বংগত পুনৰ হিংসাত্মক পৰিস্থিতি… দক্ষিণ ২৪ পৰগনাত আৰক্ষীৰ সৈতে আই এছ এফৰ কৰ্মীৰ সংঘৰ্ষ, বাহনত অগ্নিসংযোগ

পশ্চিম বংগৰ ভাংগাৰ অঞ্চলত সংঘটিত হৈছে হিংসাত্মক ঘটনা । আই এছ এফ (ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্ট)ৰ সমৰ্থকসকলক কলকাতা অভিমুখে পদযাত্ৰা কৰাত বাধা দিয়াৰ লগে লগে পৰিস্থিতি উত্তেজিত হৈ পৰে । আৰক্ষীয়ে পথ অৱৰোধ কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকল হিংসাত্মক হৈ পৰে, তাৰ পিছতে আৰক্ষী আৰু সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বল প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলগীয়া হয় । ঘটনাত এখন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দুচকীয়া বাহনত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে ।

বংগত ৱাকফ আইনৰ বিৰুদ্ধে হিংসা-

তথ্য অনুসৰি ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কলকাতালৈ অহা ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্টৰ সমৰ্থকৰে ভৰা বাছসমূহ বাটত ৰখাই দিয়া হয় । মালদা, মুৰ্ছিদাবাদকে ধৰি পশ্চিমবংগৰ বহু জিলাত ৱাকফ আইনৰ বিৰুদ্ধে ব্যাপক হিংসাত্মক ঘটনা দেখা গৈছে, শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিয়ে হিংসাৰ উচটনি দিয়াৰ বাবে উভয়ে দোষাৰোপ কৰিছে ।

কলকাতাৰ দিশে আগবাঢ়িছিল প্ৰতিবাদকাৰীসকল-

তৃণমূল আৰু বিজেপিৰ বাহিৰেও আই এছ এফ ৰাজ্যখনৰ বিধানসভাত প্ৰতিনিধিত্ব থকা একমাত্ৰ দল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভাংগাৰৰ পৰা অহা তেওঁলোকৰ বাহনসমূহ আৰক্ষীয়ে কলকাতাৰ ৰামলীলা ময়দান অভিমুখে যোৱাত বাধা দিয়াৰ পিছতে আই এছ এফৰ কৰ্মীসকলে বসন্তী এক্সপ্ৰেছৱে অৱৰোধ কৰে ।

মুৰ্ছিদাবাদৰ হিংসা সন্দৰ্ভত টি এম চিৰ অভিযোগ-

মুৰ্ছিদাবাদত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছে এটা ডাঙৰ অভিযোগ উত্থাপন কৰি কয় যে একাংশ বি এছ এফৰ জোৱানে এনে লোকক বংগত প্ৰৱেশ কৰিবলৈ অনুমতি দিছে, যিসকলে হিংসা বিয়পাই উভতি আহিছে । বিজেপি নেতা দিলীপ ঘোষেও একেই কথা কৈছে । টি এম চিয়ে এই প্ৰশ্ন উত্থাপন কৰিছে যে যদি দিলীপ ঘোষ বি এছ এফৰ এই ভূমিকা সম্পৰ্কে অৱগত, তেন্তে গৃহ মন্ত্ৰণালয় আৰু প্ৰধানমন্ত্ৰী এই বিষয়ে কেনেকৈ অজ্ঞাত হ’ব পাৰে ?

হিংসাৰ জুইত জ্বলি উঠিল মুৰ্ছিদাবাদ… ছামছেৰগঞ্জত দুজনৰ মৃত্যু, ধুলীয়ানত গুলীবিদ্ধ এজন

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদত দুজন লোকৰ মৃত্যু হৈছে । ঘটনা সন্দৰ্ভত তথ্য দি আৰক্ষীয়ে কয় যে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ছামছেৰগঞ্জ অঞ্চলৰ জাফৰাবাদৰ ঘৰত আহত পিতৃ-পুত্ৰক উদ্ধাৰ কৰা হৈছে । ইয়াৰ পিছত দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে ।

