ড’নাল্ড ট্ৰাম্পৰ এটা বক্তব্য আৰু শ্বেয়াৰ বজাৰত হাহাকাৰ…কি ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ?

সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰৰ বাবে মঙলবাৰটো ভাল দিন নাছিল । ড’নাল্ড ট্ৰাম্পৰ এক বক্তব্যৰ বাবেই আমেৰিকা আৰু এছিয়াৰ শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হৈছে । এই বক্তব্যৰ লগে লগে এফালে আমেৰিকাৰ ডাউ ৯০০ পইণ্টৰ বৃহৎ হ্ৰাসৰ লগতে ৪ মাহৰ নিম্নতম স্তৰলৈ নামি আহে, আনহাতে নাছডাক ডেৰ-দুবছৰৰ ভিতৰত আটাইতকৈ বেছি হ্ৰাস পায় ।

নাছডাক ৭২৫ পইণ্ট হ্ৰাস পাই ছমাহৰ নিম্নতম স্তৰত বন্ধ হয় । আনহাতে, GIFT Nifty ২০০ পইণ্ট হ্ৰাস পাই ২২৩০০ আৰু ডাউ ফিউচাৰ ২০০ পইণ্ট হ্ৰাস পায় । তাত জাপানৰ নিকেইৰ ১০০০ পইণ্টৰ ব্যাপক হ্ৰাস দেখা গৈছিল । ইয়াৰ বাহিৰেও ভাৰতীয় শ্বেয়াৰ বজাৰত চেনচেক্স প্ৰায় ৪০০ পইণ্ট আৰু নিফটি প্ৰায় ১০০ পইণ্ট হ্ৰাস পাইছে । এতিয়া জানক ড’নাল্ড ট্ৰাম্পে কি ক’লে যাৰ ফলত সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হয় ।

কি ক’লে ডনাল্ড ট্ৰাম্পে-

দেওবাৰে ফক্স নিউজৰ এক অনুষ্ঠানত ট্ৰাম্পে কয় যে আমেৰিকাৰ অৰ্থনীতি “পৰিৱৰ্তনৰ” মাজেৰে পাৰ হ’ব আৰু মন্দাৱস্থাৰ সম্ভাৱনাও নুই কৰা নাই ।

দৰাচলতে সাক্ষাৎকাৰত এই বছৰ মন্দাৱস্থাৰ আশা কৰিছে নেকি বুলি সোধাত ট্ৰাম্পে উত্তৰ দিছিল, “মই তেনেকুৱা কথাবোৰ ভৱিষ্যদ্বাণী কৰিবলৈ ভাল নাপাওঁ । কিন্তু আমি যি কৰিছো সেয়া বিশাল, গতিকে ই পৰিৱৰ্তনৰ সময় ।”

এই ষ্টকসমূহৰ বৃহৎ হ্ৰাস দেখা গৈছে-

সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰৰ পতনৰ বাবে চেনছেক্সৰ ৩০ টা ষ্টকৰ ভিতৰত ২১ টা ষ্টক হ্ৰাসৰ সৈতে ব্যৱসায় চলি আছে । আনহাতে ৫০টা নিফটি ষ্টকৰ ভিতৰত ৩৩টা ষ্টকে হ্ৰাসৰ সৈতে ব্যৱসায় কৰিছিল । হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত ইণ্ডাচইণ্ড বেংক ১৫ শতাংশ, ইনফ’ছিছ ৩.১৪ শতাংশ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ৩.০৩ শতাংশ, জোমাটো ২.১৩ শতাংশ, বাজাজ ফিনচাৰ্ভ ১.৬২ শতাংশ, টেক মহিন্দ্ৰাৰ ১.০৭ শতাংশ হ্ৰাস পাইছে ।

লাখ লাখ টকাৰ লোকচান-

ভাৰতীয় শ্বেয়াৰ বজাৰৰ পতনৰ বাবে বিনিয়োগকাৰীয়ে প্ৰায় ৩ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে । বি এছ ইত তালিকাভুক্ত ষ্টকৰ মাৰ্কেট কেপ ৩৯০.৯১ লাখ কোটি টকালৈ হ্ৰাস পাইছে, যিটো পূৰ্বৰ ব্যৱসায়িক অধিবেশনত ৩৯৩.৮৫ লাখ কোটি টকা আছিল । অৰ্থাৎ আজিৰ ব্যৱসায়ত বিনিয়োগকাৰীয়ে ২.৯৪ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে ।

এইবোৰ কাৰণতে হ্ৰাস পাইছে শ্বেয়াৰ বজাৰ-

মন্দাৱস্থাৰ ভয়ৰ বাহিৰেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অৰ্থনৈতিক নীতিৰ বাবে বিশ্বৰ বজাৰসমূহত অনিশ্চয়তা বৃদ্ধি পাইছে । তেওঁৰ শুল্ক প্ৰস্তাৱে বিনিয়োগকাৰীক চিন্তিত কৰি তুলিছে, যাৰ ফলত শ্বেয়াৰ বজাৰ হ্ৰাস পাইছে । ইয়াৰ বাহিৰেও ভাৰতত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফ আই আই)ৰ ব্যাপক বিক্ৰী হৈছে, যাৰ ফলত বজাৰত হেঁচা পৰিছে ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে এফ আই আইয়ে প্ৰায় ১.৩৩ লাখ কোটি টকা উলিয়াইছে । একে সময়তে ভাৰতীয় বেংকৰ ত্ৰিমাসিক ফলাফল দুৰ্বল হোৱাৰ সম্ভাৱনাই বজাৰতো নেতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে । নিফটি ৫০ত বেংকিং খণ্ডৰ যথেষ্ট অৱদান আছে, যাৰ বাবে ইয়াৰ দুৰ্বলতাই সমগ্ৰ বজাৰকে প্ৰভাৱিত কৰিছে । দুৰ্বল বিশ্ব বজাৰৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰৰ অৱনতি অব্যাহত আছে ।

