ফিনলেণ্ড পৃথিৱীৰ আটাইতকৈ সুখী দেশ… উন্নত হ’ল ভাৰতৰ ৰেংকিং

একেৰাহে অষ্টমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে পৰিগণিত হৈছে ফিনলেণ্ড । ১৪৭খন দেশৰ এই ৰেংকিঙত ভাৰতে ১১৮ নম্বৰ স্থান লাভ কৰিছে । যোৱা বছৰ এই ৰেংকিঙত ভাৰত ১২৬ নম্বৰ স্থানত আছিল । এইদৰে ভাৰতৰ ৰেংকিঙত ৮টা স্থান উন্নত হৈছে । অৱশ্যে আশ্চৰ্যজনক কথাটো হ’ল এইবাৰো পাকিস্তানে এই তালিকাত ভাৰতক অতিক্ৰম কৰিছে । এই সূচকাংকত ১০৯ নম্বৰ স্থান লাভ কৰিছে পাকিস্তানে ।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিয়িং ৰিচাৰ্চ চেণ্টাৰে প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ২০২৫ অনুসৰি সুখ কেৱল অৰ্থনৈতিক বিকাশৰ দ্বাৰা নিৰ্ধাৰিত নহয়, মানুহৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সামাজিক বন্ধনেও ইয়াত ডাঙৰ ভূমিকা পালন কৰে । প্ৰতিবেদন অনুসৰি আন নৰ্ডিক দেশসমূহো পুনৰবাৰ সুখৰ ৰেংকিঙত শীৰ্ষত আছে । ফিনলেণ্ডৰ উপৰিও ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডেন শীৰ্ষ চাৰিটা স্থানত আছে । নিজৰ জীৱনৰ ৰেটিং দিবলৈ কোৱাৰ সময়ত মানুহে দিয়া উত্তৰৰ ওপৰত ভিত্তি কৰি দেশসমূহৰ ৰেংকিং কৰা হৈছে । বিশ্লেষণ প্ৰতিষ্ঠান গ্যালাপ আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ সৈতে অংশীদাৰিত্বৰে এই অধ্যয়ন কৰা হৈছে ।

কোনবোৰ দেশে হেপীনেছ ইনডেস্কত আধিপত্য বিস্তাৰ কৰিছে আৰু কোনবোৰ দেশ পিছ পৰি আছে ?

সুখী মানুহৰ ৰেংকিঙত আমেৰিকা এতিয়ালৈকে সৰ্বনিম্ন স্থানত উপনীত হৈছে । ৰেংকিঙৰ শীৰ্ষ ২০ স্থানত ইউৰোপীয় দেশৰ আধিপত্য আছে যদিও ইয়াৰ কিছু ব্যতিক্ৰম আছে । হামাছৰ সৈতে যুদ্ধ হোৱাৰ পিছতো ইজৰাইলৰ স্থান অষ্টম । কোষ্টা ৰিকা আৰু মেক্সিকোৱে প্ৰথমবাৰৰ বাবে সুখী দেশৰ শীৰ্ষ দহখন স্থানত প্ৰৱেশ কৰি ক্ৰমে ষষ্ঠ আৰু দশম স্থান লাভ কৰিছে । এই ৰেংকিঙত আমেৰিকাই ২৪ নম্বৰ স্থানত উপনীত হৈছে । ইয়াৰ পূৰ্বে ২০১২ চনত দেশখন ১১ নম্বৰ স্থানত আছিল ।

প্ৰতিবেদনত কোৱা হৈছে যে বিগত দুটা দশকত আমেৰিকাত অকলে খাদ্য খোৱা লোকৰ সংখ্যা ৫৩ শতাংশ বৃদ্ধি পাইছে । এই তালিকাত যুক্তৰাজ্যৰ স্থান ২৩ । এই ৰেংকিঙত আফগানিস্তানক বিশ্বৰ আটাইতকৈ অসুখী দেশ হিচাপে অভিহিত কৰা হৈছে । আফগান মহিলাসকলে কয় যে তেওঁলোকৰ জীৱন বিশেষভাৱে কঠিন । পশ্চিম আফ্ৰিকাৰ দ্বিতীয় অসুখী দেশ ছিয়েৰা লিয়ন, তাৰ পিছতে তলৰ পৰা তৃতীয় স্থানত আছে লেবানন ।

