ভাৰতক লৈ ড’নাল্ড ট্ৰাম্পৰ বৃহৎ সিদ্ধান্ত… বন্ধ কৰিলে ২১ মিলিয়ন ডলাৰৰ সাহাৰ্য

ভাৰতত ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে আমেৰিকাই ২ কোটি ১০ লাখ ডলাৰ প্ৰদান কৰি আহিছিল । শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনৰ চৰকাৰী দক্ষতা বিভাগে এই পুঁজি বাতিল কৰিছে, যিটো পুঁজি এতিয়া ড’নাল্ড ট্ৰাম্পেও সমৰ্থন কৰে । ইয়াৰ বাহিৰেও ট্ৰাম্পে ভাৰতত ইমান বৃহৎ পৰিমাণৰ ধন দিয়াৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । ফ্ল’ৰিডাত থকা মাৰ-এ-লাগো বাসগৃহত ট্ৰাম্পে এই প্ৰশ্ন উত্থাপন কৰে যে ভাৰতৰ হাতত ইতিমধ্যে বহু ধন থকাৰ সময়ত ভাৰতক কিয় ২ কোটি ১০ লাখ ডলাৰ (১৮২ কোটি টকা) দিয়া হয় । উল্লেখ্য যে, বহু দেশত চলি থকা US Aid কাৰ্যসূচী বন্ধ কৰি দিছে আমেৰিকা চৰকাৰে ।

ড’নাল্ড ট্ৰাম্পে কয়, ‘আমি কিয় ভাৰতক ২ কোটি ১০ লাখ ডলাৰ দিছো ?  ইতিমধ্যে তেওঁলোকৰ হাতত বহুত টকা আছে । বিশেষকৈ আমাৰ বাবে তেওঁলোক বিশ্বৰ ভিতৰতে সৰ্বাধিক কৰ আদায় কৰা দেশসমূহৰ ভিতৰত অন্যতম । আমি তাত প্ৰায়েই উপনীত হ’ব নোৱাৰো কাৰণ তেওঁলোকৰ শুল্ক বহুত বেছি । ভাৰত আৰু দেশখনৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, কিন্তু ভাৰতত ভোটাৰৰ ভোটদানৰ বাবে ২ কোটি ১০ লাখ ডলাৰ কিয় ?  আমাৰ দেশত ভোটাৰৰ ভোটদানৰ কথা কি ক’ব ?’ এই বিবৃতিত ট্ৰাম্পে ভাৰতে আৰোপ কৰা শুল্কৰ বিষয়টোও উত্থাপন কৰে ।

ক’ৰ পৰা আৰম্ভ হ’ল এই বিতৰ্ক ?

এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগে (DOGE) ১৬ ফেব্ৰুৱাৰীত ২ কোটি ১০ লাখ ডলাৰৰ অনুদান বাতিল কৰিছিল । এক্সৰ এটা পোষ্টত ড’জে কেইবাটাও বিদেশী সাহায্য কাৰ্যসূচীক সমালোচনা কৰি অপ্ৰয়োজনীয় আৰু অত্যধিক বুলি অভিহিত কৰে, যাৰ শীৰ্ষত আছিল ভাৰতৰ ভোটাৰ ভোটদানৰ প্ৰকল্প । ড’জৰ বিবৃতিত কোৱা হৈছে যে, ‘আমেৰিকান কৰদাতাৰ ডলাৰ তলত উল্লেখ কৰা কামবোৰত ব্যয় কৰিব লাগিছিল, যিবোৰ এতিয়া বাতিল কৰা হৈছে ।’ কেৱল ভাৰততে নহয়, বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি শক্তিশালী কৰিবলৈ ২৯ মিলিয়ন ডলাৰ, নেপালত ৩৯ মিলিয়ন ডলাৰ ব্যয় কৰাৰ কথা চৰ্চা হৈছে ।

বাংলাদেশৰ সকলো পৰিস্থিতি এৰি দিলে মোদীৰ ওপৰত, ইউনুছ চৰকাৰক লৈ ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা

আমেৰিকা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বৃহৎ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে । ভাৰতৰ চুবুৰীয়া বাংলাদেশত চলি থকা অশান্ত ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ট্ৰাম্পে কয় যে বাংলাদেশত আমেৰিকান ডিপ ষ্টেটৰ কোনো ভূমিকা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই বাংলাদেশৰ ওপৰত সিদ্ধান্ত ল’ব বুলি তেওঁ জোৰ দিয়ে ।