‘এয়া ভাৰতৰ স্বাৰ্থত…’, ট্ৰাম্পৰ শুল্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া জয়শংকৰৰ

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান ব্ৰিটেইন আৰু আয়াৰলেণ্ড ভ্ৰমণত আছে । ইয়াৰ মাজতে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শেহতীয়া নীতি সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

জয়শংকৰে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকা চৰকাৰখন ভাৰতৰ স্বাৰ্থৰ লগত খাপ খোৱাকৈ বহুমেৰুত্বৰ দিশে আগবাঢ়িছে । দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হৈছে ।

বুধবাৰে সন্ধিয়া লণ্ডনৰ চাথাম হাউছ থিংক টেংকত আয়োজিত ‘ভাৰতৰ উত্থান আৰু বিশ্বৰ ভূমিকা’ শীৰ্ষক এক অনুষ্ঠানত জয়শংকৰক ট্ৰাম্প প্ৰশাসনৰ প্ৰথম সপ্তাহ আৰু পাৰস্পৰিক শুল্ক সন্দৰ্ভত তেওঁৰ মতামত সোধা হয় । এই সন্দৰ্ভত তেওঁ কয় যে আমি এজন ৰাষ্ট্ৰপতি আৰু প্ৰশাসনক দেখিছো যিয়ে বহুমেৰুত্বৰ দিশে আগবাঢ়িছে আৰু এইটো এনেকুৱা এটা কাম যিটো ভাৰতৰ বাবে অনুকূল ।

জয়শংকৰে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দৃষ্টিকোণৰ পৰা কোৱাডত আমাৰ দুয়োখন দেশৰ এক বৃহৎ অংশীদাৰিত্ব আছে । এইটো এটা ভাল মডেল যিয়ে দুয়োটাৰে বাবে কাম কৰে । ভাৰতৰ উপৰিও কোৱাডত আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানকো অন্তৰ্ভুক্ত কৰা হৈছে ।

শুল্ক বিষয়ক লৈ কি কলে জয়শংকৰে ?

জয়শংকৰে কয় যে বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল বৰ্তমান ৱাশ্বিংটনত আছে, য’ত তেওঁ দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা কৰিব পাৰে ।

শুল্ক সম্পৰ্কে আমি অতি বিশদ আলোচনা কৰিছো আৰু দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হৈছে । একে সময়তে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধত ভাৰতৰ ভূমিকা সম্পৰ্কে সোধাত জয়শংকৰে কয় যে ৰাছিয়া আৰু ইউক্ৰেইন উভয়ৰে সৈতে বহু স্তৰত অবিৰতভাৱে কথা পাতি থকা কেইখনমান দেশৰ ভিতৰত আমিও আছো । যেতিয়াই ভাৰতে এই দিশত কিবা এটা কৰিব পাৰে, তেতিয়াই আমি আগবাঢ়ি যাম ।

‘এতিয়াই পণবন্দীসকলক মুকলি কৰি দিয়ক, নহ’লে মৃত্যু নিশ্চিত…’, হামাছক ট্ৰাম্পৰ শেষ সতৰ্কবাণী !

শুল্ক বিষয়ত সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া পুনৰ ইজৰাইল এজেণ্ডালৈ উভতি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । গাজাত পণবন্দী হৈ থকা ইজৰাইলীসকলক ঘূৰাই দিবলৈ হামাছক কঠোৰ আৰু চূড়ান্ত সতৰ্কবাণী দিছে ট্ৰাম্পে ।

ট্ৰাম্পে হামাছক সকীয়াই দিছে যে পণবন্দীসকলক শীঘ্ৰেই ঘূৰাই পঠিয়াব লাগে নহ’লে তেওঁলোকৰ মৃত্যু নিশ্চিত । ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা বাৰ্তা জাৰি কৰি হামাছক স্মাৰ্ট সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে আৰু পণবন্দীসকলক শীঘ্ৰেই মুকলি কৰি দিয়াৰ আহ্বান জনাইছে, অন্যথা নৰক মুকলি কৰা হ’ব বুলি কয় তেওঁ ।

ট্ৰাম্পে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে হোৱাইট হাউছে আমেৰিকা চৰকাৰে হামাছৰ সৈতে প্ৰত্যক্ষ আলোচনাত মিলিত হোৱাৰ লগতে পেলেষ্টাইনত পণবন্দী হৈ থকা ইজৰাইলীসকলক মুকলি কৰি দিবলৈ কোৱাৰ কথা জনাইছে ।

শেহতীয়াকৈ আমেৰিকাই হামাছৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰা নাছিল । ১৯৯৭ চনত আমেৰিকা চৰকাৰে হামাছক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ।

ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে হামাছক হত্যা কৰা পণবন্দীসকলৰ মৃতদেহ ৰাখি থোৱাৰ বাবে “মনোৰোগী” আৰু “ৰোগী” বুলি অভিহিত কৰে । ট্ৰাম্পে কয় যে হামাছে এই মৃতদেহসমূহ সন্মানেৰে ঘূৰাই দিব লাগে ।

ট্ৰাম্পে হামাছৰ নেতৃত্বক শীঘ্ৰে গাজা এৰি যাবলৈ আহ্বান জনাইছে আৰু গাজাৰ জনসাধাৰণক আহ্বান জনাইছে যে তেওঁলোকৰ বাবে ‘সোণালী ভৱিষ্যত’ অপেক্ষা কৰি আছে ।

ট্ৰাম্পে নিজৰ পোষ্টত লিখিছে, “Shalom Hamasৰ অৰ্থ হ’ল হেল্ল’ আৰু বিদায়- আপুনি বাছি ল’ব পাৰে । সকলো পণবন্দীক এতিয়াই মুকলি কৰি দিয়ক, পিছত নহয় । আৰু আপোনালোকে হত্যা কৰা লোকসকলৰ মৃতদেহ এতিয়া ঘূৰাই দিয়ক । নহ’লে আপোনালোকৰ কাহিনী শেষ । কেৱল অসুস্থ আৰু মনোৰোগী লোকেহে মৃতদেহ ৰাখে আৰু আপোনালোক অসুস্থ আৰু উন্মাদ !”

