আজি আমেৰিকাই কাৰ্যকৰী কৰিব নতুন শুল্ক নীতি; ট্ৰাম্পৰ দাবী- ভাৰতে বৃহৎ পৰিসৰত শুল্ক হ্ৰাস কৰিব

বুধবাৰে শুল্ক ঘোষণা কৰিবলৈ সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । ট্ৰাম্পে দাবী কৰিছে যে তেওঁ লাভ কৰা তথ্য অনুসৰি ভাৰতে আমেৰিকাৰ ওপৰত আৰোপ কৰা শুল্ক বৃহৎ পৰিসৰত হ্ৰাস কৰিবলৈ ওলাইছে । ট্ৰাম্পে কয়, মই সুধিছো বহু আগতে এয়া কিয় কৰা হোৱা নাছিল ?

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দাবী- শুল্কৰ ক্ষেত্ৰত আমাৰ ভাল প্ৰদৰ্শন কৰাৰ সুযোগ আছে-

বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব লগা তেওঁৰ শুল্কই আন দেশসমূহক চীনৰ পক্ষ ল’বলৈ প্ৰেৰণা দিব নেকি বুলি সোধাত ট্ৰাম্পে কয় যে, “মই ইয়াৰ বাবে চিন্তিত নহয় ।  মই ভাবো শুল্কৰ সৈতে আমি ভাল কাম কৰাৰ সুযোগ পাইছো । ই সঁচাকৈয়ে আমাক এক নিৰ্দিষ্ট ধৰণে সহায় কৰিব পাৰে । মই ভাবো সেই দেশবোৰৰ বহুতেই নিজৰ শুল্ক হ্ৰাস কৰিব, কাৰণ তেওঁলোকে বছৰ বছৰ ধৰি আমেৰিকাৰ ওপৰত অন্যায়ভাৱে শুল্ক আৰোপ কৰি আহিছে ।“

প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিব আমেৰিকাই-

নিজৰ কৌশলৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ ইউৰোপীয় সংঘই শেহতীয়াকৈ গাড়ীৰ শুল্ক ২.৫ শতাংশলৈ হ্ৰাস কৰাটোক সফলতাৰ প্ৰমাণ হিচাপে আঙুলিয়াই দিয়ে । ট্ৰাম্পে কয় যে দেশসমূহে আমেৰিকাৰ ওপৰত যি শুল্ক আৰোপ কৰিব, ইয়াৰ ওপৰতো একেধৰণৰ প্ৰতিশোধমূলক শুল্ক আৰোপ কৰা হ’ব ।

‘তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ধেমালি কৰা নাই’; ট্ৰাম্পে ক’লে–  ইয়াৰ বাবে বহু উপায় আছে

চাৰি বছৰৰ পাছত নিৰ্বাচনত জয়ী হৈ আমেৰিকাত পুনৰ ক্ষমতালৈ অহা ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তৃতীয় কাৰ্যকালৰ সন্দৰ্ভত ধেমালি কৰা নাই । তেওঁ কয়, যদিও এতিয়াই তেনে কৰাৰ কথা ভবাতো সোনকাল হ’ব পাৰে, তথাপিও কৰিব পৰাৰ উপায় আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে, ‘মই ধেমালি কৰা নাই, কিন্তু এই বিষয়ে চিন্তা কৰাটো এতিয়া সোনকাল হ’ব ।’ উল্লেখ্য যে আমেৰিকাৰ সংবিধানৰ নিয়ম অনুসৰি কোনো নেতাই তৃতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব নোৱাৰে ।

বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ কাৰ্যকাল দুটা, ট্ৰাম্পে ক’লে- বহু উপায় আছে…

এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, “আপুনি জানে যে, আপুনি সেইটো কৰিব পৰা উপায় আছে ।” কিন্তু কোনো পদ্ধতিৰ বিষয়ে বিতংভাৱে ক’বলৈ তেওঁ অস্বীকাৰ কৰে । মন কৰিবলগীয়া যে আমেৰিকাৰ সংবিধানৰ ২২ সংখ্যক সংশোধনী অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক দুটা কাৰ্যকাল লাভ কৰিব পাৰে । যদি কোনো প্ৰাৰ্থীয়ে এটা চাৰি বছৰীয়া কাৰ্যকালৰ অন্তত নিৰ্বাচনত পৰাস্ত হয় তেন্তে পৰৱৰ্তী সময়তো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । বৰ্তমানৰ ট্ৰাম্পৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি আসনত অধিষ্ঠীত হৈছে ।

