‘বাংলাদেশ আৰু ভাৰতৰ মাজত সম্পৰ্ক শক্তিশালী, মাত্ৰ ভুল বুজাবুজি দূৰ কৰাৰ প্ৰয়োজন’… বিবাদৰ মাজতে ক’লে ইউনুছে

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী বুলি অভিহিত কৰি দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ভুল বুজাবুজি দূৰ কৰাৰ প্ৰচেষ্টাৰ ইংগিত দিয়ে । তেওঁ কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত সম্পৰ্ক শক্তিশালী আৰু ইয়াৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই যদিও কিছু বিবাদৰ সৃষ্টি হৈছে, যাৰ কাৰণ তেওঁ ভুল তথ্য আৰু অপপ্ৰচাৰ বুলি কয় ।

বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্ক গভীৰ- মহম্মদ ইউনুছ

এটা নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইউনুছে কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত ঐতিহাসিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক ইমানেই গভীৰ যে ইয়াক সলনি কৰাটো কঠিন । তেওঁ কয়, ‘বাংলাদেশ-ভাৰতৰ সম্পৰ্ক যে ভাল হ’ব নোৱাৰে, তাত কোনো প্ৰশ্নই উত্থাপন নহয় । আমাৰ সম্পৰ্ক অতি ঘনিষ্ঠ আৰু আমাৰ পাৰস্পৰিক নিৰ্ভৰশীলতা অতি উচ্চ । অৱশ্যে কিছুমান সমস্যা হৈছে, যিবোৰক মই মাজতে অহা ডাৱৰৰ দৰে বৰ্ণনা কৰিছো । এই ডাৱৰবোৰ বেছিভাগেই অপপ্ৰচাৰৰ পৰাই উদ্ভৱ হৈছে আৰু কাৰ উৎস সেইটো আনৰ ওপৰত এৰি দিছো ।’

ভুল বুজাবুজিবোৰ দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে- ইউনুছ

অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বীগৰাকীয়ে লগতে কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত থকা ভুল বুজাবুজি দূৰ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে আৰু দুয়োখন দেশৰ মাজত সহযোগিতা পুনৰ শক্তিশালী হ’ব । তেওঁ কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত অহৰহ আলোচনা চলি আছে । ‘ভাৰতীয় প্ৰতিনিধি ইয়ালৈ আহিছে আৰু আমাৰ বিষয়াসকল তালৈ গৈ আছে ।’ প্ৰথম সপ্তাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও ব্যক্তিগতভাৱে কথা পাতিছিলো ।

২০২৫ চনৰ শেষৰ ফালে নিৰ্বাচন সম্ভৱ হ’ব পাৰে- ইউনুছ

যোৱা বছৰৰ আগষ্ট মাহত বাংলাদেশত ছাত্ৰ নেতৃত্বাধীন ব্যাপক প্ৰতিবাদৰ সময়ত ১০০০ৰো অধিক লোক নিহত হোৱাৰ ফলত ভাৰত-বাংলাদেশৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিছিল । ইয়াৰ পিছত বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ পতন ঘটি অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়, যাৰ বাবে ভাৰতে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ক আক্ৰমণ কৰাৰ বাবে সমালোচনা কৰে ।

১৬ বছৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে থকা শ্বেখ হাছিনা ২০২৪ চনৰ আগষ্ট মাহত ভাৰতলৈ পলায়ন কৰে আৰু তেতিয়াৰ পৰাই ভাৰতত বসবাস কৰি আহিছে । ইফালে বাংলাদেশৰ ৰাজনৈতিক দলসমূহে আগতীয়াকৈ নির্বাচনৰ দাবী উত্থাপন কৰি গণতান্ত্ৰিক শাসন ঘূৰাই অনাৰ কথাও কৈছে ৷ ২০২৫ চনৰ শেষৰ ফালে নিৰ্বাচন সম্ভৱ হ’ব পাৰে বুলি কয় ইউনুছে, কিন্তু তেওঁ নিজেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিয়ে ।