ট্ৰাম্পে নিজৰ বাৰ্তাত কয় যে তেওঁ ইজৰাইলক এই অভিযান চলাবলৈ প্ৰয়োজনীয় সকলোখিনি প্ৰেৰণ কৰিছে । মই কোৱা মতে নকৰিলে হামাছৰ এজনো সদস্য বাচি নাথাকিব ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে মই মাত্ৰ সেই পণবন্দীসকলক লগ পাইছো, যাৰ জীৱন আপুনি ধ্বংস কৰি পেলাইছে । এয়া আপোনালোকৰ প্ৰতি শেষ সতৰ্কবাণী । নেতৃত্বৰ ক্ষেত্ৰত যিমানদূৰলৈকে প্ৰশ্ন আছে আপোনালোকে গাজা এৰি যোৱাৰ সময় আহি পৰিছে । আপোনালোকৰ এতিয়াও সুযোগ আছে ।

ট্ৰাম্পৰ শুল্ক তালিকাত ভাৰতৰ নাম…২ এপ্ৰিল তাৰিখ নিৰ্ধাৰণ, জানক কি এই পাৰস্পৰিক শুল্ক

বুধবাৰে সংসদত ভাষণ দি থকাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ বিষয়ে এক মন্তব্য কৰে । ভাষণত দুবাৰকৈ ভাৰতৰ কথা উল্লেখ কৰি তেওঁ কয় যে চীন, মেক্সিকো আৰু কানাডাৰ লগতে ভাৰতেও আমেৰিকাৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰে, যিটো সঠিক নহয় । ট্ৰাম্পে আনুষ্ঠানিকভাৱে এই শুল্ক কাৰ্যকৰী হোৱাৰ তাৰিখো নিৰ্ধাৰণ কৰিছে, যিটো হ’ল ২০২৫ চনৰ ২ এপ্ৰিল । গতিকে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা এই Reciprocal Tariff অথবা পাৰস্পৰিক শুল্ক কি জানো আহক ।

ট্ৰাম্পে কয়- ‘ভাৰতে ১০০% শুল্ক আৰোপ কৰে…’

উল্লেখ্য যে দুবাৰকৈ ভাৰতৰ নাম লোৱাৰ সময়ত ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰতে আমাৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰে । এইটো একেবাৰে সঠিক নহয় । আনুষ্ঠানিকভাৱে শুল্ক যুদ্ধ ঘোষণা কৰাৰ সময়ত তেওঁ কয় যে এতিয়া যিকোনো দেশেই যিয়ে আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰিব তেওঁলোকৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব ।

ট্ৰাম্পে আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰা কিছুমান দেশৰ নামো তালিকাভুক্ত কৰি কয় যে গড়ে ইউৰোপীয় সংঘ, চীন, ব্ৰাজিল, ভাৰত, মেক্সিকো আৰু কানাডাই আমাৰ ওপৰত শুল্ক আৰোপ কৰে । এইবোৰৰ কথা শুনিছেনে ? আৰু আন অগণন দেশে আমাৰ পৰা আমি লোৱাতকৈ বহু বেছি শুল্ক লয় । এয়া বহুত অন্যায় ।

২ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব পাৰস্পৰিক শুল্ক-

ড’নাল্ড ট্ৰাম্পে কয় যে ২ এপ্ৰিলৰ পৰা আমেৰিকাই আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰা দেশসমূহৰ ওপৰতো একে শুল্ক আৰোপ কৰিব, তাতকৈ বেছি নহয় আৰু কম নহয় । আমেৰিকাৰ কংগ্ৰেছত দিয়া ভাষণত তেওঁ এইটোও কয় যে আমাৰ পৰিকল্পনা আছিল ১ এপ্ৰিলত পাৰস্পৰিক শুল্ক কাৰ্যকৰী কৰা, কিন্তু মই নিবিচাৰো যে ইয়াক এপ্ৰিল ফুল দিৱসৰ সৈতে জড়িত কৰা হওক ।

ট্ৰাম্পে কয় যে যদি আপুনি আপোনাৰ সামগ্ৰী আমেৰিকাত নিৰ্মাণ নকৰে তেন্তে আপুনি শুল্ক দিব লাগিব, আৰু কিছুমান ক্ষেত্ৰত অতি বৃহৎ শুল্ক আৰোপ কৰা হ’ব । আন দেশবোৰে দশক দশক ধৰি আমাৰ বিৰুদ্ধে শুল্ক ব্যৱহাৰ কৰি আহিছে আৰু এতিয়া আমাৰ পাল । ইয়াৰ লগতে ট্ৰাম্পে কঠোৰতা প্ৰদৰ্শন কৰি কয় যে যদি এই দেশসমূহে আমাক তেওঁলোকৰ বজাৰৰ পৰা আঁতৰাই ৰাখিবলৈ অ-মুদ্ৰা শুল্ক আৰোপ কৰে, তেন্তে আমিও তেওঁলোকক আমাৰ বজাৰৰ পৰা আঁতৰাই ৰাখিবলৈ একে কাম কৰিম । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে এই পদক্ষেপে আমেৰিকাক কোটি কোটি ডলাৰ উৎপাদন কৰাত সহায় কৰিব আৰু লগতে নিয়োগ বৃদ্ধি কৰিব ।

এই পাৰস্পৰিক শুল্ক কি ?