বাংলাদেশৰ ক্ষমতা পৰিৱৰ্তন সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল । এজন সাংবাদিকে ট্ৰাম্পক সুধিছিল, “আপুনি বাংলাদেশৰ বিষয়ে কি ক’ব বিচাৰে, কাৰণ আমি দেখিছিলো আৰু স্পষ্টকৈ দেখা গৈছে যে বাইডেন প্ৰশাসনৰ সময়ত তাত আমেৰিকাৰ ডীপ ষ্টেটে কেনেদৰে কাম কৰি আছিল ?  তাৰ পিছত মহম্মদ ইউনুছ জুনিয়ৰেও ছ’ৰ’ছক লগ পাইছিল । সমগ্ৰ প্ৰেক্ষাপটত বাংলাদেশৰ বিষয়ে আপুনি কি ক’ব বিচাৰে ?”

এই প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমাৰ ডীপ ৰাষ্ট্ৰৰ তাত কোনো ভূমিকা নাই ।

নিজৰ কথা স্পষ্ট কৰি ট্ৰাম্পে কয়, “চাওক… আমাৰ ডীপ ষ্টেটৰ কোনো ভূমিকা নাই । এইটো এটা বিষয় যিটোৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে… মই ইয়াৰ বিষয়ে পঢ়ি আহিছো । মই এতিয়া বাংলাদেশ প্ৰধানমন্ত্ৰীৰ হাতত এৰি দিছো ।” ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা কওঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ কাষত বহি আছিল ।

উল্লেখ্য যে যোৱা মাহত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ঢাকাত এলেক্স ছ’ৰ’ছৰ সৈতে কথা পাতিছিল । এলেক্স ছ’ৰছে মহম্মদ ইউনুছক মানৱ অধিকাৰৰ চেম্পিয়ন বুলি অভিহিত কৰিছিল । এলেক্স ছ’ৰ’ছ জৰ্জ ছ’ৰ’ছৰ পুত্ৰ আৰু তেওঁৰ এন জি অ’ দ্য অ’পেন ছ’চাইটি ফাউণ্ডেশ্যনৰ অধ্যক্ষ । বাংলাদেশত ক্ষমতাৰ পৰিৱৰ্তন অনাৰ অভিযোগ আছে জৰ্জ ছ’ৰ’ছৰ বিৰুদ্ধে ।

কিন্তু ড’নাল্ড ট্ৰাম্পে বাংলাদেশৰ প্ৰতি কঠোৰ বৈদেশিক নীতি মানি চলিছে । ক্ষমতালৈ অহাৰ লগে লগে তেওঁ ইউ এছ এ আই ডিৰ জৰিয়তে বাংলাদেশলৈ আমেৰিকাৰ সাহায্য বন্ধ কৰি দিয়ে ।

নিৰ্বাসিত লোকসকলক যাতে দুৰ্ব্যৱহাৰ কৰা নহয় তাৰ বাবে ট্ৰাম্প চৰকাৰৰ সৈতে আছে যোগাযোগ…ৰাজ্যসভাত জয়শংকৰৰ উত্তৰ

আমেৰিকাৰ পৰা নিৰ্বাসিত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এটা বিবৃতি দিয়ে । ইয়াৰ মাজতে তেওঁ কয় যে যদিহে তেওঁলোকে অবৈধভাৱে বহিঃৰাষ্ট্ৰত বাস কৰা বুলি জনা যায় তেন্তে তেওঁলোকৰ নাগৰিকক ঘূৰাই লোৱাটো সকলো দেশৰ দায়িত্ব । আমি আমেৰিকা চৰকাৰৰ সৈতে আলোচনা কৰি আছো যাতে বিতাড়িতসকলৰ প্ৰতি যাতে কোনো ধৰণৰ দুৰ্ব্যৱহাৰ নহয় ।

জয়শংকৰে কয়, ‘সদনে প্ৰশংসা কৰিব যে আমাৰ গুৰুত্ব অবৈধ প্ৰব্ৰজন উদ্যোগৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা লোৱাৰ ওপৰত । এনেকুৱা হ’ব লাগে । বিতাড়িতসকলে প্ৰদান কৰা তথ্যৰ ওপৰত আধাৰিত কৰি, আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰে এজেণ্ট আৰু এনে সংস্থাবোৰৰ বিৰুদ্ধে প্ৰয়োজনীয়, প্ৰতিৰোধমূলক আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব ।’