দ্ৰুতগতিত বৃদ্ধি হৈ থাকিব ভাৰতৰ অৰ্থনীতি…আই এম এফৰ অনুমান

ব্যক্তিগত বিনিয়োগ আৰু ব্যাপক অৰ্থনৈতিক স্থিতিশীলতাৰ সমৰ্থনত ২০২৫-২৬ বৰ্ষত ৬.৫ শতাংশ জি ডি পি বৃদ্ধিৰে ভাৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে প্ৰকাশ কৰিছে । আই এম এফে কয় যে শক্তিশালী অৰ্থনৈতিক প্ৰদৰ্শনৰ ভিত্তিত দেশখনে বহুতো গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক গাঁথনিগত সংস্কাৰ সাধনৰ সুযোগ পাব, যিয়ে ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থনীতি হোৱাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে ।

আই এম এফে দেশৰ জি ডি পিও অনুমান কৰে-

লগতে আই এম এফে ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষত ৬.৫ শতাংশ হাৰত জি ডি পি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে বহুলাংশে অৰিহণা যোগাব ব্যাপক অৰ্থনৈতিক আৰু বিত্তীয় স্থিতিশীলতা অব্যাহত ৰখাৰ দ্বাৰা সমৰ্থিত বৰ্ধিত ব্যক্তিগত ব্যৱহাৰ । ভাৰত চৰকাৰে কৰা হিচাপ অনুসৰি ২০২৪-২৫ বৰ্ষৰ ভিতৰত দেশৰ অৰ্থনীতি ৬.৫ শতাংশ হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।

খাদ্যৰ মুদ্ৰাস্ফীতিও মধ্যমীয়া হৈ মূল মুদ্ৰাস্ফীতিৰ লক্ষ্যৰ ওচৰ চাপিব বুলি আশা কৰা হৈছে বুলি ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে বাৰ্ষিক চতুৰ্থ অনুচ্ছেদৰ আলোচনাৰ অন্তত আই এম এফে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ কৰিছে । অৱশ্যে ইয়াৰ বাবে ব্যক্তিগত বিনিয়োগ আৰু নিয়োগ আৰু গাঁথনিগত সংস্কাৰ বৃদ্ধিৰ বাবে শক্তিশালী প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব ।

ভাৰতে এইবোৰৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন-

আই এম এফে লগতে কয় যে ভাৰতত উচ্চমানৰ চাকৰি সৃষ্টি, বিনিয়োগ বৃদ্ধি আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ বজাই ৰাখিবলৈ ব্যাপক সংস্কাৰৰ প্ৰয়োজন । শ্ৰম বজাৰ উন্নত কৰাৰ সমান্তৰালকৈ মানৱ পুঁজি শক্তিশালী কৰা আৰু কৰ্মশক্তিত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ প্ৰতিও গুৰুত্ব দিয়া উচিত । ইয়াৰ ভিতৰত শুল্ক আৰু অশুল্ক হ্ৰাসৰ ব্যৱস্থাও অন্তৰ্ভুক্ত হ’ব । ইয়াৰ উপৰিও কয় যে শেহতীয়া উঠা-নমা সত্ত্বেও ভাৰতৰ অৰ্থনীতি শক্তিশালী হৈ আছে আৰু ২০২৪-২৫ চনৰ প্ৰথমাৰ্ধত জি ডি পি বৃদ্ধিৰ হাৰ ৬ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে ।

আজি ভাৰতীয় দলে আৰম্ভ কৰিব চেম্পিয়নছ ট্ৰফী অভিযান… বাংলাদেশৰ বিৰুদ্ধে হ’ব কঠোৰ প্ৰতিযোগিতা

বুধবাৰৰ পৰা আৰম্ভ হৈছে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । ইতিমধ্যে উদ্বোধনী খেলত নিউজীলেণ্ডে আয়োজক পাকিস্তানক ৬০ ৰানত পৰাস্ত কৰিছে । ইয়াৰ পিছতে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন খেল আজি (২০ ফেব্ৰুৱাৰী) অনুষ্ঠিত হ’ব । এই দ্বিতীয়খন খেলত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দল বাংলাদেশৰ হ’ব ।