পৰিয়ালৰ অভিযোগ- দুষ্কৃতিকাৰীয়ে লুটপাত কৰাৰ পিছত ছুৰীৰে আঘাত কৰে

মৃতকৰ ঘৰত ডকাইতিৰ সময়ত দুষ্কৃতিকাৰীয়ে দুয়োকে কেইবাবাৰো চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে । এক সুকীয়া ঘটনাত ছামছেৰগঞ্জ ব্লকৰ ধুলিয়ানত আন এজন ব্যক্তি গুলীবিদ্ধ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । শুকুৰবাৰেও ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত মুৰ্ছিদাবাদ জিলাৰ ছুটি আৰু ছামছেৰগঞ্জ অঞ্চলৰ পৰা বৃহৎ পৰিসৰৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১০০ৰো অধিক লোকক-

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদক কেন্দ্ৰ কৰি দুদিন ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰথমে ৮ এপ্ৰিলত আৰু তাৰ পিছত ১১ এপ্ৰিলত, য’ত এতিয়ালৈকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ।

ৱাকফ আইনৰ বিৰুদ্ধে হিংসা, আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ… কেইবাখনো বাহনত অগ্নিসংযোগ

পশ্চিমবংগৰ মুৰ্ছিদাবাদত নতুন ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে । প্ৰথম অৱস্থাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক এটা ঠাইত প্ৰতিবাদ কৰিবলৈ কয় যদিও হঠাতে প্ৰতিবাদকাৰীসকলে নিৰ্দিষ্ট স্থানৰ বাহিৰলৈ যাবলৈ আৰম্ভ কৰে ।

এই সময়তে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰে । ইয়াৰ পিছত আৰক্ষীয়েও মৃদু বল প্ৰয়োগ কৰে । আৰক্ষীয়ে জনোৱা মতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষীক সেই স্থানলৈ মোতায়েন কৰা হৈছে । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় । এই হিংসাত কেইবাজনো আৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে ।

ৱাকফ আইনৰ বিৰুদ্ধে এই কাৰ্যসূচী পূৰ্ব পৰিকল্পিত আছিল । হঠাৎ শান্তিপূৰ্ণ প্ৰতিবাদ হিংসালৈ পৰিণত হয় । ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয় । এই ঘটনা সন্দৰ্ভত বিজেপিয়ে টি এম চিৰ মুৰব্বী মমতা বেনাৰ্জীক আক্ৰমণ কৰিছে ।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালভিয়াই কয়, “পশ্চিম বংগত পুনৰ জুইৰ লেলিহান শিখা । পশ্চিম বংগ আৰক্ষীয়ে মুৰ্ছিদাবাদৰ ৰাজপথত ইছলামিক গোটক নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে । মমতা বেনাৰ্জীৰ উত্তোজনামূলক ভাষণে এই অশান্তিৰ ইন্ধন যোগাইছে ।”

নেপালত পুনৰ ৰাজতন্ত্ৰ সমৰ্থকৰ প্ৰতিবাদ… প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ

শুকুৰবাৰে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত ৰাজতন্ত্ৰ সমৰ্থকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই বিক্ষোভৰ সময়ত হিংসা, লুণ্ঠন আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হয় য’ত দুজন লোকৰ মৃত্যু হয় । ইয়াৰ উপৰিও এই হিংসাত্মক ঘটনাত এশৰো অধিক লোক আহত হয় । ইয়াৰ পিছতে এতিয়া নেপাল চৰকাৰ আৰু ৰাজতন্ত্ৰ সমৰ্থকৰ মাজত মুখামুখি যুঁজ আৰম্ভ হৈছে । এফালে চৰকাৰে প্ৰতিবাদকাৰীসকলক সংবিধান মানি চলিবলৈ আহ্বান জনাইছে, আনফালে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ সমৰ্থকসকলে নেপালত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত অটল হৈ আছে ।

পুনৰ ৰাজপথত ৰাজতন্ত্ৰ সমৰ্থক-

দেওবাৰে পুনৰ কাঠমাণ্ডুৰ ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে জ্ঞানেন্দ্ৰ শ্বাহৰ ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰিক পাৰ্টিয়ে । ডেম’ক্ৰেটিক পাৰ্টিৰ অভিযোগ যে শুকুৰবাৰৰ বিক্ষোভৰ পিছত বিগত দুদিনত যিসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকৰ অধিকাংশই সেইসকল লোক যিসকলৰ বিক্ষোভৰ সৈতে কোনো সম্পৰ্ক নাই । কোনো ভূমিকা নোহোৱাকৈ এশৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি দলটোৱে তেওঁলোকক মুক্তিৰ দাবী জনাইছে । ইয়াৰ সমান্তৰালকৈ এনে লোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিবলৈয়ো দাবী উত্থাপন হৈছে । নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিয়েও বৰ্তমানৰ অলি চৰকাৰৰ পদত্যাগৰ দাবী জনাইছে ।

