‘ভুলতে দুবাৰকৈ সুযোগ দিলোঁ…’; লালু যাদৱক তীব্ৰ সমালোচনা নীতিশ কুমাৰৰ

লালু যাদৱক তীব্ৰ সমালোচনা নীতিশ কুমাৰৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গোপালগঞ্জৰ হাথুৱা বিধান সভা সমষ্টিৰ বৰকাগাঁৱৰ আদৰ্শ বিদ্যালয়ত আয়োজন কৰা কাৰ্যকতাৰ আলোচনাৰ সময়ত লালু প্ৰসাদৰ পৰিয়ালক তীব্ৰ সমালোচনা কৰে।

লালুৰ গৃহ জিলাত ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ পূৰ্বেও যথেষ্ট গোলমাল হৈছিল আৰু কিছুমান মানুহ বেলেগে বেলেগে ঘূৰি ফুৰিছিল।

মুখ্যমন্ত্ৰী নীতিশে কয় যে আমাৰ দলে দুবাৰকৈ ভুল কৰিছিল,যেতিয়া কিছুমান মানুহক ডেৰ বছৰকৈ অন্তৰ্ভুক্ত কৰা হৈছিল।

কিন্তু লগে লগে তেওঁক আঁতৰাই দিয়া হয় আৰু স্পষ্ট নিৰ্দেশনা দিয়া হয় যে এতিয়া আমাৰ লগত কাকো যোগদান কৰিবলৈ দিয়া হোৱা নাই।

তেওঁ লগতে কয় যে যিসকল আৰম্ভণিৰে পৰা দলৰ সৈতে আছিল, সেই সকলেই এতিয়া সদায় আমাৰ লগত থাকিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,‘আগতে বহু বিশৃংখলতা হৈছিল আৰু কিছু লোকে পৃথকে পৃথকে ঘূৰি ফুৰিছিল।আমাৰ দলে দুবাৰ ভুল কৰিলে,কিন্তু লগে লগে তেওঁক আঁতৰাই দিয়া হ’ল।এতিয়া কোনেও আমাৰ লগত খেলিবলৈ চেষ্টা নকৰিব।যিসকল আৰম্ভণিৰে পৰা আমাৰ লগত আছিল, তেওঁলোক সদায় আমাৰ লগত থাকিব।’

লগতে পঢ়ক: বড়োভূমিত উৰিল BPF ৰ পতাকা; গাদীচ্যুত প্ৰমোদ বড়ো

‘নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী বনাব লাগে’, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰিলে দাবী

বিহাৰৰ মুখ্যমন্ত্ৰী আৰু জনতা দল ইউনাইটেডৰ মুৰব্বী নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী বনাবলৈ দাবী উত্থাপন হৈছে।এই দাবী উত্থাপন কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে।

অশ্বিনী চৌবেয়ে কয় যে এয়া তেওঁৰ ব্যক্তিগত ইচ্ছায উল্লেখ্য যে কেন্দ্ৰলৈ অহাৰ পূৰ্বে অশ্বিনী কুমাৰ চৌবেয়ে নীতিশ কুমাৰৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰি আহিছে।

নীতিশক উপ-প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী সন্দৰ্ভত অশ্বিনী কুমাৰ চৌবেয়ে কয়, “নিতিশ কুমাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।”

তেওঁ মিত্ৰতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰিছে।মোৰ ব্যক্তিগত ইচ্ছা যে তেওঁক উপ-প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হওক।

যদি এই ইচ্ছা পূৰণ হয় তেন্তে বিহাৰে বাবু জগজীৱন ৰামৰ পিছত নিজৰ মাটিৰ আন এজন পুত্ৰক এই পদ দখল কৰা দেখিব।

আচলতে এই বছৰৰ শেষত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।৭৪ বছৰীয়া নীতিশ কুমাৰক সন্মানজনক বিদায় দিব পাৰে বুলিও জল্পনা-কল্পনাৰ আৰম্ভ হৈছে।

অৱশ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটে বিহাৰত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

অশ্বিনী চৌবেৰ দাবীত জেডিইউৰ মুখপাত্ৰ নীৰজ কুমাৰে কয় যে “এন ডি এৰ সকলো মিত্ৰই মুখ্যমন্ত্ৰী নীতিশক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ নেতা হিচাপে গ্ৰহণ কৰে।”