ভাৰত আৰু বাংলাদেশৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ভাৰতীয় সময় অনুসৰি বিয়লি ২.৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব । ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে এই মেচত জয়লাভ কৰি এক সুন্দৰ আৰম্ভণি কৰাৰ আশা কৰিছে অনুৰাগীয়ে ।

ডুবাইত এখনো এদিনীয়া খেলত পৰাস্ত হোৱা নাই ভাৰতীয় দল-

বাংলাদেশ দলে এই খেলপথাৰত ভাৰতৰ প্ৰতি সতৰ্ক হ’ব লাগিব, কাৰণ ডুবাই ষ্টেডিয়ামত এদিনীয়া ফৰ্মেটত ভাৰতীয় দলৰ উৎকৃষ্ট অভিলেখ আছে । এই খেলপথাৰত এতিয়ালৈকে টিম ইণ্ডিয়াই এখনো এদিনীয়া খেলত পৰাস্ত হোৱা নাই । বাংলাদেশৰ বাহিৰেও এই পৰিসংখ্যাই পাকিস্তানকে ধৰি আন দলৰ বাবেও মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে ।

এই ৫ টা দলে ভাৰতীয় দলক পৰাস্ত কৰিব পৰা নাছিল-

যদি আমি চেম্পিয়নছ ট্ৰফীৰ সামগ্ৰিক অভিলেখ চাওঁ তেন্তে ইয়াতো ভাৰতীয় দলৰ অভিলেখ অতি উত্তম । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত মুঠ ২৯খন মেচ খেলিছে, ইয়াৰে ১৮খন খেলত জয়লাভ কৰিছে ভাৰতে । ৮ খন মেচ পৰাস্ত হৈছে আৰু ৩ খন নিৰ্ণায়ক হোৱা নাছিল । চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক মেচত জয়ী হোৱাৰ ক্ষেত্ৰত ভাৰতীয় দলটো শীৰ্ষত আছে ।

প্ৰতিযোগিতাখনৰ ইতিহাসত অন্য দলৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিলেখ যদি চাওঁ তেন্তে ইও উৎকৃষ্ট হৈ আহিছে । চেম্পিয়নছ ট্ৰফীত এনেধৰণৰ ৫টা দলে এতিয়ালৈকে টিম ইণ্ডিয়াক পৰাস্ত কৰিব পৰা নাই । এই পাঁচটা দল হৈছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, বাংলাদেশ, জিম্বাবুৱে আৰু কেনিয়া ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতৰ দল :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, বৰুণ চক্ৰৱৰ্তী, অৰ্শদ্বীপ সিং আৰু ৱাশ্বিংটন সুন্দৰ ।

ভাৰত আৰু কাটাৰৰ সম্পৰ্কৰ নতুন অধ্যায়…কৌশলগত অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব ৰাষ্ট্ৰপতি মুৰ্মুৰ

কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানী ভাৰত ভ্ৰমণত আছে । মঙলবাৰে তেওঁক সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাটাৰৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্ক আৰু বন্ধুত্বক গুৰুত্বপূৰ্ণ আখ্যা দিয়ে । তেওঁ কয় যে কাটাৰ আৰু ভাৰতৰ মাজত এক বিশেষ বন্ধন আছে যিটো অতি ঘনিষ্ঠ আৰু সজীৱ । তেওঁ লগতে উল্লেখ কৰে যে দুয়োখন দেশক সংযোগ কৰা পৰম্পৰাগত জাহাজসমূহে যুগ যুগ ধৰি দুয়োখন দেশৰ মাজত পৰম্পৰা, সামগ্ৰী, ধাৰণা আৰু সাংস্কৃতিক মূল্যবোধৰ আদান-প্ৰদান কৰি আহিছে ।