আনহাতে, নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে সংসদত কয় যে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহে গণৰাজ্য দিৱস উপলক্ষে নিজৰ বাৰ্তা প্ৰকাশ কৰি ৰাইজৰ পৰা সমৰ্থন বিচাৰিছিল আৰু তাৰ পিছত কাঠমাণ্ডুত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন স্থানত আদৰণি কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰধানমন্ত্ৰী অলিয়ে কয় যে যোৱা শুকুৰবাৰে জ্ঞানেন্দ্ৰ শ্বাহে সমাজৰ অবাঞ্চিত নাগৰিকক ফোন কৰি আন্দোলনৰ সেনাধ্যক্ষ বুলি ঘোষণা কৰিছিল আৰু তেওঁৱেই প্ৰতিবাদকাৰীসকলক হিংসাত্মক কাৰ্য্যত উচটনি দিছিল ।

প্ৰাক্তন ৰজাই ভংগ কৰিলে চুক্তি-

প্ৰধানমন্ত্ৰী অলিয়ে কয় যে এইবোৰ ঘটনাই প্ৰমাণ কৰে যে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰই সংবিধান জাৰি কৰাৰ সময়ত হোৱা চুক্তি উলংঘা কৰিছে । এই সময়ত প্ৰাক্তন ৰজাই এজন সাধাৰণ নাগৰিকৰ দৰে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু এজন নাগৰিকক দিয়া সকলো অধিকাৰ ভোগ কৰি ব্যৱসায় চলাবলৈ স্বাধীন আছিল । ইয়াৰ উপৰিও ৰাষ্ট্ৰৰ প্ৰাক্তন মুৰব্বী হিচাপে দিয়া সকলো সুবিধাও তেওঁক দিয়া হৈছিল । ইয়াৰ উপৰিও পূৰ্বৰ ৰজাজনক নাগাৰ্জুন দৰবাৰ ব্যৱহাৰ কৰিবলৈও অনুমতি দিয়া হৈছিল ।

‘হিংসাৰ উচটনি দিয়াৰ আঁৰত প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ’, প্ৰচণ্ডৰ অভিযোগ…

শুকুৰবাৰে নেপালত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । এই সময়ছোৱাত তীব্ৰ সংঘাতৰ সৃষ্টি হয় । এতিয়া নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে । শনিবাৰে পুৱা পুষ্প কমল দাহাল প্ৰচণ্ডে হিংসাত্মক অঞ্চল পৰিদৰ্শন কৰে । ইয়াৰ মাজতে তেওঁলোকে হিংসাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ছ’চিয়েলিষ্ট ফ্ৰণ্টৰ কাৰ্যালয়তো উপস্থিত হয় ।

নেপালৰ প্ৰাক্তন ৰজাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে-

প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ডই কয় যে ‘এতিয়া সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে যে এই সকলোবোৰৰ আঁৰত জ্ঞানেন্দ্ৰ শ্বাহ আছে । জ্ঞানেন্দ্ৰ শ্বাহৰ উদ্দেশ্য সঠিক নহয় । এই কথা আগতেও দেখা গৈছে আৰু এতিয়াও দেখা গৈছে যদিও এতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে । ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগে । জ্ঞানেন্দ্ৰ শ্বাহক এতিয়া সম্পূৰ্ণ স্বাধীনতা দিব নোৱাৰি । এইটো সম্পূৰ্ণ অগ্ৰাহ্য আৰু নেপাল চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা প্ৰয়োজন ।

হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু-

নেপালত শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনাত এজন প্ৰতিবাদকাৰী আৰু এজন সাংবাদিকসহ দুজন লোকৰ মৃত্যু হয় । হিংসা ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল যে সান্ধ্য আইন জাৰি কৰিবলগীয়া হয় আৰু হিংসা প্ৰভাৱিত অঞ্চলত সেনাবাহিনী মোতায়েন কৰিবলগীয়া হয় । শুকুৰবাৰে আৰক্ষীয়ে ৰাজতন্ত্ৰৰ সমৰ্থক ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ উপ-সভাপতি ৰবীন্দ্ৰ মিশ্ৰ, সাধাৰণ সম্পাদক ধৱল শমশ্বেৰ ৰাণা, ৰাজতন্ত্ৰ সমৰ্থক কৰ্মী স্বগত নেপাল আৰু সন্তোষ তামাংকে ধৰি ১৭ জন লোকক গ্ৰেপ্তাৰ কৰে । এইসকল লোকৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ আছে । বহু নেতাক গৃহবন্দী কৰি ৰখা হৈছে । এতিয়ালৈকে এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত মুঠ ৫১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত এই আন্দোলনৰ নেতৃত্বত আছে নৱৰাজ সুবেদী । তেওঁ ৰাজ প্ৰতিষ্ঠান পুনৰুদ্ধাৰ আন্দোলনৰ সৈতে জড়িত । ৰাজতন্ত্ৰ সমৰ্থক নেচনেল ডেম’ক্ৰেটিক পাৰ্টিয়েও এই আন্দোলনক সমৰ্থন কৰিছে । সাংবিধানিক ৰাজতন্ত্ৰ আৰু হিন্দু জাতিৰ পুনৰুদ্ধাৰেই দেশৰ সমস্যাৰ সমাধান বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে । ২০০৬ চনৰ আগতে নেপালত ৰাজতন্ত্ৰৰ শাসন আছিল । প্ৰতিবাদৰ পিছত ৰজা জ্ঞানেন্দ্ৰই ক্ষমতা ত্যাগ কৰিবলগীয়া হয় । ইয়াৰ পিছত সকলো ক্ষমতা সংসদক গতাই দিয়া হয় আৰু ২০০৮ চনত নেপালত ২৪০ বছৰীয়া ৰাজতন্ত্ৰ শাসনৰ অন্ত পৰে ।

কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময়, কিছু অঞ্চলৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন… গ্ৰেপ্তাৰ এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থক

শুকুৰবাৰে ৰাজতন্ত্ৰৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত নেপালৰ কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময় হৈ আছে । কিন্তু কিছু অঞ্চলত শান্তি ঘূৰি অহা দেখি আৰক্ষীয়ে উঠাই লৈছে সান্ধ্য আইন । ইফালে বৰ্তমানলৈকে এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে ।

শুকুৰবাৰে নেপালৰ কাঠমাণ্ডুত ৰাজতন্ত্ৰ সমৰ্থকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । টিংকুনে অঞ্চলৰ এটা ঘৰত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে । সমৰ্থকসকলে শিলগুটি নিক্ষেপ কৰি এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আক্ৰমণ চলায় । যান-বাহন অগ্নিসংযোগ কৰাৰ লগতে দোকান-পোহাৰ লুটপাত কৰে । ইয়াৰ উপৰিও দুস্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীৰ বাধা ভাঙিবলৈও চেষ্টা কৰে, যাৰ বাবে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । এই সংঘৰ্ষৰ সময়তে নিহত হয় দুজন লোক । ইয়াৰ পিছতে শুকুৰবাৰে সন্ধিয়া ৪.২৫ বজাৰ পৰা বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰা হয় । শনিবাৰে পুৱা ৭ বজাত সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হয় ।

আন্দোলনৰ আহ্বায়ক দুৰ্গা প্ৰসাদে নিৰাপত্তাৰ বাধা ভঙাৰ পিছতে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । বুলেটপ্ৰুফ গাড়ী এখনত উঠি তেওঁ বানেশ্বৰৰ ফালে আগবাঢ়িছিল । ইতিমধ্যে আৰক্ষীয়ে এশজন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাধাৰণ সম্পাদক ধৱাল শমশ্বেৰ ৰাণা আৰু দলটোৰ এজন কেন্দ্ৰীয় সদস্য ৰবীন্দ্ৰ মিশ্ৰ ।

