পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ… ডি ভিলিয়াৰ্ছৰ বিস্ফোৰক শতক

পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ…

২০২৫ চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ অন্তিমখন মেচত পাকিস্তান চেম্পিয়নে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । শনিবাৰে অনুষ্ঠিত হোৱা এই মেচখনত দক্ষিণ আফ্ৰিকা চেম্পিয়নে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই খিতাপ দখল কৰে । এই চূড়ান্ত খেলখনত পাকিস্তানৰ অধিনায়ক মহম্মদ হাফিজে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । তৃতীয় অভাৰত কামৰাণ আকমল আউট হয় । অধিনায়ক হাফিজে ১০টা বলত ১৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছোৱেইব মালিকে ২০ ৰাণ (২৫ বল)ত আউট হয় ।

ইয়াৰ পিছত শ্বাৰ্জিল খানে ৪৪টা বলত ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ পিছত উমৰ আমিন আৰু আছিফ আলীয়ে দ্ৰুততাৰে ৰান সংগ্ৰহ কৰি একেলগে ৩১টা বলত ৬১ ৰান সংযোজন কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ ৱেইন পাৰ্নেলে ৪ অভাৰত ৩২ ৰান খৰছ কৰি ২টা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্ডাছ ভিলজোয়েনেও ২টা উইকেট দখল কৰে । লগে লগে পাকিস্তানে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্ৰহ কৰে ।

দক্ষিণ আফ্ৰিকাৰ ইনিংছ

ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এক সুন্দৰ আৰম্ভণি কৰে । দলটোৱে মাত্ৰ ৬ অভাৰতে ৭২ ৰান সংগ্ৰহ কৰে । পাৱাৰপ্লেৰ শেষৰ বলত ১৮ ৰান সংগ্ৰহ কৰি আউট হয় হাছিম আমলা । ইয়াৰ পিছত পাকিস্তানৰ ফিল্ডিং অতি দুৰ্বল যেন লাগিছিল, বহু কেচ ড্ৰপ কৰে দলটোৰ খেলুৱৈসকলে ।

হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে কেৱল বেটিং কৰি থকা এ বি ডি ভিলিয়াৰ্ছে “ইমপেক্ট প্লেয়াৰ” হিচাপে ৪৭ বলত নিজৰ তৃতীয়টো শতক সম্পূৰ্ণ কৰে । শেষলৈকে তেওঁ ১২০ ৰান (৬০ বল, ১২ চাৰি, ৭ ছয়)ৰ ইনিংছৰে অপৰাজিত হৈ থাকে । জে পি ডুমিনিয়েও তেওঁৰ সৈতে উজ্জ্বল বেটিং কৰিছিল আৰু দুয়ো মিলি ৬৫টা বলত ১২৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । ডুমিনিয়ে ২৮টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

দক্ষিণ আফ্ৰিকাই মাত্ৰ এটা উইকেট হেৰুৱাই ১৬.৫ অভাৰত জয়লাভ কৰি ৯ উইকেটত এক দৰ্শনীয় জয় সাব্যস্ত কৰে ।

খেলখনৰ অন্তত ভাৰত-পাকিস্তান বিবাদৰ বাবেই পি চি বি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)য়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । খবৰ অনুসৰি এতিয়া ব্যক্তিগত লীগত কোনেও “পাকিস্তান” নাম ব্যৱহাৰ কৰিব নোৱাৰিব ।

লগতে পঢ়ক : অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত

ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে প্ৰটিয়াছে… অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকা

ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে প্ৰটিয়াছে…

আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ তৃতীয় চক্ৰৰ (২০২৩-২৫)ৰ খিতাপ দখল কৰিছে দক্ষিণ আফ্ৰিকাই । ক্ৰিকেটৰ মক্কা হিচাবে পৰিচিত লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে । মেচখনত দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে ২৮২ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো খেলৰ চতুৰ্থ দিনটোত (১৪ জুন) দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে উপনীত হয় ।

ক্ৰিকেটৰ মক্কাত প্ৰটিয়াছৰ অভিলেখ-

২৭ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাই আই চি চি খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ১৯৯৮ চনত (উইলছ ইণ্টাৰনেশ্যনেল কাপ) প্ৰথমবাৰৰ বাবে আই চি চি খিতাপ দখল কৰিছিল দলটোৱে । উল্লেখ্য যে এই মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২১২ ৰান আৰু দ্বিতীয় ইনিংছত ২০৭ ৰান সংগ্ৰহ কৰে । আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ১৩৮ ৰানত সীমাবদ্ধ আছিল । প্ৰথম ইনিংছৰ ভিত্তিত অষ্ট্ৰেলিয়াই ৭৪ ৰানৰ অগ্ৰগতি লাভ কৰিছিল, যাৰ বাবেই দক্ষিণ আফ্ৰিকাৰ সন্মুখত ২৮২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল কেংগেৰু বাহিনীয়ে ।