কাটাৰৰ ভাৰতীয় সম্প্ৰদায়ৰ প্ৰশংসা-

ৰাষ্ট্ৰপতি মুৰ্মুৱে কাটাৰত ভাৰতীয় সম্প্ৰদায়ক প্ৰশংসা কৰি কয় যে ভাৰতীয় সম্প্ৰদায়ে কাটাৰক দ্বিতীয় ঘৰ হিচাপে গঢ়ি তুলিছে আৰু স্থানীয় সমাজৰ লগত ভালদৰে মিলি গৈছে । কাটাৰৰ জনসাধাৰণৰ আতিথ্য আৰু যত্নৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শেহতীয়াকৈ ভাৰত আৰু কাটাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ কৰাটো দুয়োখন দেশৰ মাজৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰ সাক্ষ্য । তেওঁ ইয়াক দুয়োখন দেশৰ প্ৰতিভা, সম্পদ আৰু সংস্কৃতিৰ সহযোগিতাৰ প্ৰতীক বুলিও অভিহিত কৰে ।

আত্মবিশ্বাস প্ৰকাশ কৰিলে মুৰ্মুৱে-

ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে তেওঁৰ কাটাৰ ভ্ৰমণে ভাৰত আৰু কাটাৰৰ মাজত দীৰ্ঘদিনীয়া আৰু বহুমুখী সম্পৰ্কৰ এক নতুন অধ্যায় মুকলি কৰিব, যিয়ে দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিব । তেওঁ দুয়োখন দেশৰ মাজত যুগ যুগ ধৰি চলি অহা বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে নিজৰ দেশৰ প্ৰস্তুতি প্ৰকাশ কৰে ।

শ্বেখ তামিম বিনেও সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে-

লগতে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীয়ে ভাৰত আৰু কাটাৰৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে । তেওঁ ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেওঁলোকে দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্কক সমৰ্থন আৰু অধিক শক্তিশালী কৰিব বিচাৰে ।

আমিৰে বিগত এটা বছৰত দুয়োখন দেশৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত বিশেষকৈ শক্তি খণ্ডত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ কথা কয় । বাণিজ্য আৰু পাৰস্পৰিক বিনিয়োগৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি কৰা হৈছে বুলিও তেওঁ কয় । ইয়াৰ সমান্তৰালকৈ কাটাৰ আৰু ভাৰতৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ বাবেও এক চুক্তিত উপনীত হয়, যিয়ে দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ দিশত কাম কৰিব ।

ইতিহাস সৃষ্টি কৰিলে ভাৰতে, এনে কৰা পৃথিৱীৰ প্ৰথম খন দেশ

পুনেত অনুষ্ঠিত চতুৰ্থখন টি-২০ খেলত ইংলেণ্ডক ১৫ ৰাণত পৰাস্ত কৰি টীম ইণ্ডিয়াই পাঁচখন খেলৰ টি-২০ শৃংখলা সুৰক্ষিত কৰিছে।

ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে এই টি-২০ শৃংখলাত ৩-১ ৰ অপৰাজিত অগ্ৰগতি লাভ কৰিছে।ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় কৰি টীম ইণ্ডিয়াই এক ঐতিহাসিক অভিলেখ গঢ়িছে।

ভাৰত এইটো প্ৰাপ্ত কৰা বিশ্বৰ প্ৰথম খন দেশ হৈ পৰিছে। এই ঐতিহাসিক অভিলেখ কেতিয়াও অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দলৰ নামত লিপিবদ্ধ কৰা হোৱা নাছিল, যাক টীম ইণ্ডিয়াই এতিয়া পুনেত ইয়াৰ নামত যোগ দিছে।

দৰাচলতে, টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন খেলৰ টি-২০ শৃংখলাত জয়ী হৈ অভিলেখ গঢ়িছে। ভাৰতীয় দলটোৱে ঘৰুৱা স্থানত একেৰাহে ১৭ খন টি-২০ শৃংখলাত অপৰাজিত হৈ থকাৰ অভিলেখ গঢ়ি ইতিহাস সৃষ্টি কৰিছে।

কলকাতাত ইংলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন টি-২০ খেলত ভাৰত৭ উইকেটত জয়ী হৈছিল।ইয়াৰ পিছতে চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন টি-২০ খেলতো ভাৰতীয় দলে ইংলেণ্ডক ২ উইকেটত পৰাস্ত কৰে।