বিশ্বৰ ২০খন সুখী দেশ-

ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, ছুইডেন, নেদাৰলেণ্ড, কোষ্টা ৰিকা, নৰৱে, ইজৰাইল, লাক্সেমবাৰ্গ, মেক্সিকো, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, চুইজাৰলেণ্ড, বেলজিয়াম, আয়াৰলেণ্ড, লিথুৱেনিয়া, অষ্ট্ৰিয়া, কানাডা ।

হেপীনেছ ইনডেস্কত আটাইতকৈ বেয়া ৰেংকিং-

আফগানিস্তান (নং ১৪৭) পুনৰবাৰ তালিকাৰ তলত । সুখৰ ক্ষেত্ৰত ছিয়েৰা লিয়ন (১৪৬ নং), লেবানন (১৪৫ নং), মালাউই (১৪৪ নং) আৰু জিম্বাবুৱে (১৪৩ নং) দেশৰ ভিতৰত আছে ।

‘আপুনি আমাৰ হৃদয়ৰ বহু ওচৰত…’, সুনীতালৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ এখন পত্ৰ লিখি ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ লিখা চিঠিখন শ্বেয়াৰ কৰি টুইট কৰে ।

পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “সুনীতা উইলিয়ামছ নিৰাপদে উভতি অহাৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ এইগৰাকী কন্যাৰ প্ৰতি উদ্বেগ আৰু স্নেহ প্ৰকাশ কৰিছে…”

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ পত্ৰত লিখিছে, “আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ অতি ওচৰত আছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰত লিখিছে, “ভাৰতবাসীৰ হৈ আপোনালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আজি মই এটা অনুষ্ঠানত বিখ্যাত মহাকাশচাৰী মাইক মাছিমিনোক লগ পালোঁ । কথা-বতৰাৰ সময়ত আপোনাৰ নাম আহিল আৰু আমি আলোচনা কৰিলোঁ যে আমি আপোনাৰ আৰু আপোনাৰ কামক লৈ কিমান গৌৰৱান্বিত । এই আলোচনাৰ পিছত আপোনালৈ চিঠি লিখাৰ পৰা মই নিজকে বাধা দিব নোৱাৰিলোঁ ।”

প্ৰধানমন্ত্ৰীয়ে আৰু লিখিছে যে, “যেতিয়াই মই ৰাষ্ট্ৰপতি ট্ৰাম্প বা ৰাষ্ট্ৰপতি বাইডেনক আমেৰিকা ভ্ৰমণৰ সময়ত লগ পাইছিলো, তেতিয়াই মই সদায় আপোনালোকৰ কুশল-মংগলৰ বিষয়ে সুধিছিলো ।”

পত্ৰখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে ১৪০ কোটি ভাৰতীয়ই আপোনাৰ এই কৃতিত্বক লৈ সদায় গৌৰৱ কৰি আহিছে । শেহতীয়া পৰিঘটনাই আপোনাৰ প্ৰেৰণাদায়ক অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমক আকৌ এবাৰ উজ্জ্বল কৰি তুলিছে । আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ বহু ওচৰত । ভাৰতবাসীয়ে আপোনাৰ সুস্বাস্থ্য আৰু মিছনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, “বনি পাণ্ডিয়াই নিশ্চয় আপোনাৰ উভতি অহাৰ বাবে আগ্ৰহেৰে বাট চাই থাকিব আৰু মই নিশ্চিত যে প্ৰয়াত দীপকভাইৰ শুভেচ্ছাও আপোনাৰ লগত আছে । ২০১৬ চনত আমেৰিকা ভ্ৰমণৰ সময়ত আপোনাক আৰু দীপকভাইক লগ পোৱাৰ মোৰ এতিয়াও ভাল লগা স্মৃতি আছে । আপোনাৰ উভতি অহাৰ সময়ত আমি আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী । ভাৰতৰ বাবে ইয়াৰ এগৰাকী বিশিষ্ট কন্যাক আতিথ্য দিয়াটো গৌৰৱৰ বিষয় হ’ব ‘আপুনি আৰু উইলম’ৰলৈ নিৰাপদ উভতি অহাৰ বাবে শুভেচ্ছা জনাইছো ।’

