহ ধৰি থাকিব খাটিব লাগিব জে’ল, ভৰিব লাগিব জৰিমনা ।

এই বিধেয়ক অনুসৰি লিভ ইনত থাকিবলৈ হ’লে এজনৰ বয়স ২১বছৰ হ’ব লাগিব। যদি ২১ বছৰৰ তলত হয় তেনেহলে অভিভাৱক সকলে এই কথা জানিব লাগিব।লিভ ইনত সন্তান জন্ম হ’লেও বৈধ ঘোষণা কৰা হ’ব।লিভ ইনত থকাৰ পিছত বিচ্ছেদ বিচাৰিলে দুয়োজনৰ সন্মতিতহে বিচ্ছেদ হ’ব। সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰিব লাগিব ভৰণ-পোষণ।ভৰণ-পোষণ বিচাৰি যুৱতী গৰাকীয়ে কাষ চাপিব পাৰিব আদালতৰ।

লগতে পঢ়ক: অসম বিধানসভাত উত্থাপন হ’ল UCC বিধেয়ক