একে সময়তে আৰজেডিৰ মুখপাত্ৰ এজাজ আহমেদে অশ্বিনী চৌবেক লক্ষ্য কৰি বিজেপিৰ স্বঘোষিত মুখপাত্ৰ আখ্যা দিয়ে।

মণিপুৰ জেডিইউত বিভেদ ; NDAৰ পৰা আনুষ্ঠানিকভাৱে উঠাই ল’লে সমৰ্থন

হঠাৎ বিজেপিৰ সংগ ত্যাগ কৰিলে নীতিশ কুমাৰে ।বুধবাৰে আবেলি মণিপুৰৰ পৰা অহা এটা খবৰে আচৰিত কৰিছে। জনতা দলে (ইউনাইটেডে) বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছে।

মণিপুৰৰ এন বীৰেণ সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে JDUৰ।উল্লেখ্য যে মণিপুৰত JDUৰ আছে মাত্ৰ এজন বিধায়ক।এই এজন মাত্ৰ বিধায়ক থকা JDU-এ সমৰ্থন জনাই আহিছিল NDA চৰকাৰক।

হঠাৎ বিধায়ক গৰাকীয়ে সমৰ্থন প্ৰত্যাহাৰ কৰা লৈ চলিছে ব্যাপক চৰ্চা। JDUৰ পৰা নিৰ্বাচিত হৈছিল বিধায়ক আব্দুৰ নাছিৰ। এতিয়াৰে পৰা বিৰোধীৰ শাৰীত বহিব বিধায়ক আব্দুৰ নাছিৰ। বিজেপি শাসিত চৰকাৰক সমৰ্থন নজনোৱাৰ সিদ্ধান্ত বিধায়ক আব্দুৰ নাছিৰ।

মণিপুৰ জেডি(ইউ) গোটৰ মুৰব্বী বীৰেন সিঙেও ৰাজ্যপাল অজয় কুমাৰ ভল্লালৈ এখন পত্ৰ লিখিছিল। অৱশ্যে, সিঙক পিছত অনুশাসনহীনতাৰ বাবে দলটোৱে পদৰ পৰা আঁতৰাই দিছিল।অৱশ্যে, জেডিইউৰ এই সিদ্ধান্তই এন বীৰেন সিঙৰ চৰকাৰৰ বাবে কোনো ভাবুকি সৃষ্টি নকৰে।

২০২২ চনৰ বিধানসভা নিৰ্বাচনত জেডি(ইউ)য়ে ছয়খন আসন লাভ কৰিছিল, কিন্তু ফলাফলৰ পিছত ইয়াৰ পাঁচজন বিধায়কে দল সলনি কৰি বিজেপিলৈ যায়।

‘ তেওঁ সম্পূৰ্ণৰূপে ভাগৰি পৰিছে , সিদ্ধান্ত ল’বলৈ সক্ষম নহয় ’; নীতিশ কুমাৰক লক্ষ্য তেজস্বী যাদৱৰ

বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তীব্ৰ আক্ৰমণ কৰিছে। তেওঁ কৈছিল যে নীতিশ কুমাৰৰ অৱস্থা এতিয়া এনেকুৱা হৈ পৰিছে যে তেওঁ ৰাজনৈতিক বিবৃতি দিবলৈ প্ৰেছ বিজ্ঞপ্তিৰ আশ্ৰয় ল’ব লাগিব।

তেজস্বীয়ে অভিযোগ কৰিছিল যে নীতিশ কুমাৰক সম্পূৰ্ণৰূপে “অপহৰণ” কৰা হৈছে আৰু এতিয়া তেওঁ সিদ্ধান্ত লোৱা অৱস্থাত নাই।

মতিহাৰীত কৰ্মকৰ্তা-দৰ্শন কাৰ্যসূচীৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেজস্বী যাদৱে নীতিশ কুমাৰ, বিজেপি আৰু প্ৰশান্ত কিশোৰক লক্ষ্য কৰি লয়।

“নীতিশ কুমাৰক আমাৰ লগত লৈ যোৱাৰ কোনো প্ৰশ্নই নাই। তেওঁলোকক স্থিৰ হৈ থাকিবলৈ দিয়ক। তেওঁ ভাগৰুৱা আৰু সিদ্ধান্ত ল’বলৈ সক্ষম নহয়’ বুলিও বিৰোধী দলপতি গৰাকীয়ে মন্তব্য কৰে।