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে ৰাজ্যসভাত কয় যে যদি তেওঁলোকে বিদেশত অবৈধভাৱে বাস কৰা দেখা যায় তেন্তে তেওঁলোকৰ নাগৰিকসকলক ঘূৰাই লোৱাটো সকলো দেশৰ দায়িত্ব । এই নীতি কেৱল এখন দেশৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া নতুন নহয়; এয়া বহু বছৰ ধৰি চলি আহিছে ।

জয়শংকৰে কয় যে, “বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে ঘূৰি অহা প্ৰতিজন ব্যক্তিৰ সৈতে বহি (আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়) জানক যে, তেওঁলোকে কেনেকৈ আমেৰিকালৈ গৈছিল, কোন এজেণ্ট আছিল আৰু আমি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব পাৰো যাতে পুনৰ এনেকুৱা নহয় ।”

কংগ্ৰেছৰ সাংসদ ৰনদীপ সিং সুৰজেৱালাৰ এক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি জানো যে কালি ১০৪জন লোক ঘূৰি আহিছে । আমি তেওঁলোকৰ ৰাষ্ট্ৰীয়তা নিশ্চিত কৰিছো । আমি এয়া এটা নতুন বিষয় বুলি ভবা উচিত নহয় । এয়া এনে এটা বিষয় যি আগতেও ঘটিছে । বিদেশত অবৈধভাৱে বাস কৰা দেখা গ’লে সকলো দেশৰে নিজৰ নাগৰিকক ঘূৰাই লোৱাৰ বাধ্যবাধকতা আছে । বিতাড়নৰ প্ৰক্ৰিয়াটো নতুন নহয় ।‘

জয়শংকৰে সদনৰ সন্মুখত আমেৰিকাৰ পৰা ভাৰতলৈ এতিয়ালৈকে বিতাড়িত হোৱা লোকৰ পৰিসংখ্যাও দাখিল কৰে । তেওঁ কয় যে ২০০৯ চনত ৭৩৪ জন, ২০১০ চনত ৭৯৯ জন, ২০১১ চনত ৫৯৭ জন আৰু ২০১২ চনত ৫৩০ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছে । ২০২৪ চনলৈকে তেওঁ এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছিল ।

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ পৰা আমেৰিকাক প্ৰত্যাহাৰৰ সিদ্ধান্ত ট্ৰাম্পৰ

এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাক হিউমেন ৰাইটছ কাউন্সিল (UNHRC) আৰু পেলেষ্টাইনীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ মূল সাহায্য সংস্থা (UNRWA)ৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দিছে । ইউনেস্কোৰ দৰে ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থাসমূহত আমেৰিকাৰ অংশগ্ৰহণৰ পৰ্যালোচনাৰ বাবেও তেওঁ নিৰ্দেশনা দিছে ।

ট্ৰাম্পে কয় যে ৰাষ্ট্ৰসংঘৰ কাম সঠিকভাৱে চলি থকা নাই যদিও এই বিশ্ব সংস্থাটোৰ প্ৰচণ্ড সম্ভাৱনা আছে বুলিও তেওঁ স্বীকাৰ কৰে । তেওঁ লগতে দাবী কৰে যে আমেৰিকাই আগবঢ়োৱা সাহায্য আন দেশৰ সাহায্যতকৈ অধিক আৰু সেয়েহে সকলো দেশৰ পৰা সমান পুঁজিৰ আহ্বান জনায় ।

পুঁজিৰ বৈষম্যই কাৰণ-

হোৱাইট হাউছৰ ষ্টাফ সচিব উইল শ্বাৰফে কয় যে ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহত আমেৰিকা বিৰোধী পক্ষপাতিত্বৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে । শ্বাৰফে কয় যে সাধাৰণতে কাৰ্যবাহী আদেশত বিভিন্ন দেশৰ মাজত পুঁজিৰ বৈষম্য আৰু আমেৰিকাৰ জড়িততাৰ পৰ্যালোচনাৰ আহ্বান জনোৱা হৈছে ।

UNRWA আৰু আমেৰিকাৰ পুঁজিৰ বিতৰ্ক-

UNRWA (United Nations Relief and Works Agency) হৈছে পেলেষ্টাইনী শৰণাৰ্থী, বিশেষকৈ গাজাৰ স্থানচ্যুত লোকসকলৰ বাবে প্ৰাথমিক সাহায্য সংস্থা । ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে UNRWAৰ বাবে ধন কৰ্তন কৰিছিল আৰু ইয়াৰ ফলপ্ৰসূতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ।

