নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনৰ (নাছা) মহাকাশযান পাৰ্কাৰ ছ’লাৰ প্ৰ’বে ( Parker Solar Probe) ইতিহাস সৃষ্টি কৰিছে । ই সূৰ্যৰ আটাইতকৈ ওচৰলৈ যোৱাৰ অভিলেখ গঢ়ি তুলিছে । এখন সৰু গাড়ীৰ সমান এই মহাকাশযানখনে সূৰ্যৰ পৃষ্ঠৰ পৰা ৬১ লাখ কিলোমিটাৰ দূৰত্বত পাৰ হৈ যায় য সূৰ্যৰ আটাইতকৈ ওচৰৰ বিন্দুত উপনীত হোৱাৰ পিছতো সম্পূৰ্ণ নিৰাপদ আৰু স্বাভাৱিকভাৱে কাম কৰি আছে এই মহাকাশযানখনে ।
শুকুৰবাৰে নাছাই কয় যে তেওঁলোকৰ মহাকাশ যানখন সূৰ্যৰ আটাইতকৈ ওচৰলৈ যোৱা প্ৰথমখন মানৱসৃষ্ট মহাকাশযান হিচাপে পৰিগণিত হৈছে । এই মহাকাশযানখনে যোৱা ২৪ ডিচেম্বৰত সৌৰপৃষ্ঠৰ পৰা মাত্ৰ ৬১ লাখ কিলোমিটাৰ দূৰত্বত পাৰ হৈছিল । এই মহাকাশযানখনে সূৰ্য্যৰ বাহ্যিক বায়ুমণ্ডল অৰ্থাৎ ক’ৰ’নাত উপনীত হয় ।
নাছাৰ এই অভিযানৰ উদ্দেশ্য হৈছে পৃথিৱীৰ নিকটতম নক্ষত্ৰ সূৰ্য্যৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা । সূৰ্য্যৰ বাহিৰৰ বায়ুমণ্ডলত উপনীত হোৱা মহাকাশযানখনে বিজ্ঞানীসকলক সূৰ্য্যৰ বিষয়ে অধিক তথ্য লাভ কৰাত সহায় কৰিব ।
দুদিন পূৰ্বে সংকেত লাভ কৰিছিল-
মহাকাশ সংস্থাটোৱে জনোৱা মতে, মেৰিলেণ্ডৰ জনছ হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰীৰ এটা দলে বৃহস্পতিবাৰে মাজনিশাৰ কিছু সময়ৰ পূৰ্বে মহাকাশযানখনৰ পৰা বিকন টোন নামৰ সংকেত লাভ কৰে । সংস্থাটোৱে আৰু কয় যে পাৰ্কাৰ ছ’লাৰ প্ৰ’ব মহাকাশযানখনে ১ জানুৱাৰীত ইয়াৰ অৱস্থা আৰু তথ্যৰ বিশদ তথ্য প্ৰেৰণ কৰিব । ২০১৮ চনত পাৰ্কাৰ ছ’লাৰ প্ৰ’ব উৎেক্ষপন কৰা হৈছিল । শুক্ৰৰ কাষেৰে পাৰ হৈ যোৱাৰ লগে লগে ই নিজৰ কক্ষপথ সূৰ্য্যৰ ওচৰলৈ টানি আনিছে ।