বাভুমা-মাৰ্ক্ৰামে ঘূৰালে মেচৰ গতি-

ক্ৰিকেটৰ মক্কাত অনুষ্ঠিত হোৱা এই মেচখনত লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত ৭০ ৰান সংগ্ৰহ কৰি দ্বিতীয়টো উইকেট হেৰুৱাই । ইয়াৰ পৰাই এইডেন মাক্ৰাম আৰু অধিনায়ক টেম্বা বাভুমাই ক্ৰীজত দলৰ দায়িত্ব লয় । তৃতীয় উইকেটৰ বাবে দুয়োৰে মাজত ১৪৭ ৰানৰ অংশীদাৰিত্বই দক্ষিণ আফ্ৰিকাৰ বাবে জয় সহজ কৰি তোলে । এই অংশীদাৰিত্বৰ সময়ছোৱাত মাৰ্ক্ৰামে ১১টা চাৰিৰ সহায়ত ১০১টা বলত শতক সম্পূৰ্ণ কৰে । এয়া আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ অষ্টমটো শতিক । লগে লগে আই চি চিৰ ইভেণ্টৰ ফাইনেলত শতক অৰ্জন কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকাৰ বেটছমেন হিচাপে পৰিগণিত হয় মাৰ্ক্ৰাম ।

আনহাতে, টেম্বা বাভুমাই হামষ্ট্ৰিঙৰ আঘাতৰ সৈতে যুঁজিও এক ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হয় । বাভুমাই ১৩৪টা বলত ৬৬ ৰান সংগ্ৰহ কৰে, য’ত পাঁচটা চাৰি আছিল । বাভুমাক ৰান আউট কৰে অধিনায়ক পেট কামিন্সে । ট্ৰিষ্টান ষ্টাবছ বিশেষ প্ৰদৰ্শনত আৰু ৮ ৰান সংগ্ৰহ কৰি মিচেল ষ্টাৰ্কৰ বলি হয় । ইয়াৰ পিছতে মাক্ৰাম আৰু ডেভিদ বেডিংহামে ৫ উইকেটৰ বিনিময়ত ৩৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি দক্ষিণ আফ্ৰিকাক জয়ৰ ওচৰলৈ লৈ যায় । দক্ষিণ আফ্ৰিকাই জয়ী হ’বলৈ ৬ ৰান বাকী থকাৰ সময়তে মাক্ৰাম আউট হয় । মাক্ৰামক জোছ হেজলউডে আউট কৰে । মাৰ্ক্ৰামে ২০৭টা বলত ১৩৬ ৰান সংগ্ৰহ কৰে, য’ত ১৪টা চাৰি আছিল ।

উইকেট পতনঃ ৯-১ (ৰিয়ান ৰিকেলটন, ২.১ অভাৰ), ৭০-২ (ৱিয়ান মুল্ডাৰ, ১৭.৪ অভাৰ), ২১৭-৩ (টেম্বা বাভুমা, ৫৮.৬ অভাৰ), ২৪১-৪ (ট্ৰিষ্টান ষ্টাবছ, ৭০.৩ অভাৰ), ২৭৬-৫ (এইডেন মাৰ্ক্ৰাম, ৮০.৬ অভাৰ)

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ষ্টাৰ্কে বেটেৰে কৰিলে এই কাম-

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ কথা ক’বলৈ গ’লে কেংগাৰু দলৰ স্ক’ৰ এসময়ত আছিল ৭টা উইকেটত ৭৩ ৰান । ইয়াৰ পিছতে উইকেটকীপাৰ বেটছমেন এলেক্স কেৰী আৰু মিচেল ষ্টাৰ্কৰ উজ্জ্বল বেটিঙৰ বাবে অষ্ট্ৰেলিয়াই ২০৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ষ্টাৰ্কে ১৩৬টা বলত ৫৮ (অপৰাজিত) ৰান সংগ্ৰহ কৰে, য’ত পাঁচটা চাৰি আছিল । আনহাতে এলেক্স কেৰীয়ে ৫টা চাৰিৰ সহায়ত ৫০টা বলত ৪৩ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছ’ ৰাবাডাই দ্বিতীয় ইনিংছতো উজ্জ্বল বলিং কৰি ৪টা উইকেট দখল কৰে । আনহাতে লুংগি ঙিডিয়ে তিনিটা সফলতা লাভ কৰে ।

উইকেটৰ পতনঃ ২৮-১ (উছমান খোৱাজা, ১০.২ অভাৰ), ২৮-২ (কেমেৰুন গ্ৰীণ, ১০.৪ অভাৰ), ৪৪-৩ (মাৰ্নাছ লাবুশ্বান, ১৭.৫ অভাৰ), ৪৮-৪ (ষ্টিভ স্মিথ, ১৮.৫ অভাৰ), ৬৪-৫ (বিউ ৱেবষ্টাৰ, ২২.৬ অভাৰ), ৬৬-৬ (ট্ৰেভিছ হেড, ২৩.৪ অভাৰ), ৭৩-৭ (পেট কামিন্স, ২৪.৫ অভাৰ), ১৩৪-৮ (এলেক্স কেৰী, ৩৮.২ অভাৰ), ১৪৮-৯ (নাথান লায়ন, ৪২.৪ অভাৰ), ২০৭-১০ (জোছ হেজলউড, ৬৪.৬ অভাৰ)