২০২৩ চনত ইজৰাইলে হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে UNRWAৰ একাংশ কৰ্মচাৰী জড়িত বুলি অভিযোগ কৰাৰ পিছত আমেৰিকাই বাৰ্ষিক ৩০০–৪০০ মিলিয়ন ডলাৰৰ পুঁজি স্থগিত ৰাখিছিল । যদিও তদন্তত নিৰপেক্ষতা সম্পৰ্কীয় বিষয় পোৱা গৈছে, তথাপিও ইজৰাইলৰ অভিযোগৰ কোনো প্ৰমাণ পোৱা নগ’ল । ইজৰাইল সমৰ্থক নীতিৰ অংশ হিচাপে প্ৰথম কাৰ্যকালত ট্ৰাম্পেও ইউ UNRWAক তীব্ৰ সমালোচনা কৰিছিল ।

ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত লৈছিল সিদ্ধান্ত-

প্ৰথম কাৰ্যকালত (২০১৭-২০২১) ট্ৰাম্পে UNRWAৰ পুঁজি কৰ্তন কৰি আমেৰিকাক মানৱ অধিকাৰ পৰিষদ  (UNHRC) ৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল । ইজৰাইলৰ বিৰুদ্ধে থকা “পুৰণি পক্ষপাতিত্ব”ৰ উদাহৰণ দি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৰাষ্ট্ৰসংঘত সংস্কাৰৰ দাবী জনায় ।

ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহত অংশগ্ৰহণ-

ড’নাল্ড ট্ৰাম্পৰ এই কাৰ্যবাহী আদেশে ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহত অংশগ্ৰহণৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতি স্পষ্ট কৰে । আমেৰিকা বিৰোধী পক্ষপাতিত্ব আৰু ইজৰাইল সমৰ্থক নীতিৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিয়ে আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ মাজৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব পাৰে । এতিয়া এই সিদ্ধান্তই বিশ্বৰ মঞ্চত কি প্ৰভাৱ পেলায় আৰু আন দেশসমূহে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

প্ৰয়োজন হ’লে সেনাবাহিনী পঠিয়াব…গাজাৰ ওপৰত মালিকীস্বত্বৰ অধিকাৰ বিচাৰিলে ট্ৰাম্পে

শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে এক বিতৰ্কিত বক্তব্য আগবঢ়াইছে । য’ত তেওঁ কয় যে, তেওঁ বিচাৰে যে আমেৰিকাই গাজা ষ্ট্ৰিপৰ মালিকীস্বত্ব লওক আৰু পেলেষ্টাইনী জনসাধাৰণক আন দেশত বসতি স্থাপন কৰি অঞ্চলটোৰ পুনৰ উন্নয়ন কৰক । ট্ৰাম্পে কয় যে আমেৰিকাই গাজা ষ্ট্ৰিপ দখল কৰিব আৰু আমি ইয়াত কাম কৰিম । আমি ইয়াৰ মালিকীস্বত্ব ল’ম আৰু সকলো বিপজ্জনক অস্ত্ৰ ধ্বংস কৰাৰ দায়িত্ব ল’ম । ইয়াৰ উপৰিও তেওঁ কয় যে আমেৰিকাই এই অঞ্চলৰ ধ্বংসপ্ৰাপ্ত অট্টালিকাৰ ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিব আৰু তাৰ পিছত অৰ্থনৈতিক উন্নয়নৰ দিশত কাম কৰিব ।

অৱশ্যে এই পৰিকল্পনাৰ কাম কৰাৰ পদ্ধতি বা ইয়াৰ পৰিচালনা সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য দিয়া নাই ট্ৰাম্পে । আমেৰিকাই এই অঞ্চলটো কেনেকৈ শাসন কৰিব বা পেলেষ্টাইনী জনসাধাৰণৰ পুনৰ্বাসনৰ বাবে কি পৰিকল্পনা কৰা হ’ব সেই কথাও তেওঁ কোৱা নাই ।