‘দুয়োখন দেশে ইখনে সিখনৰ পৰা শিকিছে…’, ভাৰত-চীন সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যক প্ৰশংসা ড্ৰেগনৰ

ভাৰত-চীন সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইতিবাচক বক্তব্যক সোমবাৰে প্ৰশংসা কৰে চীনে । প্ৰধানমন্ত্ৰী মোদীয়ে পাৰস্পৰিক মতানৈক্যৰ পৰিৱৰ্তে আলোচনাক অগ্ৰাধিকাৰ দিয়াৰ কথা কৈছিল । চীনে কয় যে দুয়োখন দেশৰ সফলতাৰ একমাত্ৰ বিকল্প ‘হাতী’ আৰু ‘ড্ৰেগন’ৰ যৌথ নৃত্য ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে প্ৰধানমন্ত্ৰী মোদীৰ সংবাদ মাধ্যমৰ বক্তব্যৰ প্ৰশংসা কৰে, যিটো তেওঁ আমেৰিকাৰ প’ডকাষ্ট হোষ্ট লেক্স ফ্ৰিডমেনৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছিল । মাওৱে কয়, ‘ভাৰত-চীন সম্পৰ্কৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ দিয়া ইতিবাচক বক্তব্য চীনে লক্ষ্য কৰিছে । চীনে ইয়াৰ শলাগ লৈছে ।

মাও নিঙে লগতে কয় যে অক্টোবৰ মাহত ৰাছিয়াৰ কাজানত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত এখন সফল বৈঠক হৈছিল, যিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি আৰু বিকাশৰ বাবে কৌশলগত দিশ প্ৰদান কৰিছিল । দুয়োখন দেশে উমৈহতীয়া চুক্তিসমূহ মানি চলি গুৰুত্বপূৰ্ণ আদান-প্ৰদান শক্তিশালী কৰি ইতিবাচক ফলাফল লাভ কৰে ।

২০০০ বছৰতকৈও অধিক সময়ৰ ইতিহাসত দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে: চীন

তেওঁ আৰু কয়, মই এই কথাত গুৰুত্ব দিব বিচাৰিছো যে ২০০০ বছৰতকৈও অধিক সময়ৰ ইতিহাসত দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ যোগাযোগ আছে । দুয়োখন দেশে ইখনে সিখনৰ পৰা শিকিছে, মানৱতাৰ সভ্যতামূলক সাফল্য আৰু প্ৰগতিত অৰিহণা যোগাইছে । তেওঁ লগতে কয় যে চীন আৰু ভাৰত বিশ্বৰ বৃহত্তম উন্নয়নশীল দেশ আৰু তেওঁলোকৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে ইখনে সিখনৰ সফলতাক বুজি পোৱা আৰু সমৰ্থন কৰাৰ বাবে একেলগে কাম কৰে । ই ২.৮ বিলিয়নতকৈও অধিক লোকৰ স্বাৰ্থৰ সেৱা কৰে আৰু অঞ্চলটোৰ অন্যান্য দেশৰ উমৈহতীয়া আকাংক্ষা পূৰণ কৰে ।

ভাৰতৰ দৰে এই ৭ খন দেশতো অতি উলহ মালহেৰে উদযাপন কৰা হয় হোলী…জানক ক’ত কেনেকৈ হয় উদযাপন !

কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত অতি উৎসাহ আৰু আড়ম্বৰেৰে হোলী উদযাপন কৰা হয় । ৰঙৰ এই উৎসৱ কেৱল সুখৰ প্ৰতীক নহয় বৰঞ্চ পাৰস্পৰিক ভাতৃত্ববোধ আৰু প্ৰেমৰ বাৰ্তাও দিয়ে । ভাৰতৰ বাহিৰৰ বহু দেশত ভাৰতীয় সম্প্ৰদায়ৰ বাবে বিশেষ ধৰণেৰে হোলী উদযাপন কৰা হয় ।

জানক নেপালৰ পৰা আমেৰিকালৈকে কোনবোৰ দেশত কেনেকৈ হোলী উদযাপন কৰা হয়-

নেপাল-

ভাৰতৰ চুবুৰীয়া দেশ নেপালত হোলীৰ বিশেষ তাৎপৰ্য আছে । এই দেশত ইয়াক ‘ফাগু পূৰ্ণিমা’ বুলি জনা যায় । কাঠমাণ্ডুৰ দৰে চহৰত হোলী উদযাপন এক প্ৰধান সাংস্কৃতিক অনুষ্ঠানত পৰিণত হৈছে য’ত মানুহে ৰং খেলে, সংগীত উপভোগ কৰে আৰু পৰম্পৰাগত খাদ্যৰ সোৱাদ লয় ।

মৰিচাছ-

মৰিচাছত বৃহৎ সংখ্যক ভাৰতীয় মূলৰ লোক আছে, সেয়েহে ইয়াত হোলী অতি উৎসাহেৰে উদযাপন কৰা হয় । মানুহে ইজনে সিজনক ৰং সানি ভজন আৰু কীৰ্তন গাই গুজিয়া, মালপোৱা আদি পৰম্পৰাগত ব্যঞ্জন উপভোগ কৰে ।

যুক্তৰাজ্য (UK)-

ব্ৰিটেইনত ভাৰতীয় প্ৰবাসীসকলৰ মাজত হোলী অতি জনপ্ৰিয় । লণ্ডন, বাৰ্মিংহামৰ দৰে চহৰত হোলী উৎসৱৰ আয়োজন কৰা হয়, য’ত ৰঙৰ লগতে বলীউডৰ সংগীত, নৃত্য আৰু খাদ্য-পানীয়ৰ আনন্দ লোৱা হয় ।

আমেৰিকা-

হোলী এতিয়া আমেৰিকাত বহু সংস্কৃতিৰ উৎসৱত পৰিণত হৈছে । নিউয়ৰ্ক, কেলিফৰ্ণিয়া আৰু টেক্সাছত ‘ফেষ্টিভেল অৱ কালাৰছ’ নামেৰে বৃহৎ পৰিসৰত হোলী উদযাপন কৰা হয় । ইয়াত ভাৰতীয় আৰু বিদেশী উভয় সম্প্ৰদায়ে ৰং আৰু সংগীতেৰে এই উৎসৱ উপভোগ কৰে ।

ট্ৰিনিদাদ আৰু ট’বাগো-

ট্ৰিনিদাদ আৰু ট’বাগোত হোলীক ‘ফাগৱাহ’ বুলি কোৱা হয় । ইয়াত ভাৰতীয় প্ৰবাসী সমাজে এই উৎসৱ উদযাপন কৰে । মানুহে আবিৰ-গুলালৰ লগত খেলে আৰু পৰম্পৰাগত গীত গাই এই দিনটোক বিশেষ কৰি তোলে ।

ফিজি-

ফিজিতো অতি আড়ম্বৰেৰে হোলী উদযাপন কৰা হয় । ইয়াত ভাৰতীয় মূলৰ মানুহে ভজন আৰু কীৰ্ত্তন গাই ৰঙেৰে খেলা কৰে । ফিজিত হোলীৰ সময়তো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বাংলাদেশ-

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকে হোলী উদযাপন কৰে । ইয়াৰ মন্দিৰ আৰু ভাৰতীয় প্ৰধান অঞ্চলত ৰঙেৰে উদযাপন কৰা হয় হোলী উৎসৱ ।

২০২৩ৰ পৰা আই চি চি প্ৰতিযোগিতাত ভাৰতৰ আধিপত্য, ২৪খন খেলৰ ২৩খনত জয়লাভ…দুটাকৈ খিতাপ দখল

