শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত ইতিহাস ৰচিলে ভাৰতে…
তিৰুৱনন্তপুৰমত দেওবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা চতুৰ্থখন টি-২০ মেচত ভাৰতীয় দলে আন এক কৃতিত্ব অৰ্জন কৰিছে । এই মেচখনত ভাৰতীয় বেটছমেনে শ্ৰীলংকাৰ বলিং আক্ৰমণক সম্পূৰ্ৰূপে বিধস্ত কৰি পেলায় ।
ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত দেওবাৰে তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈছে শৃংখলাৰ চতুৰ্থখন টি-২০ মেচ । এই মেচ ভাৰতীয় দলে অভিলেখ সৃষ্টি কৰিছে । এই মেচত প্ৰথমে বেটিং কৰি ভাৰতীয় মহিলা ২২১ ৰান সংগ্ৰহ কৰে । মহিলাৰ টি-২০ ক্ৰিকেটত এয়া ভাৰতৰ সৰ্বোচ্চ মুঠ স্ক’ৰ ।
ভাৰতীয় বেটছমেনে শ্ৰীলংকাৰ বলিং আক্ৰমণ সম্পূৰ্ণৰূপে তচনচ কৰে । শেষৰ ১০ অভাৰত ১৩৬ ৰান সংগ্ৰহ কৰে ভাৰতে । টীম ইণ্ডিয়াৰ হৈ স্মৃতি মন্ধানাই সৰ্বোচ্চ ৮০ ৰান সংগ্ৰহ কৰে । একেৰাহে তৃতীয়খন মেচত অৰ্ধশতক অৰ্জন কৰি ৭৯ ৰান সংগ্ৰহ কৰে শ্বেফালী বাৰ্মাই । মালছা শ্বাহানীৰ বাহিৰে কোনো শ্ৰীলংকাৰ বলাৰেই ১০তকৈ কম ইকনমি ৰেটত ৰান দিয়া নাছিল ।
তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈ থকা এই মেচখনত শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । ভাৰতীয় অ’পেনাৰ স্মৃতি মন্ধানা আৰু শ্বেফলী বাৰ্মাই বিধ্বংসী ৰূপ ধাৰণ কৰি পাৱাৰপ্লে’ত দলীয় স্ক’ৰ ৬১লৈ বৃদ্ধি কৰে । শীঘ্ৰেই ভাৰতে ১০ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৮৫ ৰাণত উপনীত হয় ।
শেষ ১০ অভাৰত ১৩৬ ৰান-
প্ৰথম ১০ অভাৰৰ অন্তত টিম ইণ্ডিয়াৰ স্ক’ৰ আছিল ৮৫/০ । ইয়াৰ পিছতে ভাৰতীয় বেটছমেনে ইমানেই বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে যে অন্তিম ১০ অভাৰত ১৩৬ ৰান সংগ্ৰহ কৰে । ইফালে শ্বেফলী বাৰ্মাই ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰাৰ বিপৰীতে মন্ধানাই ৩৪টা বলত অৰ্ধ শতকত উপনীত হয় । মন্ধানা আৰু বাৰ্মাই ১৬২ ৰানৰ অ’পেনিং অংশীদাৰিত্ব গঢ়ে । মহিলা টি-২০ ক্ৰিকেটত চতুৰ্থবাৰৰ বাবে মন্ধানা আৰু বাৰ্মাই ১০০ ৰানৰ ওপৰত অ’পেনিং অংশীদাৰিত্ব গঢ়ে ।
টি-২০ত ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ-
চতুৰ্থ টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে ২২১ ৰান সংগ্ৰহ কৰে । আন্তঃৰাষ্ট্ৰীয় মহিলা টি-২০ ক্ৰিকেটত এইটোৱেই হৈছে টিম ইণ্ডিয়াৰ সৰ্বোচ্চ স্ক’ৰ । ইয়াৰ পূৰ্বে ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ আছিল ২১৭ ৰান, যিটো ২০২৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আছিল । এই মেচখনত স্মৃতি মন্ধানাই টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক ব্যক্তিগত ইনিংছ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় । ইয়াৰ পূর্বে এই অভিলেখ শ্রীলংকাৰ বিৰুদ্ধে পূর্বৰ খেলখনত ৭৯ ৰান অর্জন কৰা শ্বেফালী বার্মাৰ নামত আছিল ৷ উল্লেখ্য যে, চতুৰ্খন মেচত শ্বেফালীয়েও ৭৯ ৰান সংগ্ৰহ কৰে ।
লগতে পঢ়ক : গৌতম গম্ভীৰৰ ঠাইত ল’ব ভি ভি এছ লক্ষ্মণে ? নীৰৱতা ভংগ কৰিলে বি চি চি আইয়ে