তৃতীয় টি-২০ খেলখনত ইংলেণ্ডে প্ৰত্যাৱৰ্তন কৰে আৰু ভাৰতক ২৬ ৰাণত পৰাস্ত কৰে। এতিয়া, পুনেত অনুষ্ঠিত চতুৰ্থ খন টি-২০ মেচত ১৫ ৰাণত জয়লাভ কৰি ভাৰতে শৃংখলাটোৰ নিয়ন্ত্ৰণ লয় আৰু ৩-১ ৰ অপৰাজিত অগ্ৰগতি স্থাপন কৰে।

২০১৯ চনৰ ফেব্ৰুৱাৰীত টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে ঘৰুৱা খেলত এখনো টি-২০ শৃংখলা হেৰুৱাও নাই।

ঘৰুৱা স্থানত একেৰাহে সৰ্বাধিক টি-২০ শৃংখলাত অপৰাজিত হোৱাৰ ক্ষেত্ৰত, অষ্ট্ৰেলিয়া টীম ইণ্ডিয়াৰ পিছত আহিছে।অষ্ট্ৰেলিয়া ঘৰুৱা ভাৱে একেৰাহে ৮ খন টি-২০ শৃংখলাত অপৰাজিত হৈ আছে।

দক্ষিণ আফ্ৰিকাৰ দলটো তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকা ঘৰুৱা ভাৱে একেৰাহে ৭ খন টি-২০ শৃংখলাত অপৰাজিত হৈ আছে।

হাৰ্দিক পাণ্ডিয়া আৰু শিৱম দুবেৰ বিস্ফোৰক অৰ্ধশতকৰ পিছত শুকুৰবাৰে পুনেত অনুষ্ঠিত চতুৰ্থ খন টি-২০ খেলত ভাৰতৰ বলাৰসকলে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ডক ১৫ ৰাণত পৰাস্ত কৰে। পাঁচখন খেলৰ টি-২০ শৃংখলাত ভাৰতে ৩-১ ত অপৰাজিত অগ্ৰগতি লাভ কৰিছে।

ভাৰত এৰি পাকিস্তানৰ সৈতে বন্ধুত্ব বঢ়াইছে বাংলাদেশে; ঢাকাৰ পৰা ইছলামাবাদলৈ আৰম্ভ বিমান সেৱা

ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে বাংলাদেশে পাকিস্তানৰ সৈতে বন্ধুত্ব শক্তিশালী কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

পাকিস্তানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ বাংলাদেশে দুয়োখন দেশৰ মাজত ঢাকালৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

পাকিস্তানত বাংলাদেশৰ উচ্চায়ুক্তই দেওবাৰে বাংলাদেশ আৰু পাকিস্তানৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰে।

মহম্মদ ইকবাল হুছেইনে শনিবাৰে পেছাৱাৰত এখন সংবাদমেলৰ সময়ত দুয়োখন দেশৰ মাজত গভীৰ আৰু ঐতিহাসিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ই ভ্ৰমণ আৰু সংযোগৰ সুবিধাৰ বাবে পোনপটীয়া বিমান আৰম্ভ কৰাৰ অভিপ্ৰায়ো প্ৰকাশ কৰিছিল। তেওঁ কয় যে এই পদক্ষেপে পৰ্যটন, শিক্ষা আৰু বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত বাংলাদেশ আৰু পাকিস্তানৰ মাজত সহযোগিতা বৃদ্ধি কৰিব। অৱশ্যে, পোনপটীয়া বিমানৰ বাবে কোনো সময়সীমা ঘোষণা কৰা হোৱা নাই।

বাংলাদেশৰ উচ্চায়ুক্তগৰাকীয়ে দাবী কৰিছিল যে আগন্তুক সময়ত পাকিস্তানৰ সৈতে ঢাকাৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব।

উচ্চায়ুক্তগৰাকীয়ে বাংলাদেশ আৰু পাকিস্তানৰ মাজত বৰ্ধিত বাণিজ্যিক আৰু কূটনৈতিক সম্পৰ্কৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে এই সম্পৰ্কবোৰ শক্তিশালী হৈ থাকিব।