গাজালৈ সৈন্য প্ৰেৰণ কৰাটো নুই কৰা নাছিল ট্ৰাম্পে-

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যদি গাজাৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত আমেৰিকান সেনাৰ প্ৰয়োজন হয়, তেন্তে তেওঁ গাজাত সেনাবাহিনী নিয়োগ কৰাৰ কথা চিন্তা কৰিব পাৰে । ট্ৰাম্পে কয় যে যদি প্ৰয়োজনীয় হৈ পৰে তেন্তে আমি কৰিম । ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও ট্ৰাম্পৰ এই পৰিকল্পনাক সমৰ্থন কৰি ইয়াক লৈ সুখ প্ৰকাশ কৰে । নেতানিয়াহুৱে কয় যে আমি বিচাৰো যে গাজা ভৱিষ্যতে ইজৰাইলৰ বাবে কেতিয়াও ভাবুকি নহওক, কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াক নতুন উচ্চতালৈ লৈ গৈছে । ট্ৰাম্পৰ ধাৰণা বেলেগ আৰু ই গাজাৰ ভৱিষ্যত সলনি কৰিব । এই ধাৰণাটোৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন । নেতানিয়াহুৱে কয় যে যদি এনেকুৱা হয় তেন্তে ইতিহাস সলনি হ’ব পাৰে ।

গাজাৰ পৰিস্থিতি সন্দৰ্ভত ট্ৰাম্পৰ মতামত-

গাজা ষ্ট্ৰিপৰ বিষয়ে ট্ৰাম্পক সোধাত তেওঁ কয় যে, “গাজা কেতিয়াও সফল হোৱা নাই । ই সম্পূৰ্ণ বিধ্বস্ত ঠাই । যদি আমি সঠিক ঠাই বিচাৰি পাওঁ আৰু তাত বহুত টকা খৰছ কৰি ভাল বনাব পাৰো, তেন্তে গাজালৈ উভতি যোৱাতকৈ সেয়া ভাল হ’ব । মই ভাবো ইয়াৰ মানুহে গাজা এৰিবলৈ উৎসাহী হ’ব ।” পেলেষ্টাইনী সন্দৰ্ভত ট্ৰাম্পৰ এই বক্তব্য এনে সময়ত আহিছে, যত ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণ কৰিছে । উল্লেখ্য যে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত দেশখনলৈ কোনো বিদেশী নেতাৰ এয়া প্ৰথম ভ্ৰমণ ।

‘বাণিজ্য যুদ্ধত কোনো জয়ী হ’ব নোৱাৰে’…ট্ৰাম্পৰ ১০% শুল্ক আৰোপ কৰাৰ সিদ্ধান্তক লৈ চীনৰ তীব্ৰ প্ৰতিক্ৰিয়া

আমেৰিকাই আৰোপ কৰা শুল্ক সন্দৰ্ভত ট্ৰাম্পক পুনৰবাৰ প্ৰত্যুত্তৰ দিছে চীনে । ৰাষ্ট্ৰসংঘত চীনে কয় যে বাণিজ্য যুদ্ধত কোনো জয়ী হ’ব নোৱাৰে । প্ৰতিশোধ ল’বলৈ বাধ্য হ’ব পাৰে বেইজিঙে । ৰাষ্ট্ৰসংঘত চীনৰ ৰাষ্ট্ৰদূত ফু কঙে কয় যে আমি এই শুল্কৰ বিৰোধিতা কৰোঁ । এয়া বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম উলংঘা কৰা হৈছে । আমি বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত অভিযোগ দাখিল কৰিছো ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষতা গ্ৰহণ কৰাৰ পিছত চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে আমিও প্ৰতিশোধ ল’ব পাৰো । আমেৰিকাই নিজৰ সমস্যাবোৰ চাই সমাধান কৰা উচিত । এই সমাধান কেৱল আমেৰিকাৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেও উপকাৰী হ’ব লাগে । ফুৱে কয় যে শুল্ক বৃদ্ধি কৰাটো আমেৰিকাৰ বাবে উপকাৰী বুলি মই নাভাবো । শুল্ক বৃদ্ধিৰ অজুহাত হৈছে ফেণ্টানিল, যিটো সম্পূৰ্ণ মিছা ।

তেওঁ কয় যে চীনত ইতিমধ্যে ফেণ্টানিল আৰু ইয়াৰ লগত জড়িত সকলো পদাৰ্থৰ ওপৰত কঠোৰ নিয়ম আছে । আমেৰিকাই এই বিষয়টো নিজৰ দৃষ্টিকোণৰ পৰা চোৱাৰ প্ৰয়োজন আছে । আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে আমেৰিকাই ফেণ্টানিলৰ চাহিদাও চাব লাগে । আমেৰিকাৰ বাবে এইটো ভাল হ’ব ৷