কোনবোৰ সিদ্ধান্তৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰিছে ট্ৰাম্পে-

উল্লেখ্য যে চলিত বৰ্ষৰ ২০ জানুৱাৰীত ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । দ্বিতীয় আৰু অন্তিম কাৰ্যকালত তেওঁ বহু আগ্ৰাসী সিদ্ধান্ত লৈছে । এনে পৰিস্থিতিত তেওঁৰ নীতিক লৈ বহু জল্পনা-কল্পনা চলি আছে । ট্ৰাম্পৰ কাৰ্যকালৰ প্ৰথম দুমাহত আটাইতকৈ বেছি চৰ্চিত বিষয় হৈছে অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন, আমেৰিকাৰ শুল্ক নীতি, কানাডাক আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হিচাপে গঢ়ি তোলা আৰু মেক্সিকো সন্দৰ্ভত ট্ৰাম্পৰ নীতি ।

‘চুক্তি কৰক অন্যথা…’, পাৰমাণৱিক চুক্তিক লৈ ইৰাণক ভাবুকি দিলে ট্ৰাম্পে

ইৰাণ সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ স্পষ্ট ভাবুকি দিছে যে যদি ইৰাণে এই পাৰমাণৱিক চুক্তিত সন্মতি নিদিয়ে তেন্তে বোমা বৰ্ষণ কৰা হ’ব । আগ্ৰাসী শুল্ক নীতিৰ বাবে অহৰহ চৰ্চাত থকা ট্ৰাম্পে ইৰাণৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথাও সকীয়াই দিছে । ট্ৰাম্পে এক সাক্ষাৎকাৰৰ সময়ত কয় যে আমেৰিকা আৰু ইৰাণৰ বিষয়াসকলৰ মাজত আলোচনা চলি আছে যদিও এই মুহূৰ্তত তেওঁ এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰিব নোৱাৰে ।

প্ৰথম কাৰ্যকালতো অতিৰিক্ত শুল্ক আৰোপ কৰিছিল-

ট্ৰাম্পে কয় যে যদি ইৰাণে আমেৰিকাৰ সৈতে চুক্তি নকৰে তেন্তে বোমা বৰ্ষণ কৰা হ’ব । ইয়াৰ উপৰিও যদি তেওঁলোকে এই চুক্তি নাকচ কৰে তেন্তে আমেৰিকাই ইৰাণৰ ওপৰত গৌণ শুল্ক অৰ্থাৎ অতিৰিক্ত চাৰ্জ আৰোপ কৰাৰ সম্ভাৱনা আছে । ট্ৰাম্পে কয় যে তেওঁ চাৰি বছৰ পূৰ্বেও একে কাম কৰিছিল ।

উল্লেখ্য যে তেওঁৰ প্ৰথম কাৰ্যকালত (২০১৭-২০২১) ট্ৰাম্পে ইৰাণৰ বিতৰ্কিত পাৰমাণৱিক কাৰ্যকলাপৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল । ২০১৫ চনত ইৰাণ আৰু বিশ্ব শক্তিৰ মাজত হোৱা চুক্তিৰ পৰা তেওঁ আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল ।

ইৰাণৰ বিৰুদ্ধে ইউৰেনিয়াম সমৃদ্ধ কৰাৰ অভিযোগ উত্থাপন হৈছিল । তেনে কৰাৰ বাবে ট্ৰাম্পে ব্যাপক নিষেধাজ্ঞাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পূৰ্বে ট্ৰাম্পে ইৰাণে চুক্তিত উপনীত নহ’লে সামৰিক পৰিণতিৰ বিষয়ে সকীয়াই দিছিল । উল্লেখযোগ্য যে ইৰাণে এতিয়ালৈকে আমেৰিকাৰ সতৰ্কবাণীক আওকাণ কৰি আহিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণলৈ পত্ৰ প্ৰেৰণ কৰে-