তেজস্বী যাদৱে দাবী কৰিছিল যে নীতিশ কুমাৰৰ চৰকাৰ বিজেপিৰ নিৰ্দেশত চলি আছে। তেওঁ কয়, “নীতিশ কুমাৰক কিছুমান লোকে অপহৰণ কৰিছে, কিছুমানে দিল্লীত আৰু কিছুমানে পাটনাত। একেজন মানুহে নিজৰ লাভৰ বাবে বিজেপিৰ সৈতে চৰকাৰ চলাই আছে। ‘

আনহাতে প্ৰশান্ত কিশোৰক লক্ষ্য কৰি তেজস্বীয়ে কয়, “শিক্ষাৰ্থীসকলে স্পষ্টকৈ কৈছিল যে আন্দোলনৰ ৰাজনীতি কৰিব নালাগে, তথাপিও এই লোকসকলে তালৈ গৈ নেতৃত্ব দি আছে আৰু শিক্ষাৰ্থীসকলক প্ৰহাৰ কৰিছে।প্ৰশান্ত কিশোৰে নায়ক-নায়িকাৰ দৰে ভেনিটি ভেনএখনত ঘূৰি ফুৰে। য’ত শ্বুটিং থাকে তাতেই উপস্থিত হয়”।   

তেজস্বী যাদৱে এটা ডাঙৰ দাবী কৰিছিল যে অমিত শ্বাহৰ নিৰ্দেশত প্ৰশান্ত কিশোৰক জেডিইউত অন্তৰ্ভুক্ত কৰা হৈছিল।তেওঁ লগতে কয় “প্ৰশান্ত কিশোৰৰ শিক্ষাৰ্থী বা বিহাৰৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁলোকে কেৱল তেওঁলোকৰ মুখখন উজ্জ্বল কৰিব লাগিব। এইসকল সেই একেজন মানুহ যিয়ে আগতে শিক্ষাৰ্থীসকলক ভাবুকি দিছিল আৰু এতিয়া নেতা হ’বলৈ চেষ্টা কৰি আছে”।

‘দুবাৰ ভুল হ’ল’…লালু যাদৱৰ প্ৰস্তাৱ নাকচ নীতিশ কুমাৰৰ

প্ৰগতি যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত শনিবাৰে গোপালগঞ্জত উপস্থিত হোৱা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাইছে । গোপালগঞ্জত উন্নয়নমূলক আঁচনিসমূহৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে আমি ভুলতে দুবাৰকৈ ইয়াৰ পৰা তালৈ গুচি আহিছিলো, এতিয়া আমি সদায় একেলগে থাকিম আৰু বিহাৰৰ সমান্তৰালভাৱে দেশৰো উন্নয়ন কৰিম । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই বক্তব্যৰ পিছত ৰাজনৈতিক মহলত চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিছে ।

‘আমি বিহাৰক আগুৱাই লৈ গৈ আছো’

ইয়াৰ পূৰ্বে হিন্দু-মুছলমানৰ মাজত বিবাদৰ খবৰ আহিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । বিহাৰৰ ৰাইজে যেতিয়া আমাক কাম কৰাৰ সুযোগ দিলে তেতিয়া বিহাৰৰ অৱস্থা সলনি হৈছে । প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ কাম চলি আছে । কাৰো বিৰুদ্ধে কোনো ধৰণৰ বৈষম্য হোৱা নাই । আমি একেলগে বিহাৰক অবিৰতভাৱে আগুৱাই লৈ গৈ আছো । বিহাৰৰ কোনো অঞ্চল উন্নয়নৰ অস্পৃশ্য নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । শিক্ষা, স্বাস্থ্য, ৰাস্তা-ঘাট, দলং আৰু কালভাৰ্টৰ ক্ষেত্ৰত আমি বহু কাম কৰিছো যাৰ বাবে আগতে বিহাৰৰ যিকোনো কোণৰ পৰা মানুহ ছয় ঘন্টাত পাটনা পোৱা গৈছিল, এতিয়া পাঁচ ঘন্টালৈ হ্ৰাস হৈছে । ইয়াৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলোৱা হৈছে ।