তেওঁ মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি বাংলাদেশৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে।তেওঁ উল্লেখ কৰে যে কেনেদৰে সামাজিক মাদ্যমত যুৱ প্ৰজন্মক তেওঁলোকৰ অধিকাৰৰ বাবে মাত মাতিবলৈ ক্ষমতা প্ৰদান কৰিছে, দেশত মুক্ত বাক শক্তিৰ এক শক্তিশালী সংস্কৃতিত অৰিহণা যোগাইছে। ইয়াৰ ফলত বাংলাদেশত পৰিৱৰ্তন ঘটিছিল।

হুছেইনে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত, বিশেষকৈ স্বাস্থ্যসেৱা আৰু ঔদ্যোগিক খণ্ডত বিনিয়োগৰ বৃহৎ সুযোগৰ কথা উল্লেখ কৰে, যাতে ব্যৱসায়ীসকলক এই পথবোৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰা যায়।

তেওঁ পাকিস্তানত বাংলাদেশী সামগ্ৰীৰ চাহিদাৰ কথাও উল্লেখ কৰিছিল। তেওঁ কয় যে চিটাগং আৰু কৰাচীক সংযোগ কৰা জাহাজ পথৰ জৰিয়তে দুয়োখন দেশৰ মাজত বাণিজ্য চলি আছে, যদিও পৰিমাণ সামান্য হৈ আছে।

উচ্চায়ুক্তগৰাকীয়ে বাংলাদেশৰ আগন্তুক নিৰ্বাচনসন্দৰ্ভতো বক্তব্য ৰাখে আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত তেওঁৰ দেশৰ গুৰুত্বক এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হিচাপে দোহাৰে।

তেওঁ পাকিস্তানৰ বায়ু সেনাক “প্ৰতিৰক্ষা খণ্ডত ব্যতিক্ৰমী সামৰ্থ্যৰ বাবে প্ৰশংসা কৰে আৰু ইয়াৰ অংশীদাৰ হোৱাৰ কথা ঘোষণা কৰে”। শ্বেখ হাছিনা ৱাজিদৰ চৰকাৰৰ পতনৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছে।

শেহতীয়াকৈ, বাংলাদেশসেনাৰ এজন জ্যেষ্ঠ বিষয়াই পাকিস্তান ভ্ৰমণ কৰে আৰু প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বিচাৰি সেৱাৰ মুৰব্বীসকলক পৃথকে সাক্ষাৎ কৰে।

চেম্পিয়নছ ট্ৰফীৰ নতুন বিতৰ্ক, ভাৰতৰ জাৰ্ছীত পাকিস্তান লিখা হ’ব নে নাই? BCCI-ৰ আচৰিত সিদ্ধান্ত

চেম্পিয়নছ ট্ৰফী ২০২৫ পাকিস্তানে আয়োজন কৰাৰ ঘোষণা কৰাৰ পিছৰে পৰা বিতৰ্কই লগ নেৰা হৈছে চেম্পিয়নছ ট্ৰফীক। এইবাৰ টীম ইণ্ডিয়াৰ জাৰ্ছীক লৈ বিতৰ্ক অব্যাহত আছে।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ঠিক পূৰ্বেই টিম ইণ্ডিয়াৰ জাৰ্ছীক লৈ এইবাৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত পাকিস্তানৰ নাম নাথাকে বুলি দাবী কৰা হৈছিল।

চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান। সেয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো দলৰ জাৰ্ছীত ICCৰ ল’গ’ৰ লগতে আয়োজক দেশৰ নামো থকা দেখা যায়।

এতিয়া ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই বিষয়ত মন্তব্য দিছে। BCCI-এ কয় যে তেওঁলোকে ICCৰ সকলো নিয়ম মানি চলিব। ICC-এ কয়, আমি ICCৰ নিৰ্দেশনা মানি চলিম। ICCৰ নিৰ্দেশ অনুসৰি কাম কৰা হ’ব।

BCCI-এ স্পষ্ট কৰি দিছে যে ICC চেম্পিয়নছ ট্ৰফীৰ ল’গ’ৰ লগতে টিম ইণ্ডিয়াৰ জাৰ্চিত পাকিস্তানৰ নামো থাকিব। চেম্পিয়নছ ট্ৰফীৰ ঠিক আগতে টিম ইণ্ডিয়াৰ জাৰ্চিক লৈ চলি থকা বিতৰ্কৰ অন্ত পেলালে BCCI-এ।

ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণৰ বাবে ডাভোছত উপস্থিত স্মৃতি ইৰাণী…প্ৰতিনিধিত্ব কৰিব ভাৰতক

ছুইজাৰলেণ্ডৰ ডাভোছত ২০ৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড ইক’নমিক ফ’ৰাম (World Economic Forum)ত ভাৰতৰ মহিলাসকলৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ ওপৰত ভাৰতৰ স্থিতি দাঙি ধৰিবলৈ ডাভোছত উপস্থিত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী । বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত মহিলাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিব । বিশ্ববিখ্যাত সংস্থা এলায়েন্স ফৰ গ্ল’বেল গুডছৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে ডব্লিউ ই এফত অংশগ্ৰহণ কৰিবলৈ যোৱা স্মৃতি ইৰাণীয়ে মহিলাৰ মৰ্যাদা কেনেদৰে ফলপ্ৰসূ কৰি তুলিব পাৰি সেই সম্পৰ্কে ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব ।

উল্লেখ্য যে যোৱা বছৰো স্মৃতি ইৰাণীয়ে ভাৰতৰ মন্ত্ৰী হিচাপে ডাভোছ সন্মিলনত অংশগ্ৰহণ কৰিছিল । সেই সময়ত তেওঁ ভাৰত চৰকাৰৰ প্ৰতিনিধি দলৰ নেতৃত্বত আছিল । যোৱা ডাভোছ সন্মিলনৰ সময়ত স্মৃতি ইৰাণীয়ে লিংগ সমতাৰ বিষয়কে ধৰি মহিলাৰ অধিকাৰ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ স্থিতি দাঙি ধৰিছিল । যোৱা ডাভোছ সন্মিলনত কোৱা হৈছিল যে ভাৰত বিশ্বৰ একমাত্ৰ দেশ য’ত গ্ৰাম পঞ্চায়তৰ পৰা ভাৰতীয় সংসদলৈকে মহিলাৰ অংশগ্ৰহণ সৰ্বাধিক । ইয়াৰ পিছত সমগ্ৰ বিশ্বই ভাৰতত নাৰীৰ শক্তিশালী ভূমিকাক স্বীকৃতি দিয়াই নহয়, বিশ্ব অৰ্থনৈতিক মঞ্চৰ মঞ্চত এই সন্দৰ্ভত এক প্ৰস্তাৱো গৃহীত হয় ।

কিয় যোগদান কৰিছে স্মৃতি ইৰাণীয়ে ?

এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংস্থা এলায়েন্স ফৰ গ্ল’বেল গুডৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ স্মৃতি ইৰাণীয়ে আজিৰ পৰা আৰম্ভ হোৱা ৱৰ্ল্ড ইক’নমিক ফ’ৰাম ২০২৫ত যোগদান কৰি সমতা, অন্তৰ্ভুক্তি আৰু বহনক্ষম উন্নয়নৰ ওপৰত বিশ্বব্যাপী আলোচনাক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । লাভ কৰা তথ্য অনুসৰি লিংগ সমতা, স্বাস্থ্যসেৱা, ডিজিটেল অন্তৰ্ভুক্তি আৰু জলবায়ুৰ দৰে প্ৰত্যাহ্বানৰ সমাধান কেনেকৈ বিচাৰি উলিয়াব পাৰি সেই বিষয়ে তেওঁ মতামত প্ৰকাশ কৰিব । ইৰাণীয়ে মহিলা নেত্ৰীসকলৰ কণ্ঠ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে, লগতে সকলো স্তৰতে বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰা ব্যৱস্থাগত পৰিৱৰ্তনৰ পোষকতা কৰিছে ।

এই মঞ্চৰ বিশেষ কথা-

প্ৰথম অধিবেশনত স্মৃতি ইৰাণীয়ে শিক্ষা সংস্কাৰ, লিংগ সমতা আৰু স্কেলেবল অৰ্থনৈতিক নীতিৰ সমৰ্থনৰ সৈতে জড়িত বিষয়সমূহৰ সপক্ষে ভাষণ দিব ।