ৰোহিত শৰ্মাৰ নেতৃত্বত ২০২৩ চনৰ পৰা ভাৰতীয় দলটোৱে আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰি আহিছে । ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহলৈকে ভাৰতে মুঠ ২৪খন মেচ খেলিছে, ইয়াৰে ২৩খন খেলত জয়ী হৈছে ভাৰত । ভাৰতীয় দলটোৱে আই চি চিৰ বিগত তিনিখন সীমিত অভাৰৰ প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হ’লেও তাৰ পিছত একেৰাহে দুটা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলে ।

শেহতীয়াকৈ ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছে । এয়া ভাৰতৰ সপ্তমটো আই চি চি ট্ৰফী । ইয়াৰ পূৰ্বে দলটোৱে ১৯৮৩ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ, ২০০৭ আৰু ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০০২, ২০১৩ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল । এই সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰত অপৰাজিত হৈ থাকে । একেৰাহে পাঁচখন মেচত জয়লাভ কৰি ভাৰতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে ।

অপৰাজিত হৈ থাকি দুয়োটা খিতাপ জয় কৰে-

শেহতীয়াকৈ আই চি চি প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে যিদৰে প্ৰদৰ্শন কৰিছে, সেইদৰে ই আই চি চি প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰা কেইটামান দলৰ ভিতৰত অন্যতম হৈ পৰিছে । ভাৰতৰ এই বিজয়ৰ কাহিনী আৰম্ভ হয় ২০২৩ চনৰ অক্টোবৰ মাহত যেতিয়া দলটোৱে ঘৰুৱা খেলপথাৰত এদিনীয়া বিশ্বকাপত অংশ লয় । এদিনীয়া বিশ্বকাপৰ খেলখন ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হৈছিল আৰু ১০টা দলেই এবাৰ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল । গ্ৰুপ পৰ্যায়ৰ ৯খন খেলৰ আটাইকেইখন খেলত জয়লাভ কৰি তাৰ পাছত ছেমি ফাইনেলত জয়লাভ কৰি দলটো একেৰাহে ১০ খন মেচত জয়ৰ দিশে আগুৱাই যায় আৰু ফাইনেলত প্ৰৱেশ কৰে । কিন্তু খিতাপৰ মেচখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ লগতে বিজয়ী অভিযান স্তব্ধ হৈ পৰে ভাৰতৰ ।

এই পৰাজয়ৰ বাবে ভাৰত বহু ক্ষতিগ্ৰস্ত হৈছিল কাৰণ দলটোৱে ২০১১ চনৰ পিছত পুনৰবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ অতি ওচৰ চাপিছিল । ইয়াৰ সাত মাহৰ পাছত ২০২৪ চনৰ জুন মাহত ভাৰতে ৰোহিতৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজলৈ যায় । তাতো ভাৰতৰ প্ৰদৰ্শন এদিনীয়া বিশ্বকাপৰ দৰেই উৎকৃষ্ট আছিল আৰু দলটো অপৰাজিত হৈ থাকি জয়ী হৈছিল । এইদৰে ভাৰতে খিতাপৰ খৰাং শেষ কৰিলে । ইয়াৰ পিছত দলটোৱে চেম্পিয়নছ ট্ৰফীতো এই গতি বজাই ৰাখি প্ৰায় আঠ মাহৰ ভিতৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে আই চি চি খিতাপ দখল কৰে ।

চেম্পিয়ন হোৱাৰ পিছত কিয় বগা কোট লাভ কৰিলে টিম ইণ্ডিয়াই ?  চেম্পিয়নছ ট্ৰফী আৰু ‘হোৱাইট ব্লেজাৰ’ৰ আঁৰৰ কাহিনী কি ?

ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত অমৰ হৈ পৰিছে ২০২৫ চনৰ ৯ মাৰ্চৰ দিনটো । এই দিনটোতে টিম ইণ্ডিয়াই নিউজীলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । ভাৰতক জয়ৰ সোৱাদ প্ৰদান কৰা ৰবীন্দ্ৰ জাডেজাৰ চাৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হৈছে । কিন্তু এই মুহূৰ্তত আটাইতকৈ বেছি চৰ্চিত কথাটো হ’ল ভাৰতীয় দলটোক দিয়া বগা কোট (হোৱাইট ব্লেজাৰ) । ইয়াত জানি লওক চেম্পিয়নছ ট্ৰফী বিজয়ীক কিয় বগা কোট দিয়া হয় আৰু ইয়াৰ তাৎপৰ্য কি ?

