পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ  

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ গতিধাৰা ইতিবাচক হৈ থাকিব

বিশ্বজুৰি চলি থকা ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতৰ অৰ্থনীতিয়ে নিজৰ দৃঢ়তা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) শেহতীয়া বাৰ্ষিক প্ৰতিবেদন (২০২৫-২৬) অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতিধাৰা ইতিবাচক হৈ থাকিব ।

প্ৰতিবেদনখনৰ মূল দিশসমূহ তলত উল্লেখ কৰা হ’ল :

বিকাশ আৰু মুদ্ৰাস্ফীতিৰ আগজাননী কেন্দ্ৰীয় বেংকটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ প্ৰকৃত GDP বিকাশৰ হাৰ ৬.৯ শতাংশ হ’ব বুলি প্ৰক্ষেপণ কৰিছে । অৱশ্যে, বিশ্বজুৰি ইন্ধনৰ মূল্যবৃদ্ধি, যোগান শৃংখলাত ব্যাঘাত আৰু গোলকীয় অস্থিৰতাই মুদ্ৰাস্ফীতিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে বুলি RBI-য়ে সতৰ্ক কৰি দিছে । ২০২৬-২৭ বৰ্ষত গ্ৰাহক মূল্য সূচক (CPI) ভিত্তিক মুদ্ৰাস্ফীতি ৪.৬ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিটো পূৰ্বৱৰ্তী বৰ্ষত ২.১ শতাংশ আছিল ।

অৰ্থনীতিৰ বাবে সকাহৰ খবৰ-

বিশ্বৰ মন্থৰ অৰ্থনৈতিক গতিৰ বিপৰীতে ভাৰতৰ শক্তিশালী ঘৰুৱা চাহিদা, উন্নত বেংকিং ব্যৱস্থা আৰু চৰকাৰৰ ধাৰাবাহিক মূলধনী ব্যয়ক অৰ্থনৈতিক বিকাশৰ মূল চালিকা শক্তি হিচাপে চিহ্নিত কৰা হৈছে । ২০২৫-২৬ বৰ্ষত ৭.৬ শতাংশ GDP বিকাশেৰে ভাৰতে বিশ্বৰ দ্ৰুততম অৰ্থনীতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিছে ।

বিত্তীয় অনুশাসন আৰু চৰকাৰী লক্ষ্য-

কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় একত্ৰীকৰণৰ প্ৰচেষ্টাক প্ৰশংসা কৰি RBI-য়ে জনাইছে যে, ২০২৫-২৬ বৰ্ষত মুঠ বিত্তীয় ঘাটি GDP-ৰ ৪.৪ শতাংশলৈ সীমাবদ্ধ ৰাখিবলৈ চৰকাৰ সফল হৈছে । ২০২৬-২৭ বৰ্ষত এই লক্ষ্য ৪.৩ শতাংশলৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে ।

মুদ্ৰা নীতিৰ স্থিতি-

মুদ্ৰাস্ফীতি আৰু ভূ-ৰাজনৈতিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি RBI-য়ে অতি সাৱধানী স্থিতি গ্ৰহণ কৰিছে । ২০২৬ চনৰ এপ্ৰিল মাহত মুদ্ৰা নীতি সমিতিয়ে (MPC) ৰিপ’ ৰেট ৫.২৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

সামগ্ৰিকভাৱে, বিশ্বৰ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ সামষ্টিক অৰ্থনৈতিক ভেটি শক্তিশালী হৈ থকাটো দেশৰ বাবে এক ইতিবাচক সংকেত । তথাপি, পশ্চিম এচিয়াৰ সংঘাত দীৰ্ঘস্থায়ী হ’লে ই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি প্ৰতিবেদনত সতৰ্কবাণী প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : ইন্ধনক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, পেট্ৰ’ল-ডিজেলৰ শুল্কত বৃহৎ কৰ্তন

কিমান শক্তিশালী ভাৰতৰ অৰ্থনীতি ? IMFৰ তালিকাত কিমান স্থানত পাকিস্তান-বাংলাদেশ ?

আই এম এফৰ তথ্য অনুসৰি ২০২৬ চনত ভাৰতৰ অৰ্থনীতি প্ৰায় ৪.১৫ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে

বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ শীৰ্ষ ১০ খন দেশৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে ভাৰত । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ ২০২৬ চনৰ তালিকা অনুসৰি দক্ষিণ এছিয়াৰ অৰ্থনৈতিক শক্তিৰ ক্ষেত্ৰত ভাৰত আগৰণুৱা স্থানত থিয় দিছে । এই পৰিসংখ্যাই ভাৰতৰ কেৱল চুবুৰীয়া দেশৰ মাজতে নহয়, বিশ্বৰ প্ৰধান অৰ্থনীতিৰ মাজতো ভাৰতৰ দৃঢ় স্থিতিও প্ৰদৰ্শন কৰিছে ।