কাঠমাণ্ডু জিলা আৰক্ষী ৰেঞ্জৰ আৰক্ষী অধীক্ষক অপিল বহৰাই জানিবলৈ দিয়া মতে, প্ৰসাদ নামৰ মূল লোকজন এতিয়াও পলাতক হৈ আছে । এই হিংসাত্মক সংঘৰ্ষত ৫৩ জন আৰক্ষী জোৱান, ২২ জন সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান আৰু ৩৫ জন প্ৰতিবাদকাৰী আহত হয় । প্ৰতিবাদৰ সময়ত ১৪টা অট্টালিকাত অগ্নি সংযোগ কৰাৰ লগতে ৯টা অট্টালিকা ভাঙি পেলোৱা হয় । ৯ খন চৰকাৰী বাহনত অগ্নিসংযোগ কৰাৰ লগতে ৬ খন ব্যক্তিগত বাহন ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে ।

সমৰ্থকসকলে ২০০৮ চনৰ পৰা ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী জনাই আহিছে-

উল্লেখ্য যে ২০০৮ চনত সংসদীয় ঘোষণাৰ জৰিয়তে নেপালৰ ৰাজনৈতিক দলসমূহে ২৪০ বছৰীয়া ৰাজতন্ত্ৰ বিলুপ্ত কৰি হিন্দু ৰাষ্ট্ৰখনক ধৰ্মনিৰপেক্ষ, ফেডাৰেল, গণতান্ত্ৰিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰে । তেতিয়াৰ পৰাই ৰাজতন্ত্ৰবাদী সমৰ্থকসকলে ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰি আহিছে । প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰই গণতন্ত্ৰ দিৱসত (১৯ ফেব্ৰুৱাৰী) ভিডিঅ’ বাৰ্তাযোগে সমৰ্থনৰ বাবে আবেদন জনাইছিল ।

এগৰাকী মেয়ৰক গ্ৰেপ্তাৰ কৰাত ক্ষুব্ধ হৈ পৰিল তুৰ্কি; ১২ বছৰৰ পিছত পুনৰ বৃহৎ প্ৰতিবাদ

২৩ মাৰ্চ দেওবাৰে তুৰ্কীৰ এখন আদালতে ৰাষ্ট্ৰপতি টাইব এৰদোগানৰ মূল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তথা ইস্তানবুলৰ মেয়ৰ একৰেম ইমামোগ্লুক দুৰ্নীতিৰ অভিযোগত বিচাৰ চলি থকা অৱস্থাত জেললৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে দেশখনত এক দশকৰো অধিক সময়ৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰতিবাদ আৰম্ভ হৈছে।ইমামোগ্লুক জেললৈ পঠোৱাৰ কাৰ্যক ৰাজনৈতিক আৰু অগণতান্ত্ৰিক বুলি সমালোচনা কৰা হৈছে। মূল বিৰোধী দল, ইউৰোপীয় নেতা আৰু লাখ লাখ প্ৰতিবাদকাৰীৰ সমালোচনা।

ইমামোগলুৱে ২০১৯ চনত ইস্তানবুলৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ লগতে যোৱা বছৰ একেটা পদৰ বাবেও নিৰ্বাচনত জয়ী হৈছিল। ইস্তানবুল তুৰ্কিৰ আটাইতকৈ ডাঙৰ চহৰ।

ইয়াৰ জনসংখ্যা প্ৰায় ১.৬ কোটি আৰু ই দেশৰ ব্যৱসায়িক কেন্দ্ৰ। ইয়াত নিৰ্বাচনত জয়ী হৈ ৫৩ বছৰীয়া ইমামোগ্লুৱে তুৰ্কীৰ ৰাজনীতিত ৰাষ্ট্ৰপতি এৰদোগানৰ এক নম্বৰ প্ৰতিদ্বন্দ্বী হৈ পৰিছে।

১৯ মাৰ্চ বুধবাৰে আটক কৰা হৈছিল মেয়ৰ ইমামোগ্লুক। চি এইচ পি দলৰ পৰা অহা ইমামোগ্লুৰ বিৰুদ্ধে কুৰ্দি সমৰ্থক দলৰ সৈতে হোৱা নিৰ্বাচনী চুক্তিৰ বাবে “দুৰ্নীতি” আৰু “এটা সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন”ৰ অভিযোগ উত্থাপন হৈছিল।