২০২০ চনলৈকে আমি আঠ লাখ লোকক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিলোঁ বুলি মুখ্যমন্ত্ৰী কুমাৰে কয় । ইয়াৰ পিছত আমি ১০ লাখ লোকক চৰকাৰী চাকৰি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ, যিটো ১২ লাখলৈ বৃদ্ধি কৰা হৈছে । এতিয়ালৈকে ৯ লাখ লোকক চৰকাৰী চাকৰি দিয়া হৈছে । ইয়াৰ বাহিৰেও ১০ লাখ লোকক কৰ্মসংস্থাপন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । এতিয়ালৈকে ২৪ লাখ লোকক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হৈছে । ২০২৫ চনত ১২ লাখ লোকক চৰকাৰী চাকৰি আৰু ৩৪ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হ’ব ।

মুখ্যমন্ত্ৰীয়ে কৰা বহু কামৰ হিচাপ দিলে-

লগতে সকলো শ্ৰেণীৰ উত্থানৰ বাবে কাম কৰা বুলিও কয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । মাদ্ৰাছাক চৰকাৰী স্বীকৃতি দিয়া হৈছে । আমি বিহাৰত জাতি ভিত্তিক লোকপিয়ল কৰিছো য’ত প্ৰতিটো জাতিৰ অন্তৰ্গত ৯৪ লাখ দৰিদ্ৰ পৰিয়াল চিনাক্ত কৰা হৈছে । এনে দৰিদ্ৰ পৰিয়ালক প্ৰতিটো পৰিয়ালত ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়া হৈছে যাতে তেওঁলোকে জীৱিকা উপাৰ্জন কৰিব পাৰে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গোপালগঞ্জত প্ৰায় ১৪০ কোটি টকা ব্যয় সাপেক্ষে ৭২টা উন্নয়নমূলক আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । ইয়াৰে ৬১খন আঁচনিৰ ৭১.৬৯ কোটি টকা ব্যয় সাপেক্ষে উদ্বোধন কৰাৰ বিপৰীতে ৬৭.৩৩ কোটি টকা ব্যয় সাপেক্ষে ১১খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।

লালু প্ৰসাদ যাদৱে নীতিশ কুমাৰক আগবঢ়ালে প্ৰত্যাৱৰ্তনৰ প্ৰস্তাৱ;বিহাৰৰ মুখ্যমন্ত্ৰীয়েও দিলে উত্তৰ

বিহাৰৰ ৰাজনীতিত আকৌ এবাৰ জল্পনা-কল্পনা আৰম্ভ হৈছে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডি ৰ মুৰব্বী লালু প্ৰসাদ যাদৱে মুখ্যমন্ত্ৰী নীতিশক পুনৰবাৰ মহাগটবন্ধনত যোগ দিয়াৰ প্ৰস্তাৱ দিছে।

লালুৰ প্ৰস্তাৱটোৱে বিহাৰৰ ৰাজনীতিত এক হুলস্থূলৰ সৃষ্টি কৰিছে আৰু প্ৰশ্ন উত্থাপন হৈছে যে নীতিশ কুমাৰে আকৌ এবাৰ তেওঁৰ পক্ষ সলনি কৰিব পাৰিবনে?

অৱশ্যে, সকলো জল্পনা-কল্পনাৰ মাজতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও লালুৰ প্ৰস্তাৱৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি)মুৰব্বী লালু প্ৰসাদ যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক মহাজোটলৈ উভতি যাবলৈ প্ৰস্তাৱ দিছে।

নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত লালু যাদৱে কৈছে যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে  I.N.D.I গটবন্ধনৰ দুৱাৰ সদায়ে মুকলি আছে, আৰু তেওঁ যদি বিচাৰে তেনেহলে একেলগে আহিব পাৰে। লালু যাদৱে লগতে কৈছে যে নীতিশ কুমাৰ যদিও পলাই যায়, কিন্তু আমি তেওঁক ক্ষমা কৰিছো।

অৱশ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লালু যাদৱৰ এই প্ৰস্তাৱ নাকচ কৰিছে। লালুৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নীতিশ কুমাৰে কয়, “আপুনি এইবোৰ কি কৈ আছে? এতিয়া এইবোৰ এৰি দিয়ক।