বিশ্ব বাণিজ্য যুদ্ধৰ মাজতে ট্ৰাম্পে ইমান জোৰ দি থকা পাৰস্পৰিক শুল্ক কি ? টেৰিফ বা শুল্ক হৈছে সেই কৰবোৰক দিয়া নাম যিটো এখন দেশে আন এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আৰোপ কৰে । অৰ্থাৎ এখন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যি শুল্ক আৰোপ নকৰক কিয়, আমেৰিকাইও সেই দেশৰ সামগ্ৰীৰ ওপৰত একে শুল্ক আৰোপ কৰিব । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ট্ৰাম্পে পাৰস্পৰিক শুল্কৰ বিষয়ে কৈছিল ।

পাৰস্পৰিক শুল্ক মানে যেতিয়া এখন দেশে আন এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত শুল্ক (আমদানি শুল্ক) আৰোপ কৰে, আনখন দেশেও সেই দেশৰ সামগ্ৰীৰ ওপৰত একে অনুপাতত শুল্ক আৰোপ কৰে । সহজ ভাষাত ক’বলৈ গ’লে ইয়াক ‘টিট ফৰ টেট’ নীতি বুলি ক’ব পাৰি । উদাহৰণস্বৰূপে, যদি কোনো দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ আমদানি শুল্ক আৰোপ কৰে, তেন্তে সেই দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰতো আমেৰিকাই ১০ শতাংশ শুল্ক আৰোপ কৰিব ।

শুল্কৰ জৰিয়তেহে চৰকাৰৰ আয় বৃদ্ধি পায় আৰু ইয়াৰ জৰিয়তে ঘৰুৱা উৎপাদনৰো প্ৰসাৰ ঘটে । বাণিজ্যত সমতাৰ লক্ষ্যৰে পাৰস্পৰিক শুল্ক ৰূপায়ণ কৰা হয় যদিও ইয়াৰ অসুবিধাও আছে, যিয়ে অৰ্থনীতিক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি ল’ব পাৰে । আচলতে পাৰস্পৰিক শুল্কৰ প্ৰভাৱ আমদানিকৃত সামগ্ৰীৰ ওপৰত মুদ্ৰাস্ফীতিৰ ৰূপত দেখা যায় আৰু ইয়াৰ অধীনত সামৰি লোৱা দেশসমূহৰ পাৰস্পৰিক বাণিজ্যিক সম্পৰ্কতো দেখা যায় ।

আমেৰিকাৰ সংসদত দিয়া ভাষণত ভাৰতৰ কথাও উল্লেখ কৰিলে ট্ৰাম্পে…শুল্ক সন্দৰ্ভত কৰিলে এই ঘোষণা

হোৱাইট হাউছলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে কংগ্ৰেছক সম্বোধন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ইয়াৰ মাজতে তেওঁ দ্বিতীয় কাৰ্যকালৰ সমগ্ৰ পৰিকল্পনাৰ আভাস দাঙি ধৰে । ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ নাগৰিকসকলৰ বাবে অৰ্থনীতি, নিৰাপত্তা, আৰু বিশ্ব সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । দ্বিতীয় কাৰ্যকালৰ মূল অগ্ৰাধিকাৰসমূহৰ ৰূপৰেখা দাঙি ধৰি তেওঁ কয় যে তেওঁৰ প্ৰশাসনে আমেৰিকাৰ নিৰাপত্তা আৰু অৰ্থনৈতিক অগ্ৰগতিক শীৰ্ষ অগ্ৰাধিকাৰ দিব ।

ঘৰুৱা আৰু বৈদেশিক নীতিৰ পৰিৱৰ্তন-

ৰাষ্ট্ৰপতি ট্ৰাম্পে যোৱা কেইসপ্তাহমানত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে, অৰ্থনৈতিক পুনৰুদ্ধাৰ, স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰিৱৰ্তন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ট্ৰাম্পে কয় যে তেওঁৰ দ্বাৰা কৰা সংস্কাৰে আমেৰিকাৰ নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাই নহয়, আমেৰিকাৰ বিশ্ব নেতৃত্বৰ ভূমিকাও শক্তিশালী কৰিব ।

কংগ্ৰেছলৈ বাৰ্তা-

ট্ৰাম্পে কংগ্ৰেছক তেওঁৰ নীতিক সমৰ্থন কৰিবলৈ আৰু আমেৰিকাক শক্তিশালী আৰু সমৃদ্ধিশালী দেশ হিচাপে গঢ়ি তোলাত সহায় কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই সময়ত আমি একত্ৰিত হৈ দেশৰ স্বাৰ্থত কাম কৰিব লাগে আৰু আগন্তুক প্ৰজন্মৰ উন্নত ভৱিষ্যত নিশ্চিত কৰিব লাগে ।

কি ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ?

-আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে “আমেৰিকাৰ সপোন অজেয়“ । তেওঁ ৰিপাব্লিকান পাৰ্টিৰ জয়ৰ প্ৰশংসা কৰি বহু দশকত দেখা নোপোৱা আদেশ বুলি অভিহিত কৰে ।

-কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দি ট্ৰাম্পে কয় যে এতিয়া আমেৰিকাত পুৰুষ আৰু মহিলা মাত্ৰ দুটা লিংগ থাকিব । মহিলা ক্ৰীড়াত পুৰুষৰ অংশগ্ৰহণ নিষেধাজ্ঞাৰ কথাও ঘোষণা কৰে তেওঁ ।

-ট্ৰাম্পে কয় যে তেওঁ মুক্ত বাক্যক প্ৰচাৰ কৰে আৰু ইংৰাজীক আমেৰিকাৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰে ।

-ট্ৰাম্পে ঘোষণা কৰে যে মেক্সিকো উপসাগৰৰ নাম সলনি কৰি এতিয়া গালফ অৱ আমেৰিকাৰ কৰা হৈছে ।

-ৰাষ্ট্ৰপতি ট্ৰাম্পে আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে: “আমি লোৱা প্ৰতিটো নতুন সিদ্ধান্তৰ বাবে আমি ১০০টা পুৰণি সিদ্ধান্ত প্ৰত্যাহাৰ কৰিম ।”

-ট্ৰাম্পে বাইডেন চৰকাৰৰ সেই নীতিসমূহ বাতিল কৰাৰ কথা কয়, যিবোৰ তেওঁৰ মতে দেশৰ বাবে উপকাৰী নাছিল । পূৰ্বৰ প্ৰশাসনে চাৰি বছৰত কৰিব নোৱাৰা কাম তেওঁৰ চৰকাৰে ৪৩ দিনত কৰিলে বুলিও তেওঁ কয় ।