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচিৰ উদ্ধৃতিৰে এক বিবৃতি প্ৰকাশ কৰা হয় । ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই প্ৰকাশ কৰা অনুসৰি, এই পত্ৰৰ উত্তৰ পশ্চিম এছিয়াৰ আন এখন দেশ ওমানৰ জৰিয়তে ট্ৰাম্পলৈ প্ৰেৰণ কৰা হৈছে । এই পত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণক নতুন পাৰমাণৱিক চুক্তিত সন্মতি দিবলৈ আবেদন জনাইছিল ।

ইৰাণে নাকচ কৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰস্তাৱ… আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা অস্বীকাৰ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে তেহৰানে আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে । ইৰাণৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত লিখা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চিঠিৰ প্ৰতি সঁহাৰি জনাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে । ৰাষ্ট্ৰপতি পেজেস্কিয়ানে কয় যে, ‘যদিও এই সঁহাৰিত দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ আলোচনাৰ সম্ভাৱনা নাকচ কৰা হৈছে, পৰোক্ষ আলোচনাৰ পথ মুকলি কৰি ৰখা হৈছে ।’

পৰোক্ষ আলোচনা মানি ল’বনে ট্ৰাম্পে ?

অৱশ্যে ট্ৰাম্পে পৰোক্ষ আলোচনা মানি ল’ব নে নাই সেয়া স্পষ্ট হোৱা নাই । ২০১৮ চনত ড’নাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালত ইৰাণ পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই অনাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে ।

ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু বৃদ্ধি পোৱা উত্তেজনা-

আমেৰিকা আৰু ইজৰাইলে ইতিমধ্যে কৈছে যে তেওঁলোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰিবলৈ নিদিয়ে । ইফালে ইৰাণে ইউৰেনিয়ামক অস্ত্ৰ গ্ৰেডৰ স্তৰৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত সামৰিক সংঘৰ্ষৰ আশংকা বৃদ্ধি পাইছে । ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে, কিন্তু যোৱা কেইমাহমানৰ পৰা ইয়াৰ বিষয়াসকলে সেই দিশত আগবাঢ়ি যোৱাৰ ইংগিত দিছে । এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাৰ ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদনত কোৱা হৈছে যে ইৰাণে ইউৰেনিয়ামৰ উৎপাদন প্ৰায় অস্ত্ৰ গ্ৰেডৰ স্তৰলৈ ত্বৰান্বিত কৰিছে ।

ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ সম্পৰ্ক-

ড’নাল্ড ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত আমেৰিকা আৰু ইৰাণৰ মাজৰ সম্পৰ্ক অতি বেয়া আছিল । ২০১৮ চনত ট্ৰাম্পে ইৰাণৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত ইৰাণৰ অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছিল । ইৰানে ইয়াৰ উত্তৰত সাগৰীয় পথত আক্ৰমণ চলাইছিল, ইয়াৰে এটা আক্ৰমণে ছৌদি আৰৱৰ তেল উৎপাদন আধালৈ হ্ৰাস কৰিছিল । ২০২০ চনৰ জানুৱাৰী মাহত ট্ৰাম্পে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি বাগদাদত ড্ৰ’ন আক্ৰমণৰ জৰিয়তে ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষক হত্যা কৰিছিল, যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছিল ।

‘প্ৰতিশ্ৰুতি পালন কৰিলো’: উভতি অহাৰ পিছত ক্ৰু-৯ৰ মহাকাশচাৰীক আদৰণি ট্ৰাম্পৰ, মাস্কক জনালে ধন্যবাদ

২৮৬ দিনৰ অন্তত পৃথিৱীলৈ উভতি আহিছে ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ । সুনীতা, উইলমোৰকে ধৰি আন দুগৰাকী মহাকাশচাৰীক লৈ অহা স্পেচক্ৰাফ্টখনে পুৱা ৩.২৭ বজাত আমেৰিকাৰ ফ্ল’ৰিডাৰ সাগৰৰত অৱতৰণ কৰে । এই অভিযানৰ সফলতাৰ বাবে মাস্কক ধন্যবাদ জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নাছাৰ ক্ৰু-৯ মহাকাশচাৰী সুনীতা উইলিয়ামছ, নিক হেগ, বাটছ উইলমোৰ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ’ৰবুনভৰ উভতি অহাৰ বাবে অগ্ৰাধিকাৰ দিয়া বুলি হোৱাইট হাউছে মঙলবাৰে প্ৰকাশ কৰে ।

মহাকাশচাৰীসকলক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল ট্ৰাম্পে-

হোৱাইট হাউছে লিখিছে যে “প্ৰতিশ্ৰুতি দিছিলো, প্ৰতিশ্ৰুতি পালন কৰিলো” । ৰাষ্ট্ৰপতি ট্ৰাম্পে ৯ মাহৰ বাবে মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰীসকলক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল, আজি তেওঁলোক নিৰাপদে উভতি আহিল । ইয়াৰ বাবে ইলন মাস্ক, স্পেচএক্স আৰু নাছাক ধন্যবাদ !