টিম ইণ্ডিয়াই কিয় লাভ কৰিলে হোৱাইট ব্লেজাৰ ?

যদিও ১৯৯৮ চনত চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হৈছিল, তথাপি বিজয়ী দলটোক বগা ব্লেজাৰ দিয়াৰ পৰম্পৰা ২০০৯ চনৰ পৰা আৰম্ভ হৈছিল । বগা কোটৰ আঁৰৰ কথা পোহৰলৈ আহিছে আই চি চিৰ অফিচিয়েল ৱেবছাইটত । আই চি চিৰ তথ্য অনুসৰি বগা কোটটো ‘বেজ অৱ অনাৰ’ হিচাপে দিয়া হয় । সহজ ভাষাত ক’বলৈ গ’লে বগা কোটটো হ’ল বিজয়ী দলটোৰ প্ৰতি সন্মান, দৃঢ়তা আৰু মহানতা প্ৰদৰ্শন কৰা । ই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ প্ৰতীকো । হোৱাইট ব্লেজাৰ লাভ কৰাটোৱে বিজয়ী দলটোৱে ট্ৰফী জয় কৰিবলৈ যি উদ্যম ৰাখিছিল সেই কথাও প্ৰতিফলিত কৰে ।

প্ৰথম কোনে লাভ কৰিছিল হোৱাইট ব্লেজাৰ ?

চেম্পিয়নছ ট্ৰফী বিজয়ীক বগা ব্লেজাৰেৰে বঁটা দিয়াৰ পৰম্পৰা আৰম্ভ হৈছিল ২০০৯ চনৰ পৰা । ২০০৯ চনৰ এই প্ৰতিযোগিতাখন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল যদিও অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে । ফাইনেলত ৰিকি পণ্টিঙৰ অধিনায়কত্বত অষ্ট্ৰেলিয়ান দলটোৱে নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । সন্মানৰ চিন স্বৰূপে বগা কোট দিয়া প্ৰথমটো দল আছিল অষ্ট্ৰেলিয়া । উল্লেখ্য যে এই কোটটো ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী বিজয়ী ভাৰতকো দিয়া হৈছিল আৰু ২০১৭ চনত পাকিস্তানকো সন্মানৰ চিন স্বৰূপে বগা ব্লেজাৰ দিয়া হৈছিল ।

ভাৰতৰ হাতত চেম্পিয়নছ ট্ৰফী;  নিউজিলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় ঘৰুৱা দলটোৰ

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতে ইতিমধ্যে আইচিচি চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰিছে।দেওবাৰে  ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে ঘৰুৱা দলটোৱে।

কিৱি দলটোৱে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল।নিউজিলেণ্ডে ৫০ অভাৰত ৭ টা উইকেটত ২৫১ ৰাণ সংগ্ৰহ কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই ৪৯ অভাৰত ৬ উইকেটত ২৫৪ ৰাণ সংগ্ৰহ কৰি মেচ আৰু টুৰ্ণামেণ্ট দুয়োটাতে জয়লাভ কৰে।

এই বিজয়ৰ সৈতে, ভাৰতে তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফী জিকিছে। ইয়াৰ পূৰ্বে, ২০০২ চনত, সৌৰভ গাংগুলীৰ অধিনায়কত্বত, ভাৰত যুটীয়া বিজয়ী হৈছিল। দলটোৱে শ্ৰীলংকাৰ সৈতে ট্ৰফী ভাগ বতৰা কৰিব লগা হৈছিল।

তাৰ পিছত, মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত, দলটোৱে ২০১৩ চনত এই খিতাপ জিকিছিল, আৰু এতিয়া ৰোহিত শৰ্মাৰ অধিনায়কত্বত, পুনৰবাৰ জয় লাভ কৰিছে।