-ট্ৰাম্পে গৌৰৱেৰে কয় যে আমেৰিকা ঘূৰি আহিছে । এতিয়া আমেৰিকাৰ গৌৰৱ, আত্মা আৰু আত্মবিশ্বাস ঘূৰি আহিছে ।

-লগতে তেওঁ কয় যে এই ক্ষেত্ৰত ড’জে ডাঙৰ কাম কৰিছে আৰু তেওঁৰ চৰকাৰে বহু অৰ্থহীন নীতি বিলুপ্ত কৰিছে ।

-ট্ৰাম্পৰ ভাষণৰ পিছতে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিহত কৰিবলৈ ডেম’ক্ৰেটিক পাৰ্টিয়ে চিনেটৰ এলিছা স্লটকিনক মনোনীত কৰিছে ।

-২ এপ্ৰিলৰ পৰা ভাৰত আৰু চীনৰ বিৰুদ্ধে পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে । ইয়াৰ পূৰ্বে আমেৰিকাই কানাডা আৰু মেক্সিকোৰ ওপৰত শুল্ক আৰোপ কৰিছিল । ট্ৰাম্পে কয় যে কানাডা, মেক্সিকো, ভাৰত আৰু দক্ষিণ কোৰিয়াই বহু শুল্ক আৰোপ কৰে । আমি ২ এপ্ৰিলৰ পৰা কানাডা, মেক্সিকো, চীন আৰু ভাৰতৰ ওপৰত পাৰস্পৰিক কৰ আৰোপ কৰিম । যিসকলে আমাৰ ওপৰত কৰ আৰোপ কৰে, আমিও তেওঁলোকৰ ওপৰত একে পৰিমাণৰ কৰ আৰোপ কৰিম ।

ট্ৰাম্পৰ সিদ্ধান্তত জেলেনস্কিৰ হাহাকাৰ…ইউক্ৰেইনক আমেৰিকাই নিদিয়ে কোনো অস্ত্ৰ-শস্ত্ৰ

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইনলৈ দিয়া সকলো সামৰিক সাহায্য বন্ধ কৰি দিয়াৰ ফলত কিয়েভত হাহাকাৰ সৃষ্টি হৈছে । ইউক্ৰেইনৰ বিষয়াসকলে এই সিদ্ধান্তক তীব্ৰ গৰিহণা দি ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ প্ৰতিৰক্ষা দুৰ্বল কৰি তোলা পদক্ষেপ বুলি অভিহিত কৰিছে ।

ইউক্ৰেইনে কয় যে এই সিদ্ধান্ত মিত্ৰশক্তিৰ বিশ্বাসঘাতকতাৰ সমান আৰু ইয়াৰ ফলত ৰাছিয়াই অধিক সাধাৰণ নাগৰিকক বোমা বৰ্ষণ কৰি হত্যা কৰিবলৈ সক্ষম হ’ব ।

ইউক্ৰেইনে সকীয়াই দিছিল যে ইয়াৰ ফলত আমি আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছো । ইউক্ৰেইনৰ সংসদীয় বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষই ৰয়টাৰক দিয়া এক বিবৃতিত কয় যে, “সাহায্য বন্ধ কৰিলে সঁচাকৈয়ে গুৰুতৰ সংকটৰ সৃষ্টি হ’ব পাৰে । দেখা গৈছে যে ট্ৰাম্প প্ৰশাসনে আমাক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছে ।”

হোৱাইট হাউছৰ এজন বিষয়াই কয় যে, “ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিছে যে তেওঁৰ গুৰুত্ব শান্তিৰ ওপৰত । আমি নিশ্চিত কৰিব বিচাৰো যে আমাৰ সহায় যুদ্ধখন দীঘলীয়া কৰাৰ কাৰণে নহয়, স্থায়ী সমাধানৰ অংশ।” কিন্তু আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি এই নিষেধাজ্ঞাই ইউক্ৰেইনলৈ প্ৰেৰণ কৰিবলগীয়া লাখ লাখ ডলাৰৰ সামৰিক অস্ত্ৰ আৰু গোলাবাৰুদত প্ৰভাৱ পেলাব ।

ডেম’ক্ৰেটৰ তীক্ষ্ণ আক্ৰমণ-

আমেৰিকাৰ কংগ্ৰেছৰ ডেম’ক্ৰেটসকলে এই পদক্ষেপক বেআইনী আৰু বিপজ্জনক বুলি অভিহিত কৰিছে । হাউছ ফৰেইন এফেয়াৰ্ছ কমিটীৰ মুৰব্বী ডেম’ক্ৰেট কংগ্ৰেছী গ্ৰেগৰী মিক্সে কয় যে মোৰ ৰিপাব্লিকান সহযোগীসকলে পুটিনক ‘যুদ্ধ অপৰাধী’ বুলি অভিহিত কৰি ইউক্ৰেইনক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছে । এতিয়া তেওঁলোকে ৰাষ্ট্ৰপতি ট্ৰাম্পক এই ধ্বংসাত্মক আৰু অবৈধ অৱৰোধৰ অন্ত পেলাবলৈ হেঁচা প্ৰয়োগ কৰিব লাগিব ।

জেলেনস্কিক সকীয়াই দিয়ে ট্ৰাম্পে-

তেওঁৰ বিবৃতিত ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকো লক্ষ্য কৰি কয় যে, “আমেৰিকাৰ পৰা পোৱা সহায়ৰ বাবে ইউক্ৰেইনে অধিক কৃতজ্ঞতা প্ৰকাশ কৰা উচিত । যদি জেলেনস্কিয়ে মস্কোৰ সৈতে কোনো চুক্তি নকৰে তেন্তে তেওঁ আৰু বেছি দিন ক্ষমতাত থাকিব নোৱাৰিব ।”