প্ৰথম ইনিংছত কামিন্সৰ আগত আত্মসমৰ্পণ আফ্ৰিকান বেটছমেনৰ-

প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ বেটছমেনৰ প্ৰদৰ্শন হতাশাজনক আছিল । ফলত সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ দলটো ১৩৮ ৰানতে অল আইট হয় । দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ বেডিংহামে সৰ্বাধিক ৪৫ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আছিল । একে সময়তে অধিনায়ক টেম্বা বাভুমাই ৮৪টা বলত চাৰিটা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৬ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে ৬টা উইকেট দখল কৰাৰ বিপৰীতে মিচেল ষ্টাৰ্কে দুটা সফলতা লাভ কৰে ।

উইকেটৰ পতন: ০-১ (এইডেন মাৰ্ক্ৰাম, ০.৬ অভাৰ), ১৯-২ (ৰিয়ান ৰিকেলটন, ৮.৪ অভাৰ), ২৫-৩ (ৱিয়ান মুল্ডাৰ, ১৫.২ অভাৰ), ৩০-৪ (ট্ৰিষ্টান ষ্টাবছ, ২০.২ অভাৰ), ৯৪-৫ (টেম্বা বাভুমা, ৩৯.২ অভাৰ), ১২৬-৬ (কাইল ভেৰিন, ৫১.৩ অভাৰ), ১২৬-৭ (মাৰ্কো জান্সেন, ৫১.৬ অভাৰ), ১৩৫-৮ (ডেভিদ বেডিংহাম, ৫৫.২ অভাৰ), ১৩৮-৯ (কেশৱ মহাৰাজ, ৫৬.৫ অভাৰ), ১৩৮-১০ (কাগিছ’ ৰাবাদা, ৫৭.১ অভাৰ)

ৰাবাডাৰ বিধ্বংসী বলিঙত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ দুদৰ্শা-

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত ২১২ ৰান সংগ্ৰহ কৰে । বিউ ৱেবষ্টাৰে সৰ্বাধিক ৭২ ৰান সংগ্ৰহ কৰে, য’ত ১১টা চাৰি আছিল । প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে ৬৬ ৰান সংগ্ৰহ কৰে । স্মিথে নিজৰ ইনিংছত ১০টা চাৰি কোবাই । দক্ষিণ আফ্ৰিকাৰ হৈ বেগী বলাৰ কাগিছ’ ৰাবাডাই সৰ্বাধিক ৫টা উইকেট দখল কৰাৰ বিপৰীতে বাওঁহাতৰ পেচাৰ মাৰ্কো জেন্সেনে তিনিটা উইকেট লাভ কৰে । স্পীনাৰ কেশৱ মহাৰাজ আৰু এইডেন মাক্ৰামে এটাকৈ উইকেট দখল কৰে ।

উইকেটৰ পতনঃ ১২-১ (উছমান খোৱাজা, ৬.৩ অভাৰ), ১৬-২ (কেমেৰুন গ্ৰীণ, ৬.৬ অভাৰ), ৪৬-৩ (মাৰ্নাছ লাবুশ্বানে, ১৭.৬ অভাৰ), ৬৭-৪ (ট্ৰেভিছ হেড, ২৩.২ অভাৰ), ১৪৬-৫ (ষ্টিভ স্মিথ, ৪১.৬ অভাৰ), ১৯২-৬ (এলেক্স কেৰী, ৫১.১ অভাৰ), ১৯৯-৭ (পেট কামিন্স, ৫২.৪ অভাৰ), ২১০-৮ (ৱেবষ্টাৰ, ৫৪.৪ অভাৰ), ২১১-৯ (নাথান লায়ন, ৫৫.৫ অভাৰ), ২১২-১০ (মিচেল ষ্টাৰক, ৫৬.৪ অভাৰ)।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত ১০১খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত অষ্ট্ৰেলিয়াই ৫৪খন খেলত জয়লাভ কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকাই ২৬খন মেচত জয়লাভ কৰিছে । দুয়োখন দেশৰ মাজত ২১খন খেল ড্ৰ’ত সমাপ্ত হৈছে । অৰ্থাৎ পৰিসংখ্যাৰ ক্ষেত্ৰত কেংগাৰু দলটো আগবাঢ়ি আছে ।

লগতে পঢ়ক : কেৱল পৰাজয়… ২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?

কেৱল পৰাজয়… ২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?

২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ইতিহাসত বহুকেইজন মহান খেলুৱৈ আছে । তেওঁলোকে উৎকৃষ্ট খেলেৰে ক্ৰিকেটৰ সুনাম বৃদ্ধি কৰিছে । কিন্তু আই চি চিৰ বৃহৎ প্ৰতিযোগিতাত তেওঁলোকে নিজৰ দেশৰ বাবে বিশেষ যাদু দেখুৱাব পৰা নাই । এই কাৰণেই এতিয়াও মহান খেলুৱৈ থকাৰ পিছতো প্ৰটিয়াছৰ নামত কোনো ডাঙৰ আই চি চি খিতাপ নাই ।

দক্ষিণ আফ্ৰিকাই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে আই চি চি নকআউট ট্ৰফী লাভ কৰে । যিটো পিছলৈ চেম্পিয়নছ ট্ৰফীলৈ সলনি কৰা হয় । তেতিয়াৰ পৰাই দলটোৱে সদায়েই ডাঙৰ ডাঙৰ ট্ৰফীৰ বাবে সংগ্ৰাম কৰি আহিছে । ইয়াৰ পূৰ্বে বহু সময়ত আফ্ৰিকান দলটোক খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল । দলটোৱে সুন্দৰভাৱে প্ৰতিযোগিতাৰ আৰম্ভণি কৰে । কিন্তু সুক্ষ্ম পৰিস্থিতিত খেলুৱৈসকলে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । ফলত তেওঁলোকে খিতাপৰ পৰা আঁতৰি থাকিব লগা হয় ।

