দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা

-দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা

-আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাত এই তথ্য

-২০২৫ চনৰ মোড অৱ দ্যা নেশ্যনৰ সমীক্ষা

-ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থান ড০ হিমন্ত বিশ্ব শৰ্মাক

-অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগ আৰু কৰ্ণাটক ইত্যাদিক অতিক্ৰম অসমৰ মুখ্যমন্ত্ৰীৰ

-ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখিত নেতা হিচাপে চিহ্নিত মুখ্যমন্ত্ৰী

-ৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বতকৈ জনপ্ৰিয়তা বাঢ়িছে অমসৰ মুখ্যমন্ত্ৰীৰ

-৫৫.৪% ৰেটিঙৰ সৈতে অতিক্ৰম কৰিছে কেইবাজনো সমকক্ষক

-ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু শাসনৰ উৎকৃষ্টতাক পুনৰ নিশ্চিত কৰিছে

-যোৱা ২ বছৰত পূৰ্বতকৈ ৬% ৰেটিং বাঢ়িছে মুখ্যমন্ত্ৰীৰ

-বিগত ৩ বছৰত অসমে আন্তঃ গাঠনি, স্বাস্থ্য সেৱা, শিক্ষা, আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত লাভ কৰিছে অগ্ৰগতি

-এডভান্টেজ আসাম ২.০ৰ পূৰ্বে এই খবৰ ইতিবাচক

-বিনিয়োগৰ গন্তব্যস্থান হিচাপে অসমৰ আহ্বানক এক শক্তিশালী বাৰ্তা হিচাপে গ্ৰহণ কৰিছে

কোন হ’ব ৰাজধানীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী…ইয়াতো বিজেপিয়ে ল’ব নেকি আশ্চৰ্যকৰ সিদ্ধান্ত ? চৰ্চাত কোন কোন ?

দিল্লীত আম আদমী পাৰ্টিক পৰাস্ত কৰি ২৭ বছৰীয়া ক্ষমতাৰ পৰা নিৰ্বাসনৰ অন্ত পেলোৱাৰ পিছত বিজেপিৰ বাবে পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে মুখ্যমন্ত্ৰী বাছনি কৰা । ইতিমধ্যে বহু প্ৰতিদ্বন্দ্বীৰ নামো চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছে । কোৱা হৈছে যে বিজেপিৰ শীৰ্ষ নেতৃত্বই হয়তো নতুন দিল্লীৰ আসনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মাক পুৰস্কৃত কৰিব পাৰে আৰু তেওঁ দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আগবাঢ়ি আছে । নিৰ্বাচনৰ ফলাফলৰ লগে লগে প্ৰবেশ বাৰ্মা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিবলৈ যায় । ইয়াৰ পিছতে তেওঁ বিজেপিৰ নৱনিৰ্বাচিত একাংশ বিধায়কৰ লগতে উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক সাক্ষাৎ কৰিবলৈ দিল্লী ৰাজ নিৱাসতো উপস্থিত হয় ।

কিন্তু যোৱা কিছু বছৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মনত কি চলি আছে সেয়া অনুমান কৰিবলৈ ৰাজনৈতিক বিশ্লেষক আৰু সাংবাদিকসকলৰ বাবে কঠিন হৈ পৰিছে । বিগত কেইবাবাৰো এনেকুৱা হৈছে যে সংবাদ মাধ্যমত কিছু নাম চৰ্চা হ’লে ভাৰতীয় জনতা পাৰ্টিয়ে অচিনাকি মুখ এখন আগবঢ়াই সকলোকে আচৰিত কৰি তোলে । শেহতীয়াকৈ যেতিয়া মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিয়ে জয়লাভ কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী পদৰ বাবে সংবাদ মাধ্যমত পৰিচিত নাম চৰ্চিত হৈছিল । কিন্তু বিজেপিয়ে এনে নেতাক তিনিওখন ৰাজ্যতে মুখ্যমন্ত্রী পদত অধিষ্ঠীত কৰিলে, যিটো কোনেও অনুমান কৰিব পৰা নাছিল । ছত্তীশগড়ত বিজেপিয়ে চৰকাৰৰ নেতৃত্ব বিষ্ণু দেৱ ছাইক, মধ্যপ্ৰদেশত মোহন যাদৱক আৰু ৰাজস্থানত ভজনলাল শৰ্মাৰ হাতত অৰ্পণ কৰে ।

দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে এই নামসমূহৰ চৰ্চা-

১৯৯৩ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত বিজেপিয়ে শেষবাৰৰ বাবে দিল্লীত ক্ষমতা দখল কৰিছিল । এই ৫ বছৰৰ সময়ছোৱাত দলটোৱে ৩ জনক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠীত কৰিছিল – মদন লাল খুৰানা, চাহিব সিং বাৰ্মা আৰু সুষমা স্বৰাজ । এই মুহূৰ্তত দিল্লীত চৰ্চা চলি থকা নামসমূহৰ ভিতৰত আছে প্ৰবেশ বাৰ্মাৰ উপৰিও আৰ এছ এছৰ বিশেষ অজয় ​​মহাৱাৰ, পূৰ্বাঞ্চলি অভয় বাৰ্মা আৰু পংকজ সিং, বিজেপিৰ তিনিবাৰৰ বিধায়ক বিজেন্দ্ৰ গুপ্তা আৰু এ বি ভি পিৰ প্ৰাক্তন নেতা তথা এন ডি এম চিৰ উপাধ্যক্ষ সতীশ উপাধ্যায় । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ নামো চৰ্চা চলি আছে । এই সন্দৰ্ভত সোধাত সচদেৱে কয়, ‘দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব কেৱল বিজেপি কৰ্মী আৰু কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত ল’ব ।’

কাৰোবাৰ হাতত ৯৩১ কোটি, কাৰোবাৰ হাতত ১৫ লাখ…ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আটাইতকৈ ধনী ?  

সোমবাৰে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এ ডি আৰ) এক প্ৰতিবেদন প্ৰকাশ কৰি দেশৰ ধনী মুখ্যমন্ত্ৰী আৰু কম সম্পত্তি থকা মুখ্যমন্ত্ৰীৰ তথ্য প্ৰদান কৰিছে । এ ডি আৰৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ৯৩১ কোটিৰো অধিক সম্পত্তিৰে ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী, আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হৈছে মাত্ৰ ১৫ লাখ টকাৰ সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী ।

এ ডি আৰে প্ৰতিবেদনত উল্লেখ কৰিছে যে প্ৰতিজন মুখ্যমন্ত্ৰীৰ গড় সম্পত্তি ৫২.৫৯ কোটি টকা । ভাৰতৰ জনমূৰি নিকা ৰাষ্ট্ৰীয় আয় ২০২৩–২০২৪ চনত প্ৰায় ১,৮৫,৮৫৪ টকা, আনহাতে এজন মুখ্যমন্ত্ৰীৰ গড় আয় ১৩,৬৪,৩১০ টকা, যিটো ভাৰতৰ গড় জনমূৰি আয়ৰ প্ৰায় ৭.৩ গুণ । এ ডি আৰৰ তথ্য অনুসৰি দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি ১৬৩০ কোটি টকা ।

এ ডি আৰে প্ৰকাশ কৰা তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু হৈছে মুঠ ৩৩২ কোটিতকৈ অধিক সম্পত্তিৰে দ্বিতীয় সৰ্বাধিক ধনী মুখ্যমন্ত্ৰী । আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৫১ কোটিতকৈ অধিক সম্পত্তিৰে এই তালিকাত তৃতীয় স্থানত আছে ।

কম সম্পত্তি থকা মুখ্যমন্ত্ৰী-

মাত্ৰ ১৫ লাখ টকাৰে সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ৫৫ লাখ টকাৰ সম্পত্তিৰে তালিকাৰ দ্বিতীয় দৰিদ্ৰ মুখ্যমন্ত্ৰী, আনহাতে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন ১.১৮ কোটি টকাৰ সম্পত্তিৰে তৃতীয় সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী । দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত মাত্ৰ দুগৰাকী মহিলা- পশ্চিম বংগৰ মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী ।

প্ৰতিজন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি আছে-

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ মুঠ সম্পত্তি প্ৰায় ২৫.৩৩ কোটি টকা, আনহাতে তেওঁৰ ঋণৰ পৰিমাণ ৩.৯২ কোটি টকা । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হাতত আছে ১৫ কোটি টকাৰ সম্পত্তি । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩ কোটি টকা । গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ মুঠ সম্পত্তিৰ মূল্য ৯ কোটি টকা, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ মুঠ সম্পত্তিৰ মূল্য ৮ কোটি টকা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল ৮ কোটিৰো অধিক সম্পত্তিৰ মালিক ।

এ ডি আৰৰ প্ৰতিবেদন অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ মুঠ মুঠ সম্পত্তি হৈছে ১৩.২৭ কোটি টকা, আনহাতে তেওঁৰ ৬২ লাখ টকাৰ ঋণ আছে । হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ ৭ কোটি টকাৰ অধিক সম্পত্তি আছে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ৪ কোটি টকাৰ অধিক সম্পত্তি আছে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৩ কোটি টকাৰ অধিক সম্পত্তি আছে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ১ কোটি টকাৰ সম্পত্তি আছে ।