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ অধ্যক্ষ হ’ব চীন-

১৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰিব চীনে । ইয়াত পৰিষদৰ সদস্য দেশৰ লগতে অসদস্য দেশৰ বৈদেশিক মন্ত্ৰীকো আমন্ত্ৰণ জনোৱা হৈছে । ৰাষ্ট্ৰদূত ফুৱে কয় যে যদিহে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই বৈঠকত অংশগ্ৰহণ কৰে তেন্তে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে তেওঁৰ ভাল সাক্ষাৎ হ’ব ।

চীন আৰু আমেৰিকাৰ বহু সাদৃশ্য আছে-

চীন-আমেৰিকাৰ সম্পৰ্ক সন্দৰ্ভত ৰাষ্ট্ৰদূত ফু কঙে কয় যে আমেৰিকা আৰু চীনৰ মাজত বহু সাদৃশ্য আছে । ইখনে সিখনক সহযোগ কৰিব পাৰে । ৰাষ্ট্ৰসংঘত সন্ত্ৰাসবাদ বিৰোধী, ড্ৰাগছ বিৰোধী, অস্ত্ৰ-শস্ত্ৰ অপ্ৰসাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়ত চীন আৰু আমেৰিকাৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন । ৰাষ্ট্ৰসংঘৰ বাবে চীন আৰু আমেৰিকা দুই বৃহৎ আৰ্থিক অৱদান । চীন আৰু আমেৰিকাই একেলগে কাম কৰিব পাৰে ।

তেওঁ কয় যে আমি ৰাষ্ট্ৰসংঘত আমাৰ কামৰ প্ৰতি সৃষ্টিশীল আৰু পেছাদাৰী দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰো । এইখিনিতে বহু কথাই বাজিত পৰিছে । চীন আৰু আমেৰিকাই যদি একেলগে কাম কৰে তেন্তে আমি বহুতো সমস্যা সমাধান কৰি বিশ্বক এখন উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ সক্ষম হম বুলি মই নিশ্চিত ।

ট্ৰাম্পৰ ধমকিৰ আগত শিৰনত পানামাৰ;  চীনক মোক্ষম আঘাত

ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত বিশ্ব পৰ্যায়ত অস্থিৰতা সৃষ্টি হৈছে।ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ দৰে চুবুৰীয়া দেশৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰি বিতৰ্ক সৃষ্টি কৰিছে।

চীনৰ ওপৰত ১০ শতাংশ শুল্কও আৰোপ কৰা হৈছে।কিন্তু ট্ৰাম্পৰ প্ৰচণ্ড হেঁচাত এতিয়া পানামাই চীনক বৃহৎ আঘাত দিছে।

পানামা খাল সন্দৰ্ভত ট্ৰাম্পৰ হেঁচাৰ মাজতে পানামাৰ ৰাষ্ট্ৰপতি জোছ ৰাউল মুলিনোৱে কয় তেওঁলোকৰ দেশে চীনৰ উচ্চাভিলাষী বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ (বিআৰআই) নৱীকৰণ নকৰে।

পানামা ২০১৭ চনত চীনৰ এই পৰিকল্পনাৰ সৈতে সংযুক্ত আছিল।কিন্তু এতিয়া, পানামাৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পিছত, এইটো স্পষ্ট যে পানামা শীঘ্ৰেই চীনৰ সৈতে এই পৰিকল্পনাৰ পৰা প্ৰস্থান কৰিবলৈ গৈ আছে।
ৰাষ্ট্ৰপতি মুলিনোৱে কয় যে পানামাই এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আন্তঃগাঁথনি প্ৰকল্পকে ধৰি নতুন বিনিয়োগৰ ক্ষেত্ৰত কাম কৰিব।

ৰাষ্ট্ৰপতিয়ে কৈছিল যে তেওঁৰ চৰকাৰে পানামা পোৰ্টছ কোম্পানীৰ অডিট কৰিব।এই কোম্পানীটো এটা চীনা কোম্পানীৰ সৈতে জড়িত যি পানামা খালৰ দুটা বন্দৰ পৰিচালনা কৰে।
ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই পানামাৰ ৰাষ্ট্ৰপতি মুলিনোক কৈছিল যে চীনে পানামা দখল কৰাৰ বাবে আমেৰিকাই নিজৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব।