প্ৰায় ২৭ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাই পুনৰবাৰ আই চি চিৰ বৃহৎ খিতাপ দখলৰ সুযোগ লাভ কৰিছে । ডব্লিউ টি চি ২০২৩-২৫ৰ অন্তিমখন খেল লৰ্ডছত অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ আছে । য’ত বিপক্ষ দলে নিৰ্ধাৰণ কৰা ২৮৩ ৰানৰ লক্ষ্য খেদি বৰ্তমান প্ৰটিয়াছ দলে ২৪১/৪ ৰান সংগ্ৰহ কৰিছে । প্ৰটিয়াছক এতিয়া জয়ৰ বাবে প্ৰয়োজন কেৱল ৪০ ৰানৰ । জয়ৰ কাষ চাপি অহাৰ লগে লগে বছৰ বছৰ ধৰি চলি থকা ডাঙৰ ট্ৰফী দখলৰ অপেক্ষাৰো অন্ত পৰিব বুলি আসা কৰা হৈছে ।

প্ৰটিযাছক কেতিয়া কেতিয়া খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছিল ?

১৯৯৮ চনৰ পিছত বহু সময়ত এনে লাগিছিল যে আফ্ৰিকান দলটোৱে সহজেই খিতাপ দখল কৰিব । কিন্তু ভাগ্য তেওঁলোকৰ অনুকূল নাছিল আৰু তেওঁলোকে গুৰুত্বপূৰ্ণ ইভেন্টত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । দক্ষিণ আফ্ৰিকাই ১৯৯৯ চনৰ বিশ্বকাপত যিদৰে অংশগ্ৰহণ কৰিছিল, সকলোৱে আশা কৰিছিল যে তেওঁলোকে ট্ৰফী দখল কৰিব । কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত ২১৩-২১৩ ব্যৱধানত সমতা স্থাপন কৰে । ইয়াত ভাগ্যই কেংগাৰু দলক লগ দিয়ে আনহাতে আফ্ৰিকান দলটো হতাশ হয় । মেচখন ড্ৰ’ হোৱাৰ পিছতো আফ্ৰিকান দলটোৱে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি থাকিবলগীয়া হয় কাৰণ লীগ পৰ্যায়ত ইয়াৰ প্ৰদৰ্শন অষ্ট্ৰেলিয়াতকৈ দুৰ্বল আছিল ।

এই হতাশাক এৰি আফ্ৰিকান খেলুৱৈসকলে ২০০৩ চনৰ বিশ্বকাপত ঘৰুৱা খেলপথাৰত খিতাপৰ বাবে বহু চেষ্টা কৰিছিল । অৱশ্যে ইয়াতো ভাগ্যই তেওঁলোকক লগ নিদিলে আৰু গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হয় । ২০০৭ চনৰ বিশ্বকাপত তেওঁলোকৰ যাত্ৰা আছিল উত্থান-পতনেৰে ভৰা । য’ত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নেদাৰলেণ্ড আৰু স্কটলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে তেওঁলোকৰ জয় আছিল দৰ্শনীয় । কিন্তু অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে বেয়াকৈ পৰাস্ত হয় দলটো । ফলত ১ নম্বৰৰ ৰেংকিঙো হেৰুৱাব লগা হয় ।

২০১১ চনৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাই গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰে । কিন্তু কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত নাটকীয় পতনৰ সন্মুখীন হ’বলগীয়া হয় । নিউজীলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৬৪ ৰানত ৮টা উইকেট হেৰুৱাইছিল দলটোৱে । যাৰ বাবে তেওঁলোকে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

আফ্ৰিকান অনুৰাগীসকল আশাবাদী আছিল যে ২০১৫ চনৰ বিশ্বকাপ তেওঁলোকৰ দেশলৈ যাব । কাৰণ আছিল তাৰকা খেলুৱৈৰে ভৰা এটা ডাঙৰ দল । কিন্তু নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনত আফ্ৰিকান দলটোৱে আকৌ এবাৰ চ’কাৰ বুলি প্ৰমাণ কৰিলে । ইয়াৰ লগে লগে তেওঁলোকৰ বিশ্বকাপৰ খিতাপ দখল কৰাৰ সপোন মাথোঁ এটা সপোন হৈয়েই থাকিল ।

২০১৯ চনত দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটোৱ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল, আনহাতে ২০২৩ চনত ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । য’ত অষ্ট্ৰেলিয়াৰ দলৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোক আগবাঢ়াত ব্যৰ্থ হয় ।

লগতে পঢ়ক : ইংলেণ্ড ভ্ৰমণ মাজভাগতে এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ; ICU ত ভৰ্তি মাতৃ

এদিনীয়াৰ পৰা অৱসৰ ঘোষণা অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ… ক্লাচেনেও ল’লে সন্যাস

