ধুমুহা গতিত অসমত বিজয়ৰ দিশে বিজেপি; কোন কোন সমষ্টিত জয়লাভ
অসমত পুনৰ চৰকাৰ গঠনৰ দিশে বিজেপি। ইতিমধ্যে তিনিখনকৈ আসনত বিজেপিয়ে জয় লাভ কৰিছে।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ধেমাজিত জয় লাভ কৰিছে ড০ ৰণোজ পেগুৰ । ৭৭৫০৯ টা ভোট লাভ কৰি ২৯২১১ টা ভোটত অগ্ৰগতি লাভ কৰিছে ড০ ৰণোজ পেগুৱে। আনহাতে মাজুলিত জয় প্ৰায় নিশ্চিত হৈছে ভূৱন গামৰ। ভূৱন গামে ৭০১০৪ টা ভোট লাভ কৰাৰ লগতে ৩১৯৮৯ টা ভোটত অগ্ৰাধিকাৰ লাভ কৰিছে। দেৰগাঁও সমষ্টিৰ মৃদুল কুমাৰ দত্তৰ জয়লাভ। মাত্ৰ বাকি আছে আনুষ্ঠানিক ঘোষণা ।
লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে এনডিএ! ধূলিস্যাৎ বিৰোধীৰ দুৰ্গ