একে সময়তে ইলন মাস্কে নাছা আৰু স্পেচএক্সৰ দলটোক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনায় আৰু এই অভিযানক অগ্ৰাধিকাৰ দিয়াৰ বাবে ট্ৰাম্পক ধন্যবাদ জনায় । ইলন মাস্কে লিখিছে, স্পেচএক্স আৰু নাছাৰ দলসমূহক আন এক সফল মহাকাশচাৰী উভতাই অনাৰ বাবে অভিনন্দন ! এই অভিযানক অগ্ৰাধিকাৰ দিয়াৰ বাবে ড’নাল্ড ট্ৰাম্পক ধন্যবাদ !

ন মাহৰ পিছত উভতনি-

উল্লেখ্য যে সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (ISS) ৯ মাহ ১৪ দিন আছিল । আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ সময় লাগিছিল ১৭ ঘণ্টা । স্পেচক্ৰাফ্টখন যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়া ইয়াৰ উষ্ণতা ১৬৫০ ডিগ্ৰী চেলছিয়াছতকৈও অধিক হৈছিল । এই সময়ছোৱাত প্ৰায় সাত মিনিটৰ বাবে মহাকাশচাৰীসকলৰ সৈতে যোগাযোগ নোহোৱা হৈ যায় ।

মহাকাশচাৰীসকলক কঢ়িয়াই অনা ড্ৰেগন কেপচুলটো পেৰাচুটেৰে সাগৰত অৱতৰণ কৰে । কেপচুলটো পানীত অৱতৰণ কৰাৰ প্ৰায় ১০ মিনিটৰ পিছত সুৰক্ষা পৰীক্ষা সম্পূৰ্ণ কৰা হয় । ইয়াৰ পিছত কেপচুলটো খুলি দিয়া হয় । যাৰ ভিতৰৰ পৰা সুনীতা উইলিয়ামছ আৰু আন তিনিজন যাত্ৰীক ষ্ট্ৰেচাৰৰ সহায়ত উলিয়াই অনা হয় । বৰ্তমান তেওঁলোক চিকিৎসক আৰু বিশেষজ্ঞৰ তত্বাৱধানত আছে ।

ট্ৰাম্প-পুটিনৰ আলোচনাঃ সীমিত শান্তি চুক্তিত সন্মতি, ৩০ দিনৰ বাবে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ স্থগিত !

ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত দিঘলীয়া আলোচনা হয় । এই আলোচনাৰ অন্তত ৰাছিয়াই ঘোষণা কৰিছে যে আগন্তুক ৩০ দিনলৈ ইউক্ৰেইনৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নকৰে । আলোচনাৰ সময়ত পুটিনে কয় যে ৰাছিয়াৰ নিজৰ নিৰাপত্তা স্বাৰ্থ আৰু যুদ্ধৰ মূল কাৰণৰ প্ৰতি লক্ষ্য ৰাখি সংঘাতৰ সমাধান ব্যাপক, বহনক্ষম আৰু দীৰ্ঘম্যাদী হ’ব লাগিব ।

উল্লেখ্য যে হোৱাইট হাউছে মঙলবাৰে দুয়োগৰাকী নেতাৰ মাজত ফোনযোগে দুঘণ্টাৰো অধিক সময় চলা বাৰ্তালাপত হোৱা চুক্তিক শান্তিৰ দিশত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰি ইয়াৰ ফলত ক’লা সাগৰত সামুদ্ৰিক যুদ্ধবিৰতিৰ সৃষ্টি হ’ব আৰু যুদ্ধ সম্পূৰ্ণৰূপে আৰু স্থায়ীভাৱে শেষ হ’ব বুলি আশা প্ৰকাশ কৰে । হোৱাইট হাউছে লগতে কয় যে এক ব্যাপক শান্তি পৰিকল্পনাৰ দিশত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে আলোচনা শীঘ্ৰেই আৰম্ভ হ’ব । কিন্তু ইউক্ৰেইন এই পৰ্যায়ক্ৰমে যুদ্ধবিৰতি পৰিকল্পনাত সন্মতি প্ৰকাশ কৰিছে নে নাই সেয়া স্পষ্ট হোৱা নাই ।