আই এম এফৰ তথ্য অনুসৰি ২০২৬ চনত ভাৰতৰ অৰ্থনীতি প্ৰায় ৪.১৫ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে, যাৰ ফলত ভাৰত বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব । এই সাফল্য তাৎপৰ্যপূৰ্ণ কাৰণ ভাৰতবৰ্ষত দ্ৰুত গতিত বিকাশ অব্যাহত আছে । দেশখনৰ ঘৰুৱা বজাৰ শক্তিশালী, ডিজিটেল সেৱা দ্ৰুতগতিত সম্প্ৰসাৰিত আৰু আন্তঃগাঁথনিৰ ব্যাপক উন্নয়ন- এই সকলোবোৰ কাৰকে মিলি ভাৰতক বিশ্বজুৰি এক শক্তিশালী স্থান দিছে ।

এছিয়াৰ দেশসমূহৰ মাজত ভাৰতৰ শক্তি-

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশৰ অৰ্থনীতি ২০২৬ চনত প্ৰায় ৫১০.৭ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে আৰু বিশ্বজুৰি ৩৭ নম্বৰ স্থানত আছে দেশখন । বাংলাদেশৰ শক্তি নিহিত হৈ আছে বস্ত্ৰ উদ্যোগত, য’ৰ পৰা ই যথেষ্ট পৰিমাণৰ ৰপ্তানি কৰে । তদুপৰি কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিয়ে ইয়াৰ অৰ্থনীতিত লাভৱান হৈছে যদিও ইয়াৰ পিছতো সামগ্ৰিক আকাৰৰ ক্ষেত্ৰত ভাৰতৰ পৰা বহু পিছ পৰি আছে । পাকিস্তানৰ পৰিস্থিতি কিছু প্ৰত্যাহ্বানজনক । দেশখনৰ অৰ্থনীতিৰ মূল্য ৪০৭.৭৯ বিলিয়ন ডলাৰ আৰু দেশখনৰ স্থান ৪৫ নম্বৰ । পাকিস্তানে ৰাজনৈতিক অস্থিৰতা, বৃদ্ধি পোৱা বৈদেশিক ঋণ, মুদ্ৰাস্ফীতি, দুৰ্বল হৈ অহা মুদ্ৰাকে ধৰি অসংখ্য সমস্যাৰ সন্মুখীন হৈছে । ইয়াৰ ফলত ইয়াৰ অৰ্থনৈতিক বিকাশ লেহেমীয়া হৈ আছে আৰু ই বাৰে বাৰে আই এম এফৰ সহায় বিচাৰিবলৈ বাধ্য হৈছে ।

ভাৰতৰ অৰ্থনীতি কিমান শক্তিশালী ?

এই তিনিখন দেশতকৈ নেপালৰ অৰ্থনীতি বহুত সৰু । ২০২৬ চনত ইয়াৰ আকাৰ আছিল প্ৰায় ৪৫.৮৪ বিলিয়ন ডলাৰ, যাৰ ফলত দেশখনৰ স্থান ১০৪ নম্বৰত । নেপালৰ আয়ৰ এক বৃহৎ অংশ পৰ্যটন, কৃষি, প্ৰবাসীৰ পৰা প্ৰেৰণ কৰা ধনৰ ওপৰত নিৰ্ভৰশীল । যদিও ক্ৰমান্বয়ে ইয়াৰ বিকাশ ঘটিছে, তথাপিও দেশখনৰ অৰ্থনৈতিক পৰিসৰ সীমিত হৈয়েই আছে । এই চাৰিখন দেশৰ তুলনা কৰিলে পাৰ্থক্যটো স্পষ্টকৈ দেখা যায় । ভাৰতৰ অৰ্থনীতি বাংলাদেশতকৈ প্ৰায় আঠগুণ ডাঙৰ, পাকিস্তানৰ অৰ্থনীতিতকৈ প্ৰায় ১০ গুণ আৰু নেপালতকৈ প্ৰায় ৯০ গুণ ডাঙৰ । এই পাৰ্থক্যই ইংগিত দিয়ে যে ভাৰত কেৱল দক্ষিণ এছিয়াতে শক্তিশালী হোৱাই নহয়, বিশ্বজুৰিও দ্ৰুতগতিত স্থান লাভ কৰিছে ।

ভাৰতৰ বিকাশৰ আঁৰত কেইবাটাও কাৰণ আছে । দেশৰ বৃহৎ জনসংখ্যাই এখন শক্তিশালী বজাৰ প্ৰদান কৰে । ইউপিআইৰ দৰে ডিজিটেল ব্যৱস্থা আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰই অৰ্থনীতিক পুনৰ গঢ় দিছে । আই টি আৰু সেৱা খণ্ড ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । চৰকাৰী সংস্কাৰ আৰু বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি বিনিয়োগেও এই বিকাশত ইন্ধন যোগাইছে । ২০২৬ চনৰ তথ্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ভাৰত এতিয়া কেৱল আঞ্চলিক শক্তি নহয়, বৰঞ্চ বিশ্ব অৰ্থনৈতিক শক্তি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে ।

লগতে পঢ়ক : আজিৰে পৰা সংসদৰ বিশেষ অধিৱেশন, উত্থাপন হ’ব মহিলা সংৰক্ষণ বিধেয়ক