কানাডা অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কিদাম্বী শ্ৰীকান্ত; বিশ্বৰ ৬ নম্বৰৰ খেলুৱৈক পৰাস্ত

ছেমি ফাইনেলত প্ৰৱেশ কিদাম্বী শ্ৰীকান্ত

ভাৰতীয় বেডমিণ্টন তাৰকা কিদাম্বী শ্ৰীকান্তে কানাডা অ’পেন ছুপাৰ ৩০০ বেডমিণ্টন প্ৰতিযোগিতাত নিজৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখি পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে।

কোৱাৰ্টাৰ ফাইনেলত টপ ছিড আৰু বিশ্বৰ ৬ নং স্থানৰ চাইনিজ টাইপেইৰ চৌ টিয়েন চেনক ষ্ট্ৰেইট খেলত পৰাস্ত কৰি ডাঙৰ জয় লাভ কৰে।

৪৩ মিনিটৰ খেলখনত কিদাম্বী শ্ৰীকান্তে চেনক ২১-১৮, ২১-৯ ত পৰাস্ত কৰে।এই জয়ৰ পিছত এতিয়া তেওঁ ছেমি ফাইনেলত জাপানৰ তৃতীয় কেন্টা নিশিমোটোৰ মুখামুখি হ’ব।

শ্ৰীকান্তই দেখুৱালে শক্তিশালী খেল

খেলখনৰ আৰম্ভণিতে শ্ৰীকান্তে আগ্ৰাসী স্থিতি গ্ৰহণ কৰি ৫-০ত অগ্ৰগতি লাভ কৰে।অৱশ্যে চৌ টিয়েন চেনে পুনৰ উভতি আহি ১৬-১৬ত সমতা স্থাপন কৰে।

ইয়াৰ পিছত শ্ৰীকান্তই পৰৱৰ্তী ৬ পইণ্টৰ ভিতৰত ৫ পইণ্ট লাভ কৰি প্ৰথমখন খেলত জয়লাভ কৰে।দ্বিতীয়খন খেলতো শ্ৰীকান্তৰ আধিপত্য অব্যাহত থাকে।

ইন্টাৰভেললৈকে তেওঁ ১১-৬ ত অগ্ৰগতি লাভ কৰে আৰু ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ পইণ্ট সংগ্ৰহ কৰি ১৯-৭ ত নিৰ্ণায়ক অগ্ৰগতি লাভ কৰে।

ছেমি ফাইনেলত নিশিমোটোৰ বিৰুদ্ধে খেলিব

এতিয়া ছেমি ফাইনেলত শ্ৰীকান্ত মুখামুখি হ’ব জাপানৰ কেন্টা নিশিমোটোৰ।এই পৰ্যন্ত দুয়োগৰাকী খেলুৱৈৰ মাজত ১০খন মেচ অনুষ্ঠিত হৈছে, য’ত শ্ৰীকান্তই ৬ বাৰ জয়লাভ কৰিছে।

অৱশ্যে অন্তিমখন খেলত ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপত শ্ৰীকান্তক পৰাস্ত কৰিছিল নিশিমোটোৱে। এনে পৰিস্থিতিত এইবাৰ প্ৰতিযোগিতাখন কঠিন আৰু আকৰ্ষণীয় হ’বলৈ গৈ আছে।

লগতে পঢ়ক: বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন;  ধুমুহাৰ পৰা কেনেকৈ বাচিব ইংলেণ্ডৰ বলাৰ?

কইনা হ’বলৈ সাজু অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু, হ’বলগীয়া স্বামী কোন  ?

শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব দুবাৰৰ অলিম্পিক পদক বিজয়ী বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু । এই কথা নিশ্চিত কৰিছে তেওঁৰ পিতৃ পি ভি ৰমানে । সংবাদ সংস্থাক তেওঁৰ পিতৃয়ে এই সিদ্ধান্ত মাত্ৰ এমাহ পূৰ্বে লোৱা হৈছে বুলি অৱগত কৰে । উল্লেখ্য যে অহা ২২ ডিচেম্বৰত উদয়পুৰত ভেংকট দত্ত ছাইৰ সৈতে সিন্ধুৱে নতুন জীৱন আৰম্ভ কৰিব । সিন্ধুৰ হ’বলগীয়া স্বামী হায়দৰাবাদৰ । তেওঁ প’চিডেক্স টেকন’লজিৰ কাৰ্যবাহী সঞ্চালক ।

সিন্ধুৰ পিতৃ পি ভি ৰমানাই কয়- দুয়োটা পৰিয়াল চিনাকি আছিল যদিও সকলো ঠিক এমাহ আগতহে হৈছে । এইটোৱেই আছিল একমাত্ৰ সম্ভৱপৰ সময় কাৰণ জানুৱাৰীৰ পৰা তেওঁৰ (সিন্ধুৰ) সূচীত বহুত ব্যস্ততা আহিব ।

তৃতীয়বাৰৰ বাবে জয় কৰিলে চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনৰ খিতাপ-

দেওবাৰে চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনৰ ফাইনেলত চীনৰ ৱু লুও ইউক পৰাস্ত কৰি মহিলা একক শাখাৰ খিতাপ দখল কৰে ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে । লক্ষ্ণৌত খেলা চূড়ান্ত খেলখনত চীনৰ ৱু লুও ইউ ইউক ২১-১৪ ২১-১৬ ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ট্ৰফী লাভ কৰে প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে । ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০২২ চনতো ট্ৰফী লাভ কৰিছিল সিদ্ধুৱে । দুবছৰ চাৰি মাহৰ ব্যৱধানৰ অন্তত পুনৰ প’ডিয়ামৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় সিন্ধু । ২০২২ চনৰ জুলাই মাহত ছিংগাপুৰ অ’পেনত শেষবাৰৰ বাবে খিতাপ দখল কৰিছিল তেওঁ । এইবাৰ মে’ মাহত মালয়েছিয়া মাষ্টাৰছ ছুপাৰ ৫০০ৰ ফাইনেলতো প্ৰৱেশ কৰে তেওঁ ।