ভাৰতে ষষ্ঠবাৰৰ বাবে আইচিচি ট্ৰফী জিকিছে। ১৯৮৩ চনৰ এদিনীয়া বিশ্বকাপ, ২০০৭ টি-২০ বিশ্বকাপ, ২০১১ এদিনীয়া বিশ্বকাপ, ২০১৩ আইচিচি চেম্পিয়নছ ট্ৰফী আৰু ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত ভাৰতে আন এটা খিতাপ দখল কৰিছে।

ৰোহিত শৰ্মাৰ অধিনায়কত্বত, টীম ইণ্ডিয়াই শেষবাৰৰ বাবে ৱেষ্ট ইণ্ডিজত আইচিচি ট্ৰফী জিকিবলৈ সফল হৈছিল। তেওঁলোকে বাৰ্বাডোছত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপ দাবী কৰিছিল। ৰোহিতৰ অধিনায়কত্বত এইটো এতিয়া দ্বিতীয় আইচিচি খিতাপ।

‘কাশ্মীৰৰ চুৰি হোৱা অংশ ঘূৰাই পোৱাৰ অপেক্ষাত…’, লণ্ডনত ক’লে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে কাশ্মীৰৰ পৰিস্থিতি আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে । তেওঁ জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱা, কাশ্মীৰৰ উন্নয়ন আৰু অৰ্থনৈতিক কাৰ্যকলাপ, সামাজিক ন্যায় পুনৰুদ্ধাৰ কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰা আদি বিষয়ৰ ওপৰত আলোচনা কৰে ।

তেওঁ কয় যে জম্মু-কাশ্মীৰৰ একমাত্ৰ অংশ যিটো সমস্যাৰ সম্পূৰ্ণ সমাধানৰ পৰা অমীমাংসিত হৈ আছে সেয়া হ’ল ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ দখলত থকা, যিটো চুবুৰীয়া দেশখনে অবৈধভাৱে দখল কৰি আহিছে । এই অংশ উভতি অহাৰ লগে লগে সকলো সমাধান হ’ব ।

উপত্যকাত শান্তিৰ সূত্ৰ ব্যাখ্যা কৰি তেওঁ কয় যে জম্মু-কাশ্মীৰৰ শান্তি পুনৰুদ্ধাৰৰ সমগ্ৰ প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত গ্ৰহণ কৰা হৈছে । লণ্ডনৰ থিংক টেংক চাথাম হাউচত ‘ভাৰতৰ উত্থান আৰু বিশ্বত ভূমিকা’ বিষয়ত আলোচনাত তেওঁ এই মন্তব্য কৰে ।

তিনিটা পৰ্যায়ত কাশ্মীৰ সমস্যাৰ সমাধান-

লণ্ডনত হোৱা আলোচনাৰ সময়ত এজন ব্যক্তিয়ে এছ জয়শংকৰক কাশ্মীৰৰ সমাধান সন্দৰ্ভত এটা প্ৰশ্ন কৰে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, ‘কাশ্মীৰত শান্তি পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত সম্পন্ন কৰা হৈছে । প্ৰথমে ৩৭০ অনুচ্ছেদ আঁতৰাই দিয়া হ’ল । এইটোৱেই আছিল প্ৰথম পদক্ষেপ । ইয়াৰ পিছত দ্বিতীয় পদক্ষেপ আছিল কাশ্মীৰৰ উন্নয়ন আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ লগতে সামাজিক ন্যায় পুনৰুদ্ধাৰ কৰা । তৃতীয় পদক্ষেপটো আছিল ভোটদানৰ শতকৰা হাৰেৰে ভালকৈ নিৰ্বাচন অনুষ্ঠিত কৰা ।

পাকিস্তানে কাশ্মীৰৰ এটা অংশ চুৰি কৰিলে-

বৈদেশিক মন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘মই ভাবো যে আমি অপেক্ষা কৰি থকা দিনটো হ’ল পাকিস্তানে অবৈধভাৱে চুৰি কৰা কাশ্মীৰৰ সেই অংশটো ঘূৰি অহা । যেতিয়া এনেকুৱা হয় তেতিয়া মই আপোনালোকক আশ্বাস দিছো যে কাশ্মীৰ সমস্যা সমাধান হ’ব ।