ইউক্ৰেইনৰ সঁহাৰি-

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে এই সিদ্ধান্তৰ প্ৰতি সতৰ্কতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “ইউক্ৰেইনে যুদ্ধৰ অন্ত পেলাব বিচাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি শক্তিশালী নিৰাপত্তাৰ নিশ্চয়তা অবিহনে ৰাছিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিম ।” তেওঁ সোঁৱৰাই দিয়ে যে নিৰাপত্তাৰ নিশ্চয়তাৰ অভাৱৰ বাবেই ২০১৪ চনত ৰাছিয়াই ক্ৰিমিয়াক নিজৰ অন্তৰ্ভুক্ত কৰিছিল ।

ইউৰোপীয় মিত্ৰশক্তিৰ প্ৰতিক্ৰিয়া

আমেৰিকাৰ এই সাহায্য বন্ধই ইউৰোপীয় দেশসমূহতো উদ্বেগ বৃদ্ধি কৰিছে । ব্ৰিটেইন আৰু ফ্ৰান্সে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত এমাহজোৰা যুদ্ধবিৰতিৰ সম্ভাৱনাৰ সন্ধান চলাইছে বুলি জানিব পৰা গৈছে । জাৰ্মানীৰ সম্ভাৱ্য পৰৱৰ্তী চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে ট্ৰাম্পৰ এই সিদ্ধান্তক “ইচ্ছাকৃতভাৱে বৃদ্ধি” বুলি অভিহিত কৰি কয় যে ই ৰাছিয়াক সাহসী কৰি তুলিব আৰু ইউক্ৰেইনক দুৰ্বল কৰি তুলিব । ফ্ৰান্সৰ ইউৰোপ মন্ত্ৰী বেঞ্জামিন হাদ্দাদে কয় যে যদি আপুনি সঁচাকৈয়ে শান্তি বিচাৰে তেন্তে ইউক্ৰেইনলৈ অস্ত্ৰ যোগান বন্ধ কৰাৰ সিদ্ধান্তই ৰাছিয়াৰ স্থিতি শক্তিশালী কৰি তুলিব ।

ট্ৰাম্পৰ সৈতে বাক-বিতণ্ডাৰ পিছত ষ্টাৰমাৰক সাক্ষাৎ জেলেনস্কিৰ, পুনৰ সমৰ্থন প্ৰকাশ কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে

লণ্ডনৰ ১০ ডাউনিং ষ্ট্ৰীটত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে । এই সময়ছোৱাত জেলেনস্কিয়ে ষ্টাৰমাৰক তেওঁৰ অটল সমৰ্থনৰ বাবে ধন্যবাদ জনায় । তেওঁ ইয়াক ‘অৰ্থপূৰ্ণ আৰু উষ্ণ’ আলোচনা বুলিও অভিহিত কৰে । একে সময়তে ষ্টাৰমাৰে ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ব্ৰিটেইনৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে জেলেনস্কিৰ বিতৰ্কৰ এদিন পিছতে দুয়োগৰাকী নেতাৰ এই বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত দুয়োগৰাকী নেতাই ইউক্ৰেইন আৰু ইউৰোপে সন্মুখীন হোৱা প্ৰত্যাহ্বান, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু শক্তিশালী নিৰাপত্তাৰ নিশ্চয়তাৰে ন্যায়সংগত শান্তি অৰ্জনৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে ।

ইউক্ৰেইন-ইউৰোপৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা-

বৈঠকৰ অন্তত জেলেনস্কিয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে- ‘প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে এক ফলপ্ৰসূ আৰু উষ্ণ বৈঠক । আমি ইউক্ৰেইন আৰু ইউৰোপে সন্মুখীন হোৱা প্ৰত্যাহ্বান, সহযোগিতা আৰু ন্যায়সংগত শান্তিৰ দিশত পদক্ষেপৰ বিষয়ে আলোচনা কৰিলোঁ ।’

ইউক্ৰেইনৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ বাবে স্বাক্ষৰিত ঋণ চুক্তি-

বৈঠকৰ সময়ত ইউক্ৰেইন আৰু ব্ৰিটেইনে ইউক্ৰেইনৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ঋণ চুক্তিত স্বাক্ষৰ কৰে । এক্সত এটা পোষ্টত জেলেনস্কিয়ে কয় যে আজি ইউক্ৰেইন আৰু যুক্তৰাজ্যই ঋণৰ চুক্তিত স্বাক্ষৰ কৰে । এই ঋণৰ জৰিয়তে ইউক্ৰেইনৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী হ’ব আৰু ৰাছিয়াৰ সম্পত্তিৰ পৰা লাভ কৰা ৰাজহৰ পৰা এই ঋণ পৰিশোধ কৰা হ’ব । এইটো প্ৰকৃত ন্যায় – যুদ্ধ আৰম্ভ কৰাজনে দিব লাগিব ।’

জেলেনস্কিয়ে ব্ৰিটেইন চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে-

জেলেনস্কিয়ে ব্ৰিটেইন চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ‘যুদ্ধৰ আৰম্ভণিৰ পৰাই যুক্তৰাজ্যৰ জনসাধাৰণ আৰু চৰকাৰক সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছো । নিৰাপদ ভৱিষ্যতৰ বাবে একে দৃষ্টিভংগীৰে ভাগ লৈ আমি সুখী ।’

ইউক্ৰেইনৰ প্ৰতি মোৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰাটো মোৰ বাবে এক সন্মানৰ কথা: ষ্টাৰমাৰ

জেলেনস্কিৰ সৈতে হোৱা বৈঠকৰ পিছত ষ্টাৰমাৰে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰে য’ত তেওঁ ইউক্ৰেইনত চলি থকা যুদ্ধত ৰাছিয়াৰ বিৰুদ্ধে ব্ৰিটেইনৰ অটল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ষ্টাৰমাৰে লিখিছে যে জেলেনস্কিক ডাউনিং ষ্ট্ৰীটলৈ আদৰণি জনোৱা আৰু ইউক্ৰেইনৰ প্ৰতি মোৰ অটল সমৰ্থন পুনৰবাৰ উল্লেখ কৰাটো এক গৌৰৱৰ কথা আছিল ।