ক্ৰেমলিনৰ বিবৃতি প্ৰকাশ-

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয় ক্ৰেমলিনে কয় যে আলোচনাৰ সময়ত পুটিনে যুদ্ধবিৰতি নিৰীক্ষণ আৰু ইউক্ৰেইনক অধিক সৈন্য সংগঠিত আৰু পুনৰ অস্ত্ৰ-শস্ত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰাত বাধা দিয়াৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে । ক্ৰেমলিনৰ তথ্য অনুসৰি পুটিনে ইউক্ৰেইনলৈ বিদেশী সামৰিক আৰু চোৰাংচোৱা সাহায্য বন্ধ কৰিবলৈও ট্ৰাম্পক আহ্বান জনায় ।

বিদ্যুৎ কেন্দ্ৰৰ নিৰাপত্তাৰ পৰা আমেৰিকাৰ লাভ-

ইয়াৰ পূৰ্বে আমেৰিকাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ৩০ দিনৰ বাবে সম্পূৰ্ণ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল । ইউক্ৰেইনে এই সন্দৰ্ভত মাত্ৰ যোৱা সপ্তাহতহে সন্মতি প্ৰকাশ কৰিছিল । কিন্তু পুটিনৰ সৈতে আলোচনাৰ অন্তত ক্ৰেমলিন আৰু হোৱাইট হাউছে কেৱল বিদ্যুৎ কেন্দ্ৰ আৰু আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ কথাহে কৈছে ।

আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনা-

ক্ৰেমলিনে কয় যে দুয়োগৰাকী নেতাই কয়দী বিনিময় আৰু সামুদ্ৰিক নিৰাপত্তাৰ কথা পাতS । ট্ৰাম্পৰ প্ৰস্তাৱৰ প্ৰতি পুটিনে ইতিবাচক সঁহাৰি জনায় । দুয়োগৰাকী নেতাই আমেৰিকা-ৰাছিয়াৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি বিশ্বৰ নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা, আনকি হকী মেচৰ দৰে সাংস্কৃতিক বিনিময়ৰ ওপৰতো আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয় ।

ট্ৰুথ ছ’চিয়েলত যোগদান প্ৰধানমন্ত্ৰী মোদীৰ…প’ডকাষ্ট ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ জনালে ট্ৰাম্পক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মালিকানাধীন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত যোগদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ট্ৰাম্পে এতিয়াও এক্সৰ পৰিৱৰ্তে এই প্লেটফৰ্মত প্ৰথমে তেওঁৰ সকলো ভাষণ আৰু পোষ্ট শ্বেয়াৰ কৰে ।

ট্ৰুথ ছ’চিয়েলত দিয়া প্ৰথমটো পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ প্লেটফৰ্মত উপস্থিত হৈ আনন্দিত হৈ পৰিছে আৰু ট্ৰাম্পক ধন্যবাদ জনাইছে যে তেওঁ আমেৰিকাৰ প’ডকাষ্টাৰ লেক্স ফ্ৰিডমেনৰ সৈতে ট্ৰুথত তেওঁৰ সমগ্ৰ তিনি ঘণ্টীয়া প’ডকাষ্ট সাক্ষাৎকাৰটো শ্বেয়াৰ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট-

ট্ৰুথত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ সকলো “আবেগিক কণ্ঠ”ৰ সৈতে মত বিনিময় কৰিবলৈ আৰু অৰ্থপূৰ্ণ কথা-বতৰাত লিপ্ত হ’বলৈ আগ্ৰহী । দেওবাৰে প্ৰকাশ পোৱা ফ্ৰিডমেনৰ সৈতে সম্পূৰ্ণ প’ডকাষ্ট শ্বেয়াৰ কৰাৰ বাবে তেওঁৰ “বন্ধু” ট্ৰাম্পক ধন্যবাদ জনাই মোদীয়ে কয় যে, “মই মোৰ জীৱন যাত্ৰা, ভাৰতৰ সভ্যতাৰ দৃষ্টিভংগী, বিশ্বজনীন বিষয় আৰু বহুতো বিষয় সামৰি লৈছো ।”