আংকাৰাই সন্ত্ৰাসবাদী গোট বুলি অভিহিত কৰা কুৰ্দিস্তান ৱৰ্কাৰছ পাৰ্টি (পিকেকে)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে।  

আদেশত কোৱা হৈছে যে “এক্ৰেম ইমামোগ্লুক এটা অপৰাধী সংগঠন প্ৰতিষ্ঠা আৰু নেতৃত্ব দিয়া, উৎকোচ গ্ৰহণ, দুৰ্নীতি, অবৈধভাৱে ব্যক্তিগত তথ্য লিপিবদ্ধ কৰা আৰু চুক্তি ভুৱা কৰাৰ অপৰাধত আটক কৰা হৈছে” ।

ইমামোগ্লুক ২০২৮ চনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে চি এইচ পিৰ প্ৰাৰ্থী হিচাপে দেওবাৰে মনোনীত হ’বলগীয়া আছিল, য’ত তেওঁ একমাত্ৰ প্ৰাৰ্থী।

আৰু সেই দিনটোতেই তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়। কেৱল এয়াই নহয়, বুধবাৰে তেওঁক জিম্মাত লোৱাৰ পূৰ্বে তেওঁৰ ডিগ্ৰীও বাতিল কৰা হৈছিল।

ইমামোগ্লুক গ্ৰেপ্তাৰ কৰাৰ পিছতে ২০১৩ চনৰ গেজী প্ৰতিবাদৰ পিছত দেশখনত সৰ্বাধিক প্ৰতিবাদ হয়। ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।  

ঔৰংজেৱ বিতৰ্কৰ পিছত নাগপুৰত হিংসাত্মক পৰিস্থিতি…দুটা গোটৰ মাজত সংঘৰ্ষত আহত কেইবাজনো আৰক্ষী

ঔৰংজেবৰ সমাধিক লৈ নাগপুৰত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ দৰে হিন্দু সংগঠনে ধাৰাবাহিকভাৱে কবৰটো আঁতৰোৱাৰ দাবী উত্থাপন কৰি আহিছে । তেওঁলোকৰ দাবীৰ সমৰ্থনত সোমবাৰে পুৱা নাগপুৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰতিবাদৰ সময়ত একাংশ সংগঠনে প্ৰতীকীভাৱে ঔৰংজেবৰ ‘কবৰ’ দাহ কৰে । ইয়াৰ পিছত সংঘটিত হয় হিংসাত্মক পৰিস্থিতি । এই ঘটনাত একাংশ আৰক্ষী জোৱানো আহত হয় ।

দাহ কৰাৰ সময়ত ব্যৱহাৰ কৰা চাদৰখনক লৈ বিতৰ্কৰ সৃষ্টি হয়, কিয়নো মুছলমান সম্প্ৰদায়ে দাবী কৰিছিল যে সেই চাদৰখনত ধৰ্মীয় কথা লিখা আছিল, যিয়ে তেওঁলোকৰ আৱেগক আঘাত কৰা বুলি অভিযোগ কৰিছে । ইয়াৰ বাবেই নগপুৰৰ মহল এলেকাত শিৱাজী প্ৰতিমূৰ্তিৰ সন্মুখত মুছলমান সম্প্ৰদায়ৰ লোকে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

বজৰং দলৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ!

পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নাগপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক তাৰ পৰা ছত্ৰ ভংগ দিয়াই । কিন্তু ইয়াৰ পিছতে মুছলমান সম্প্ৰদায়ৰ একাংশ লোক গণেশ পেঠ থানাত উপস্থিত হৈ বজৰং দলৰ কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে যিকোনো সংঘৰ্ষ প্ৰতিহত কৰিবলৈ শিৱাজী প্ৰতিমূৰ্তিৰ চাৰিওফালে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

সন্ধিয়ালৈ দুয়োটা গোটৰ মাজত পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰে । দুয়োপক্ষৰ মাজত হোৱা বিবাদ সংঘৰ্ষলৈ পৰিণত হয় । এই সময়ছোৱাত ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতিৰ অভিযোগ উত্থাপন হৈছে আৰু কিছুমান ঠাইত অগ্নিসংযোগো সংঘটিত হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি উত্তেজিত লোকক ছত্ৰভংগ দিয়াই ।

হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত মোতায়েন RAF-

আৰক্ষীৰ তীব্ৰ নিৰাপত্তাৰ অধীনত হিংসাত্মক অঞ্চলসমূহত ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক ক্ষতি ৰোধ কৰিবলৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । আৰক্ষীয়ে এতিয়া এই হিংসাত্মক ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ কাম কৰি আছে ।

শান্তিৰ বাবে আবেদন জনাইছে নীতিন গাডকাৰীয়ে-

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰবাসীক শান্তি বজাই ৰাখিবলৈ আৰু আইন মানি চলিবলৈ আহ্বান জনাইছে । এনে ঘটনাই মহানগৰীৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰে বুলিও তেওঁ কয় । উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদি শান্তি বজাই ৰাখিবলৈ স্থানীয় প্ৰশাসনে আহ্বান জনাইছে ।

কেজৰিৱালৰ বাসগৃহৰ বাহিৰত বিজেপিৰ হাল্লা; দিল্লীত পূৰ্বাঞ্চলীসকলৰ অপমানক লৈ ৰাজনৈতিক প্ৰতিবাদ

দিল্লী নিৰ্বাচনৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে। ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ফলাফল ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব। ইফালে, পূৰ্বাঞ্চলী ভোটাৰৰ বাবে বিজেপি আৰু আম আদমী পাৰ্টী মুখামুখি হৈছে।

পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালৰ মন্তব্যৰ লৈ বিজেপি কৰ্মী আৰু সমৰ্থকসকলে  অশোক ৰোডৰ পৰা অৰবিন্দ কেজৰিৱালৰ বাসগৃহলৈ ‘পূৰ্বাঞ্চল সন্মান মাৰ্চ’ উলিয়াইছিল।

তেওঁলোকে ফিৰোজ শ্বাহ ৰোডত অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিজেপি কৰ্মীসকলৰ প্ৰতিবাদ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে কয় যে বিজেপি এটা প্ৰতিবাদী দল হৈ পৰিছে।

প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ, দিল্লী আৰক্ষীয়ে বিজেপি কৰ্মীসকলৰ ওপৰত পানীৰ টোপ ব্যৱহাৰ কৰে। একে সময়তে, দিল্লী আৰক্ষীয়ে বিজেপি কৰ্মী আৰু সমৰ্থকসকলকো আটক কৰিছে।

দিল্লীত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছৰে পৰা, নিৰ্বাচনৰ উত্তেজনা বৃদ্ধি পাইছে।এনে পৰিস্থিতিত, আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙে এটা বিবৃতি দি কৈছিল যে বিজেপিয়ে পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ভোট ভোটতালিকাৰ পৰা কৰ্তন কৰিছে।

একে সময়তে, অৰবিন্দ কেজৰিৱালেও এই সন্দৰ্ভত মন্তব্য কৰে। এনে পৰিস্থিতিত, নিৰন্তৰ বাক্যবাণ কৰা হৈছে। দিল্লীত পূৰ্বাঞ্চলৰ এটা বৃহৎ অংশ আছে যিয়ে দিল্লীত চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আম আদমী পাৰ্টিৰ বিধায়ক সৌৰভ ভৰদ্বাজে কয়, “মই দিল্লীৰ পূৰ্বাঞ্চলী নেতাসকলক সুধিব বিচাৰো যে যেতিয়া জে পি নাড্ডাই পূৰ্বাঞ্চলী অনুপ্ৰৱেশকাৰীসকলক ফোন কৰিছিল, মনোজ তিৱাৰী ক’ত আছিল।

পূৰ্বাঞ্চল মৰ্চা ক’ত আছিল? মোৰ সমষ্টিত ছট ঘাট ভাঙি পেলোৱাৰ সময়ত মনোজ তিৱাৰী ক’ত আছিল?আমি আজি এখন সংবাদমেল অনুষ্ঠিত কৰি ক’লো যে দিল্লীত পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ভোট কৰ্তন কৰা হৈছে, কিয়নো তেওঁলোকে আপক ভোট দিয়ে।

আম আদমী পাৰ্টীয়ে পূৰ্বাঞ্চলৰ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু বিজেপিয়ে কৈছে যে আম আদমী পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালে পূৰ্বাঞ্চলৰ ভোটাৰসকলক অপমান কৰিছে।