একে সময়তে, জেডিইউ নেতা বিজয় চৌধুৰীয়েও লালু যাদৱৰ প্ৰস্তাৱটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰাকাশ কৰিছে।বিজয় চৌধুৰীয়ে স্পষ্টকৈ কৈছে যে আমাৰ দলত কোনো বিভ্ৰান্তি নাই, দল আৰু মুখ্যমন্ত্ৰী দুয়োৰে স্থিতি স্পষ্ট যে আমি এন ডি এত আছো আৰু এন ডি এত থাকিম।

বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয়, “নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱক ভিতৰৰ পৰা জানে। লালু প্ৰসাদ যাদৱে কেৱল ভয় খাইছে।

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আৰজেডি নেতা তেজস্বী যাদৱেও এই গোটেই বিষয়টোত এটা বিবৃতি দিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে মিত্ৰতাৰ দুৱাৰ সদায় মুকলি থাকে বুলি লালু প্ৰসাদ যাদৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেজস্বীয়ে কয়, “আপুনি তেওঁক সুধি থাকিব, তেওঁ আৰু কি ক’ব?তেওঁ আপোনালোক সকলোকে শান্ত কৰিবলৈ এইটো কৈছিল। তেজস্বীয়ে এইটোও কৈছে যে ২০২৫ নীতিশ কুমাৰৰ বাবে বিদায় বৰ্ষ হিচাপে প্ৰমাণিত হ’ব আৰু নতুন বছৰত বিহাৰত এখন নতুন চৰকাৰ গঠন কৰা হ’ব।  

২০২৪ত কোন ভাৰতীয়ক সৰ্বাধিক চাৰ্চ কৰা হ’ল গুগলত ?  জানক শীৰ্ষ ১০ জন লোকৰ তালিকা

২০২৪ বৰ্ষই আমাৰ মাজৰ পৰা বিদায় লবলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এনে সময়তে এতিয়া একাংশই জানিবলৈ চেষ্টা কৰিছে যে ২০২৪ চনত গুগলত কোন ভাৰতীয়ক সৰ্বাধিক বিচৰা বা চাৰ্চ কৰা হ’ল । প্ৰকৃততে বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন গুগলে ভাৰতত সৰ্বাধিক চাৰ্চ কৰা শীৰ্ষ ১০ জন লোকৰ তালিকা প্ৰকাশ কৰিছে । এই তালিকাত সৰ্বাধিক সন্ধান কৰা ব্যক্তি হৈছে বিনেশ ফোগাট । ইয়াৰ উপৰিও ক্ৰীড়া, ৰাজনীতি আৰু গ্লেমাৰৰ লগতে ব্যৱসায় জগতৰ লোকৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হৈছে । গতিকে জানক এই বৰ্ষটোত গুগলত সৰ্বাধিক চাৰ্চ কৰা ভাৰতীয়ক ।

বিনেশ ফোগাট-

২০২৪ চনত গুগলত সৰ্বাধিক চাৰ্চ কৰা ভাৰতীয় চেলিব্ৰিটিৰ ভিতৰত প্ৰথম নামটো হ’ল মল্লযুঁজাৰু বিনেশ ফোগাটৰ । আচলতে পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কেজি ফ্ৰীষ্টাইল ফাইনেলত বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছিল মাত্ৰ ১০০ গ্ৰাম ওজন কম হোৱাৰ বাবে । এই ঘটনাই বিনেশ ফোগাটক ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰি তুলিছিল । লগতে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছত যোগদান কৰিছিল বিনেশ ফোগাটে । জুলানা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হয় তেওঁ ।

নীতিশ কুমাৰ-

গুগল চাৰ্চত দ্বিতীয় স্থানত আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ । লোকসভা নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰে আৰ জে ডি ত্যাগ কৰি এন ডি এত যোগদান কৰে । ইয়াৰ বাবে তেওঁক ছ’চিয়েল মিডিয়াত বহুত ট্ৰ’ল কৰা হৈছিল । ইয়াৰ সমান্তৰালকৈ নীতিশ কুমাৰৰ বক্তব্যৰ বাবে গুগলত সন্ধান কৰা হৈছিল ।

চিৰাগ পাছোৱান-

নীতিশ কুমাৰৰ পিছত তালিকাত আছে চিৰাগ পাছোৱান । চিৰাগ পাছোৱানে চিনেমাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰি লোকসভা নিৰ্বাচনৰ সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছিল । মোদী চৰকাৰত তেওঁক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । কেৱল এয়াই নহয়, কংগনা ৰানাৱতৰ সৈতে তেওঁৰ এখন ছবিও ভাইৰেল হৈছিল, তাৰ পিছত চিৰাগ পাছোৱানক গুগলত বহুত চাৰ্চ কৰা হৈছিল ।