ইয়াৰ পূৰ্বে সোমবাৰে ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ প’ডকাষ্টৰ ইউটিউব লিংক ফ্ৰিডমেনৰ সৈতে ট্ৰুথ ছ’চিয়েলত শ্বেয়াৰ কৰিছিল । ২০২০ চনৰ নিৰ্বাচনত জো বাইডেনৰ হাতত পৰাস্ত হোৱাৰ পিছত তেওঁৰ সমৰ্থকসকলে আমেৰিকাৰ কেপিটেলত আক্ৰমণ কৰাৰ পিছত ফেচবুক আৰু এক্সকে ধৰি ডাঙৰ ডাঙৰ ছ’চিয়েল প্লেটফৰ্মৰ পৰা নিষিদ্ধ হোৱাৰ পিছত ২০২২ চনত ট্ৰাম্পে ট্ৰুথ ছ’চিয়েল আৰম্ভ কৰিছিল ।

এই প্লেটফৰ্মত আমেৰিকাৰ ৰাষ্ট্ৰপতি অতি সক্ৰিয়, প্ৰায়ে ডাঙৰ ডাঙৰ উন্নয়ন আৰু নীতি পৰিৱৰ্তনৰ বিষয়ে ঘোষণা কৰে । তেওঁ পুনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো এই মঞ্চৰ ব্যাপক ব্যৱহাৰ কৰিছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত আপ্লুত ৰাষ্ট্ৰপতি ট্ৰাম্প… কৰিলে এই কাম

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ শ্বেয়াৰ কৰিছে । এই সাক্ষাৎকাৰটো লৈছে আমেৰিকাৰ প’ডকাষ্টাৰ আৰু এ আইৰ গৱেষক লেক্স ফ্ৰিডমেনে ।

এই সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব ৰাজনীতি আৰু হিন্দু ধৰ্মকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰিছিল । শেহতীয়াকৈ এই সাক্ষাৎকাৰ ট্ৰাম্পে নিজৰ ব্যক্তিগত ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথত শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে এই সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ দৃঢ় সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । বন্ধু আৰু নেতা হিচাপে ট্ৰাম্পৰ কি ভাল লাগে ? এই প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে এটা পুৰণি ঘটনাৰ কথা উল্লেখ কৰে । সেই ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে হিউষ্টনত আমাৰ ‘হাউডি মোদী’ নামৰ এটা অনুষ্ঠান আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মই তাত উপস্থিত আছিলো, গোটেই ষ্টেডিয়ামখন মানুহেৰে ভৰি পৰিছিল । ইমানবোৰ মানুহৰ এটা ঠাইত গোট খোৱাটো আছিল আমেৰিকাত এক ডাঙৰ অনুষ্ঠান । তাত ভাষণ দিওঁতে ট্ৰাম্পে তলত বহি মোৰ কথা শুনি আছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ষ্টেডিয়ামত বহি শুনি আছে আৰু মই মঞ্চত ভাষণ দিছো সেয়া তেওঁৰ মহানতা ।

প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎকাৰৰ সময়ত কয় যে ভাষণ দিয়াৰ পিছত মই মঞ্চৰ পৰা নামি আহিলোঁ আৰু মই ট্ৰাম্পক ক’লোঁ, ‘আহক, ষ্টেডিয়ামৰ এটা ৰাউণ্ড লওঁ, ইমান মানুহ আছে, সকলোকে সম্ভাষণ জনাওঁ আৰু তাৰ পিছত উভতি আহোঁ’, গতিকে এটা মুহূৰ্তও পলম নকৰাকৈয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মোৰ সৈতে ভিৰৰ মাজলৈ খোজ কাঢ়ি গ’ল । এই সময়ছোৱাত আমেৰিকাৰ নিৰাপত্তা ব্যৱস্থা হঠাতে অস্থিৰ হৈ পৰিল । কিন্তু এই ব্যক্তিজনৰ ইমান সাহস থকাটোৱে মোৰ হৃদয় চুই গ’ল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যেতিয়া ট্ৰাম্পলৈ গুলীচালনা কৰা হৈছিল তেতিয়া মই মাত্ৰ এজন ট্ৰাম্পকহে দেখিছিলো । মোৰ হাতত ধৰি ষ্টেডিয়ামৰ মাজেৰে খোজ কাঢ়ি যোৱা ট্ৰাম্প আৰু গুলীবিদ্ধ হোৱাৰ পিছতো আমেৰিকাৰ বাবে জীয়াই থকা ট্ৰাম্প । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই এজন ‘ইণ্ডিয়া ফাৰ্ষ্ট’ ব্যক্তি আৰু ট্ৰাম্প ‘আমেৰিকা ফাৰ্ষ্ট’ ব্যক্তি । গতিকে, আমাৰ যোৰা সমান হৈ পৰে । ট্ৰাম্পৰ এই কথাবোৰ আকৰ্ষণীয় ।