ষ্টাৰমাৰে জেলেনস্কিক সাৱটি ধৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰে-

ষ্টাৰমাৰে এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে য’ত তেওঁ জেলেনস্কিক সাৱটি ধৰি ভিতৰলৈ লৈ গৈছিল । ষ্টাৰমাৰে লিখিছে, ‘কেৱল শব্দই নহয়, কৰ্ম । ব্ৰিটেইন আজি আৰু সদায় ইউক্ৰেইনৰ সৈতে থিয় দিছে । ৰাছিয়াৰ অবৈধ যুদ্ধৰ অন্ত পেলোৱা আৰু ইউক্ৰেইনৰ ভৱিষ্যতৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা সুৰক্ষিত কৰা ন্যায়সংগত আৰু স্থায়ী শান্তি নিশ্চিত কৰা এটা পথ বিচাৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ ।”

ইউৰোপীয় নেতাসকলৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে অনুষ্ঠিত হয় এই বৈঠক-

দেওবাৰে জেলেনস্কিৰ সৈতে হোৱা বৈঠক নিশ্চিত কৰে ষ্টাৰমাৰৰ কাৰ্যালয়ে । ইউৰোপীয় নেতাসকলৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে এই বৈঠক অনুষ্ঠিত হয়, য’ত ইউক্ৰেইনত “ন্যায্য আৰু স্থায়ী শান্তি নিশ্চিত” কৰাৰ বাবে সমৰ্থন বৃদ্ধিৰ ওপৰত আলোচনা হ’ব । ইউৰোপৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়েও এই সন্মিলনত আলোচনা হোৱাৰ সম্ভাৱনা আছে, কিয়নো আমেৰিকাই ইউক্ৰেইন বা নাটোক সমৰ্থন কৰি যাব নেকি সেই লৈ উদ্বেগ প্ৰকাশ পাইছে ।

ট্ৰাম্প বনাম জেলেনস্কি: বিশ্বৰ আটাইতকৈ শক্তিশালী ব্যক্তি আৰু জেলেনস্কিৰ মাজত হোৱা যুঁজৰ সম্পূৰ্ণ কাহিনী

শুকুৰবাৰে হোৱাইট হাউছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কি আৰু ড’নাল্ড ট্ৰাম্পৰ মাজত যি সংঘটিত হৈছিল সেয়া সমগ্ৰ বিশ্বই লাইভত প্ৰত্যক্ষ কৰে । ট্ৰাম্পৰ সৈতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ হোৱাইট হাউছত উপস্থিত হৈছিল জেলেনস্কি । কিন্তু দুয়োজন নেতাৰ মাজত এনে ঘটনা ঘটিল যিটো ইতিহাসে কেতিয়াও পাহৰিব নোৱাৰে । দুয়োগৰাকী নেতাৰ বৈঠক আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল যদিও আশা কৰা ধৰণে সমাপ্ত নহ’ল ৷

ট্ৰাম্প আৰু জেলেনস্কিৰ মাজৰ বৈঠক সাধাৰণ কথা-বতৰা হিচাপে আৰম্ভ হৈছিল যদিও সেই আলোচনা অতি শীঘ্ৰেই এক উত্তপ্ত বিতৰ্কলৈ পৰিণত হৈছিল । দুয়োৰে মাজত বিতৰ্ক তীব্ৰতৰ হৈ পৰাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে নিজৰ সুৰ কঠিন কৰি জেলেনস্কিক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰে, কিন্তু জেলেনস্কি মান্তি হোৱা নাছিল । হোৱাইট হাউছত কি হৈছিল বিতংভাৱে জানক-

-শুকুৰবাৰে যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ আহিছিল তেতিয়া সমগ্ৰ বিশ্বই আশা কৰিছিল যে তেওঁ নিজৰ স্থিতি ত্যাগ কৰি যুদ্ধৰ অন্ত পেলোৱাৰ দিশত আগবাঢ়িব, কিন্তু ইয়াৰ বিপৰীতহে ঘটিল । কেমেৰাৰ সন্মুখত দুয়োৰে মাজত তীব্ৰ বিতৰ্ক আৰম্ভ হয় ।

-যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ট্ৰাম্পে জেলেনস্কিক উচ্চ আৰু কঠোৰ মাতেৰে কয় যে “হয় আপুনি চুক্তি কৰক নহয় আমি ওলাই যাঁও” ।

-ড’নাল্ড ট্ৰাম্পে জেলেনস্কিক কয় যে আপুনি ডাঙৰ সমস্যাত পৰিছে, যুদ্ধত জয়ী হোৱা নাই । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জেলেনস্কিয়ে কয় যে, “আমি আমাৰ দেশত আছো আৰু এই সময়ত শক্তিশালীভাৱে থিয় দিছো । আমি আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো ।”

-ইউক্ৰেইনত শান্তি চুক্তিৰ আশা ভাৰসাম্যত ওলমি থকা দেখি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, “মই ভয় খাইছো যে এইদৰে মোকাবিলা কৰিলে কামবোৰ অতি কঠিন হ’ব । আপুনি লাখ লাখ মানুহৰ জীৱনৰ সৈতে জুৱা খেলিছে । আপুনি তৃতীয় বিশ্বযুদ্ধৰ সৈতে জুৱা খেলিছে আৰু আপুনি যি কৰি আছে সেয়া ইউক্ৰেইনৰ বাবে অতি অপমানজনক ।”

-আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও ট্ৰাম্প আৰু জেলেনস্কিৰ বিতৰ্কত যোগদান কৰে । যেতিয়া জেলেনস্কিয়ে তেওঁক ডাঙৰকৈ কথা নক’বলৈ ক’লে, তেতিয়া ভ্যান্সে কঠোৰ স্থিতি গ্ৰহণ কৰি জেলেনস্কিক ক’লে যে যুদ্ধৰ অন্ত পেলাবলৈ “কূটনীতিৰ প্ৰয়োজন”। কিন্তু ৰাষ্ট্ৰপতি জেলেনস্কিয়ে উত্তৰ দি কয় যে, “কি কূটনীতি ?”  ইয়াৰ পিছতে ভ্যান্সে তেওঁক ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰে ।