হাৰ্দিক পাণ্ডিয়া-

ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । গুগলত হাৰ্দিক পাণ্ডিয়াৰ অনুৰাগীয়ে সৰ্বাধিক চাৰ্চ কৰিছে । আচলতে ২০২৪ চনত ব্যক্তিগত জীৱনৰ বাবে আটাইতকৈ বেছি বাতৰিৰ শিৰোনাম দখল কৰে হাৰ্দিক পাণ্ডিয়াই । হাৰ্দিক আৰু নাটাছাৰ বিবাহ বিচ্ছেদ হয়, যাৰ বাবে তেওঁ শিৰোনামত থাকে । টি-২০ বিশ্বকাপত তেওঁ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল ।

পৱন কল্যাণ-

অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা পৱন কল্যাণ বৰ্তমান অন্ধ্ৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী । অন্ধ্ৰ প্ৰদেশত চলিত বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, য’ত চন্দ্ৰবাবু নাইডুৰ টি ডি পি আৰু বিজেপিৰ সৈতে পৱন কল্যাণৰ জনসেনা পাৰ্টিয়েও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । নিৰ্বাচনত জয়ী হোৱাৰ পিছত পৱন কল্যাণক অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় ।

শশাংক সিং-

২০২৪ চনৰ গুগল চাৰ্চ লিষ্টত ক্ৰিকেটাৰ শশাংক সিঙৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । ২০২৪ চনৰ আই পি এল মেচত শশাংক সিঙে বিস্ফোৰক বেটিঙেৰে সকলোকে আচৰিত কৰি তুলিছিল ।

পুনম পাণ্ডে-

গুগলৰ কোনো চাৰ্চ লিষ্ট থাকিব নোৱাৰে য’ত পুনম পাণ্ডেৰ নাম অন্তৰ্ভুক্ত নাথাকে । ২০১৩ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল পুনম পাণ্ডেই । ছবিতকৈ বক্তব্য আৰু শৈলীৰ বাবে তেওঁ উদ্যোগটোৰ শিৰোনামত থাকে । আনহাতে ২০২৪ চনত পুনমক মিছা মৃত্যুৰ খবৰ বিয়পোৱাৰ বাবে বহুত ট্ৰ’ল কৰা হৈছিল । কিন্তু পিছত পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ মিছা বুলি প্ৰমাণিত হয় ।

ৰাধিকা মাৰ্চেন্ট-

২০২৪ চনত গুগলত সৰ্বাধিক সন্ধান কৰা হৈছে ৰাধিকা মাৰ্চেণ্টক । আচলতে এই বছৰ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ সৈতে ৰাধিকা মাৰ্চেণ্টৰ বিবাহ হৈছিল । তেওঁলোকৰ বিবাহ সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈছিল । এই বিয়াত সমগ্ৰ বিশ্বৰ মহান ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল । এই কাৰণেই এই বছৰ গুগলত ৰাধিকা মাৰ্চেণ্টৰ নাম বিশিষ্ট হৈ থাকিল ।

অভিষেক শৰ্মা-

ক্ৰিকেটাৰ অভিষেক শৰ্মাই আই পি এল ২০২৪ৰত আশ্চৰ্যকৰ প্ৰদৰ্শন আগবঢ়াইছিল । ভাৰতৰ হৈ তেওঁ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় । বেটিং আৰু যুৱ ফেন ফ’ল’ৱাৰৰ বাবে অভিষেক শৰ্মা অতি বিখ্যাত হৈ পৰিছিল । এই কাৰণেই তেওঁক গুগলত সৰ্বাধিক সন্ধান কৰা হয় ।

লক্ষ্য সেন-

উত্তৰাখণ্ডৰ আলমোৰাৰ বাসিন্দা ২৩ বছৰীয়া লক্ষ্য সেনে চলিত বৰ্ষত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিক গেমছৰ বেডমিণ্টন পুৰুষৰ একক ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । কিন্তু ছেমি ফাইনেলত পৰাজয়ৰ বাবে তেওঁ ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হয় ।