বৃন্দাবনৰ শোকাৱহ নাও দুৰ্ঘটনাঃ ১১ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

বৃন্দাবনত সংঘটিত হোৱা নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে

শুকুৰবাৰে মথুৰাৰ বৃন্দাবনত সংঘটিত হোৱা নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে । ঘটনাটোৰ পিছতে সন্ধানহীন হৈ আছে ৪ জন । দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হোৱা লোকক বিচাৰি সাহায্য আৰু উদ্ধাৰ অভিযান অবিৰতভাৱে চলি আছে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকে জনায় যে শুকুৰবাৰে দুপৰীয়া প্ৰায় ৩ বজাত বৃন্দাবন আৰু মান্তৰ মাজত অৱস্থিত পণ্টুন দলঙৰ সমীপত সংঘটিত হয় নাও দুৰ্ঘটনা । ঘটনাৰ পিছৰে পৰা প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই আছে । তেওঁ আৰু জনায় যে এই মৰ্মান্তিক দুৰ্ঘটনাত এতিয়ালৈকে ১১ জন লোকৰ মৃত্যু নিশ্চিত হৈছে, আনহাতে প্ৰথম অৱস্থাত ৫ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত্বত আন এটা মৃতদেহ উদ্ধাৰ কৰাত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে ।

আৰক্ষীৰ তথ্য অনুসৰি মৃতদেহৰ যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, মৰণোত্তৰ পৰীক্ষা চলি আছে । আৰক্ষী অধীক্ষকে জনোৱা মতে, চাৰিজন লোক নিৰুদ্দেশ হৈ আছে আৰু তেওঁলোকক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান অবিৰতভাৱে চলি আছে ।

দুৰ্ঘটনাৰ পিছৰে পৰা নদী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত অবিৰত নিৰিক্ষণ অব্যাহত ৰাখিছে প্ৰশাসনে যাতে সন্ধানহীন হোৱা লোকসকলক যিমান পাৰি সোনকালে বিচাৰি উলিয়াব পৰা যায় ।

কেইবাটাও সংস্থাৰ দলক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হৈছে । এনডিআৰএফ-ৰ আঠটা দল, এছডিআৰএফ-ৰ পাঁচটা দল, প্ৰাদেশিক সশস্ত্ৰ কনিষ্টবলৰ তিনিটা প্লাটুন আৰু ৬ জন ডুবাৰু অহৰহ উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ।

লগতে পঢ়ক : মথুৰাত শোকাৱহ ঘটনা; যমুনা নদীত নাও দুৰ্ঘটনাত ১০ জনৰ মৃত্যু

মথুৰাত শোকাৱহ ঘটনা; যমুনা নদীত নাও দুৰ্ঘটনাত ১০ জনৰ মৃত্যু

মথুৰাৰ বৃন্দাবনত যমুনা নদীত নাও দুৰ্ঘটনা হৈ দহজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ আছে।

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ পৰা এক মৰ্মান্তিক দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। বৃন্দাবনৰ যমুনা নদীত এখন নাও ডুব যোৱাৰ ফলত প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে।দুৰ্ঘটনাটোত ১২ জনতকৈ অধিক লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,নাও খনত প্ৰায় ৩০ জন লোক আছিল।এই দুৰ্ঘটনাটো বৃন্দাবনৰ শ্ৰিংগাৰ ঘাটৰ সমীপত সংঘটিত হৈছে।দুৰ্ঘটনাটোত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়, আৰু ডুবাৰুৰ সহায়ত বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে।

জানিব পৰা মতে, শুকুৰবাৰে কোটোৱালি বৃন্দাবন অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে নাওখনত ৩০ জন লোক উপস্থিত আছিল, যিয়ে পঞ্জাৱৰ লুধিয়ানাৰ পৰা মথুৰা আৰু বৃন্দাবন দৰ্শন কৰিবলৈ আহিছিল। নৌকা বিহাৰৰ সময়তে হঠাৎ পিপো দলঙৰ খুটাত খুন্দা মাৰে।সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে, নাওখনে ভাৰসাম্য হেৰুৱাই উলটি যায়। ফলত যাত্ৰীসকলৰ মাজত চিঞৰ-বাখৰ আৰু আতংকৰ সৃষ্টি হয়।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই ঘটনাস্থলীত উপস্থিত হয়।বৰ্তমানলৈকে ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰিতে ১৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।বৰ্তমানেও উদ্ধাৰকাৰী দলে যমুনা নদীত অভিযান চলাই আছে।

লগতে পঢ়ক: ইতিহাস সৃষ্টিলৈ আৰু এটা খোজ… সফলতাৰে সম্পন্ন গগণযানৰ দ্বিতীয়টো এয়াৰ ড্ৰপ টেষ্ট

‘মনত কিছু প্ৰশ্ন আছিল’, অনুষ্কা শৰ্মা, বিৰাট কোহলীৰ সৈতে প্ৰেমানন্দ মহাৰাজ ভ্ৰমণ

ষ্টাৰ ইণ্ডিয়াৰ বেটছমেন বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মা আৰু সন্তানৰ সৈতে শেহতীয়াকৈ বৃন্দাবনত প্ৰখ্যাত পুৰোহিত পৰমানন্দ মহাৰাজৰ ওচৰলৈ গৈছিল। শেহতীয়াকৈ সমাপ্ত হোৱা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ টেষ্টত বেক টু বেক কম স্ক’ৰ পঞ্জীয়ন কৰি কোহলীয়ে পেছাদাৰী কেৰিয়াৰত ভয়ংকৰ সময় পাৰ কৰিছে।

ভাৰত ১-৩ গ’লত পৰাস্ত হোৱা পাঁচখন খেলৰ শৃংখলাত কোহলীয়ে ৯ ইনিংছত মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিছিল, যদিও প্ৰথম মেচত শতক অৰ্জন কৰিছিল। বহু প্ৰাক্তন ক্ৰিকেটাৰ আৰু অনুৰাগীয়ে কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাক তেওঁলোকৰ নিৰাশাজনক প্ৰদৰ্শনৰ বাবে তীব্ৰ সমালোচনা কৰিছিল আৰু আনকি তেওঁলোকৰ অৱসৰৰ আহ্বানো কৰা হৈছিল।