এদিনীয়াৰ পৰা অৱসৰ ঘোষণা গ্লেন মেক্সৱেলৰ

অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । অৱশ্যে টি-২০ত খেলি থাকিব তেওঁ । ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে মেক্সৱেলে ।

২০১২ চনৰ পৰা আৰম্ভ হৈছিল গ্লেন মেক্সৱেলৰ এদিনীয়া কেৰিয়াৰ । ১৪৯খন এদিনীয়া মেচত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰা এই কিংবদন্তি খেলুৱৈগৰাকীয়ে ৫.৪৬ ইকনমিৰে বলিঙত মুঠ ৩৯৯০ ৰান সংগ্ৰহ কৰি ৭৭টা উইকেট দখল কৰিছে । ২০১৫ আৰু ২০২৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশ হিচাপেও তেওঁ আছিল । এই ফৰ্মেটত মেক্সৱেলৰ নামত চাৰিটা শতক আৰু ২৩টা অৰ্ধশতক আছে ।

গ্লেন মেক্সৱেলৰ ২০১ ৰানৰ অপৰাজিত ইনিংছ-

৩৬ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০২৩ চনৰ বিশ্বকাপৰ সময়ত আফগানিস্তানৰ বিৰুদ্ধে ২০১ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল । এই ফৰ্মেটত এয়া গ্লেন মেক্সৱেলৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ আছিল । বলিঙৰ ক্ষেত্ৰতো তেওঁ বিপক্ষৰ বেটছমেনৰ বাবে সমস্যা হিচাপে প্ৰমাণিত হৈছে । তেওঁ চাৰিবাৰকৈ এটা ইনিংছত ৪টা উইকেট দখল কৰিছে । ফিল্ডিঙতো তেওঁৰ প্ৰদৰ্শন অতুলনীয় আছিল । এই ফৰ্মেটত তেওঁৰ নামত ৯১টা কেচ আছে ।

গ্লেন মেক্সৱেলৰ প্ৰতিক্ৰিয়া-

অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি মেক্সৱেলে কয়, ‘আৰম্ভণিতে অকালতে আৰু অভাৱনীয়ভাৱে নিৰ্বাচিত হোৱাটো মোৰ মনত আছে । অষ্ট্ৰেলিয়াৰ হৈ কেইখনমান মেচ খেলি গৌৰৱ অনুভৱ কৰিছো । তেতিয়াৰ পৰাই মই উত্থান-পতনৰ মাজেৰে পাৰ হৈ আহিছো, যেনে দলৰ বাহিৰত থকা, ঘূৰি অহা, কিছুমান বিশ্বকাপত খেলা আৰু ভাল দলৰ অংশ হোৱা ।’

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ হেইনৰিখ ক্লাচেনেও ল’লে সন্যাস-

দক্ষিণ আফ্ৰিকাৰ তাৰকা উইকেটকীপাৰ বেটছমেন হেইনৰিখ ক্লাচেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ক্লাচেনে ইনষ্টাগ্ৰামত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি এই কথা নিশ্চিত কৰিছে । ২০২৪ চনৰ জানুৱাৰী মাহত ক্লাচেনে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু এদিনীয়াত সক্ৰিয় আছিল । চলিত বৰ্ষৰ এপ্ৰিল মাহত ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ (চি এছ এ) কেন্দ্ৰীয় চুক্তিৰ বাবে তেওঁক অৱহেলিত কৰা হৈছিল ।

আৱেগিক হৈ পৰিল ক্লাচেন-

৩৩ বছৰীয়া হেইনৰিখ ক্লাচেনে ইনষ্টাগ্ৰামত লিখিছে, ‘মোৰ বাবে এইটো এটা দুখৰ দিন, মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো । মোৰ আৰু মোৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে কি ভাল সেইটো নিৰ্ণয় কৰিবলৈ মোৰ বহু সময় লাগিছিল । সঁচাকৈয়ে কঠিন সিদ্ধান্ত আছিল যদিও একে সময়তে মই ইয়াৰ ওপৰত সম্পূৰ্ণ সন্তুষ্ট । আৰম্ভণিৰে পৰাই মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান ।’

ক্লাচেনৰ কেৰিয়াৰ-

সোঁহতীয়া বেটছমেন হেইনৰিখ ক্লাচেনে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ত অভিষেক ঘটায় । ২০১৯ চনত ৰাঁচীত ভাৰতৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেকো ঘটিছিল । হেইনৰিখ ক্লাচেনে দক্ষিণ আফ্ৰিকাৰ হৈ ৪খন টেষ্ট, ৬০খন এদিনীয়া আৰু ৫৮খন টি-২০ মেচত অংশগ্ৰহণ কৰিছে ।

টেষ্ট ক্ৰিকেটত হেইনৰিখ ক্লাচেনে ১৩.০০ গড়ে ১০৪ ৰান সংগ্ৰহ কৰিছে । এদিনীয়াত তেওঁ ২১৪১ ৰান সংগ্ৰহ কৰিছিল, য’ত ৪ শতক আৰু ১১টা অৰ্ধশতক আছে । এদিনীয়াত ক্লাচেনৰ গড় আছিল ৪৩.৬৯ আৰু ষ্ট্ৰাইক ৰেট আছিল ১১৭.০৫ । ক্লাচেনে টি-২০ত গড়ে ২৩.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৪১.৮৪ ৰে ১০০০ ৰান সংগ্ৰহ কৰিছে । টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ক্লাচেনে ৫টা অৰ্ধশতক অৰ্জন কৰিছে ।

আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অংশ হিচাপে আছে হেইনৰিচ ক্লাচেন । ক্লাচেনে ২০২৫ চনৰ আই পি এলত ১৪খন মেচ খেলিছিল, য’ত তেওঁ ৪৪.২৭ গড়ে ৪৮৭ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত ক্লাচেনে ১টা শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰে । ২০২৫ চনৰ ২৫ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে  ক্লাচেনে ৩৭টা বলত শতক অৰ্জন কৰে ।

লগতে পঢ়ক : এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন; আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ ছিৰিজৰ সূচী প্ৰকাশ… জানক ক’ত আৰু কেতিয়া খেলিব ভাৰতীয় দলে

শনিবাৰে কলকাতাত অনুষ্ঠিত হয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এপেক্স কাউন্সিলৰ বৈঠক । এই বৈঠকত বহু কাৰ্যসূচী অনুমোদন কৰা হয় । ভাৰতীয় দলটোৱে এইবাৰ ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ দলক আতিথ্য দিব লাগিব, যাৰ বাবে বি চি চি আইয়ে সূচী চূড়ান্ত কৰিছে ।

প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট মেচ-

অক্টোবৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট মেচ খেলিব ভাৰতীয় পুৰুষৰ দলটোৱে । পঞ্জাৱৰ মোহালীত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট । তাৰ পিছত ১০-১৪ অক্টোবৰলৈ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । ইয়াৰ পিছত ভাৰতে ২০২৫ চনৰ নৱেম্বৰ মাহত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচৰ বাবে দক্ষিণ আফ্ৰিকান দলটোক আতিথ্য প্ৰদান কৰিব ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল দিল্লীত অনুষ্ঠিত হ’ব । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট মেচ । ২২-২৬ নৱেম্বৰলৈ গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব এই টেষ্ট মেচ ।

ইয়াৰ পিছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল ৩০ নৱেম্বৰত ৰাঞ্চিত অনুষ্ঠিত হ’ব । আনহাতে দ্বিতীয়খন এদিনীয়া ৩ ডিচেম্বৰত ৰায়পুৰত আৰু তৃতীয়খন এদিনীয়া ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ৯, ১১, ১৪, ১৭, ১৯ ডিচেম্বৰত ক্ৰমে কটক, নাগপুৰ, ধৰমশালা, লক্ষ্ণৌ আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব টি-২০ মেচ ।

উল্লেখ্য যে মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫ কেৱল ভাৰততহে অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাখন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব পাৰে । বি চি চি আইৰ সূত্ৰ অনুসৰি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ উদ্বোধনী মেচ আৰু উদ্বোধনী অনুষ্ঠান । মুলনপুৰ, ইন্দোৰ, তিৰুৱনন্তপুৰম আৰু গুৱাহাটীতো মহিলা বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব ।  বি চি চি আইৰ সূত্ৰ অনুসৰি যদি কোনো জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয়, তেন্তে পৰিৱৰ্তনো হব পাৰে ।

নিউজিলেণ্ডৰ হাতত ধৰাশায়ী দক্ষিণ আফ্ৰিকা; ফাইনেলত ভাৰতৰ সৈতে হ’ব মুখামুখি

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ দ্বিতীয় খন ছেমিফাইনেল খেল দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল। য’ত নিউজিলেণ্ডে ৫০ ৰানত জয় লাভ কৰিলে।কিৱি বাহিনীয়ে প্ৰথমে বেটিং কৰি ইতিহাস সৃষ্টি কৰিছিল।

ৰাচিন ৰবীন্দ্ৰ আৰু কেন উইলিয়ামছনৰ শতকৰ বাবে নিউজিলেণ্ডে আফ্ৰিকাৰ বিৰুদ্ধে ৩৬৩ ৰাণৰ লক্ষ্য বান্ধি দিছিল।কিন্তু ৩১২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই পৰাস্ত হয় দক্ষিণ আফ্ৰিকা।

দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৫০ অভাৰত ৯ টা উইকেটত মাত্ৰ ৩১২ ৰাণ হে সংগ্ৰহ কৰে।ICC চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতৰ মুখামুখি হ’ব কিৱি বাহিনী।

৯ মাৰ্চত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচখন।চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেল ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয় ভাৰতীয় দলৰ…ফাইনেলত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাক

ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে আই চি চি মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপ ২০২৫ খিতাপ দখল কৰে । দেওবাৰে (২ ফেব্ৰুৱাৰী) কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে । মেচখনত ভাৰতীয় দলটোৱে ৮৩ ৰানৰ লক্ষ্য লাভ কৰি মাত্ৰ ১১.২ অভাৰতে জয়লাভ কৰে । ভাৰতীয় দলৰ জয়ৰ ক্ষেত্ৰত অ’পেনাৰ বেটছমেন গংগাদী তৃষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তৃষাই বলিঙত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বেটিঙত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে ।

একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল টিম ইণ্ডিয়া-

একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে ভাৰতে । ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত শ্বেফালী বাৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটো চেম্পিয়ন হৈছিল । এইবাৰো ভাৰতীয় দলটোৰ এই পৰ্যন্ত অভিযান উৎকৃষ্ট আৰু প্ৰতিযোগিতাখনৰ সাতখন মেচতে জয়লাভ কৰিছে । নিকি প্ৰসাদৰ নেতৃত্বাধীন দলটোৱে তিনিওটা বিভাগতে ভাল প্ৰদৰ্শন আগবঢ়াইছে ।

ফাইনেলত লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে এক সুন্দৰ আৰম্ভণি কৰিছিল । জি কমলিনী আৰু গংগাদী তৃষাই একেলগে ৪.৩ অভাৰত ৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে । কাইলা ৰেনেকেৰ বলত ৮ ৰান সংগ্ৰহ কৰি আউট হয় কমলিনী । ইয়াৰ পিছত গংগাদী তৃষা আৰু শনিকা চলকে এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ি ভাৰতক জয়ৰ দিশে আগুৱাই লৈ যায় । তৃষাই ৮টা চাৰিৰ সহায়ত ৩৩টা বলত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে । আনহাতে শনিকা চালকে ২৬ ৰানত অপৰাজিত হৈ থাকে ।

দক্ষিণ আফ্ৰিকাৰ ইনিংছ-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২০ অভাৰত ৮২ ৰান সংগ্ৰহ কৰি অল আউট হয় । দক্ষিণ আফ্ৰিকাই আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত বাওঁহাতৰ স্পীনাৰ পাৰুনিকা চিছ’ডিয়াই ছিমন লৰেন্সক (০) আউট কৰি দলটোক আঘাত দিয়ে । এই সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ আছিল ১১ ৰান । তাৰ পাছত মিডিয়াম পেচাৰ শ্ববনম শ্বাকিলে আনজন অ’পেনাৰ জেম্মা বোথাক আউট কৰে । তিনি চাৰিৰ সহায়ত ১৪টা বলত ১৬ ৰান সংগ্ৰহ কৰে বোথাই । দক্ষিণ আফ্ৰিকাই ২০ ৰানত তৃতীয়টো আঘাতৰ সন্মুখীন হয়, যেতিয়া বাওঁহাতৰ স্পীনাৰ আয়ুষী শুক্লাই দিয়াৰা ৰামলাকানক ৩ ৰানত আউট কৰে ।

দক্ষিণ আফ্ৰিকাৰ উইকেট পতনৰ ক্ৰম অব্যাহত আছিল । পাৰ্ট টাইম স্পীনাৰ গংগাদি তৃষাই অধিনায়ক কাইলা ৰেনেকে (৭ ৰান) পেভিলিয়নলৈ প্ৰেৰণ কৰে । আনহাতে, কাৰাবো মেছ’ (১০ ৰান) আয়ুষী শুক্লাৰ স্পীনত আবদ্ধ হৈ পৰে । ৪৪ ৰানত ৫ উইকেট হেৰুৱাই মিকে ভান ভ’ৰষ্ট আৰু ফেই কাউলিঙে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে । ষষ্ঠ উইকেটৰ বাবে দুয়োৰে মাজত ৩০ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

তাৰ পাছত গংগাদী তৃষাই একেটা অভাৰতে দুটা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ বাবে পুনৰ পৰিস্থিতি দুৰ্বল কৰি পেলায় । তৃষাই মিকে ভান ভ’ৰ্ষ্টক ষ্টাম্প কৰে । ইয়াৰ পিছতে তেওঁ শেশনী নাইডুক ০ (০) আউট কৰে । তিনিটা চাৰিৰ সহায়ত ১৮টা বলত সৰ্বাধিক ২৩ ৰান সংগ্ৰহ কৰে মিকে ভান ভ’ৰ্ষ্টে । ইয়াৰ পাছতে বাওঁহাতৰ স্পিনাৰ বৈষ্ণৱী শৰ্মাই একেটা অভাৰতে ফেই কাউলিং (১৫) আৰু মনালিছা লেগোডী (০)ৰ উইকেট দখল কৰে । ইনিংছৰ শেষৰ বলত থকাৰ সময়তে পাৰুণিকা চিছ’দিয়াই এছলী ভান ৱাইক (০)ক পুনৰ পেভিলিয়নলৈ পঠিয়াই । ভাৰতৰ হৈ গংগাদী তৃষাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে বৈষ্ণৱী শৰ্মা, পাৰুণিকা চিসোদিয়া আৰু আয়ুষী শুক্লাই দুটাকৈ সফলতা লাভ কৰে । ভাৰতৰ হৈ এই মেচত স্পিনাৰে মুঠ ৯টা উইকেট দখল কৰে ।

ভাৰতীয় দলৰ খিতাপ যাত্ৰাঃ

১. ৱেষ্ট ইণ্ডিজক ৯ উইকেটত পৰাস্ত কৰে

২. মালয়েছিয়াৰ বিৰুদ্ধে ১০ উইকেটত জয়ী

৩. শ্ৰীলংকাক ৬০ ৰানত পৰাস্ত কৰে

৪. বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়ী

৫. স্কটলেণ্ডক ১৫০ ৰাণত পৰাস্ত কৰে

৬. ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত জয়

৭. ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে

দক্ষিণ আফ্ৰিকাৰ জয়ে বাবে বঢ়ালে টিম ইণ্ডিয়াৰ চিন্তা…আকৰ্ষণীয় হৈ পৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ গণিত

দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল গকেবাৰহাৰ ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হয় । এই টেষ্টত আয়োজক দল দক্ষিণ আফ্ৰিকাই ১০৯ ৰানত জয়লাভ কৰে । মেচখনত জয়ী হ’বলৈ শ্ৰীলংকাই ৩৪৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল । কিন্তু মেচখনৰ পঞ্চম দিনা (৯ ডিচেম্বৰ) দ্বিতীয় ইনিংছত ২৩৮ ৰানতে দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই । এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলা ২-০ ব্যৱধানত দখল কৰে ।

দক্ষিণ আফ্রিকা এতিয়া শীর্ষত…

শ্ৰীলংকাৰ বিৰুদ্ধে এই জয়ৰ পিছত দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ত ডাঙৰ অগ্ৰগতি লাভ কৰিছে । আফ্ৰিকান দলটোৱে এতিয়া ডব্লিউ টি চিৰ পইণ্ট তালিকাত প্ৰথম স্থানত উপনীত হৈছে । এতিয়া দক্ষিণ আফ্ৰিকাই ৬খনত জয়, ৩খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১০খন মেচৰ পৰা ৭৬ পইণ্ট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ ন্মবৰ শতাংশ ৬৩.৩৩, যি অষ্ট্ৰেলিয়াতকৈ বেছি ।

আনহাতে, অষ্ট্ৰেলিয়াৰ দলটো এতিয়া দ্বিতীয় স্থানলৈ অৱনমিত হৈছে । এতিয়ালৈকে অষ্ট্ৰেলিয়াই ১৪খন মেচত ১০২ পইণ্ট লাভ কৰি ৯খনত জয়, ৪খনত পৰাজয় আৰু ১খন ড্ৰ’ কৰিছে । তেওঁলোকৰ নম্বৰৰ শতাংশ ৬০.৭১ । বৰ্তমান তৃতীয় স্থানত থকা ভাৰতে ৯খনত জয়, ৬খনত পৰাজয় আৰু এখন ড্ৰ’ৰে ১৬খন খেলৰ পৰা ১১০ পইণ্ট লাভ কৰিছে । তেওঁলোকৰ নম্বৰৰ শতকৰা হাৰ ৫৭.২৯ । বৰ্তমানৰ চক্ৰত ভাৰতে আৰু ৩ খন মেচ খেলিব লাগিব, যি কেৱল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আছে ।

এই পৰাজয়ৰ মাজতো শ্ৰীলংকাৰ দলটো চতুৰ্থ স্থানত আছে যদিও ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা প্ৰায় শেষ হৈছে । শ্ৰীলংকাৰ ৪৫.৪৫ শতাংশ নম্বৰ আছে আৰু সৰ্বোচ্চ ৫৩.৮৫ শতাংশ নম্বৰ লাভ কৰাৰ সম্ভাৱনা আছে । ইংলেণ্ড পঞ্চম আৰু নিউজীলেণ্ড ষষ্ঠ স্থানত আছে । আনহাতে পাকিস্তান সপ্তম, বাংলাদেশ অষ্টম আৰু ৱেষ্ট ইণ্ডিজ নৱম স্থানত আছে । নিউজীলেণ্ড, ইংলেণ্ড, পাকিস্তান, বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ ফাইনেলৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আছে ।

এতিয়া ভাৰতৰ বাবে এই সমীকৰণ-

দেখা যায় যে, দক্ষিণ আফ্ৰিকাৰ বাবে এতিয়া ফাইনেলৰ পথ সহজ হৈ পৰিছে । দক্ষিণ আফ্ৰিকাই এতিয়া ঘৰুৱা ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব লাগিব । এই ছিৰিজত যদি আফ্ৰিকান দলটোৱে এখন মেচতো জয়ী হয় তেন্তে ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ কৰিব । আনহাতে ভাৰতীয় দলৰ বাবে সমীকৰণটো অধিক কঠিন হৈ পৰিছে । ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪-১ ব্যৱধানত শৃংখলা জয় কৰিব লাগিব ভাৰতে ।

অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ভাৰতে বাকী তিনিখন টেষ্টত জয়ী হ’ব লাগিব, যাতে ৬৩.১৫ শতাংশ নম্বৰত উপনীত হ’ব পাৰে । কিন্তু ভাৰতীয় দলটোৱে যদি এখন টেষ্টতো পৰাস্ত হয় তেন্তে পইণ্টৰ শতকৰা হাৰ ৫৭.৮৯ লৈ হ্ৰাস পাব । এনে পৰিস্থিতিত ভাৰতীয় দলটোৱে আশা কৰিব লাগিব যে পাকিস্তানে দক্ষিণ আফ্ৰিকাক ২-০ ব্যৱধানত পৰাস্ত কৰিব । আনহাতে শ্ৰীলংকাই ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াক ২-০ বা ১-০ ব্যৱধানত পৰাস্ত কৰিব লাগিব, অন্যথা দুয়োখন টেষ্ট ড্ৰ’ হ’ব লাগিব ।