মুলিনোৱে কৈছিল যে মই নাভাবো যে আমেৰিকা যুক্তৰাষ্ট্ৰই পানামা পুনৰ দখল কৰিবলৈ সামৰিক শক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন হ'ব।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমেৰিকাই পানামাক ঘূৰাই ল’ব আৰু ইয়াৰ বাবে আমি কিছুমান ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছো।

তেওঁ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে পানামাই চীনক চলাই আছে কিন্তু  পানামা এই খালটো চীনক হস্তান্তৰ কৰা হোৱা নাছিল।

পানামা খাল মূৰ্খতাৰে পানামাক হস্তান্তৰ কৰা হৈছিল, কিন্তু তেওঁলোকে চুক্তি উলংঘা কৰিছিল আৰু আমি ইয়াক ঘূৰাই লমেই।ইয়াৰ বাবে কিছুমান ডাঙৰ পদক্ষেপ লোৱা হ'ব।
 
 
 
 

ট্ৰাম্পৰ শুল্কৰ সন্মুখত নতশিৰ হ’বলৈ অস্বীকাৰ…আমেৰিকাক চকু দেখুৱালে কানাডা-মেক্সিকো-চীনে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীন, কানাডা আৰু মেক্সিকোৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত তিনিওখন দেশেই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কানাডা আৰু মেক্সিকোৱে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক ঘোষণা কৰাৰ বিপৰীতে চীনে বিশ্ব ব্যৱসায় সংস্থাত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছে । কানাডা আৰু মেক্সিকোৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক ঘোষণা কৰিছে ট্ৰাম্পে ।

বিশ্ব ব্যৱসায় সংস্থাৰ ওচৰত অভিযোগ কৰিব চীনে-

আমেৰিকাৰ শুল্কৰ বিৰুদ্ধে বিশ্ব বাণিজ্য সংস্থাত গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছে চীনে । চীনৰ বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘চীনে চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অতিৰিক্ত ১০ শতাংশ শুল্ক লোৱাৰ দৃঢ় বিৰোধিতা কৰিছে আৰু তীব্ৰ নিন্দা কৰিছে । চীনে বিশ্ব ব্যৱসায় সংস্থাত গোচৰ তৰি নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে উপযুক্ত প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব ।’

কানাডাইও আৰোপ কৰিলে শুল্ক-

আনহাতে, কানাডাইও আমেৰিকাৰ শুল্কৰ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছে আৰু ১৫৫ বিলিয়ন ডলাৰৰ আমেৰিকাৰ আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে । কানাডাৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই কথা ঘোষণা কৰিছে । ট্ৰাম্পৰ ঘোষণাৰ কিছু সময়ৰ পাছতে ট্ৰুডোৱে এটা টুইটত মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামৰ সৈতে অতি সোনকালে কথা পাতিব বুলি কয় আৰু ইতিমধ্যে তেওঁৰ মন্ত্ৰীসভাৰ সৈতে এই বিষয়ত আলোচনা কৰিছে ।

তেওঁ কয়, ‘আমি এইটো বিচৰা নাছিলো, কিন্তু কানাডা সাজু ।’ ট্ৰুডোৱে এখন সংবাদমেলত কয় যে এই শুল্কই কেইবছৰমান পূৰ্বে হোৱা মুক্ত বাণিজ্য চুক্তি উলংঘা কৰিছে । ইয়াৰ ফলত আমেৰিকাৰ জনসাধাৰণৰ বাবে গুৰুতৰ পৰিণতি হ’ব ।

মেক্সিকোৱেও দিলে উত্তৰ-

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ বিপৰীতে মেক্সিকোৱেও শুল্ক আৰোপ কৰিছে । মেক্সিকান ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে শনিবাৰে কয় যে আমেৰিকাই মেক্সিকান সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত তেওঁৰ অৰ্থনীতি মন্ত্ৰীক মেক্সিকোৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে শুল্ক আৰু অশুল্ক ব্যৱস্থা আৰোপ কৰিবলৈ নিৰ্দেশ দিছে ।

শ্বেইনবামে এক্সৰ এটা পোষ্টত কয় যে তেওঁৰ চৰকাৰে আমেৰিকাৰ সৈতে সহযোগিতা আৰু আলোচনা বিচাৰে, সংঘাত নহয় । বাওঁপন্থী নেত্ৰী ক্লাউডিয়া শ্বেইনবামে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে উত্তেজনা শান্ত কৰিবলৈ বাৰে বাৰে চেষ্টা চলাইছে ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে পাকিস্তানক দিলে ডাঙৰ আঘাত…আমেৰিকাৰ পৰা লাভ কৰা বিদেশী সাহায্য স্থগিত