দ্বিতীয় অধিবেশনত স্মৃতি ইৰাণীয়ে ব্যৱস্থাগত সংস্কাৰৰ পোষকতা কৰা এগৰাকী পৰিৱৰ্তনশীল নেত্ৰী হিচাপে শক্তি আৰু লিংগ সমতাৰ বিষয়সমূহৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰিব ।

তৃতীয় ভাষণত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী হিচাপে তেওঁ মহিলাৰ পুষ্টিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ বাবে আগবাঢ়ি অহা পদক্ষেপৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিব ।

ভাৰতৰ পৰা আৰু কোনে যোগদান কৰিছে ?

এইবাৰ ডাভোছ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিল, জয়ন্ত চৌধাৰী, অশ্বিনী বৈষ্ণৱ, চিৰাগ পাছৱান, ৰাম মোহন নাইডু আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছো গৈছে । তেওঁলোকে বিভিন্ন বিষয়ত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব । এইবাৰ বিশ্বৰ ৭০ খনতকৈও অধিক প্ৰভাৱশালী দেশে WEF ত অংশগ্ৰহণ কৰিছে ।

শপত লোৱাৰ পিছত ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা ডনাল্ড ট্ৰাম্পৰ;  পৰামৰ্শদাতাসকলৰ সৈতে পাতিছে কথা  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক শক্তিশালী বন্ধুত্ব আছে। সেয়েহে তেওঁ শপত গ্ৰহণৰ পিছতে ভাৰত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।

ট্ৰাম্পে তেওঁৰ সম্ভাৱ্য ভাৰত ভ্ৰমণৰ বিষয়ে উপদেষ্টাসকলৰ সৈতে কথা পাতিছে।ট্ৰাম্পে নতুন দিল্লী ভ্ৰমণ কৰি সমগ্ৰ বিশ্বলৈ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী সম্পৰ্কৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে।

একে সময়তে, তেওঁ বিশ্বক পৰিৱৰ্তনশীল বিশ্ব শৃংখলাত ভাৰত আৰু আমেৰিকাৰ ভূমিকা দেখুৱাব বিচাৰে।  

কেৱল এয়াই নহয়, তেওঁ চীনৰ সৈতে আমেৰিকাৰ অৱনতি হোৱা সম্পৰ্ক উন্নত কৰিব বিচাৰে। তেওঁ বেইজিংৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ দায়িত্ব লোৱাৰ পিছত চীন ভ্ৰমণৰ পৰিকল্পনা কৰিছে বুলিও কোৱা হয়।

ইয়াৰ উপৰিও তেওঁ উপদেষ্টাসকলৰ সৈতে ভাৰত ভ্ৰমণৰ সম্ভাৱ্য সম্পৰ্কেও আলোচনা কৰিছে। এই তথ্য শনিবাৰে সংবাদ মাধ্যমত এক বাতৰি প্ৰতিবেদনত দিয়া হৈছিল। তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতিও দিছে।

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে ভাৰত আৰু চীন ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে, ট্ৰাম্পে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত চীনৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল।

ট্ৰাম্পে তেওঁৰ পত্নী মেলানিয়া আৰু পুত্ৰ বেৰনৰ সৈতে এখন বিশেষ বিমানত ডালাছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল।

ট্ৰাম্পে পৰামৰ্শদাতাসকলক কৈছিল যে চীনৰ ওপৰত অধিক শুল্কৰ সতৰ্কবাণীৰ দ্বাৰা তিক্ত সম্পৰ্ক মেৰামতি কৰিবলৈ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ চীনভ্ৰমণ কৰিব বিচাৰে।

তেওঁ পৰামৰ্শদাতাসকলৰ সৈতে ভাৰতভ্ৰমণৰ সম্ভাৱ্য বিষয়েও কথা পাতিছে। যোৱা মাহত খ্ৰীষ্টমাছৰ আশে পাশে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ৱাশ্বিংটন ভ্ৰমণৰ সময়ত এই সন্দৰ্ভত কিছু আলোচনা হৈছিল।