উল্লেখ্য যে দেওবাৰে সন্ধিয়া প্ৰচাৰিত এ আইৰ গৱেষক লেক্স ফ্ৰিডমেনক তিনি ঘণ্টীয়া ১৭ মিনিটৰ সাক্ষাৎকাৰ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।

এই ৪১খন দেশৰ নাগৰিকক আমেৰিকাত দিয়া নহ’ব প্ৰৱেশৰ অনুমতি! নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ড’নাল্ড ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ধাৰাবাহিকভাৱে কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শেহতীয়া পৰিঘটনাই প্ৰকাশ কৰিছে যে ট্ৰাম্প প্ৰশাসনে কেইবা ডজন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিব পাৰে । বিষয়টো বিবেচনা কৰি থকা হৈছে আৰু এখন মেমো প্ৰকাশ পাইছে য’ত মুঠ ৪১খন দেশক অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে এই পত্ৰত ৪১খন দেশৰ তালিকা আছে আৰু ইয়াক তিনিটা ভিন্ন গোটত বিভক্ত কৰা হৈছে । ১০খন দেশৰ প্ৰথম গ্ৰুপত আফগানিস্তান, ইৰাণ, ছিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়া আদি দেশক অন্তৰ্ভুক্ত কৰা হৈছে, এই দেশসমূহৰ ভিছা সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব ।

আন কোন কোন দেশ অন্তৰ্ভুক্ত হৈছে ?

ইৰিত্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডানকে ধৰি পাঁচখন দেশৰ দ্বিতীয়টো গোটে আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ’ব, যাৰ ফলত কিছুমান ব্যতিক্ৰম বাদ দি পৰ্যটক আৰু ছাত্ৰ ভিছাৰ লগতে অন্যান্য অপ্ৰৱাশী ভিছাতো প্ৰভাৱ পৰিব ।

পত্ৰখনত কোৱা হৈছে যে তৃতীয় গোটত পাকিস্তান, ভূটান, ম্যানমাৰকে ধৰি মুঠ ২৬খন দেশলৈ আমেৰিকাৰ ভিছা প্ৰদানৰ আংশিক নিষেধাজ্ঞাৰ কথা বিবেচনা কৰা হ’ব যদিহে তেওঁলোকৰ চৰকাৰে ৬০ দিনৰ ভিতৰত অভাৱ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ নকৰে । নিউয়ৰ্ক টাইমছে প্ৰথমে এই কথা প্ৰকাশ কৰিছিল ।

জানুৱাৰী মাহত ড’নাল্ড ট্ৰাম্পে এই নিৰ্দেশ জাৰি কৰিছিল-

২০ জানুৱাৰীত ট্ৰাম্পে এক কাৰ্যবাহী আদেশ জাৰি কৰিছিল যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকি ধৰা পেলাবলৈ আমেৰিকাত প্ৰৱেশ কৰিব বিচৰা যিকোনো বিদেশীৰ ওপৰত কঠোৰ নিৰাপত্তা পৰীক্ষাৰ প্ৰয়োজন আছে । সেই ক্ৰমত কেইবাজনো কেবিনেট সদস্যক ২১ মাৰ্চৰ ভিতৰত এনে দেশৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, য’ৰ পৰা যাত্ৰা আংশিকভাৱে বা সম্পূৰ্ণৰূপে স্থগিত ৰখা উচিত ।