আমেৰিকাৰ নীতিৰ ওপৰত এই কথা ক’লে-

আমেৰিকাৰ নীতিৰ বিষয়ে কওঁতে এছ জয়শংকৰে কয়, ‘ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাৰ প্ৰশাসনে বহুমেৰুত্বৰ দিশে আগবাঢ়িছে, যিটো ভাৰতৰ স্বাৰ্থৰ বাবে ভাল । দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হৈছে ।

বৰুণ চক্ৰৱৰ্তীৰ বলত আত্মসমৰ্পণ ট্ৰেভিছ হেডৰ…উল্লাসিত ভাৰতীয় সমৰ্থক

চলিত চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেল মেচত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ প্ৰথম অভাৰতে ট্ৰেভিছ হেডৰ ৰূপত ভাৰতক এটা ডাঙৰ উইকেট প্ৰদান কৰে । এই উইকেটটো এনে এটা সময়ত আহিছিল যেতিয়া হেডে ক্ৰীজত থিতাপি লৈ ডাঙৰ ডাঙৰ শ্বট খেলিবলৈ আৰম্ভ কৰিছিল । নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতাখনত প্ৰথমটো সুযোগ লাভ কৰি বৰুণে ৫টা উইকেট দখল কৰি সকলোকে আপ্লুত কৰে । আনকি ছেমি ফাইনেলতো তেওঁ টিম ইণ্ডিয়ালৈ যথেষ্ট সকাহ কঢ়িয়াই আনিছে, যেন এই উইকেটৰ জৰিয়তে ভাৰতৰ আধা উত্তেজনা শেষ হৈ গৈছে । এই উইকেটৰ পিছত সমগ্ৰ ষ্টেডিয়ামত ভাৰতীয় সমৰ্থকসকল উল্লাসিত হৈ পৰে । ইফালে হেডৰ উইকেট পতনৰ পিছতে বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাৰ প্ৰতিক্ৰিয়াও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

অধিনায়ক ৰোহিতে নৱম অভাৰ বৰুণ চক্ৰৱৰ্তীক গতাই দিয়ে । ছেমি ফাইনেলত তেওঁ সুযোগ পাইছে কাৰণ নিউজীলেণ্ডৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিছিল, যিখন প্ৰতিযোগিতাত তেওঁৰ প্ৰথমখন মেচ আছিল । চক্ৰৱৰ্তীয়ে ৰোহিতক নিৰাশ নকৰি প্ৰথম অভাৰৰ দ্বিতীয় বলত হেডক আউট কৰে । এই বলটোত ট্ৰেভিছ হেডে এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰিছিল যদিও বলটো মাত্ৰ ওপৰলৈ গ’ল । শুভমন গীলে এই কেচ আয়ত্ব কৰি হেডক পেভিলিয়নৰ বাট দেখুৱাই । ষ্টেডিয়ামত বহি থকা সকলোৱে এই উইকেট পতনত উল্লাসিত হৈ পৰে, অনুষ্কা শৰ্মায়ো থিয় হৈ হাত চাপৰি বজাই এই উইকেটটো পতনৰ ক্ষণ উদযাপন কৰে ।

টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই-

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ফাষ্ট বলাৰ মহম্মদ ছামীয়ে ভাৰতক প্ৰথমটো উইকেট দিয়ে । তেওঁ কাপুৰ কনলিক উইকেটকীপাৰৰ হাতত ধৰা পেলায় । ইয়াৰ পূৰ্বে ছামীয়ে প্ৰথম অভাৰৰ প্ৰথম বলত ট্ৰেভিছ হেডৰ কেচ ড্ৰপ কৰিছিল । আৰম্ভণিতে হেডে সাৱধানে বেটিং কৰিছিল যদিও তাৰ পিছত তেওঁ নিজৰ বিস্ফোৰক শৈলীলৈ আহিছিল । হেডে ৩৩টা বলত ৩৯ ৰানৰ ইনিংছ খেলে, য’ত তেওঁ ২টা ছয় আৰু ৫টা চাৰিটা কোবাই ।