ক্ষমতা দখল কৰাৰ লগে লগে পাকিস্তানক ডাঙৰ আঘাত দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জাৰি কৰা কাৰ্যকৰী আদেশৰ পিছতে পাকিস্তানলৈ বিদেশী সাহায্য সাময়িকভাৱে বন্ধ কৰি দিছে আমেৰিকাই । ইয়াৰ লগতে পাকিস্তানক দিয়া সাহায্যৰ পুনৰ মূল্যায়নৰ নিৰ্দেশো দিয়া হৈছে ।

আমেৰিকাৰ দূতাবাসে কয় যে এ এফ চি পিৰ ধনেৰে বিশ্বজুৰি ঐতিহাসিক অট্টালিকা, প্ৰত্নতাত্ত্বিক স্থান, সংগ্ৰহালয়ৰ সংগ্ৰহ, আৰু পৰম্পৰাগত সাংস্কৃতিক প্ৰকাশ যেনে থলুৱা ভাষা আৰু শিল্পকৰ্ম সুৰক্ষিত কৰাত সহায় কৰে । কৰাচীত থকা আমেৰিকাৰ কনছুলেটৰ এজন বিষয়াৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে ট্ৰাম্পে জাৰি কৰা কাৰ্যবাহী আদেশ অনুসৰি পুনৰ মূল্যায়ন নোহোৱালৈকে আমেৰিকাই পাকিস্তানক দিয়া বিদেশী সাহায্য বন্ধ কৰি দিছে । এই সিদ্ধান্তৰ ফলত শক্তি খণ্ডৰ সৈতে জড়িত পাঁচটা প্ৰকল্পও স্থবিৰ হৈ পৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

এই প্ৰকল্পসমূহৰ ভিতৰত আছে শক্তি খণ্ড উন্নয়ন কাৰ্যকলাপ, পাকিস্তান ব্যক্তিগত খণ্ডৰ শক্তি কাৰ্যকলাপ, শক্তি খণ্ডৰ পৰামৰ্শদাতা সেৱা প্ৰকল্প, স্বচ্ছ শক্তি ঋণ পৰ্টফলিঅ’ নিশ্চয়তা কাৰ্যসূচী, আৰু পাকিস্তান জলবায়ু বিত্তীয় কাৰ্যকলাপ । অৰ্থনৈতিক উন্নয়নৰ সৈতে জড়িত চাৰিটা প্ৰকল্পও প্ৰভাৱিত হৈছে । ইয়াৰে ২০২৫ চনত শেষ হ’বলগীয়া একমাত্ৰ কাৰ্যসূচী আছিল সামাজিক সুৰক্ষাৰ কাৰ্যকলাপ ।

স্বাস্থ্য, কৃষি, জীৱিকা আৰু খাদ্য সুৰক্ষা, বানপানী, জলবায়ু আৰু শিক্ষাৰ সৈতে জড়িত বহু প্ৰকল্পও আমেৰিকাৰ এই পদক্ষেপৰ ফলত প্ৰভাৱিত হৈছে । ট্ৰাম্পৰ এই নিৰ্দেশৰ ফলত গণতন্ত্ৰ, মানৱ অধিকাৰ আৰু শাসন ব্যৱস্থাৰ পুঁজিও প্ৰভাৱিত হৈছে । জিঅ’ নিউজৰ মতে, এই কাৰ্যসূচীসমূহৰ কিছুমান স্থায়ীভাৱে বন্ধ হৈ যাব পাৰে বা ইয়াৰ পুঁজি বহু পৰিমাণে হ্ৰাস পাব পাৰে বুলি আশংকা কৰা হৈছে । কিন্তু বৰ্তমান আমেৰিকাই পাকিস্তানক কিমান বাৰ্ষিক সাহায্য দিছে সেয়া স্পষ্ট হোৱা নাই বাবে প্ৰভাৱিত প্ৰকল্পসমূহৰ মুঠ খৰচ এতিয়াও জানিব পৰা হোৱা নাই ।

ইফালে, পাকিস্তানলৈ সাহায্য বন্ধ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ কাৰ্যবাহী কাৰ্যৰ বিকাশ আৰু প্ৰভাৱৰ বিষয়ে এতিয়াও নিশ্চিত কৰা নাই পাকিস্তানৰ বিষয়াসকলে ।