-ৰাষ্ট্ৰপতি জেলেনস্কিক আক্ৰমণ কৰি ড’নাল্ড ট্ৰাম্পে কয় যে আমি আপোনালোকক ৩৫০ বিলিয়ন ডলাৰ, সামৰিক সঁজুলি আৰু বহু সহায় কৰিছোঁ । যদি আপোনাৰ হাতত আমাৰ সামৰিক সঁজুলি নাথাকিলহেঁতেন তেন্তে দুসপ্তাহৰ ভিতৰতে এই যুদ্ধৰ অন্ত পৰিলহেঁতেন ।

-ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পৰোক্ষভাৱে ট্ৰাম্পৰ বক্তব্যক প্ৰত্যুত্তৰ দি পুটিনৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ ক’লে, “হয় হয়, দুদিন বা তিনিদিনো চলিব নোৱাৰে, পুটিনৰ পৰাও এই কথা শুনিছো ।” জেলেনস্কিৰ এই কথাবোৰ শুনি ট্ৰাম্প আচৰিত হৈছিল । এনেদৰে কাম কৰাটো অতি কঠিন হ’ব বুলিও কয় তেওঁ ।

-ট্ৰাম্পৰ সৈতে উত্তপ্ত বিতৰ্কৰ অন্তত জেলেনস্কিয়ে হোৱাইট হাউছ এৰে । জেলেনস্কিয়ে হোৱাইট উপস্থিত হোৱাৰ লগে লগে ট্ৰাম্পে তেওঁক আদৰণি জনায় যদিও উভতি অহাৰ সময়ত ট্ৰাম্পে তেওঁক বিদায় দিবলৈও যোৱা নাছিল । দুয়োৰে মাজত হোৱা বিবাদৰ পিছত বিশ্বৰ বহু দেশ বিশেষকৈ ইউৰোপৰ দেশসমূহে জেলেনস্কি আৰু ইউক্ৰেইনক সমৰ্থন কৰিছে ।

-বৈঠকৰ অন্তত ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত জেলেনস্কিক সমালোচনা কৰি কয় যে তেওঁ শান্তিৰ বাবে সাজু নহয় । তেওঁ জেলেনস্কিক আমেৰিকাক অপমান কৰাৰ অভিযোগো উত্থাপন কৰে ।

-এই বৈঠকৰ পিছত জেলেনস্কিয়ে ফক্স নিউজক সাক্ষাৎকাৰ দি কয় যে মই কাৰো ওচৰত ক্ষমা খুজিবলৈ যোৱা নাই । যি ঘটিছিল সেয়া দুয়োখন দেশৰ বাবে ভাল নহয় ।

‘নিৰ্বাচন বিহীন স্বৈৰাচাৰী’…ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক একনায়কত্ববাদী আখ্যা ট্ৰাম্পৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ অন্ত পেলাবলৈ আলোচনা অব্যাহত আছে । কিন্তু প্ৰকৃত বাকযুদ্ধ চলি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত । ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ সুৰত সুৰ মিলোৱা পৰিলক্ষিত হৈছে । ট্ৰাম্পে দাবী কৰিছে যে জেলেনস্কি এজন ব্যৰ্থ, অ-জনপ্ৰিয় আৰু অবৈধভাৱে ক্ষমতাত আছে । ট্ৰাম্পে জেলেনস্কিক মধ্যমীয়া সফল কমেডিয়ান বুলি অভিহিত কৰে । ইয়াৰ উপৰিও ২০২২ চনত ৰাছিয়াৰ আক্ৰমণৰ বাবে ট্ৰাম্পে জেলেনস্কিক দোষাৰোপ কৰিছে ।


বুধবাৰে ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে জেলেনস্কিক “নিৰ্বাচন অবিহনে একনায়কত্ববাদী” বুলি অভিহিত কৰে । ট্ৰাম্পৰ এই বক্তব্য লগে লগে ৰাছিয়াৰ সংবাদ মাধ্যমে গ্ৰহণ কৰে । মঙলবাৰে ছৌদি আৰৱত ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আমেৰিকা আৰু ৰাছিয়াই আলোচনা কৰাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে । জেলেনস্কিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কৈছিল যে ইউক্ৰেইনৰ অবিহনে কোনো সিদ্ধান্ত ল’ব নোৱাৰি ।


আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ পিছত জেলেনস্কিয়ে প্ৰত্যুত্তৰ দি কয় যে ট্ৰাম্পক ভুল তথ্যই আগুৰি আছে । জেলেনস্কিয়ে কয় যে যদি কোনোবাই মোক আঁতৰাব বিচাৰে, তেন্তে তেওঁলোকে এতিয়াই কৰিব নোৱাৰিব ।’ জেলেনস্কিয়ে কয় যে ট্ৰাম্প ৰাছিয়াৰ পৰা অহা অপপ্ৰচাৰেৰে আগুৰি আছে আৰু ইয়াৰ প্ৰমাণ আমাৰ হাতত আছে ।

যুদ্ধৰ প্ৰথম অৱস্থাত জেলেনস্কিৰ জনপ্ৰিয়তা তুংগত আছিল যদিও সময়ৰ লগে লগে ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আছিল যদিও ইউক্ৰেইনৰ সামৰিক আইন অনুসৰি ভোটদান হ’ব নোৱাৰে । আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ন্যায্য নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰায় অসম্ভৱ, যিহেতু দেশখনৰ কমেও পঞ্চমাংশ ৰাছিয়াই দখল কৰিছে, লাখ লাখ ইউক্ৰেইনী দেশৰ বাহিৰত আছে আৰু হাজাৰ হাজাৰ লোকে যুঁজি আছে ।